Sunday, 25 June 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (২২)

শদিয়াৰ পৰা ছৈখোৱালৈ ফেৰীৰে অহাৰ অভিজ্ঞতা মোৰ আছে৷ সেই সৌভাগ্য (নে দুৰ্ভাগ্য?) এতিয়া আৰু কাৰো নহব৷ প্ৰথম সূৰ্যোদয়ৰ দেশ অৰুণাচলৰ পূব প্ৰান্তৰ দীঘলীয়া চফৰ সামৰি সুকলমে লোহিতখন পাৰ হোৱাৰ পাছতে তদানীন্তন ভ্ৰমণ সংগী অনিলদা, সঞ্জু আৰু অৰুণদাই ছৈখোৱা ঘাটত হেঁপাহেৰে মাছ-ভাত একাঁহীকৈ খাইছিল৷ ফেৰীৰ পৰা নামিয়েই দৌৰ মাৰিছিল অনিলদা৷ দৃশ্যটো এতিয়াও ভালকৈ মনত আছে৷ অস্থায়ী চালিৰ তলত বহা হোটেলকেইখনত এফালৰ পৰা প্ৰৱেশ কৰি ঢাকোন উদঙাই কি মাছ আছে চাইছিলগৈ মানুহটোৱে৷ ঘাটৰ মাছ ভজালৈ ইমানেই হেঁপাহ! উৎসাহতে পাহৰিয়ে গৈছিল যে তেনেদৰে কৰাটো অনধিকাৰ হস্তক্ষেপ৷ গ্ৰহদশা বেয়া থাকিলে বিপদো ঘটিব পাৰে৷ আনহাতে খাদ্যজনিত সেই জাতৰ হেঁপাহ বা দৌৰা-দৌৰি মোৰ নাই৷ শ্বাহনাজৰ ঘৰত শদিয়াৰ মিঠাই এপেট ভৰাই আহিছিলোঁ৷ তাৰ পৰা আহি থাকোঁতে মাটিয়ে-পানীয়ে চুপে-চাপে সিহঁতে দি পঠোৱা পেৰাও কেইবাটাও গলিয়ালোঁ৷ গতিকে সুযোগ অকণমান পায়েই সেমেকা পলস আৰু বালিময় এলেকাটো ঘূৰি-ফুৰি চোৱাতহে মন দিছিলোঁ৷ ইতিমধ্যে পাৰাপাৰ হোৱা, ঘাটত ৰৈ থকা মুনিহ-তিৰোতা আটাইৰে মুখবোৰ এফালৰ পৰা লক্ষ্য কৰিছিলোঁ৷ 'ফে'চবুক'বিলাকত ফুটি উঠা কলিজাৰ ভাব-ভাষাবোৰ পঢ়িবলৈ যত্ন কৰিছিলোঁ৷ লক্ষ্য কৰিছিলোঁ, সিটো পাৰৰ পৰা আহি এইপাৰ পোৱাসকলৰ মুখমণ্ডলত আনন্দৰ জিলিঙনি৷ তাৰ বিপৰীতে, সিপাৰলৈ যাবলগীয়াসকলৰ মুখবোৰ যেন কিবা গোমা৷ কিবা যেন মুকলি নহয়, কিবা যেন টেনচন! সেই ধৰণৰ টেনচনৰ পৰা সমুলঞ্চে মুক্তি আহি গ'ল এতিয়া৷ অসম-অৰুণাচলৰ সহজ-সৰল মানুহবোৰৰ মনবোৰে কোন কাহানিবাৰে পৰাই একেশ্বৰে কৈ আহিছিল, আমাক দলং লাগে, দেৱাল নালাগে৷ জনতাৰ মনৰ সেই আৱাজ অগপ নেতা, বাজপেয়ী চৰকাৰ, মনমােহন সিং চৰকাৰ, মোদী চৰকাৰে শুনিলে৷ অৰুণাচলে পেকেজ দিলে৷ সকলোৰে সমন্বয়ত ডক্টৰ ভূপেন হাজৰিকা সমন্বয় মহাসেতুৱে পুৰণি যন্ত্ৰণা এটাৰ পৰা মুক্তি দিলে মানুহবোৰক৷

সেই তেতিয়া, ঘাটৰ পৰাই পাছত গাড়ীত উঠি নিৰ্মীয়মান দীঘল দলংখনৰ কাষেৰে ধূলি উৰুৱাই আহি আহি ঠিক গুৰিটোতে ওলাইছিলোঁ৷ অলপ আগতে দেখা পোৱা, নৈৰ ফালৰ পৰা অহা কেঁচা ৰাস্তাটোৰেই আহিছিলোঁ নেকি জানো, ধৰিবকে নোৱাৰিলোঁচোন৷ সময়ে সম্পূৰ্ণৰূপে সলাই পেলালে সেই দিনটোৰ ছবি৷ এই মুহূৰ্তত বুকুত হাত থৈ এইটো কব পাৰি যে পুৰণি স্মৃতিয়ে নৈপৰীয়া মানুহবোৰক, সময়ে-অসময়ে সলনি হৈ থকা ঘাটবোৰেৰে অহা-যোৱা কৰা মানুহবোৰক বহুত দিনলৈকে আমনি কৰি থাকিব৷ কষ্ট আছিল যদিও নাৱৰ বাবে নৈৰ গৰাত পায়চাৰি কৰি থকাৰ আমনিদায়ক অথচ মিঠা মিঠা মুহূৰ্তবোৰ, বিশাল জলৰাশি অতিক্ৰম কৰাৰ শংকাযুক্ত অথচ ৰোমাঞ্চকৰ অভিজ্ঞতাবোৰ সকলোৰে বাবেই হৈ পৰিব কেৱল অতীত-কাহিনী৷ দীৰ্ঘদিনীয়া তেনে ভ্ৰমণ যাতনাৰ অৱসান ঘটি আজি পথ পৰিৱহণ ব্যৱস্থা উন্নীত হল৷ হেঙাৰ আঁতৰিল৷ এতিয়া মাথো কেইটামান মিনিটতে ইপাৰ-সিপাৰ৷ ৯.১৫ কিল'মিটাৰ ৰাস্তা ফোঁ-ফোঁৱাই যাওঁতেনো কতপৰ লাগিছে? কেইখনমান মটৰ চাইকেলত অহা ডেকাকেইজনে যেন তাৰেই অংকত ব্যস্ত হৈ পৰিছে! দ্ৰুতবেগে সিহঁত আমাৰ কাষেৰে পাৰ হৈ গ'ল৷ কম সময়তে সিমূৰ চুবগৈ৷ হিচাপ উলিয়াব, কিমান সময় লাগিল৷

নাৱৰীয়া জীৱনৰ কঠিন দৈনন্দিন কাৰ্যক্রমণিকাৰ অন্ত পৰিল৷ ভৰা নৈৰ বুকুত জীৱন সংগ্ৰামৰ এটা বিপদজনক অধ্যায়ৰ সামৰণি মাৰি শুকুৰবাৰ অৰ্থাৎ কালি দুপৰীয়া ৰাইজৰ বাবে মুকলি হৈছে বহুপ্ৰতীক্ষিত এই মহাসেতু৷ অভিশপ্ত দিনৰ স্মৃতিবোৰ ধূসৰ হোৱাৰ কাউণ্ট ডাউনো আচলতে উক্ত মহা-মুহূৰ্তৰ পৰাই আৰম্ভ হৈছে৷ লোহিতৰ বুকুত গঢ়ি উঠা সংস্কৃতি এটাও একে সময়তে ধাৱমান হৈছে স্থৱিৰতাৰ দিশে৷ যন্ত্ৰণাময় জলযাত্ৰাৰ মাজতো প্ৰাণৰ আনন্দ বুজি পোৱাজনৰ বাবে নৌকা বিহাৰত নিৰ্ভেজাল সুখস্বাদ অকণমান নথকাকৈ নাছিল৷ দলং মুকলি কৰাৰ লগে লগে সুখ আৰু দুখৰ সমাহাৰ হৈ পৰিল ধলা-শদিয়াৰ ফেৰীঘাট৷ ফেৰীঘাটক কেন্দ্ৰ কৰি একাংশ মানুহৰ জীৱন-জীৱিকা চলি আহিছিল৷ কাৰোবাৰ বাবে উপাৰ্জনৰ একমাত্ৰ সমল আছিল সেই ফেৰীঘাটকেইটা৷ এতিয়া দলং হোৱাত নৈপৰীয়া মানুহৰ মনলৈ স্বাভাৱিকতে অন্য চিন্তা আহি পৰিল৷ কোনো কোনোৰ মতে নাৱৰীয়া পৰিয়াললৈ দুৰ্দশা নামি আহিল৷ কোনো কোনোৰ মতে আকৌ নাই নহয়, আশাৰ নতুন ৰেঙণিহে আহিছে৷ সহজ সত্য এইটোৱেই যে এতিয়াৰ পৰা কোনেও আৰু বিপদসংকুলতাৰ মাজেৰে সিপাৰলৈ যাব-আহিব নালাগিব৷ শদিয়াবাসী, অৰুণাচলৰ ৰাইজৰ দুৰ্বিষহ যাতায়াতৰ সমাপ্তি ঘটিছে৷ নাওবিহীন যাতায়াত, কম আয়াসত গন্তব্যস্থান প্ৰাপ্তি, কম খৰছত অহা-যোৱা কৰাৰ সপোন দলং সম্পূৰ্ণ হোৱাৰ লগে লগেই দিঠক হৈ গল৷

অসমৰ এমূৰৰ শদিয়া সঁচাকৈয়ে সুদীৰ্ঘ কাল ধৰি উপেক্ষিত হৈ আছিল৷ বিধ্বস্ত যোগাযোগ আৰু যাতায়াত ব্যৱস্থাৰ বাবে অতি জৰ্জৰিত আছিল শদিয়াবাসী৷ নিশ্চিতভাৱে এই দলঙে সৰ্বসাধাৰণৰ জীৱন-যাত্ৰাক সুখময় কৰি তুলিব৷ অহা-যোৱাৰ বাবদ সময়ৰ অপচয় নঘটিব৷ ভাড়াও হ্ৰাস পাব৷ ফেৰী নাপাই থমকি ৰোৱা, অনিচ্ছাসত্ত্বেও কাষৰ গাঁৱত সোমাই কাৰোবাৰ আলহী হবলগীয়া হোৱা যাত্ৰীসকলৰ বাবে এই দলং হব আশীৰ্বাদস্বৰূপ৷ অনা-নিয়াৰ অসুচলতাৰ বাবেই বিনা চিকিৎসাই মৃত্যুক সাবটি লোৱাৰ দৰে শোকাৱহ ঘটনাও আৰু নঘটিব৷ যুগান্তকাৰী সুস্থ পৰিৱৰ্তন আনক এই নতুন দলঙে৷

ইফালে দেশৰ দীৰ্ঘতম দলংখন উদ্বোধন কৰাৰ পৰৱৰ্তী দিনৰে পৰা দলং আৰু আশে-পাশে ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হব পাৰে বুলি সচেতন মহল শংকিত হৈ আছে৷ নহওঁতেই এইটোও আগতীয়াকৈ ভাবি পাইছে যে নৱনিৰ্মিত দলঙৰ উভয় দিশে ভালে-বেয়াই এতিয়া ধাবা কিছুমান গঢ় লৈ উঠিব৷ চাহ-ভাতৰ হোটেলৰ বেনাৰত সেইবোৰত চুলাই মদৰ আড্ডা জমিব৷ দুচকীয়া, তিনিচকীয়া, চাৰিচকীয়া লৈ দূৰ-দূৰণিৰ পৰা সুৰাপায়ী আহিব দলং চোৱাৰ অচিলা লৈ৷ অৰুণাচল, নাগালেণ্ডৰ পৰা অবৈধভাৱে সৰৱৰাহ হোৱা নিচাযুক্ত পদাৰ্থই পৰিৱেশ কলুষিত কৰি পেলাব৷ নিশ্চিতভাৱে এইবোৰে মানুহৰ জীৱন আৰু ৰাষ্ট্ৰীয় সম্পত্তিস্বৰূপ মহাসেতুখনৰ সৌন্দৰ্যৰ প্ৰতি কঢ়িয়াই আনিব ভীষণ ভাবুকি৷ গতিকে সংশ্লিষ্ট কৰ্তৃপক্ষই সংযোগী পথছোৱাৰ কাষে কাষে সমস্ত এলেকাটো জুৰি এতিয়াৰ পৰাই চোকা নজৰ ৰাখিব লাগিব৷ অকণো পলম নকৰি শীঘ্ৰে উচ্ছেদ অভিযান বা অন্য সুফলদায়ক বিকল্প ব্যৱস্থা প্ৰৱৰ্তন কৰা উচিত হব বুলিও বহুতে স্পষ্ট মন্তব্য কৰিছে৷ দলং সংযোগী পথছোৱাক সুৰা নিষিদ্ধ, মাদক দ্ৰব্য বৰ্জিত এলেকা হিচাপে ঘোষণা কৰা আৰু ফলক লগোৱাৰ সপক্ষেও গুণগুণনি শুনা গৈছে৷ ষ্টাণ্টমেনৰ আতংকই যাতে দৰ্শনাৰ্থীক আতংকিত কৰিব নোৱাৰে তালৈকো শেনদৃষ্টি ৰখা উচিত৷

















No comments:

Post a Comment