শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৫২)
ভাত-পানী খাই নাজমা আৰু মই নিজৰ নিজৰ বেক্পেক্ ভাগে ভাগে পিঠিত তুলি ল’লোঁ৷ ইমান দিনৰ পাছত লগ পোৱা, এতিয়া বিদায়; বিদায়ৰ মুহূৰ্তটো সচৰাচৰ বান্ধৱীবোৰৰ হোৱাৰ দৰে অকণোৱেই দুঃখজনক নহ’ল দেখোন! কথাটো মই টং কৰিলোঁ৷ বৰঞ্চ ৰসালহে হ’ল৷ নিশ্চিতভাৱে, ভূপেন হাজৰিকা দলঙে সেই আনন্দৰ সঞ্চাৰ কৰিছে৷ দুশ্চিন্তা নহয়, গৌৰৱৰহে কথা হৈ পৰিছে যে শদিয়াত লগৰী এজনী আছে৷ ‘এতিয়া দলং হ’ল যেতিয়া শদিয়ালৈ আহি থাকিবি দেই’, শ্বাহনাজে বাৰাণ্ডাৰ পৰাই শেষ চিঞৰটো মাৰিলে৷ ‘হ’ব, তয়ো আহিবি মধ্য অসমলৈ৷ চুক ভেকুলীৰ দৰে চুকতে সোমাই থাকিব নালাগে৷’ টিটকাৰি শুনি তাই হাঁহি থাকিল৷ অৰ্থপূৰ্ণ হাঁহি৷ ভৌগোলিকভাৱে অসমৰ এচুকত পৰি থাকিলেও শদিয়া, চপাখোৱা এতিয়া আৰু তাচ্ছিল্যাৰ্থত মানুহে আগতে প্ৰকাশ কৰি অহাৰ দৰে সেই চুকটো হৈ থকা নাই৷ দুৱাৰ মুকলি হৈ গ'ল৷ এতিয়া বিশ্বৰ চকু শদিয়াৰ ওপৰত৷
হায়াৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ সমীপস্থ স্কুল চাৰিআলিত 'তনুজ' অহালৈ অপেক্ষা কৰি আছোঁ৷ কাষতে চাইকেলৰ দোকান এখন৷ বাহিৰত গছৰ তলত ৰখা বেঞ্চখনতে বে'গটো নমাই কৰ্মচাৰী এজনৰ সৈতে আলাপ কৰিলোঁ৷ কাষৰখন কিতাপ-কাকতৰ দোকান৷ মনটোৱে উচপিচালে৷ শদিয়া বিষয়ক কিবা পোৱা যাব পাৰে নেকি? সোমাই গ'লোঁ৷ 'নাই নহ'ব' বুলিলে দোকানীজনে৷
এসময়ত শদিয়াখনক ক’লীয়াপানী বুলি কোৱা হৈছিল৷ ‘শদিয়ালৈ নাযাবা, সট্ফুল নাখাবা, কেঁচাপাতত নাবান্ধিবা লোণ৷ ওপজিয়ে বুঢ়া হয় কোন?’ উক্তিটো কিমান দিন ধৰিযে চলি আহিছে, নাজানো৷ আগৰে পৰা কেৱল শুনাহে পাই অহা হৈছে৷ পিছে দলং উদ্বোধনৰ পশ্চাৎ ক’লীয়াপানীলৈ যাতায়াত সুস্থিৰ হৈ পৰিল৷ বাছলৈ ৰৈ থকা অৱস্থাত নিজৰ প্ৰতিক্রিয়া প্ৰকাশ কৰি ছাজিদেও দুআষাৰ এনেকুৱা কথা ক’লে৷ ‘এইফালে গাড়ী-মটৰৰ সংখ্যাটো হঠাতে বাঢ়ি গ’ল৷ শদিয়াৰ ৰাস্তাত এতিয়া গাড়ীয়েই গাড়ী৷ বিভিন্ন জাতৰ গাড়ী৷ আগেয়ে ইমান গাড়ী দেখা নগৈছিল৷ নিজেও দেখিলা নহয় আজি৷ আগতে মাখি মাৰি থকা যান-বাহন শাখাৰ আৰক্ষীৰ কাম এতিয়া বাঢ়িল৷' তেওঁ কৈ আছে, মই শুনি আছোঁ৷ 'ৰাইজৰ সমাগমো অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ যিফালেই চাওঁ সেইফালেই কেৱল অচিনাকি মুখ৷ চিনাকি মুখবোৰ নেদেখাই হ’লোঁচোন৷ ক’ত লুকাল জানো!’ অচিনাকিৰ প্ৰতাপত চিনাকি গায়ব! ভাল শ্ৰোতাৰ দৰে ছাজিদৰ কথা শুনাৰ মাজে মাজে ডিঙি মেলি চাই আছোঁ, দূৰত বাছখনৰ মূধচটোৱে দেখা দিছে নেকি বুলি৷ নাই অহা৷ সময় বাগৰি গৈ আছে৷ তথাপি সমস্যা নাই বাৰু আমাৰ৷ নিশা ৭.৩০ৰ আগতে তিনিচুকীয়া পালেগৈয়ে হ'ল৷
পুৰণি গছবোৰৰ মাজেৰে আগ বাঢ়ি অহা হাইৱে'টোলৈ অথনিৰে পৰা চাই থাকি যিটো বুজিছোঁ, পথচাৰীৰ বাবে পথ পাৰ হোৱাটো মস্কিলেই হ’ল দেখোন ইয়াত! চপাখোৱাত এতিয়া পথ দুৰ্ঘটনা পূৰ্বৰ তুলনাত নিঃসন্দেহে বৃদ্ধি পাব৷ ছাজিদে কোৱাৰ দৰে আৰক্ষীৰ কামৰ হেঁচা আৰু দায়িত্ব স্বাভাৱিকতে বাঢ়িল৷ অতিৰিক্ত বোজা চম্ভালিবলৈ সেই অনুপাতে আৰক্ষীৰ লোক মজুত ৰখাৰ দৰকাৰ আছে৷ সোনকালে মোতায়েন কৰিলে ভাল৷ 'ঠায়ে ঠায়ে গে’ট, ডিভাইডাৰ, পুলিচ পইণ্ট, স্পীড ব্ৰেকাৰ আদি নাথাকিলে উদণ্ড গাড়ীয়ে কাক মহতিয়াই ঠিক নাই দেই৷ এইবোৰক লৈ এতিয়াৰে পৰা প্ৰচণ্ড সমস্যাৰ সন্মুখীন হ’ব লাগিব আমি৷ শান্তিপুৰ গে’টত যিহে দেখিলোঁ অলপ আগতে! আগতে এনে যানজঁটৰ আমি কেতিয়াও সন্মুখীন হোৱা নাছিলোঁ৷’ ছাজিদে কথা পতা লগৰ এজনক ডাঙৰ ডাঙৰকৈ এনেকৈ কৈ থকা শুনিলোঁ৷ হাইৱে'ৰ সিপাৰৰ পৰা বাটৰুৱাজনে মন্তব্য দিছে, ‘হয় হে', সৰুৰে পৰা ইমানটো হ’লোঁহি, শদিয়াৰ ৰাস্তাৰ ওপৰত ইমান গাড়ী দেখা মনত নপৰে৷ জীপ, এম্বেছাডৰ, ট্ৰাক, বাছ৷ বেলেগ বেলেগ মডেলৰ গাড়ী দেখিবলৈকে নাছিল৷ এতিয়া কি নাচাবা!’ শদিয়া, ধলা আৰক্ষীৰ নিদ্ৰাহৰণকাৰী কেতবোৰ ঘটনাযে এই বাটে নঘটিব তাক নুই কৰিব নোৱাৰি৷ তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাটো ইতিমধ্যে আৰক্ষী জিলাৰূপে ঘোষণা কৰা হৈছেই৷ আন্তঃগাঁথনিহে পিছে এতিয়াও দুৰ্বল হেনো৷

শদিয়া, দ্যা ষ্টাৰ্টিং পইণ্ট অফ আছাম৷ মহাভাৰতীয় ইতিহাসত কৌণ্ডিল্য, বিদৰ্ভ, হিমালী আদি নামে নামাংকৃত৷ সুন্দৰ ইয়াৰ নৈসৰ্গিক চিত্ৰ, মানসপটত যিয়ে উৎপন্ন কৰে চিত্ৰময় ভাবানুভূতি৷ প্ৰদূষণমুক্ত চহৰ চপাখোৱা৷ শদিয়ালৈ আহিবলৈ হ’লে আগতে মূল বাহন আছিল নাও৷ এতিয়া নাইট ছুপাৰ, ভলভ'ত উঠাৰ সুযোগ আহিল৷ প্ৰথম যাত্ৰাটোৰ সোৱাদ সৌভাগ্যক্রমে আমিও অলপ পৰৰ পাছতে পাম৷ তাকে লৈ উৎফুল্লিত হৈ আছোঁ৷ ৰে’লত উঠাৰো সুযোগ হয়তো আহিব এদিন৷ ডিব্ৰু-ছৈখোৱা ৰে’লপথৰ নতুন সংস্কৰণে চুবহি শদিয়া৷ বিপৰীতে, নাৱত একেলগে কথা পাতি, তাচপাত-লুডু খেলি, ঢৌ গণি গণি পাৰ হোৱাৰ আনন্দকণ মষিমূৰ হ’ল৷ অনেক সময়ত শুনা, কিবা এটা পালে কিবা এটা হেৰুৱাব লাগে বুলি কোৱা সোণসেৰীয়া বাক্য এষাৰ নথকা নহয়৷ তথাপি ভাব হয়, পুৰণি সেইবোৰ দিন চিৰকাললৈ পুৰণি মানুহৰ বুকুৰ মণিকোঠাত সজীৱ হৈ থাকিব৷
এইখন শদিয়াৰে জনৈক সোণােৱাল বুলি ছাত্ৰ এজনে লিখা ‘শদিয়া’ শীৰ্ষক কবিতা এটা এবাৰ বাতৰি কাগজত ওলাইছিল৷ কবিতাটোৰ অংশবিশেষ এনে আছিল...

'শদিয়ালৈ নাযাবা, শতফুল নাখাবা
কেঁচাপাতত নাবান্ধিবা লোণ,
বোকা-পানী খচি, থাকিব পাৰা যদি এবাৰ আহি যাবাচোন৷
......
শতফুলৰ মোল যদিহে বুজা শদিয়ালৈ আহি আনন্দ পাবা
অতিথি আপ্যায়নৰ তুলনা নাই
ঘৰৰ এজন বুলি ভাবি লই৷
এই কথা অকল মোৰেই নহয়
শদিয়ালৈ অহা সকলোৱে কয়৷'
ছাজিদ-শ্বাহনাজহঁতৰ উত্তাপময় সান্নিধ্য তথা আতিথ্য, মাইছা-ফাৰহানৰ সৈতে অন্তৰংগ মুহূৰ্ত কটোৱাৰ লগতে দুই পুৰণি বান্ধৱীৰ স্নেহময় স্পৰ্শ আৰু বাক্যালাপৰ অভিজ্ঞতাৰে পুষ্ট হৈ ৪.০০ বজাত নাজমা আৰু মই চপাখোৱা এৰিলোঁ৷ হিয়াত ভৰাই আনিলোঁ শদিয়াৰ চেনেহ৷ উশাহত শদিয়া-ব’লুং-ৰ’য়িঙৰ সুগন্ধি৷

No comments:
Post a Comment