Tuesday, 25 July 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৫০)

প্ৰকৃতিপ্ৰেমীৰ বাবে যেন সৰগীয় মুহূৰ্তৰ লহৰ৷ পানী যুঁৱলিত শিলত বহি শ্বাহনাজ-নাজমাহঁতে প্ৰাকৃতিক সৌন্দৰ্য প্ৰাণভৰি উপভোগ কৰিবলৈ পাই তেনেই আপোন-পাহৰা হৈ পৰিছে৷ তাৰ মাজতে পুৰণি দিনৰ কথাতো মত্ত হৈ পৰিছে৷ ভোক-পিয়াহ যেন সমূলি নাই! প্ৰকৃতিয়ে পাহৰাইছে দেহ-মনৰ অসুখ৷ মুকলি পৰিৱেশ, বিশুদ্ধ বায়ু আৰু নিৰ্মল পানীতকৈ মানুহৰ বাবে আৰু কিবা ভাল দৰৱ আছে জানো? ডাক্তৰী ঔষধ এইবোৰৰ সমকক্ষ হ'ব নোৱাৰে৷ হ'লেও মানুহে নুবুজে৷ সমল থাকিলেও সময় নাই, ইচ্ছা নাই, প্ৰকৃতিৰ বুকুলৈ যোৱাৰ৷ সেয়েহে যতমানে বেমাৰ৷ দিনে দিনে বেমাৰী হৈ পৰিছে মানুহবোৰ৷ শাৰীৰিকভাৱে, মানসিকভাৱে৷ বিপৰীতে আমি ঢপলিয়াই ফুৰিছোঁ এইকণ মহৌষধৰ সন্ধানত৷ আমাৰ বেমাৰ-আজাৰ নাই৷
দলঙৰ ওচৰৰ পৰা মই সিহঁতলৈ কেমেৰা টোঁৱাইছোঁ, উধাই-মুধাই ফটো তুলিছোঁ৷ হাস্যমধুৰ মুহূৰ্তবোৰ মে'মৰী কাৰ্ডত বন্দী কৰিছোঁ৷ আহিব নোৱাৰাসকলক দেখুৱাম, জানোচা মন-মগজু মেল খায়েই! পানীৰ সৈতে খেলা কৰা সিহঁতৰ মুক্ত মনৰ প্ৰকাশবোৰে মোৰো সোঁৱৰণিৰ পেৰাটো আকৌ এবাৰলৈ খোল খুৱালে৷ এইখন নৈত দুদিন নামিছিলোঁ, এঘণ্টা ধৰি গা-কাপোৰ ধুইছিলোঁ, উভতি গৈছিলোঁ শিশুৰ ৰূপলৈ৷ শিলৰ আঁৰত প্ৰাতঃকৰ্ম কৰিছিলোঁ, নৈপৰীয়া ইদু মিছিমি চাঙত নিশা আলহী হৈছিলোঁ৷ পাহৰিব নোৱাৰি, জীৱনৰ সেই সোণালী সময়বোৰ, মুহূৰ্তবোৰ, অনুভূতিবোৰ৷ এই সময় বেলেগ৷ এই সময়ৰো স্বকীয়তা, নিজস্বতা আছে৷ এই সময়ৰ স্মৃতিও আগলৈ মনত থাকিব৷ আকৌ আহিম এনে নিৰ্ভেজাল আনন্দ ল'বলৈ৷ বাৰে বাৰে আহিম অৰুণাচললৈ৷
চাল্লি লে'কলৈ চহৰৰ পৰা ৩ কিল'মিটাৰ মাত্ৰ৷ চাৰিওফালে পাহাৰে আগুৰা ভূখণ্ডৰ মাজত, তললৈ বৃহৎ এটা প্ৰাকৃতিক হ্ৰদ৷ চৌপাশে বিভিন্ন প্ৰজাতিৰ গছ-বিৰখ৷ পানী গভীৰ৷ ডাঙৰ ডাঙৰ মাছে কমাই থাকে৷ পাৰে পাৰে ফুটপাথ৷ বহিবলৈ বেঞ্চ আৰু জিৰণী চ'ৰা৷ নৌকা চালনাৰ ব্যৱস্থাও আছিল৷ লে'কলৈ নামি যোৱা চিৰিৰ মুখতে বন বিভাগৰ টুৰিষ্ট লজ এটা আছিল৷ লে'কৰ পাৰত আমলখি গছকেইজোপামান আছিল৷ তাৰে এজোপাত মই উঠিছিলোঁ৷ সকলোবোৰ আজিও ফট্‌ফটীয়াকৈ মনত আছে৷ সকলোবোৰ আগৰ দৰেই আছে চাগৈ৷
এইটো ৰাস্তাতে ১২ কিল'ৰ ভিউ পইণ্টত ৰ'লে ওপৰৰ পৰা দিবাং নদীখনৰ নয়নাভিৰাম দৃশ্য দেখা পোৱা যায়৷ দিবাং ব্ৰহ্মপুত্ৰৰ অন্যতম উপনৈ৷ অৰুণাচলৰ পাহাৰৰ পৰা নামি অহা খৰস্ৰোতা দিবাঙে গতিপথত ইথুন, আছন, চিপু, আবা, ইফি, শিশিৰি, দাতুং, দেওপানী ইত্যাদি সৰু-বৰ পাহাৰীয়া নৈসমূহক বুকুত সামৰি লৈছে৷ ভাৰতৰ অন্তিম পূবৰ পৰা আহি থকা লোহিতখনৰ সৈতে শদিয়া পাৰ হোৱাৰ পাছতে মিলিত হৈছে৷ তাৰ পাছত দিহাং অৰ্থাৎ চিয়াঙৰ লগ লাগি সমূহীয়া নাম লৈছে ব্ৰহ্মপুত্ৰ নদ৷ ৰাষ্ট্ৰীয় জলপথ বিধেয়ক ২০১৫ৰ অন্তৰ্গত শদিয়াৰ পৰা ধুবুৰী পৰ্যন্ত ব্ৰহ্মপুত্ৰ নদৰ জলভাগক ৰাষ্ট্ৰীয় জলপথ হিচাপে কেন্দ্ৰীয় পথ পৰিৱহণ আৰু জাহাজ দপ্তৰে ঘোষণা কৰি থৈছে৷ তাৰে সুফল স্বৰূপে ব্ৰহ্মপুত্ৰৰ বুকুৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সোনকালে জল পৰিৱহণ ব্যৱস্থা গঢ়ি উঠিব বুলি আশা কৰা হৈছে৷ বান সমস্যাৰ পৰিত্ৰাণৰ উপায় হিচাপে ধুবুৰীৰ পৰা শদিয়াৰ ওচৰলৈকে ৬খন ড্ৰেজাৰৰ দ্বাৰা ৬০০ কিল'মিটাৰ দূৰত্ব জুৰি ৪৫ মিটাৰ (!) গভীৰতা ৰাখি খনন কাৰ্য হাতত লোৱাৰ কথাও টেলিভিচন, নিউজ পে'পাৰত পঢ়িবলৈ-শুনিবলৈ গৈছে৷ এটা কথা ভালকৈ মনত আছে, অসম লোক সেৱা আয়োগ ( এ.পি.এছ.চি.)ৰ কাৰ্যালয়টো গুৱাহাটীৰ ভঙাগড়ত থাকোঁতেই চাকৰিৰ বাবে সন্মুখীন হোৱা মৌখিক সাক্ষাৎকাৰত অসমৰ বানপানীৰ সমাধানক লৈ দুবাৰ একেটা প্ৰশ্নকে মোক কৰিছিল তেতিয়াৰ সদস্য মেম্বৰ গগৈ (এতিয়া প্ৰয়াত) ডাঙৰীয়াই৷ কি ভাবি জানো, ময়ো উত্তৰত নৈখন খন্দা উচিত বুলিয়েই কৈ দিছিলোঁ তেতিয়া৷
বাৰ্ড ৱাচ্ছিঙৰ বাবে মিছিমি হিল্‌ছলৈ অহা কৌতূহলীজনৰ বাবে ৰ'য়িঙক ফাৰ্ষ্ট ষ্টপেজ বুলি কোৱা হয়৷ ১২ কিল'ৰ পৰা আৰম্ভ কৰি ইটাপানী নৈ পৰ্যন্ত এলেকাটো পক্ষীপ্ৰেমী মানুহ তথা অনুসন্ধিৎসু গৱেষকৰ বাবে এক কথাত ক'বলৈ গ'লে ভূ-স্বৰ্গসদৃশ৷ হিমালয়ৰ পাদদেশৰ মিছিমি হিল্‌ছ স্পৰ্শ কৰি সমুদ্ৰপৃষ্ঠৰ পৰা ২০০-৫৫০ মিটাৰ উচ্চতাত ইয়াৰ অৱস্থিতি৷ বিলুপ্তপ্ৰায় আৰু অচিনাক্ত কেইবাবিধো চৰাই ইয়াৰ হাবিত দেখা যায়৷ বাৰ্ডছ অফ্‌ ইণ্ডিয়াৰ চে'কলিষ্টৰ মতে ভাৰতবৰ্ষত মুঠতে প্ৰায় ১,২০০ বিধ চৰাই পোৱা যায়৷ ৰ'য়িঙক কেন্দ্ৰ কৰি মিছিমি পৰ্বত আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত ৬৮১ প্ৰজাতিৰ চৰাই আছে৷ সেইফালৰ পৰা এছিয়াৰ ভিতৰতে সবাতোকৈ সমৃদ্ধ বুলি অঞ্চলটোৰ নাম আছে৷ সেয়ে পক্ষী দৰ্শনকাৰীৰ বাবে এইখন অতিকৈ মনোযোগ আকৰ্ষণকাৰী ঠাই৷ মায়'ডিয়াৰ ৰাস্তাত পোৱা বিশেষ বিশেষ আলি-কেঁকুৰি কেইটামান একো একোটা বিশিষ্ট বাৰ্ডিং স্পট হিচাপে চিহ্নিত৷ বিদেশী গৱেষকে মস্ত মস্ত কেমেৰা স্থাপন কৰি চৰাই চাই থকা দেখা পাইছিলোঁ৷ ৰাস্তাছোৱা অৰুণাচল প্ৰদেশৰ সন্মানীয় জীৱ মেঠোনৰ মুক্ত বিচৰণথলী৷ মেঠোনক আবদ্ধ কৰি ৰাখিবৰ বাবে পথ বন্ধ কৰি সজা গে'ট কিছুমান আছিল৷ যাত্ৰীয়ে নিজেই খুলি পাৰ হৈ আকৌ জপাই যাব লাগে৷ অৰুণাচলৰ অইন ঠাইত তেনেকুৱা পথ-জপনা মই আজিলৈ দেখা নাই৷ এতিয়া সেইবোৰ আছেনে নাই জানো! এইবাৰ সিমানদূৰ যোৱা নহ'ব৷ দেওপানীয়েই লক্ষ্মণ-ৰেখা৷
আগলৈ অনন্য পাৰ্বত্যনিৱাস মায়'ডিয়া৷ এখন আদৰ্শ ট্ৰেকিং থলী৷ মায়া নামৰ নেপালী যুৱতী এজনীৰ নামৰ পৰাই ঠাইখিনিৰ নামটো মায়’ডিয়া হৈছে৷ কথিত আছে যে মায়া বোলা ছোৱালীজনী এদিন তাতে বৰফৰ মাজত হেৰাই গৈছিল৷ তাইক আৰু বিচাৰি পোৱা নগ’ল৷ শুকুলা বৰফেৰে ঢকা কৰ্দৈসিৰীয়া পাহাৰৰ টিং, নামনিৰ ঘন সেউজীয়া বননি আদিৰে মায়’ডিয়া মনোৰম৷ শীতকালত বৰফাবৃত্ত পৰ্বতৰ শাৰীয়ে অঞ্চলটোক অধিক আকৰ্ষণীয় কৰি তোলে৷
৬,০০০তকৈও অধিক প্ৰজাতিৰ উদ্ভিদ, ৫০০ প্ৰজাতিৰ অৰ্কিড, ১০০ বিধ স্তন্যপায়ী জীৱ, পখিলা, কীট-পতংগ, ৫২ ধৰণৰ ফুলেৰে মিছিমি হিলছ মেটমৰা৷ বহুতৰে হিচাপ হ’বলৈ এতিয়াও বাকী৷ চল্লিশৰ দশকত পক্ষীবিদ ডক্টৰ চালিম আলি আৰু ডিলন ৰিপ্লেই এলেকাটোত চলোৱা জৰীপৰ সময়ত এনে এবিধ চৰাই পাইছিল যাৰ বিষয়ে পৃথিৱীয়ে তেতিয়াহে জানিব পাৰিছিল৷ তেনেকুৱা অচিনাকি চৰাই হেনো ইয়াত এতিয়াও আছে! তাৰেই সন্ধানত চৰাইৰ পিছ খেদি ভাল পোৱা মানুহৰ উপস্থিতি এই হাবিত অনৱৰতে যেন এটা সুলভ দৃশ্য হৈ পৰিছে৷
বিশাল এলেকাটোৰ পৰা মেডিচিনেল প্লেণ্ট সংগ্ৰহ কৰা নিষেধ৷ বন্য পশু-পক্ষী চিকাৰ কৰাত কঠোৰ নিষেধাজ্ঞা আছে৷ তেনে অৱস্থাত ক'ৰবাত কোনো মানুহ ধৰা পৰিলে ১৯৭২ চনৰ বন্যপ্ৰাণী সংৰক্ষণ আইনমতে দণ্ড বিহা হ’ব বুলি ফলকত সোঁৱৰাই থোৱা হৈছিল৷ বাটে বাটে ওলোমাই ৰখা ব'ৰ্ড কিছুমানত সকীয়াই দিয়া হৈছিল চিকাৰ নকৰিবলৈ৷ জীৱ-জন্তুৰ মুক্ত বিচৰণত যাতে কোনো ধৰণৰ ব্যাঘাতৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি হাই-উৰুমি নকৰিবলৈকো জাননী ফলক লিখি আঁৰি থোৱা আছিল৷ এতিয়াও আছে চাগৈ সেইবোৰ৷
শেষবাৰলৈ কেঁকুৰিটোলৈ চাই দলঙৰ পৰা নামি আহি নদীগৰ্ভ পালোঁহি৷ সুবিধাজনক এঠাইত বহি মাইছাই মাছ ধৰিবলৈ প্ৰাণপণ চেষ্টা চলাইছে৷ যোৱাৰ পৰা ঘূৰি অহালৈকে তাই কেৱল এই একেটা কামেই কৰি থাকিল৷ মাকে ক'লে, 'মাছৰ প্ৰতি এইৰ খুব চখ৷ মাছ ধৰি বৰ ভাল পায়৷ নাখায়, পোহে৷' ওচৰ চাপি গৈ মই চালোঁ, পাহাৰীয়া নৈখনৰ সৰু সৰু মাছকেইটামান কণমানি দুহাতেৰে ধৰি ধৰি তাই গিলাচ এটাত সযতনে ৰাখিছে৷ ঘৰলৈ লৈ যাব হেনো৷ বটলত ভৰাই পুহিব৷ সৰু থাকোঁতে আমিও তেনেকুৱা কাম কৰিছিলোঁ৷ ভালকৈ মনত আছে, পিছদিনা ৰাতিপুৱা উঠি দেখোঁ যে হৰলিক্সৰ বটলটোত গৰৈ-চিৰিকা দুটা নাই৷ কি হ'ল, ক'লৈ গ'ল ভবা-চিন্তাৰ বহু পিছতহে উৰহী গছৰ ওৰ ওলাল৷ মা-দেউতাই ৰাতি আমি শুৱাৰ পাছত মাছকেইটা ভাজি ভাতৰ লগত খাই পেলালে!
ৰ'য়িঙত আজি খুব ৰ'দ দিছে৷ বেছ গৰম অনুভৱ হৈছে৷ নদীৰ বুকুখনত বিশাল এলেকা জুৰি পানী নাই৷ শিল, কেৱল শিল৷ বেইলী ব্ৰীজৰ তলত সোঁতৰ কাষত প্ৰশান্তিভৰা মুহূৰ্তবোৰ পাৰ কৰি থাকোঁতেই বাইকাৰ্ছৰ দল এটাৰ আগমন হ'ল৷ ঘটং-ঘটংকৈ দলঙৰ প্লেটত কৰ্কশ আৱাজ তুলি পাৰ হৈ গ'ল৷ এনে লাগিল যেন ৰে’ল দলঙেৰে ৰে’লগাড়ীহে গৈছে! কমেও ৩০খনমান হ'ব৷ দুজন দুজনকৈ উঠি গৈছে৷ বাইক ৰাইডাৰৰ সুখৰ দিন আহি গ'ল৷ এয়াও দীঘল দলঙৰ প্ৰভাৱ৷ এই বাটে এতিয়া তেওঁলোক কোন ধুবুৰী পায়গৈ ঠিকনা নাই৷ অৱশ্যে এতিয়া অফ্‌-চিজন৷ আগত লেণ্ড স্লাইড জ'ন, ৰ'লিং ষ্ট'ন এলেকাও আছে৷ অগত্যা যাবলৈ হ’লে দুঃসাহসেৰে, অতি কষ্টেৰে সেইবোৰ পাৰ হৈ যাব লাগিব৷ বাইকিং মোৰ হ'বী নহয়৷ বাইকো নাই, চলাবও নাজানো৷ দেহাও সেই পৰ্যায়ৰ নহয় অৱশ্যে৷ হ'লেও হাৰ্লি-ডেভিদচন ষ্ট্ৰিট ৭৫০, ৰয়েল এনফিল্ড থান্দাৰবাৰ্ড ৩৫০ কিম্বা বাজাজ এভেনজাৰ ক্ৰুইজ ২২০ একোখনৰ সৈতে বাইকিং গীয়েৰত ৰ'দ ট্ৰিপলৈ অহা মতগজ ডেকাবোৰক চায়েই কিবা এটা ভাল লাগে৷ এতিয়াও একেথৰে চাই ৰ'লোঁ দলটোলৈ৷ ছেলফী মাৰি গৈ আছে৷ এইফালে পানীত দুভৰি থৈ শ্বাহনাজ-নাজমাহঁতো ছেলফী মৰাত ব্যস্ত৷ মোৰ আকৌ ছেলফীও নচলে৷ 'বজৰংগবলী ভাইজান'ৰ গানটোলৈ ঘপকৈ মনত পৰি গ'ল৷ সিহঁতবোৰলৈ চাই চাই অকলে অকলে গুণগুণাবলৈ ধৰিলোঁ, 'ছেলফী লে লে ৰে'৷









No comments:

Post a Comment