শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৪২)
ব্ৰিটিছৰ দিনত নৰ্থ-ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সিৰ সদৰ ঠাই আছিল শদিয়া৷ দেশে স্বাধীনতা লাভ কৰাৰ পাছত ইয়াত ৰাজনৈতিক বিষয়াৰ দ্বাৰা প্ৰশাসনিক কাৰ্য চলোৱা হৈছিল৷ জাতিৰ পিতা মহাত্মা গান্ধীৰ অস্থি পৱিত্ৰ তীৰ্থ পৰশুৰাম কুণ্ডত বিসৰ্জন দিবলৈ নিওঁতে শদিয়া হৈয়ে যাবলগীয়া হৈছিল৷ ১৯৭৯ চনৰ ২৬ জানুৱাৰীত শদিয়াই তিনিচুকীয়া জিলাৰ এটা স্বতন্ত্ৰ মহকুমা হিচাপে স্বীকৃতি লাভ কৰে৷ মোৰ চকুৰ সন্মুখত এয়া শদিয়া মহকুমাৰ মহকুমাধিপতি (অসামৰিক)ৰ কাৰ্যালয়৷ বেছ ডাঙৰ চৌহদটো৷ কেইমিটাৰমান গৈয়ে ৰাস্তাটো হাইৱে’ৰ সৈতে সংযোজিত হৈছে৷ বিপৰীতে আছে আৱৰ্ত ভৱন৷
ঘড়ীলৈ মন দিলোঁ৷ ৬ বাজি ৪০ মিনিট গৈছে৷ ৰাজআলিৰে ১০ মিনিটমান খোজ কঢ়াৰ পাছত শ্ৰীশ্ৰী শংকৰদেৱ ধাম পালোঁহি৷ টিনপাতবোৰত মামৰে ধৰিছে৷ সমাগত ৰূপালী জয়ন্তী মুহূৰ্তৰ সৈতে সংগতি ৰাখিয়ে চাগৈ মণিকূটৰ দিশৰ পৰা আৰ.চি.চি.কৰণ কৰি থকা হৈছে৷ বৰনামঘৰটোৰ প্ৰতিষ্ঠা কাল ১৯৬৯ চন৷
আগলৈ শান্তিপুৰ গে’ট৷ অসম-অৰুণাচলৰ ভৌগোলিক সীমা৷ সেইটো বাটেৰেই অসমৰ পৰা ওলাই ৰ’য়িং, মায়’ডিয়া, হুনলি, আনিনিলৈ যায়৷ কিছু সময় চাই থাকিলোঁ মোহময়ী অৰুণাচলৰ ফালে৷ মনটো চঞ্চল হৈ উঠিছে চিনাকি ঠাইবোৰত দুনাই খোজ পেলাবলৈ৷ ৰ'য়িঙলৈকে এপাক যাম বুলি সিদ্ধান্ত এটা লৈ থ'লোঁ৷ নগা পাহাৰত জন্মা আৰু ডাঙৰ-দীঘল হোৱা যুৱতী হ'লেও পত্নী যিহেতু মাউণ্টেইন চিকনেচৰ ভুক্তভোগী গতিকে দিবাং ভেলীৰ সমতলীয় চহৰ ৰ'য়িং নিশ্চয় কোনো অসুবিধা নোহােৱাকৈ পাবগৈ পাৰিব৷ সেই ভাবনাকে সাৰোগত কৰি নামঘৰৰ সন্মুখৰ পৰাই ঘূৰি দিলোঁ৷
পুৱা ৭ বজাই নাই৷ অগ্নি আৰু জৰুৰীকালীন সেৱা কেন্দ্ৰ, বাছ আৰু অট’ৰিক্সা আস্থান, থানা চাৰিআলিৰ আশে-পাশে ইতিমধ্যে বজাৰখন ভালকৈয়ে বহিছে৷ কি কি ওলাইছে, লক্ষ্য কৰিলোঁগৈ৷ আমাৰ ডিফু বজাৰত নিতৌ দেখাৰ দৰে ইয়াতো কলডিল, জলকীয়া, হালধি, কচু, ঔটেঙা, লাউ, কল, বেতগাঁজ, ৰঙালাউ, ৰঙালাউৰ আগ, অমিতাৰ পোহাৰ একোখন মুখৰ আগত লৈ জনজাতীয় বাইসকল ৰাস্তাৰ দাঁতিত লগে-ভাগে শাৰী পাতি বহিছে৷ শদিয়াৰ জৈৱিক আদাৰ বিষয়ে কালি ভূপেন হাজৰিকা দলং মুকলি কৰি দিয়া ভাষণত প্ৰধান মন্ত্ৰীয়ে উল্লেখ কৰিছিল৷ আদাও ওলাইছে ইয়াত৷
আচৰিত হ'লোঁ, এই ৰাতিপুৱাই বজাৰখনত ক্রেতাও যথেষ্টসংখ্যক আহি পাইছে৷ ভৃগু মাৰ্কেটৰ আগত ভিৰ৷ সময় আগ বঢ়াৰ সমান্তৰালভাৱে মানুহৰ লগতে এলেকাটোত চাইকেল, বাইক, অট’ৰিক্সা, চাৰিচকীয়াৰ সংখ্যাটো বৃদ্ধি পাবলৈ ধৰিলে৷
শদিয়াৰ পৰা তিনিচুকীয়া আৰু ডিব্ৰুগড় মেডিকেল কলেজলৈ ট্ৰেভেলাৰ গাড়ীৰ চলাচল আৰম্ভ হোৱাৰ জাননীস্বৰূপ বেনাৰ এখন এফালে ওলমি থকা চকুত পৰিল৷ দলং হ’ল, ৰাস্তা ভাল; গতিকে চলাচল সুগম৷ অৰুণাচল প্ৰদেশ ষ্টেট ট্ৰেন্সপ’ৰ্ট চাৰ্ভিচৰ ৰ’য়িঙলৈ বুলি অহা বাছ তিনিচুকীয়াৰ পৰা আহি এইখিনি পালেই! অৰুণাচলৰ বাছকেইখনৰ ড্ৰাইভাৰবোৰৰ ‘ৰাফ্ এণ্ড টাফ্’ বুলি নাম (নে বদনাম?) আছে৷ কি খাই চলায় নাজানো, এবাৰ উঠিলে দুদিনমানলৈকে গা-মূৰ বিষাই থাকে৷ ড্ৰাইভাৰতো ড্ৰাইভাৰেই, গাড়ীকেইখনৰ অৱস্থাও তথৈবচ৷ অভিজ্ঞতা থকাসকলে তেনেকুৱা ‘হৰিবল জাৰ্নি’ৰ বিষয়ে ভালকৈ ক'ব পাৰিব৷
তাৰ পাছতে নিৰজুলি ট্ৰেভেলছৰ কাউণ্টাৰ৷ কাউণ্টাৰৰ সন্মুখত ৰৈছেহি ‘নিৰজুলি’ বুলি লিখা বাছ এখন৷ ৰাস্তাৰ ওপৰত দণ্ডায়মান গৰু এপাল৷ চপাখোৱাৰ ৰাস্তাত এইটো দৃশ্য এতিয়ালৈ সুলভ হৈ আছে৷ গাড়ী-মটৰ চলাচলৰ প্ৰকোপত সোনকালেইযে অন্তৰ্ধান হ’ব সেইটোও সহজবোধ্য৷ হেণ্ডিমেনজনে বাছখনৰ পাছফাললৈ গৈ মস্ত দৰজাখন মেলি দিলে৷ কাগজৰ কাৰ্টন কিছুমান নমালে৷ তেনেকুৱাতে ভোজপুৰী ঠেলাৱালাও হাজিৰ হ’লহি৷ তেওঁ বস্তুবোৰ ঠেলাখনত উঠাব ধৰিলে এটা এটাকৈ৷ বুজিলোঁ, সেয়া কালি বৰগোহাঁয়ে বুজাই দিয়া শদিয়াৰ বিখ্যাত ট্ৰেন্সপ’ৰ্ট চিষ্টেম৷ আঁতৰত ৰৈ থাকি হেঁপাহ পলুৱাই আলেখলেখ চালোঁ৷
আৱৰ্ত ভৱনৰ সন্মুখত বিদ্যুতৰ তাঁৰ এডাল ছিগি পৰি আছে৷ চকীদাৰজনে হাতত টাঙোন লৈ গৰু-গাইবোৰ যাতে ওচৰ চাপি নাহে, খেদি আছে৷ চিঞৰি চিঞৰি মানুহবোৰকো কৈছে, ‘কাৰেণ্ট আছে, নাহিব৷’ উভয় দিশৰ পৰা অহা গাড়ীবোৰকো নিৰ্দেশ দি আছে দূৰেৰে যাবলৈ৷ সহায় কৰাৰ মনোভাবেৰে ওচৰ চাপি গ’লোঁ৷ ‘দেখিছে, কি মাৰাত্মক ঘটনা? লিখিবচোন পেপাৰত৷’ কথা নাই বতৰা নাই তেওঁ মোলৈ চাই এনেকৈ কৈ উঠিল৷ ডিঙিত থকা কেমেৰাটো দেখি কোনোবা বিশিষ্ট সাংবাদিক বুলিয়ে ভাবিলে চাগৈ৷ বিভাগীয় মানুহ আহি কেতিয়া ঠিক-ঠাক কৰিব নাজানো, ওচৰতে কোনোবাই কাটি পেলাই থোৱা ডাঙৰ চাই গছৰ ডাল কিছুমানকে প্ৰাথমিক সুৰক্ষা হিচাপে দুয়ো মিলি কঢ়িয়াই আনি ঠাইটুকুৰা ঘেৰাও কৰি পেলালোঁ৷ তাৰ পাছত বিদায়৷
পুনৰ খোজ আৰম্ভ কৰি পালোঁহি ৰুক্মিণী উদ্যান৷ শদিয়া বুলিলে ৰুক্মিণী-শ্ৰীকৃষ্ণৰ নাম দুটা মনলৈ অহাটো অৱধাৰিত৷ এই উদ্যানখন স্থাপন হৈছিল বিগত ২৭.১.১৯৭৬ তাৰিখে৷ সময়মতে নকটাত ঘাঁহ-বনবোৰ বাঢ়ি অহা দেখিলোঁ৷ তাৰ পৰা আগুৱাই আহি ছাজিদহঁতৰ কোৱাৰ্টাৰলৈ সোমাই যোৱা ৰাস্তাটো পালোঁহি যদিও পোনে পোনেহে গুচি গ’লোঁ৷ কিছু আগলৈ থকা হায়াৰ চেকেণ্ডাৰী স্কুলৰ চৌহদৰ একেবাৰে সিপাৰৰ পৰা এপাক মাৰি আহিলোঁগৈ৷ ফিল্ডত ল'ৰা কেইটামানে খেলিবৰ যো-জা চলাই থকা দেখিলোঁ৷ ঘূৰি-পকি ঘৰ সোমাওঁতে ৭ বাজি ১৫ মিনিট গ’ল৷
উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে শদিয়া এখন ধুনীয়া আৰু নামী ঠাই৷ কিন্তু ইয়াৰ পুতৌজনক ৰূপটোৰ কথা ভাবিলে মনটো বেয়া লাগি যায়৷ আগতে বাৰিষা ফেৰী সেৱা ব্যাহত হোৱাৰ ফলত ঠাইখন এটা দ্বীপৰ দৰে হৈ পৰিছিল৷ দিল্লীৰ পৰা বিমানত আহিও একেদিনাই ঘৰ নাপাইছিলহি শদিয়াৰ সন্তানে৷ আভ্যন্তৰীণ জল পৰিৱহণ বিভাগৰ দ্বাৰা বিয়লি ৪.৩০ত ফেৰী সেৱা বন্ধ কৰি দিয়াটো নিয়ম৷ ফলত এনিশা কটাবলগীয়া হয় তিনিচুকীয়াত, বা ডিব্ৰুগড়ত৷ এতিয়া নতুন দলঙে অহা-যোৱাৰ উপৰি শদিয়াৰ ৰূপান্তৰৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিলে৷

No comments:
Post a Comment