শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৪৩)
জীৱনৰ বিশালতাক চুই যোৱা বৰ্ণিল অনুৰাগেই ভ্ৰমণ৷ নিজৰ তেনেকুৱা এটা দীঘলীয়া ভ্ৰমণৰে বিৱৰণী বুলি 'অৰুণোদয়ৰ বাট বিচাৰি উত্তৰ-পূবৰ অন্তিম পূবলৈ' নাম দি প্ৰিণ্ট আউট এটা উলিয়াই থৈছিলোঁ৷ 'অপিয়াম ভেলী'ৰ যাত্ৰী নিবাসৰ পৰা কাহিলি পুৱাতে গাড়ী এৰি পাইছিলোঁহি ১৯৪৬ চনত প্ৰতিষ্ঠিত 'ম'ষ্ট ষ্ট্ৰেটেজিক টাউন' তেজু৷ তেজুত বন্ধুৰ ঘৰত বিহু খাই ৰ'য়িং৷ তাত থাকি মিছিমি হিল্ছ৷ মায়'ডিয়া মাউণ্টেইন পাছ৷ পৰ্বতৰ পৰা নামি শদিয়া-চপাখোৱা৷ ৰ'য়িঙৰ চাল্লি হ্ৰদৰ পাৰত থকা গছত উঠি ছিঙি অনা আমলখিৰ টোপোলাটো শ্বাহনাজৰ হাতত তুলি দিছিলোঁ সিহঁতৰ পৰা বিদায় লোৱাৰ পৰত৷ সুদীৰ্ঘ বৰ্ষৰ মূৰকত আকস্মিকভাৱে সিদিনা মুখামুখি হৈছিলোঁ৷ তাইক দিবলৈ আৰু একোৱে নাছিল তেতিয়া মোৰ হাতত৷
এতিয়া ঘৰ সোমায়ে চিধাই ৰাক্চেকটো মেলিলোঁ৷ ডিফুৰ পৰা কঢ়িয়াই নিয়া, কিতাপ আকাৰে বন্ধা মস্ত ভলিউমটো উলিয়ালোঁ৷ ছাজিদৰ হাতত আলফুলে তুলি দিলোঁ৷ শৱ দিয়া শদিয়ালৈ যোৱাবাৰ আহোঁতে লোৱা ক্ষণিক বিৰতিৰ মুহূৰ্তবোৰ, সিহঁতৰ সৈতে কটোৱা সময়খিনি ছপা আখৰৰ মাধ্যমেৰে ধৰি ৰখাৰ প্ৰয়াসেৰে হৃদয়ৰ স্বাভাৱিক উত্তাপেৰে লিপিবদ্ধ কৰা অংশটোত চকু ফুৰাবলৈ অনুৰোধ কৰিলোঁ৷ উদ্দেশ্য, পৃষ্ঠাকেইটাত কিবা ভুল-ভ্ৰান্তি লুকাই থাকিলে স্থানীয়জনৰ কৃপাত ওলাই আহিব৷ শ্বাহনাজে মই সেইখন লগত লৈ অহা বুলি গম পাই কালিয়েই পঢ়িলে৷ ছাজিদেও আগ্ৰহেৰে মনোনিৱেশ কৰা দেখা গ'ল৷ আলোচনা প্ৰসংগত অইন দৰকাৰী কথা কিছুমানো জানিবলৈ সক্ষম হ'লোঁ৷ ফলত মোৰ লাভ হ'ল৷ এ' ফ'ৰ চাইজৰ ৪২০ পৃষ্ঠাৰ গধুৰ বোজাটো কঢ়িয়াই নিয়াৰ কষ্টকণ বাৰুকৈয়ে সাৰ্থক হ'ল৷
গোপন উদ্দেশ্য, ভ্ৰমণৰ প্ৰতি পুৱাতে গৃহস্থৰ মনটো উজ্জীৱিত কৰি তোলা৷ সোনকালেই সফল হৈ গ'লোঁ৷ পৰৱৰ্তী কাৰ্যসূচী থিৰাং হৈ গ'ল৷ ১০.৩০ বজাত গাড়ীৰে ওলাম আমি৷ ছাজিদ, শ্বাহনাজ, মাইছা আৰু ফাৰহান৷ নাজমা আৰু মই৷ ভূপেন হাজৰিকাৰ জন্মস্থানৰ পৰা আগুৱাই যাম৷ শান্তিপুৰ গে'ট পাম৷ গে'ট পাৰ হৈ অৰুণাচলত ভুমুকিয়াম৷ অৰুণাচল মোৰ প্ৰিয় ভ্ৰমণথলী৷ জীৱনত বহুবাৰ সোমাইছোঁ, হেঁপাহ নপলায়৷ অৰুণাচলৰ কুমাৰী প্ৰকৃতিয়ে যাক এবাৰ লম্ভে তাক সতকাই নেৰে বুলি ডায়লগ এটা পঢ়িছিলোঁ, কোনোবা কিতাপ এখনত৷ কথাষাৰ ফলিয়াইছে, নিজৰ ক্ষেত্ৰত৷
মোক আগত বহিবলৈ দিয়া হৈছে৷ ছাজিদে আই-টেনখন চলাইছে৷ মূল পথটো পাওঁতেই তেওঁ মোক সুধিলে, ‘শদিয়াৰ ষ্টেডিয়ামখন দেখিছাজানো তুমি?’ মই নঞৰ্থক ভাবত মূৰটো লৰালোঁ৷ ‘ব’লা দেখুৱাম৷’ গাড়ীখন সোঁহাতে সোমাই গ’ল৷ বীৰ লাচিত ষ্টেডিয়াম পালোঁগৈ৷ সচৰাচৰ দেখা খেলপথাৰৰ দৰে নহয়চোন এইখন! ৰাস্তাটোতকৈ তলত আছে ফিল্ডখন৷ তিনিফালে পকী গেলাৰী, এফালে মাটিৰ ঢাপ৷ দুই মূৰে থিয় হৈ আছে দুটা গলপ’ষ্ট৷ কেউদিশে সেউজীয়াৰ পয়োভৰ৷ আকাশৰ নীলা আৰু চৌপাশৰ সেউজীয়া মিলি ধাৰণ কৰা অপূৰ্ব ৰূপে আমাক যেন স্বাগতমহে জনালে! ওচৰতে পেভিলিয়ন এটাও দেখিলোঁ৷
ছাজিদে ক’লে, ‘এই ঠাইখিনি আহোমৰ দিনত নৌ বাহৰ আছিল৷ এই ফিল্ডখনত পানী কেতিয়াও নজমে৷’ এতিয়া পৰিৱেশটো নিমাওমাও যদিও ভাবি ভাল লাগিল যে যাতায়াত ব্যৱস্থাৰ দুৰ্দিনৰ সময়তো এইখন খেলপথাৰত ৰাজ্যিক পৰ্যায়ৰ খেলা অনুষ্ঠিত কৰা হৈছে৷ এতিয়া দীঘল দলং হ'ল৷ বৃহৎ সেতুবন্ধনৰ সুবিধাতে শদিয়াত অসমৰ ভিতৰতে সুবৃহৎ আৰু আটকধুনীয়া স্পৰ্টছ কমপ্লেক্স এটা গঢ় লৈ উঠিব নোৱাৰেনে? কিয়জানো, প্ৰশ্নটো হঠাতে মনলৈ আহিল৷ আমাৰ ডিফু চহৰত সম্প্ৰতি নিৰ্মাণ হৈ থকা ষ্টেডিয়ামখনৰ ছবিখনো একে সময়তে মানসপটত ভাহি উঠিল৷ তেনেকুৱা কাম এটা ইয়াত হ'ব লাগে৷ নিশ্চয়কৈ হ'ব লাগে৷

শদিয়া বুলিলেই অন্য শব্দ কেইটামানহে সততে সকলোৰে মনত দোলা দিয়ে৷ ভূঁইকঁপ৷ দ্বিতীয়টো হৈছে বানপানী৷ তৃতীয় শব্দটো খহনীয়া৷ ১৯৫০ চনৰ বৰভূঁইকঁপৰ সময়ত পুৰণি শদিয়াখনৰ অধিকাংশই নদীৰ বুকুত জাহ গ’ল৷ বিধ্বংসী জোঁকাৰণিটোৱে সকলো ওলট-পালট কৰি পেলালে৷ ভূমিকম্পত উত্তৰ পাৰৰ সবাতোকৈ বেছিকৈ ক্ষতিগ্ৰস্ত হৈছিল শদিয়া৷ প্ৰায় ৫ মিনিট ধৰি একেৰাহে পূৰ্ণগতিত চলি থকা কম্পনৰ ফলত শদিয়াৰ কিছুমান ঠাইৰ মাটি তললৈ বহি গৈছিল৷ কেওকাষে দীঘল দীঘল ফাট মেলিছিল৷ খেলপথাৰৰ মাজে মাজে দুটা বৃহৎ ফাট মেলি ফিল্ডখন বালিৰে পুতি পেলাইছিল৷ সেই খেলপথাৰখন ক'ত আছিল? ছাজিদক সোধাত ক'ব নোৱাৰিলে৷ সেয়া নিশ্চয় পুৰণি শদিয়া হ'ব৷ বৰভূঁইকঁপৰ ফলত দমকলৰ পাইপ ছিগিল, কুঁৱা ভাগিল, ফেৰীঘাট ধ্বংসপ্ৰাপ্ত হ’ল৷ নৈ-উপনৈবোৰো বন্ধ হৈ পৰিছিল৷ শদিয়া চহৰৰ ওপৰেৰে বৈ গৈছিল লোহিতৰ পানী৷ চিন-মোকাম নোহোৱা হৈ গৈছিল পুৰণি শদিয়াৰ৷ বিশ্বৰ লগত শদিয়াৰ সকলো ধৰণৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছিল৷ ১৫ আগষ্টত নিশাৰ ভাগত হঠাতে উঠা সূচনা হোৱা প্ৰচণ্ড ভূকম্পনে উজনি অসমৰ ভূখণ্ডলৈ এইদৰে বৃহৎ পৰিৱৰ্তন আনি দিলে৷ সেই ভূমিকম্পটোৰ ফলত এক কথাত অসমৰ মেপখনেই সলনি হৈ গ’ল৷ শদিয়াৰ গুৰুত্বও তেতিয়াৰে পৰাই ক্রমান্বয়ে নোহোৱা হৈ জৰ্জৰিত অৱস্থা পালেহি৷ ভূপেন হাজৰিকা সেতুখন মুকলি হোৱাত শদিয়াই নকৈ মূৰ দাঙি উঠিছে৷ গতিকে নতুন পৰিকাঠামো গঢ়াত সুপৰিকল্পিতভাৱে, যথাযথভাৱে চৰকাৰী কৰ্তৃপক্ষই শীঘ্ৰে মনোনিৱেশ কৰা উচিত৷
আমি গাড়ীত উঠিলোঁ৷ এতিয়া মুখৰ আগত জীয়া নৈ৷ অৰুণাচলৰ আদি জনগোষ্ঠী অধ্যুষিত কাংকং গাঁৱৰ ফালৰ পৰা আহিছে নৈখন৷ বোঁৱতী জলধাৰ দেখিয়ে ভাব হৈছে, গভীৰতা আৰু শীতলতা কেনে হ’ব৷ একঁকাল পানীত নামি ৪জন লোকে ৪ডালকৈ কলগছত শাল মাৰি সজা ভূৰ এখন টনা-আঁজোৰা কৰি আছে৷ ভালকৈ চোৱাত গম পালোঁ, বালি উঠাইছে৷ দলংখন ব্ৰিটিছৰ দিনতেই সজা৷ পাৰ হৈ সিপাৰে ছাজিদে গাড়ীখন ঘূৰালে৷ এইখন নৈৰ নামেৰেই ২০১৫ চনত অণ্টু চাউদাঙৰ প্ৰযোজনাত বিহুগীতৰ চিডি এখন ওলাইছিল য’ত আছিল শদিয়াৰ নিভাঁজ বিহুৰ ঠাচ৷ জীয়া নৈৰ নামেৰে শদিয়াত বছৰি বসন্ত উৎসৱো পাতি অহা হৈছে৷
এইখিনি নিজৰাপাৰ৷ শংকৰদেৱ শিশু নিকেতন এখন দেখিলোঁ ৰাস্তাটোৰ কাষতে৷ নিজৰাপাৰৰ উদ্যোগত আৰু শদিয়াবাসীৰ সহযোগত বীৰ লাচিত ষ্টেডিয়ামত সৌ সিদিনা, ৬ আৰু ৭ মে’ তাৰিখে ‘জীয়ানৈ বসন্ত উৎসৱ’ৰ অনুষ্ঠিত হৈ গৈছে৷ দ্বিতীয় দিনাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ আছিল জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ গীতৰ শৰাই৷ ধলা-শদিয়া দলঙৰ ওপৰেৰে অজস্ৰ অনুৰাগীৰ সৈতে উৎসাহেৰে ৰয়েল এনফিল্ড বুলেট মটৰ চাইকেল চলাই ব্যতিক্ৰমী গায়কজন ওলাইছিলহি চপাখোৱা৷ সুদীৰ্ঘ ১৫ বছৰৰ মূৰত শদিয়াত নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গ৷ গাইছিল ‘বুকুতে বুকুখন থৈ কোনেনো কান্দে, শদিয়াৰ কোলাতে বহি’৷‘আহিলে আহাঁ মোৰ সতে শদিয়ালৈ যাওঁ বুলি’ গীতেৰেই আহ্বান জনাইছিল দূৰ ইতিহাসৰ প্ৰেমৰ অনুপম উপমা ৰাঙলী-ৰংদৈৰ সমাধি চাবলৈ৷ সঁচাকৈয়ে অনেক চাবলগীয়া, জানিবলগীয়া, কৰিবলগীয়া আছে এইখন শদিয়াত৷ বান, খহনীয়া আৰু ভূমিকম্পৰ বিৱৰণেৰে অনৱৰতে তাক তল পেলাই ৰাখিলে হ'ব জানো? বহুত কান্দিলে শদিয়াই৷ এতিয়া হাঁহিব লাগিব৷

No comments:
Post a Comment