Tuesday, 27 June 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (২৪)

আৰু আগ বাঢ়ি বনাঞ্চল এডৰা পালোঁগৈ৷ সেউজী-ধুনীয়া অসমভূমিৰ যেন এটা আদৰ্শ ৰূপ! চিনা-অচিনা অনেক পক্ষীৰ কল-কাকলিৰে মুখৰিত হৈ আছে ঠাইখিনি৷ তাৰ পৰা ওলাই অহা চৰাইবোৰে যোৰ পাতি আমাৰ মূৰৰ ওপৰেদিয়ে আপোনমনে পাখি কোবাই নভোমণ্ডলত পাক মাৰি ফুৰিছে৷ নৈখনৰ ফালে গৈছে, আকৌ আহিছে৷ সেউজীয়াৰ মাজলৈ উৰিছে, পুনৰ ঘূৰিছে৷ নিৰন্তৰ অহা-যোৱা৷ সিহঁতৰ আনন্দ প্ৰকাশৰ কাৰণটো যেন দলং মুকলি হোৱাটোৱেই, সিহঁতবোৰৰ বিচৰণ যেন শদিয়াবাসীয়ে ডাঙৰ সমস্যা এটাৰ পৰা পৰিত্ৰাণ পোৱাৰ আনন্দোৎসৱৰে অংশবিশেষ! চিন্তা কৰিলোঁ, হাবি-বননিবোৰ সম্প্ৰতি দিনে দিনে ধ্বংসৰ গৰাহলৈ গৈ আছে৷ সমান্তৰালভাৱে অভাৱনীয় হাৰত কমি আহিছে পশু-পক্ষীৰ সংখ্যা৷ বাসভূমিৰ অকণো হীন-ডেঢ়ি নঘটাই হাবি-বন, জলাশয়ৰে ভৰা অঞ্চলটোক 'লোহিত পক্ষী-তীৰ্থ' নামেৰে সংৰক্ষণ কৰিব পৰা যায় দেখোন৷ দলঙৰ ফুটপাথেই বাৰ্ড ৱাচ্ছিং স্পট, অৱজাৰভেটৰী টাৱাৰ হব পাৰে দেখোন৷ বিনোদ বৰগোহাঁইৰ আগত মনে ভাবি পোৱা বাক্য দুটা উপস্থাপন কৰিবলৈহে পালোঁ, ফৰেষ্টত অতিবাহিত কৰা নিজৰ চাকৰি জীৱনৰ সুদীৰ্ঘকালীন অভিজ্ঞতাৰে কাজিৰঙা আৰু ডিব্ৰু-ছৈখোৱাৰ সৈতে সম্পৃক্ত চৰাই বিষয়ক সুন্দৰ সুন্দৰ ঢেৰ প্ৰসংগ উল্লেখ কৰি পেলালে বনৰক্ষী মানুহজনে৷ অসমত ৭০০ৰো অধিক প্ৰজাতিৰ চৰাই আছে৷ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যবেক্ষকসকলে নতুন চৰাইৰো সম্ভেদ পাইছে৷ বৰগোহাঁয়ে সহমত প্ৰকাশ কৰিলে যে এই দলংখনৰ সৈতে সংযুক্ত প্ৰাকৃতিক পৰিৱেশটোৱে পক্ষীকুলৰ সংবৰ্ধনৰ দিশত সম্ভাৱনাৰ পথ মুকলি কৰি থৈছে৷ যথাযথভাৱে ৰূপায়ণ কৰাটোহে আচল কথা৷ তাৰ বাবে প্ৰাকৃতিক পৰিৱেশ, জৈৱ বৈচিত্ৰ্য, বন-বিৰিখ, জীৱ-জন্তুক প্ৰত্যেকেই ভাল পাবলৈ শিকিব লাগিব৷ তেহে ধৰণী ধুনীয়া হ'ব৷ প্ৰকৃতিৰ বাবে আমাৰ এই 'প্লেনেট' তেহে 'হেল্ডি' হৈ উঠিব৷ অন্যথা চলি থাকিব কেলেণ্ডাৰমাফিক পক্ষী দিৱস, বন-মহোৎসৱৰ ঢাক-ঢোল বজোৱা কাৰ্যসূচী৷

তাৰ পৰা আগলৈ আহি দলঙৰ তলেৰে বৈ যোৱা পানীৰ ধাৰ এটা পালোঁ৷ আগছোৱা দেখা নাইপোৱা যদিও লোহিতৰ পৰাই ফাটি আহিছে বুলিয়ে ধাৰণা কৰিছোঁ৷ জলধাৰাৰ নাম স্বতন্তৰীয়ভাৱে কিবা থাকিলেও জনা নগ'ল৷ লোহিতে নিজৰ গতিপথত চূণপোৰা পাৰ হৈ ধনেখনাত ন-দিহিঙক বাওঁপাৰে লৈ অসমত সোমাইছে৷ কুণ্ডিল, দিচৈ, ঘূৰামূৰা আদি নৈকেইখন ভাটিৰফালে আছে৷ গতিকে এইটো লোহিতৰে সুঁতি হ'ব লাগিব৷ বহল বৰ বেছি নহয়৷ হ'লেও গৰা খহাই থকা দেখা পালোঁ৷ সেউজ ঘাঁহনি এডৰা তেনেকৈ পানীত জাহ যোৱা দেখি বৰ বেয়া লাগিল৷ আমি P131 খুঁটাৰ ঠিক ওপৰতে ৰৈ আছোঁ৷ অন্ধ্ৰ প্ৰদেশৰ ৰাজামুন্দ্ৰী ৰেলৱে ষ্টেচন পাৰ হোৱাৰ পাছত গোদাবৰী নৈৰ পাৰত দলঙৰ কাষত ৱাটাৰ পাৰ্ক এখন দেখা যায়৷ কৰ্ণাটকৰ মহীশূৰত কাবেৰীৰ কৃষ্ণৰাজাসাগৰ বান্ধৰ পানীৰে বৃন্দাবন গাৰ্ডেনত পানীৰ ফোৱাৰা, শব্দ আৰু পোহৰৰ খেল আদি পৰিচালিত হয়৷ গুৱাহাটীৰ এক'লেণ্ডৰ ছবিখনো তৎমুহূৰ্ততে মনলৈ নহাকৈ নাথাকিল৷ এই সুঁতিটোক আধাৰ কৰিও প্ৰয়োজন অনুযায়ী বান্ধ, মথাউৰি, শ্লুইচ গে'ট সাজি আকৰ্ষণীয় ৰূপত বটিং এণ্ড এমিউজমেণ্ট পাৰ্ক, শিশু উদ্যান, ৱাটাৰ কিংডম, পিকনিক স্পট আদি কিবাকিবি গঢ়ি পেলাব নোৱাৰিনে? নিজকে নিজেই সুধিলোঁ৷ সম্ভাৱনীয়তা নিশ্চয় থাকিব৷ অৱশ্যে বাৰিষা জল পৰিস্থিতি কেনে হয়, পুংখানুপুংখভাৱে তাক অধ্যয়ন কৰি লোৱাৰ পাছতহে কিবা চয়-নিচয় কৰিব পৰা যাব৷ নদীয়ে সংহাৰী ৰূপ প্ৰদৰ্শন কৰিলে কাৰ্যকৰী হোৱাৰ আশা নাই৷

তথাপি একে উষ্মাৰে দলঙৰ সিটো ফালেও চালোঁগৈ৷ ঠাইখিনি মনোৰঞ্জন নাইবা বিনোদন কেন্দ্ৰৰ বাবে বেছ উপযোগী যেন ভাব হল মোৰ৷ তাত ৰৈ গুণা-গঁথা কৰি থাকোঁতেই ওলালহি অগ্নিগড়নিৰজুলি, অগ্নিগড় শদিয়াৰ পুৰণি যাত্ৰীবাহী বাছ৷ কেঁকো-জেঁকোকৈ, ঘটংমটং কৰি কত মানুহ আৰু বস্তু-বাহানিযে আজি অতদিনে ঘাটলৈ নিলে-আনিলে! দলং হোৱাত স্বস্তিৰ এক দীঘলীয়া নিশ্বাস এই বাছকেইখনেও চাগৈ এৰিছে এতিয়া৷ সুবিশাল লোহিতৰ বিস্তৰ পৰিধিত আৱিষ্ট হৈ এয়া হাস্যবদনে ধাৱিত নতুন দলঙৰ ওপৰেৰে৷ কোনো ধৰণৰ বেলেগ শব্দ নাই৷ টায়াৰৰ চৰ-চৰ-চৰ-চৰ, ইঞ্জিনৰ গোঁ-গোঁহে মাত্ৰ শুনা পালোঁ৷ বাছখন গহীনাই পাৰ হৈ গুচি গ'ল৷ যাত্ৰীৰ হাতৰ ম'বাইলবোৰ সক্ৰিয় হৈ থাকিল, আমি দেখি থকালৈকে৷

সামান্য আগৰ পৰাই শদিয়াৰ দিশৰ কেঁকুৰিটো আৰম্ভ হৈছে৷ দলংখন সোঁহাতলৈ ঘূৰিছে৷ দাঁতিত গোমধানৰ খেতি এডৰা৷ গছবোৰৰ চেহেৰা ভাল দেখিয়েই বুজিলোঁ যে মাটি সাৰুৱা৷ জিৰ পইণ্টৰ পৰা আৰম্ভ কৰি এছ আখৰটোৰ তলৰ মূৰটোৰ পৰা উঠি আহি আহি আমি ওপৰৰ পাকটো পাইছোঁ এতিয়া৷ এইবাৰ আহিল 'অগ্নিগড়' ট্ৰেন্সপ'ৰ্ট৷ বৰগোহাঁয়ে জানিবলৈ দিলে, 'আগতে বাছ হিচাপেই চলি আছিল, পাছত চিনাকি ৰূপটোৰ পৰিৱৰ্তন সাধি এনেকুৱা কৰি পেলালে৷ তাৰ পাছৰে পৰা মাল টনাৰ কামত লগাইছে৷ এনেকৈয়ে তিনিচুকীয়াৰ পৰা চপাখোৱা, ৰ'য়িঙলৈ বয়-বস্তু সৰৱৰাহ কৰা হয়৷' 

চকুৰ পচাৰতে মটৰ চাইকেল এখন পাৰ হৈ গ'ল৷ মুঢ়া এগালমান পাছফালে লাদি নিছে৷ চপাখোৱা, ৰ'য়িং, তেজু ক'লৈ নিছে নাজানো৷ এই ধৰণেও মাল পৰিৱহ্‌ণ কৰাটোও এতিয়া সহজসাধ্য হৈ পৰিল৷ মোদীজীয়ে কালি ভাষণত শদিয়াৰ জৈৱিক আদাৰ কথা গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছিল৷ কৈছিল যে দলং হোৱাৰ ফলত স্থানীয় উৎপাদিত দ্ৰব্যসমূহ বিশ্বৰ বজাৰলৈ সহজতে ওলাই যাব পাৰিব৷ চকুৰ আগতে দেখিলোঁ, মটৰ চাইকেলত মুঢ়া গৈ আছে, 'অগ্নিগড়'তো বস্তু গৈ আছে, আগতকৈ সহজে, সুকলমে, নিশ্চিন্তে৷

অদূৰত কেইবাখনো বাহন শাৰী পাতি ৰৈ আছে৷ মানুহবোৰ নামিছে৷ ফটো তুলিছে৷ এখন গাড়ীত মৰমলগা কণমানি দুজনী৷ কেমেৰাটো পোনাওঁতে লুকাব খুজিছিল৷ হ'লেও বুদ্ধি কৰি ফটো একপী তুলি ললোঁ৷ দেউতাক-মাকৰ সৈতে দুআষাৰ কথাও পাতিলোঁ৷ অৰুণাচলৰ নামচাইৰ পৰা আহিছে, দলং চাবলৈ৷ নাম মানে পানী, চাই মানে বালি৷ নামচাই অৰ্থাৎ বালিময় নৈ৷ ডিৰাক গে'টৰ পৰাই আৰম্ভণি হৈছে নামচাইৰ৷ খামতি অধ্যুষিত এলেকা৷ আগতে লোহিত জিলাৰ মহকুমা আছিল৷ এতিয়া এখন নৱজাতক জিলা৷ ভূপেন হাজৰিকাই গাইছিল, 'চিয়াঙৰে গালং, লোহিতৰে খামতি...'৷ এইখন লোহিতৰে পাৰৰ মানুহ তেওঁলোক৷ নামচাইলৈ মই গৈছোঁ বুলি কথা প্ৰসংগত গম পাই আনন্দিত হ'ল৷ গাড়ীৰ ভিতৰত মস্ত জাৰ্মান শ্বেফাৰ্ড এটা৷ ঘৰত অকলে এৰিব নোৱাৰি বপুৰাকো স্কৰপিঅৰ ডিকীত ভৰাই লৈ আহিছে৷ মোৰ ইফালে কুকুৰ-ভীতি আগৰে পৰাই৷ বহু বছৰৰ আগতে অকাৰণতে এবাৰ কামোৰ খোৱাৰ পাছৰে পৰা এই প্ৰাণীবিধ দেখিলেই হুচিয়াৰ হওঁ৷ এতিয়াও, গৰাকীয়ে অভয় দিলে যদিও আগে-ভাগে সাৱধান হলোঁ৷ সোনকালেই কথা চমুৱাই নিজৰ বাট বুলিলোঁ৷















No comments:

Post a Comment