শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (১)
The world is like a book and those who donot travel read only a page. ~St. Augustine
২৬ মে’, ২০১৭৷ নিশা ৮ বাজি ৪৬ মিনিটত আহিবলগীয়া ১৫৯৫৯ নং উজনিমুৱা হাওৰা-ডিব্ৰুগড় কামৰূপ এক্সপ্ৰেছ ৰে’লগাড়ীখন ডিফু সোমাওঁতে ষ্টেচনৰ মস্ত ডিজিটেল ঘড়ীৰ ৰঙা সংখ্যাকেইটাই ১১.১৫ বজা বুলি দেখুৱাইছিল৷ আগতীয়াকৈ কোনো ৰিজাৰ্ভেচন টিকট নাছিল যদিও থাওকতে মেনেজ হৈ গ’ল৷ এছ.৬ ডবাৰ ৫১ আৰু ৫৪ নং আপাৰ বাৰ্থত উঠি আমি লগে লগেই শুই পৰিলোঁ৷ আমি মানে মই আৰু মোৰ পৰিবাৰ নাজমা৷ সৌভাগ্য যে এই যাত্ৰাত তেৱোঁ মোৰ লগত ওলাইছে৷ অৱশ্যে আগতীয়াকৈ তেওঁক সৈমান কৰাই লোৱা হৈছিল যে সমানে সমানে খোজ কাঢ়িব পাৰিব লাগিব৷ অন্যথা অমুকাৰ লগত নোযোৱাই ভাল৷ আৰু এটা চুক্তি... যাত্ৰাকালত বাহন আৰু আহাৰ সম্পৰ্কে কোনো ওজৰ-আপত্তি নচলিব৷ য’তে-ত’তে উঠিবলগীয়া হ’ব পাৰে৷ সময়মতে আৰু মনে বিচৰা ধৰণে ভাতমুঠি খাবলৈ নাপাবও পাৰা৷
আনহাতে মোৰেই দুৰ্ভাগ্য বুলিব লাগিব যে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ আসন্ন নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পুৰণি সংগীসকলৰ এজনেও অলপমানো সুবিধা উলিয়াব নোৱাৰিলে৷ ইচ্ছা থাকিলেও সুযোগ বাহিৰ কৰিব নোৱাৰাৰ অজুহাতত এই ঐতিহাসিক যাত্ৰাত তেওঁলোকৰ সাহচৰ্য মই হেৰোৱালোঁ৷ দুই-একে কৈছিল, ‘ইমান খৰধৰকৈ নগৈ ইলেক্চনৰ পাছত যাওঁ৷ ৰৈ দিয়া৷’ মই বোলোঁ, ‘ন’৷ ৰং পুৰণি হ’লে গৈ একো মজা নাই৷ নতুনতে যাব লাগে, মজা ল’ব লাগে৷ লগ নাপালে মই অকলেই ওলাম, দ্বিতীয় দিনাই খোজ কাঢ়ি পাৰ হ’ম দেশৰ দীৰ্ঘতম নৱ-উন্মোচিত দলং৷’ খাৰাংখাচ জবাবৰ ফলাফল, অকলশৰীয়া হ’লোঁ৷ ইফালে বাৰ্তাটো কাণত পৰা মাত্ৰকে আমাৰ এওঁ ফট্কৈ সুযোগটো লৈ ল’লে, বোলে, ময়েই যাম আপোনাৰ লগত৷ শপতো খালে আৰু মিহিকৈ এষাৰ শুনালেও, ‘নাগালেণ্ডৰ পাহাৰত ডাঙৰ হোৱা ছোৱালীহে ময়ো...’
চপাখোৱাৰ শ্বাহনাজ আকৌ আমাৰ এওঁৰ কলেজীয়া দিনৰে বান্ধৱী৷ ১৭ বছৰ হ’ল দেখাদেখি নাই৷ দলঙে দুয়োকে একেলগ কৰিব৷ তাকে লৈ বুজাব নোৱাৰাভাৱে উৎফুল্লিত হৈ পৰিছে দুয়ো৷ চাৰপ্ৰাইজ দিম বুলি আছিলোঁ, পিছে উত্তেজনা ৰখাব নোৱাৰি আগদিনা ফোনেৰে জনাই দিয়া হ’ল৷ জনাবলৈহে পালোঁ, ‘তহঁতি সঁচাকৈ আহিবি? কেতিয়া আহিবি? ইস্, কি ক’ম, কিমানযে ভাল লাগিছে শুনি! আহি যা, আমি থাকিম৷ আমাৰ ঘৰত থাকিবি দেই৷’ দুই পুৰণি লগৰীৰ কাল্পনিক মিলন হৈয়েই গ’ল তেতিয়াই! ‘মা আমি শদিয়ালৈ যামে’ সকলোৰে কাণে কাণে কত দিন ধৰি বাজি থকা শদিয়ালৈ যোৱাৰ আকুল আহ্বানটো এওঁৰ মুখৰ পৰা নুগুচাই হ’ল৷ পুৰণি সম্পৰ্ক এটাক নতুন কৰাৰ সুযোগ আনি দিলে নতুন দলংখনে৷ ইণ্টাৰনেটৰ সহায়ত ডাউনল’ড কৰি ময়ো ফুল ভলিউমত ইবাৰৰ পাছত সিবাৰকৈ বজাই থাকিলোঁ মহন্ত আৰু বন্দিতাৰ দ্বৈত কণ্ঠৰ শেহতীয়া গীতটো… ‘শদিয়ালৈ যাম, দীঘল দলং চাম’৷ স্ফূৰ্তিতে স্বতঃস্ফূৰ্তভাৱে সংযোজনো কৰি দিলোঁ এষাৰ… দলঙৰ ওপৰেদি খোজ কাঢ়ি যাম৷ তাকে শুনা পাই এৱোঁ লগালে এশাৰী… পাৰ হৈ সিফালৰ অৰুণাচল চাম৷
No comments:
Post a Comment