শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (২৭)
মন-কাগজত লিখি থোৱা হৈছিল ধলা-শদিয়া ব্ৰীজৰ নাম৷ আত্মাৰ তৃপ্তি সাধন হ'ল৷ আকস্মিকভাৱে সংগী হৈ পৰা ডিব্ৰু-ছৈখোৱাৰ বনৰক্ষী বিনোদ বৰগোহাঁই আমাৰ অভিযানৰ জীয়া-সাক্ষী হৈ ৰ'ল৷ বহুদিনতে ভাবি থোৱা কাম এটা সুকলমে সম্পাদন হোৱাৰ আনন্দকণ উদ্যাপন কেনেকৈ কৰোঁ?
দলঙৰ এইটো মূৰে অৰ্থাৎ শদিয়াৰ ফালৰ মূৰে আলফা নলা৷ সঁচা-মিছা নাজানো, আলফাই হেনো বৃহৎ পৰিমাণৰ টকা নলাত পুতি থৈছিল৷ সেয়েহে নামটো তেনেকুৱা৷ বৰগোহাঁয়ে সেইবুলিয়ে ব্যাখ্যা দাঙি ধৰিলে৷ খেনোৰ মতে, নদীৰ সুঁতি এটা সলাবলৈ আলফাই নলা এটা খন্দাইছিল৷ সেই কামত স্থানীয় ৰাইজেও সহযোগ কৰিছিল৷ নলাটো এতিয়া নাই যদিও ঠাইডোখৰৰ নামটো আলফা নলা হৈয়ে থাকিল৷
ৰাজপথটোৰ নামনিৰ ফালে সোঁহাতে কিছু দূৰৈত ‘শদিয়াত এসাজ’ নামে ধাবা এখন নকৈ খুলিছে৷ গছৰ ছাঁত পতা অস্থায়ী চালিৰ তলত চাহ দোকান এখনো দেখা গৈছে৷ তালৈকে গৈ লালচাহ একোকাপকৈ খোৱাৰ প্ৰস্তাৱ দিলে বৰগোহাঁয়ে৷ তেওঁক অনুসৰণ কৰি আমি নামি গ'লোঁ৷ তিনিকাপ চাহৰ অৰ্ডাৰ তেৱেঁই দিলে আগে-ভাগে৷ ৰৈ নাথাকি সিদ্ধ কণী এটাটো কামোৰ বহুৱালে মানুহজনে৷ খোজ কাঢ়ি কাঢ়ি লেবেজান হৈ পৰা যেন সামান্যও কিন্তু তেওঁক লগা নাই৷ ভোক লাগিব পায় চাগৈ৷
পুৱাৰে পৰা একে লেথাৰিয়ে ক'তো নবহাকৈ প্ৰায় ৩ ঘণ্টাত আহি আহি এইখিনি পাইছোঁ৷ ভগা প্লাষ্টিকৰ চকী এডোখৰ পাই তাতে আসন গ্ৰহণ কৰিলোঁ৷ পানী কেইঢোকমান পি লৈয়ে দোকানী বাইজনীৰ সৈতে কথা চোবাবলৈ আৰম্ভ কৰি দিলোঁ৷ স্বভাৱজাত সপ্ৰতিভতাৰে তায়ো মুখ খুলিলে, 'কালি এনেকুৱা সময়ত এই ঠাইখিনি অতিপাত ব্যস্ত হৈ আছিল৷ আজি ঠাণ্ডা৷ নাহোঁ বুলিয়েই ভাবিছিলোঁ৷ ১০ বজাতহে আহিছোঁ৷ নাই, বিক্ৰী-বাৰ্তা সিমান নহ'বগৈ আজি৷' গচকত ঘাঁহ-বন মৰি আছে৷ ইফালে-সিফালে দুচকু ঘূৰায়েই অৱস্থাটো দেখিলোঁ আৰু সত্যটো বুজি পালোঁ৷ টিভিতো দেখা পাইছিলোঁ কালি, অগণন মানুহৰ সমাগম হৈছিল, বিৰ দি বাট নোপোৱা অৱস্থা বুলি কৈছিল ধাৰা ভাষ্যকাৰে৷
কম সময়ৰ ভিতৰতে চাহ তৈয়াৰ হৈ গ'ল৷ ইমান পৰে পিঠিত লৈ থকা ৰাক্চেকটো এতিয়াহে নমাই থোৱাৰ সম্বিত হ'ল৷ পৰিবাৰে তিনিচুকীয়াত কিনা বিস্কুটৰ পেকেট বাহিৰ কৰিলে৷ আনন্দমনে আটায়ে ভগাই খালোঁ৷ অথনি ধলা গাঁও তিনিআলিৰ সমীপত উঠি জিৰ' পইণ্টলৈকে আহোঁতে বাছৰ ভাড়া মই দিছিলোঁ৷ এতিয়া তাৰেই ভদ্ৰতাসূচক প্ৰত্যুত্তৰ হিচাপেই চাগৈ, বৰগোহাঁয়ে আগে-ভাগে চাহৰ বিনিময় পৰিশোধ কৰি আজৰি হৈ থাকিল৷
বিপৰীত ফালৰ গৰাটো চালোঁগৈ৷ জীৱনৰ এই ঐতিহাসিক যাত্ৰাটোৰ নীৰৱ সাক্ষী হৈ থাকক বুলি তাতে পৰি থকা শিল এটাকে বুটলি লওঁ বুলি ভাবিলোঁ৷ হৃদয় আকৃতিৰ শিলগুটি এটা হাতত অজানিতে উঠি আহিল৷ ভূপেন হাজৰিকা সেতুৱে আমালৈ যেন নিভাঁজ প্ৰেমৰ চানেকীহে আগ বঢ়ালে! মনটো প্ৰসন্নতাৰে ভৰি পৰিল৷ প্ৰতিজন অসমীয়া মানুহৰ অন্তৰে অন্তৰে ভূপেন হাজৰিকা আজিও জীৱিত হৈ আছে আৰু থাকিব৷ ভূপেন হাজৰিকাৰ মৃত্যু হোৱা নাই৷ ইফালে আক্ষৰিক অৰ্থত দলঙৰ আশে-পাশে ভূপেন হাজৰিকা সেতু বুলি লিখা কোনো ফলকেই শেষ পৰ্যন্ত আমাৰ কাৰোৱেই চকুত নপৰিল৷ নামকৰণ প্ৰক্ৰিয়াটো কাগজে-কলমে কেতিয়ালৈ কাৰ্যকৰী হয় নাজানো যদিও মাননীয় প্ৰধান মন্ত্ৰীৰ মুখৰ কথাকে সাৰোগত কৰি অসম-সন্তান মহান শিল্পীজনালৈ আকৌ এবাৰ অন্তৰৰ পৰা প্ৰণিপাত জনালোঁ৷

অকণমান আগুৱাই গ'লোঁগৈ৷ ৰাস্তাটোৰ বাঁওকাষৰ এঢলীয়াত শ্ৰমিক কিছুমানে ব'ল্ডাৰ জাপি আছে৷ ওপৰলৈ উঠি যাবলৈ খাজ কটা আছে৷ আমি মূল পথলৈ উঠি আহিব ধৰিলোঁ৷ দুবছৰৰ আগতে শদিয়াৰ পৰা ফেৰীৰে গৈ থাকোঁতে দেখা মনত আছে, তলতে সাজি উলিওৱা দলঙৰ ব্লকবিলাক ক্ৰেনেৰে দাঙি দাঙি ওপৰত বহুৱাই আছিল৷ বীম ব্ৰীজ প্ৰযুক্তিৰে নিৰ্মিত ভূপেন হাজৰিকা সেতুখনে খুঁটাৰ সংখ্যাৰে অভিলেখৰ গৰাকী হৈছে বুলি সংবাদ মাধ্যমত ইতিমধ্যে প্ৰচাৰিত হৈছেই৷ P182 লিখা খুঁটাটো এইখিনিৰ পৰা ভালকৈ দেখা পাই আছোঁ৷ আনহাতে দেখা নাযায় যদিও ধাৰণা এটা হ'ল যে সেইটোৰ পাছতো আৰু এটা খুঁটা থাকিব লাগিব৷ সেইটো ৰাস্তাৰ তলত লুকাই পৰিল৷ অৰ্থাৎ দলংখনৰ মুঠ স্পান (দুটা খুঁটাৰ মাজৰ দূৰত্ব)ৰ সংখ্যা ১৮৩ বুলি আশ্বস্ত হ’লোঁ৷ ১৮৩ x ৫০ মিটাৰ = ৯.১৫ কিল'মিটাৰ৷ সাধাৰণ বিচাৰেৰে বৰগোহাঁয়েও খুঁটাৰ সংখ্যাটো উলিয়াবৰ চেষ্টা কৰিলে৷ 'ঘৰৰ কোঠা এটা সাজোঁতেওচোন মাৰলিডাল দুটা খুঁটাৰ ওপৰত বহি থাকে৷ গতিকে, ১৮৩ + ১ = ১৮৪৷'
এই উল্লেখ পিছে ঘূণাক্ষৰেও ক'তো পোৱা নাই৷ আনহাতে বৰগোহাঁইৰ ঘৰুৱা মৌলিক ধাৰণাটো হ'লে বেয়া নালাগিল৷ সি যি কি নহওক, বিহাৰত গংগাৰ ওপৰত সাজিবলগীয়া ৯.৮০ কিল'মিটাৰ দৈৰ্ঘৰ নিউ গংগা ব্ৰীজ প্ৰজেক্ট হৈ নুঠা পৰ্যন্ত ধলা-শদিয়া সংযোগী ভূপেন হাজৰিকা সেতু ভাৰতৰ দীৰ্ঘতম দলং হিচাপে গণ্য হৈ থাকিব আৰু ইয়াক লৈ আমিও গৌৰৱ কৰি যাম৷ ইফালে ইতিমধ্যে ঘােষণা হৈছে যে ব্ৰহ্মপুত্ৰৰ ওপৰত অসমৰ ধুবুৰীৰ পৰা অসম-মেঘালয় সীমামূৰীয়া ফুলবাৰী সংযোগী ১৪ কিল'মিটাৰ দীঘল সেতু এখন অনাগত দিনত নিৰ্মাণ কৰা হ'ব৷ উক্ত দলঙৰ প্ৰায় ২ কিল'মিটাৰ অংশ থাকিব মেঘালয়ৰ ভিতৰত৷ দেশৰ উন্নয়নত পথ-দলঙৰ ভূমিকা সদায়েই গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈ আহিছে৷ এই দলঙে এইফালৰ অৰ্থাৎ অসমৰ পূব মূৰে উন্নয়নৰ বাট মুকলি কৰিছে, সিখনে পশ্চিম মূৰে কৰিব৷
এই উল্লেখ পিছে ঘূণাক্ষৰেও ক'তো পোৱা নাই৷ আনহাতে বৰগোহাঁইৰ ঘৰুৱা মৌলিক ধাৰণাটো হ'লে বেয়া নালাগিল৷ সি যি কি নহওক, বিহাৰত গংগাৰ ওপৰত সাজিবলগীয়া ৯.৮০ কিল'মিটাৰ দৈৰ্ঘৰ নিউ গংগা ব্ৰীজ প্ৰজেক্ট হৈ নুঠা পৰ্যন্ত ধলা-শদিয়া সংযোগী ভূপেন হাজৰিকা সেতু ভাৰতৰ দীৰ্ঘতম দলং হিচাপে গণ্য হৈ থাকিব আৰু ইয়াক লৈ আমিও গৌৰৱ কৰি যাম৷ ইফালে ইতিমধ্যে ঘােষণা হৈছে যে ব্ৰহ্মপুত্ৰৰ ওপৰত অসমৰ ধুবুৰীৰ পৰা অসম-মেঘালয় সীমামূৰীয়া ফুলবাৰী সংযোগী ১৪ কিল'মিটাৰ দীঘল সেতু এখন অনাগত দিনত নিৰ্মাণ কৰা হ'ব৷ উক্ত দলঙৰ প্ৰায় ২ কিল'মিটাৰ অংশ থাকিব মেঘালয়ৰ ভিতৰত৷ দেশৰ উন্নয়নত পথ-দলঙৰ ভূমিকা সদায়েই গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈ আহিছে৷ এই দলঙে এইফালৰ অৰ্থাৎ অসমৰ পূব মূৰে উন্নয়নৰ বাট মুকলি কৰিছে, সিখনে পশ্চিম মূৰে কৰিব৷
বিপৰীত ফালৰ গৰাটো চালোঁগৈ৷ জীৱনৰ এই ঐতিহাসিক যাত্ৰাটোৰ নীৰৱ সাক্ষী হৈ থাকক বুলি তাতে পৰি থকা শিল এটাকে বুটলি লওঁ বুলি ভাবিলোঁ৷ হৃদয় আকৃতিৰ শিলগুটি এটা হাতত অজানিতে উঠি আহিল৷ ভূপেন হাজৰিকা সেতুৱে আমালৈ যেন নিভাঁজ প্ৰেমৰ চানেকীহে আগ বঢ়ালে! মনটো প্ৰসন্নতাৰে ভৰি পৰিল৷ প্ৰতিজন অসমীয়া মানুহৰ অন্তৰে অন্তৰে ভূপেন হাজৰিকা আজিও জীৱিত হৈ আছে আৰু থাকিব৷ ভূপেন হাজৰিকাৰ মৃত্যু হোৱা নাই৷ ইফালে আক্ষৰিক অৰ্থত দলঙৰ আশে-পাশে ভূপেন হাজৰিকা সেতু বুলি লিখা কোনো ফলকেই শেষ পৰ্যন্ত আমাৰ কাৰোৱেই চকুত নপৰিল৷ নামকৰণ প্ৰক্ৰিয়াটো কাগজে-কলমে কেতিয়ালৈ কাৰ্যকৰী হয় নাজানো যদিও মাননীয় প্ৰধান মন্ত্ৰীৰ মুখৰ কথাকে সাৰোগত কৰি অসম-সন্তান মহান শিল্পীজনালৈ আকৌ এবাৰ অন্তৰৰ পৰা প্ৰণিপাত জনালোঁ৷
No comments:
Post a Comment