শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৫)
২০০৭ চনৰ ১৪ ছেপ্টেম্বৰত তদানীন্তন ইউ.পি.এ. নেতৃত্বাধীন
কেন্দ্ৰীয় চৰকাৰে দলংখন নিৰ্মাণৰ বাবে ৫০৫.৪০ কোটি টকা ধাৰ্য কৰিছিল৷ ধন ব্যয়ৰ দায়িত্ব
দিয়া হৈছিল উত্তৰ-পূব পৰিষদক৷ তিনি বছৰৰ পাছত অৰ্থাৎ ২০১০ চনৰ নৱেম্বৰ মাহত নিৰ্মাণ
কাৰ্যৰ শুভাৰম্ভ কৰা হয়৷ ২০১০ চনৰ পৰা আজি ২০১৭ চন৷ নিৰ্মীয়মান দলঙৰ ছবি চাই চাই দৈনন্দিন
তাৰ কাষৰীয়া জলপথেৰে ইপাৰ-সিপাৰ হোৱা ধলা-শদিয়াবাসীৰ বাবে পাৰ হৈ যোৱা সেই সময়চক্ৰৰ
প্ৰতিটো মুহূৰ্তই আছিল প্ৰত্যাশাৰ মুহূৰ্ত, লগতে চৰম ধৈৰ্য পৰীক্ষাৰ ক্ষণ৷ তাত কাৰো
অকণো সন্দেহ নাথাকিব৷ আনহাতে, অটল বিহাৰী বাজপেয়ী ২০০৪ চনত ক্ষমতালৈ অহা হ’লে ১০ বছৰৰ আগতেই দলংখন হৈ উঠিলহেঁতেন
বুলি প্ৰধান মন্ত্ৰীয়ে ভাষণত কালি সজোৰে কৈ গৈছে৷ নাজানো কাৰ্যতঃ কি দেখা গ’লহেঁতেন৷ অৱশ্যে এইটো ঠিক যে
এইখন দলঙক লৈ নিজৰ অন্য কেতবোৰ প্ৰাপ্যৰ দৰে অসমবাসীয়ে আন্দোলন কৰিবলগীয়া হোৱা নাই৷
সেতুখনৰ নিৰ্মাণ কাৰ্যৰ উক্মুকনি হৈছিল বাজপেয়ী
চৰকাৰৰ দিনত৷ ৮০ শতাংশ কাম সমাধা হৈছিল ডক্টৰ মনমোহন সিং নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ
আমোলত৷ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বৰ্তমান শাসনাধিষ্ঠিত বিজেপিৰ সময়ত কাম সম্পূৰ্ণ
হ’ল৷ তাৰে সুবাদত দলংখন আড়ম্বৰপূৰ্ণভাৱে
শুভ-উদ্বোধন কৰি ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গাৰে বৰ্তমানৰ চৰকাৰখনে কৃতিত্বৰ ষোল অনাই নিজৰ
কৰি বেচ ৰাজনৈতিক মুনাফা লুটিলে বুলি বিভিন্ন মহলত বু-বু-বা-বা শুনা গৈছে৷ কিন্তু পক্ষপাতিত্বৰ
পৰা আঁতৰি গভীৰভাৱে পৰ্যালোচনা কৰিলে দেখা যায় যে দেশৰ উক্ত তিনিওগৰাকী প্ৰধান মন্ত্ৰীৰে
গুৰুত্বপূৰ্ণ অৱদান ইয়াৰ সৈতে বিজড়িত হৈ আছে৷ স্বপ্নদ্ৰষ্টা দূৰদৰ্শী ৰাজনেতাসৱৰ লগতে
এই সুবৃহৎ প্ৰকল্পটোৰ কল্পনা আৰু বাস্তৱ; আঁচনি, পুঁজি, ৰূপায়ণ ইত্যাদি কাৰ্য প্ৰণালীৰ
সৈতে জড়িত প্ৰতিজন ৰাজনৈতিক-অৰাজনৈতিক ব্যক্তিয়েই ইয়াৰ বাবে নিশ্চয়কৈ ধন্যবাদাৰ্হ৷
ব্ৰহ্মপুত্ৰৰ পূবৰ উপনৈ লোহিতৰ ওপৰত দেশৰ ভিতৰতে দীঘলীয়াকৈ দলং সজাৰ এই প্ৰকল্পটো আন্তঃগাঁথনি
উন্নয়নাৰ্থে ভাৰতবৰ্ষই হাতত লোৱা দৰকাৰী আৰু সময়োপযোগী নিৰ্মাণকাৰ্য বুলি ইতিমধ্যেই
বিবেচিত হৈছে৷
No comments:
Post a Comment