শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৩৮)
১৮৩৪ চনত নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰৰ গৱৰ্নৰ জেনেৰেলৰ এজেণ্ট কেপ্টেইন ফ্ৰান্সিচ জেনকিনছে অসম উপত্যকাৰ পঞ্চমগৰাকী চীফ কমিছনাৰ হিচাপে দায়িত্ব লৈয়ে ব্ৰহ্মদেশ আৰু কলিকতাত থকা আমেৰিকান বেপ্টিষ্ট মিছনক শদিয়াত কাম কৰিবলৈ আমন্ত্ৰণ জনালে৷ তেওঁৰ অনুৰোধক্ৰমে ৰেভাৰেণ্ড ডক্টৰ নাথান ব্ৰাউন আৰু অলিভাৰ টি. কট্টৰ পৰিয়ালসহিত কলিকতালৈ ৰাওনা হ'ল৷ ১৮৩৫ চনৰ ২০ নৱেম্বৰ তাৰিখে কলিকতাৰ পৰা নদীপথেৰে যাত্ৰা আৰম্ভ কৰি অসম অভিমুখে আহিল৷ হুগলীৰ পৰা গংগা, গংগাৰ পৰা ব্ৰহ্মপুত্ৰ, লোহিতেৰে উজাই ১৮৩৬ চনৰ ২৩ মাৰ্চত শদিয়া পালে৷ পাছৰ বছৰত তেওঁলোকৰ লগ লাগিল মাইলছ ব্ৰনছন আৰু চাইৰাচ বাৰ্কাৰ৷
ব্ৰাউন আৰু কট্টৰ মিলি প্ৰথমে শদিয়াতে মিছন কেন্দ্ৰ এটা স্থাপন কৰিলে৷ তেওঁলোকে অনা তিনিখন ডাঙৰ নাৱৰ এখনত উঠাই আনিছিল এটা সৰু ছপাযন্ত্ৰ৷ মূলতঃ খ্ৰীষ্টধৰ্মীয় পুস্তিকা ছপা কৰি প্ৰচাৰৰ অৰ্থে বিলাবৰ অভিপ্ৰায়েৰেই মেছিনটো অনা হৈছিল৷ সেইটোৱে অসমৰ প্ৰথম ছপাযন্ত্ৰ৷ স্থাপন হৈছিল তাহানিৰ শদিয়াত৷ ৰোমান আৰু বাংলা আখৰৰ ব্লক আছিল৷ ১৮৩৭ চনৰ জুলাই মাহ পৰ্যন্ত দুটা ছপা কাম কৰা হৈছিল, ৫০০ ক'পীকৈ৷ তৃতীয় কাম এটাও চলি আছিল৷ আমেৰিকান বেপ্টিষ্ট মিছন প্ৰেছটো পাছত স্থানান্তৰিত হৈছিল ক্ৰমে জয়পুৰ আৰু শিৱসাগৰৰ দিখৌ নদীৰ পাৰৰ দৈকলঙীয়া গাঁৱলৈ৷
কেপ্টেইন জেনকিনছে কলিকতাৰ পৰা প্ৰিণ্টিং প্ৰেছৰ আখৰ কিনিবৰ বাবে ৫০০ টকা দান হিচাপে আগ বঢ়াইছিল৷ অন্য এটা ছপাযন্ত্ৰৰ বাবেও একে সময়তে প্ৰচেষ্টা চলাইছিল৷ সেই অনুসাৰে ১৮৩৭ চনত কিন্কেইড নামৰ মিছনেৰী এজনে ব্ৰহ্মদেশৰ পৰা ইৰাৱতী নদীয়েদি অসমলৈ যাত্ৰা কৰিছিল৷ পিছে পৰ্বতীয়া জাতিবোৰে বাটতে বাধা প্ৰদান কৰাত যাত্ৰাটো সম্ভৱ হৈ নুঠিল৷ এইটো আজি নজনা মানুহ চাগৈ নাই যে অসমৰ প্ৰথম ছপাশাল শদিয়াতে স্থাপন কৰা হৈছিল৷ সেয়া তাহানিখনৰ শদিয়া৷ এতিয়া চিন-মোকাম নাই৷ তেনেস্থলত এতিয়া দলং মুকলিৰ শুভ-সময়তে আজিৰ শদিয়াখনত চৰকাৰী পৃষ্ঠপোষকতাত আধুনিক মুদ্ৰণ প্ৰযুক্তিৰ বৃহৎ শিক্ষা প্ৰতিষ্ঠান এখন স্থাপন কৰিলে কেনে হয়? অসমৰ নতুন প্ৰজন্মৰ বাবে সেয়া হয়তো এটা সুফলদায়ক পদক্ষেপ হ'ব পাৰে৷ বিছনাত বাগৰ দি অলপ পৰ তাকে ভাবি থাকিলোঁ৷

বাংলা ভাষাৰ গ্ৰাসৰ পৰা অসমীয়া ভাষাৰ উদ্ধাৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা অতীজৰ আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলে থিতাপি লৈছিল শদিয়াত৷ সেইসকলৰো আগতে, ১৮২৩ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অভিযানকাৰী স্কটিচ্ছ ব্যৱসায়ী ৰবাৰ্ট ব্ৰুছে উজনি অসমত চাহ গছ চিনি উলিয়াইছিল৷ পৰীক্ষামূলকভাৱে চাহৰ খেতিও কৰিছিল৷ শদিয়াত বাস কৰা চিংফৌসকলৰ পৰাই ব্ৰিটিছে চাহৰ সম্ভেদ পাইছিল আৰু খেতিও শিকিছিল হেনো৷ লক্ষণীয়ভাৱে, আমি অাহোঁতে চাহ বাগিচা কিন্তু কেনিও নেদেখিলোঁ! ইণ্টাৰনেটৰ ছবিত দেখা পাওঁ যে এসময়ত শদিয়াত এয়াৰপ'ৰ্ট আছিল৷ তাৰো আজি চিন-মোকাম নাই৷
ইফালে, চাহ গছৰ জ্ঞান ল’বলৈকে সুদূৰ শ্ৰীলংকাৰ কলম্বোৰ পৰা শদিয়াত আহি উপস্থিত হৈছিল হেনৰী কট্টাম৷ শদিয়াৰ পৰাই আৰম্ভ কৰি নাও বাই বাই তেওঁ ওলাইছিলগৈ চৌখাম৷ দোভাষী চৌ মুংথিমাৰ সহায়ত চৌখামতে লগ ধৰিছিল খামতি ৰজাক৷ ৰজাই চীনলৈ যোৱাৰ ৰাস্তা দেখুৱাই দিয়াৰ দায়িত্ব লৈছিল৷ পিছে প্ৰাকৃতিক কাৰণত দুঃসাহসিক সেই যাত্ৰাটো পৰশুৰাম কুণ্ডতে থমকিল৷
ব্ৰিটিছ সাম্ৰাজ্যৰ শেষ সীমা আছিল শদিয়া৷ তাৰ সিপাৰে মিছিমি পাহাৰ৷ তাৰ সিপাৰে চীন দেশ৷ সাম্ৰাজ্য সম্প্ৰসাৰণৰ স্বাৰ্থত ব্ৰিটিছ-ইণ্ডিয়াৰ সৈতে চীনৰ সংযোগ সাধিবলৈ ইংৰাজে যৎপৰোনাস্তি চেষ্টা নকৰাকৈ নাছিল৷ চীনলৈ যোৱাৰ সেই পৰিকল্পনা চলিছিল শদিয়াত বহিয়ে৷ স্বভাৱতেই অভিযানকাৰী ইংৰাজসকলে জানিছিল যে চিংফৌ, খামতি, মিছিমিৰ সহায় অবিহনে সেই দেশলৈ দুৰ্গম পথ পাৰ কৰাটো সপোনৰো অগোচৰ৷ সেই বাটে দুটাকৈ ৰূপৰ খনি থকাৰ কথাটো জানিব পাৰি প্ৰৱলভাৱে উৎসাহী হৈ পৰিছিল যদিও যোৱাটো তেওঁলোকৰ পক্ষে সহজ-সম্ভৱ হোৱা নাছিল৷
মেজৰ এফ. এম. বেইলী পশ্চিমৰ প্ৰথম মানুহ উক্ত পথেৰে যি চীনৰ পৰা ভাৰতলৈ আহিব পাৰিছিল৷ সেয়া ১৯১১ চনৰ কথা৷ তাৰ পিছতো সঘন আহ-যাহ চলিছিল৷ খোজ কঢ়াৰ হাবিতলীয়া লুংলুঙীয়া ট্ৰেকটো ক্রমাৎ বহল হৈ পৰিছিল৷ সেই পথক মূল বাণিজ্য-পথ হিচাপে ব্যৱহাৰ কৰাৰ আগতেই লাগি গৈছিল দুখনকৈ বিশ্বযুদ্ধ৷ ইতিমধ্যে যুদ্ধৰ দৰকাৰত লিডুৰ পৰা কুনমিঙলৈ ব্ৰহ্মদেশৰ মাজেৰে বন্ধাই পেলোৱা হৈছিল ষ্টীলৱেল ৰ’ড৷ কালক্রমত সেই পথটো এৰা পৰিল৷ আন্তৰ্জাতিক বাণিজ্যৰ কথা কৈ থকা হয় যদিও আজিকোপতিও গঢ়ি নুঠিল ষ্টীলৱেল পথ৷ চীনলৈ তাতোকৈ অনেকগুণে চমু শদিয়া, হায়ুলিয়াং, ৱালং, ৰিমা পথটোও নহ'ল৷ এতিয়াও সেইটো এটা পাহাৰীয়া ঠেক পথ৷ দুখন বাহন একেলগে পাৰ হ’বলৈ আজিও য’ত টান হয়৷ সন্মুখৰ পৰা এখন আহি ওলালে সুচল ঠাই চাই কোনোবা এখন ৰৈ দিবই লাগে৷ নহ'লে বিপদ৷ আনহাতে গাড়ী-মটৰৰ সংখ্যাটোও তাকৰ৷ কেৱল সেনাৰ গাড়ী৷ মাজে-মধ্যে দুই-এখন টাটা ছুম’৷ অসমীয়া মানুহৰ সেইবাটে আহ-যাহ একেবাৰেই কম বুলি কোৱা হয়৷ সেইটো পথেৰেই মৰসাহস কৰি দুবছৰৰ পূৰ্বে আমি গৈছিলোঁগৈ চীন সীমান্তৰ শেষ ভাৰতীয় গাঁও কাহো পৰ্যন্ত৷ ঘূৰি ঘূৰি ওলাইছিলোঁহি শদিয়া৷ ছাজিদ-শ্বাহনাজৰ ঘৰত এভুমুকি মাৰি গৈছিলোঁ, তেতিয়াই৷ ঐতিহাসিক শদিয়াই আমাৰ ভ্ৰমণটো যেন আৰু অধিক অৰ্থপূৰ্ণ কৰি তুলিছিল৷ তাৰে সুবাদত, দলং হোৱাৰ সুযোগত পুনৰায় ওলাইছোঁহি চপাখোৱা, ঐতিহ্যমণ্ডিত শদিয়া৷

No comments:
Post a Comment