Thursday, 22 June 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (২০)

লাহে লাহে আৰু আগুৱালোঁ আমি৷ কালি এইখিনিতেই চলিছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ ফটো চেছন৷ ক'লা ৰে'ঞ্জ ৰ'ভাৰখনৰ পৰা নমাৰ পাছত লগত কাকো আগ বাঢ়ি আহিবলৈ নিদি অকলে অকলে তেওঁ ভালেকেইখোজ গুচি গৈছিল উত্তৰ পাৰৰ ফালে৷ লোহিতৰ অনুপম প্ৰাকৃতিক নৈসৰ্গত এখন্তেক অকলশৰীয়া হোৱাৰ আগ্ৰহ দেখি আমাৰো ভাল লাগিছিল৷ চাগৈ, অনুভৱ কৰিব বিচাৰিছিল নতুন দলংখনৰ হৃদয়ৰ নিভৃত কথা৷ টিভিত দেখিছিলোঁ, কাষলৈ গৈ ৰেলিঙত ভেজা দি তেওঁ পানীলৈ চাইছিল একান্তমনে৷ নিবিড়ভাৱে বোধ হয় কথা পাতিছিল তলেৰে বোৱা সুবিশাল জলধিৰ সৈতে৷ তাৰ পৰাই জানিব খুজিছিল উপৰ্যুপৰি অনেক দুখ-কষ্টৰ সন্মুখীন হৈ অহা এই অঞ্চলৰ মানুহবোৰৰ মনৰ বতৰা৷ অলপ পাছত ইফালৰ পৰা সিফাললৈ আহিছিল৷ লোহিতৰ আত্মাক অনুধাৱন কৰাৰ প্ৰয়াস কৰিছিল তেওঁ৷ নদীখনৰ সংস্পৰ্শত এক বিৰল সুখানুভূতিৰ মাজত আপোন পাহৰা হোৱা যেন লাগিছিল তেওঁক৷ বাঁওহাতখন দাঙি কিবা ইংগিত দিছিল৷ বোঁৱতী পানীৰ সোঁতত প্ৰধান মন্ত্ৰীজনে বিচাৰি আছিল চাগৈ চীনৰ খবৰ৷ লোহিতখন চীন দেশৰ পৰা নামি আহিছে৷ ভাৰতৰ অন্তিম পূব মূৰৰ পৰা বৈ আহি এইখিনি পাইছে৷ ভূপেন হাজৰিকা মহাসেতুৰ ওপৰত ৰাজ্যপাল, মুখ্য মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে এখন্তেক অন্তৰংগ আলাপ কৰাৰ পাছত ৰোমাঞ্চকৰ এক যাত্ৰাৰ সজীৱ অনুভূতি অন্তৰত বান্ধি প্ৰধান মন্ত্ৰীৰ কনভয় উভতিছিল৷ আমিও এতিয়া ৰৈ দিছোঁ সেই ঠাইতে৷ ইফালে-সিফালে চাইছোঁ৷ ফটো তুলিছোঁ৷ চিন্তা কৰিছোঁ, এই নদীক মোদীজীয়ে কিয় ব্ৰহ্মপুত্ৰ বুলিলে? প্ৰশ্নটোৱে বাৰে বাৰে মগজুত খুন্দিয়াই থাকিল৷ লগতে দলঙৰ দুৱাৰমুখতে সজাই ৰখা মাৰ্বলৰ ফলকখন, য'ত ব্ৰহ্মপুত্ৰ বুলি উল্লেখিত হৈছে৷ এইখন লোহিতহে, ব্ৰহ্মপুত্ৰৰ পূবৰ উপনৈ৷ এখোজ দুখোজকৈ তিনিও আকৌ আগুৱাবলৈ উদ্যত হ'লোঁ৷


দুয়োটা পাৰলৈ দৃষ্টি সলাই সলাই দৃশ্যাৱলী উপভোগ কৰি পদযাত্ৰাৰ আমেজ লৈ আছোঁ৷ আমি খোজ কাঢ়ি ভাল পোৱা মানুহ৷ মানুহে কয়, শদিয়াৰ পৰা ধুবুৰীলৈ এপাক মাৰিলে হেনো গোটেই অসমখন ঘূৰা হয়৷ শদিয়া, যত এটা মূৰৰ পৰা অসম নামৰ ভূখণ্ডৰ আৰম্ভণি হৈছে৷ আইডিয়া এটা ঘপহকৈ মনলৈ আহিল৷ খোজ কাঢ়িব নোৱাৰা, যান-বাহনৰ পৰা নামিব নোখোজাসকলে দলং হোৱাৰ সুবিধাতে এতিয়া এটা কাম কৰিবলৈ নিশ্চয়কৈ উৎসাহ লভিব৷ শদিয়াত উঠি একেবাৰে ধুবুৰীত গাড়ীৰ পৰা নামিবগৈ পাৰিব৷ নাইবা ওলোটাটো৷ উত্তৰ পাৰ, দক্ষিণ পাৰ মিলাই নন্‌ষ্টপ অসম ৰাজ্য পৰিক্রমা, ৰ'ড ট্ৰিপ মৰাৰ সোণালী সুযোগ এটা আনি দিলে এই দলঙে৷ খোজ কাঢ়িয়ে ভাল লাগে যদিও গাড়ী থকা কোনো বন্ধুৱে কৃপা কৰিলে লগে-ভাগে মিলি এই কামফেৰা কৰি চোৱাৰ গুপুত হাবিয়াহ এটা মোৰো নথকা নহয় অৱশ্যে৷ নতুন দলঙত আকৌ কেইমুহূৰ্তমান ৰৈ অকলে অকলে অংক কৰিছোঁ, কেতিয়াকৈ মিলাব পাৰিম সময়, সুযোগ, সুবিধা? এটা ভ্ৰমণে আন এটা ভ্ৰমণ ৰচনাত এইদৰেই আমাক প্ৰোৎসাহিত কৰে৷ ভ্ৰমণকাৰী ৰৈ থকা ভকত নহয়৷ গৈ থাকিব বিচাৰে৷ সুগম, দুৰ্গম কথা নাই৷ ৰাস্তা-দলং থাকক বা নাথাকক কথা নাই৷ ৰাষ্ট্ৰীয় ঘাইপথ, ভূপেন হাজৰিকা দলঙৰ দৰে ঐতিহাসিক সেতুবন্ধন হৈ গলেতো কথাই নাই আৰু৷ শদিয়াৰ পৰা ধুবুৰী, ঘূৰি ধুবুৰীৰ পৰা শদিয়া৷

ইফালে-সিফালে ভুমুকিয়াই আৰু ভাবিছোঁ, চীনৰ দৰে বৃহৎ শক্তিক প্ৰতিহত কৰিবলৈ সীমান্তলৈ যোগাযোগ ব্যৱস্থাৰ শীঘ্ৰ উন্নতি সধাটো ভাৰত চৰকাৰৰ অৱশ্যকৰণীয় আছিল৷ পলমকৈ হলেও কথাটো প্ৰতিফলিত হল, এইখন মহাসেতু নিৰ্মাণৰ ক্ষেত্ৰত৷ দেশৰ ভিতৰতে এয়া বৃহত্তম আৰু শক্তিশালী পৰিকাঠামো বুলি পৰিগণিত হৈছে৷ ইফালে ২০০৪ চনত পৰশুৰাম কুণ্ডত লোহিতৰ ওপৰত দলং হৈছে৷ অৰুণাচলৰ ভিতৰত দীৰ্ঘতম সেইখন দলং৷ আলুবাৰীতো দলং হল ২০১৬ চনত৷ তাৰ আগতে দেখিছিলোঁ, বাৰিষা আলুবাৰী হৈ পৰে এখন সাগৰ৷ বন্ধ পায়ো মোৰ অৰুণাচলী সহপাঠী বন্ধু ঘৰলৈ নাযায়৷ অন্য ছাত্ৰৰ অনুপস্থিতিত খালী হৈ পৰা হোষ্টেলতে আলু-কচু খাই থাকি যায়৷ আজিৰ পৰা ২৪ বছৰৰ পূৰ্বে তাৰ সৈতে তেজুলৈ প্ৰথমবাৰ যাওঁতে আলুবাৰীয়েদিয়ে গৈছিলোঁ৷ লোহিত, ডিগাৰু, কামলাং পাৰ হৈ সেয়া আছিল অনিশ্চয়তাৰে ভৰা অতি ৰোমাঞ্চকৰ এক যাত্ৰা৷ এতিয়া তেনেকুৱা দুঃসাহসিক আনন্দ বোধ হয় আৰু নহব৷ কাৰণ সেইবাটে ২.৯০ কিলমিটাৰ দৈৰ্ঘৰ দলং নিৰ্মাণ কৰি পেলােৱা হল৷ অত্যন্ত লেহেমীয়াকৈ হ'লেও নৱযুগেই কৰিলে৷ তাতো কৰিলে, ইয়াতো কৰিলে৷ দলঙে যাত্ৰা সুগম কৰিছে ঠিকেই, বিপৰীতে, আমাৰ দৰে এড্‌ভেন্সাৰ ভাল পোৱা, ভ্ৰমণ-পীড়াই বাৰে বাৰে ধৰাশায়ী কৰা মানুহে কিন্তু নিৰ্ভেজাল আনন্দ কিছুমান জীৱনৰ পৰা হেৰুৱালোঁ৷ শদিয়া-ছৈখোৱা, ছৈখোৱা-শদিয়া পানীৰে পাৰাপাৰ হোৱাটোও জানো বিপদসংকুলতা ভাল পোৱা, দুৰ্জেয় মানুহৰ বাবে কমখন ৰোমাঞ্চকৰ কথা আছিল? বুজাইহে বুজিব এইবোৰ৷ অতএব দলং হোৱাটোক সমৰ্থন কৰিও, মানুহৰ বিপদসংকুল জীৱন সংগ্ৰামখনৰ যৱনিকা পৰাটো নিৰ্বিবাদে মানি লৈও, অৱহেলিত শদিয়াৰ অনগ্ৰসৰতা আৰু অৱসাদৰ অন্ত পৰাত পূৰ্ণ আনন্দ প্ৰকাশ কৰিও এই কথা খোলাখুলিকৈয়ে কব বিচাৰিম যে দলঙে তাৰ মুদা মাৰিলে৷ এতিয়া নতুন ৰোমাঞ্চ বিচাৰি উলিয়াব লাগিব আমি৷















No comments:

Post a Comment