Monday, 24 July 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৪)


কিম্বদন্তী সংগীতজ্ঞ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মস্থান স্মৰণীয় কৰি ৰখাৰ উদ্দেশ্যে অৰুণাচল প্ৰদেশ চৰকাৰৰ অধীনস্থ গৱেষণা বিভাগে অৰুণাচল প্ৰদেশ লিটাৰেৰী চ'চাইটি (চমুকৈ এ.পি.এল.এছ.)ৰ কাৰিকৰী পৰ্যবেক্ষণত সুধাকণ্ঠৰ এটা পূৰ্ণাৱয়ব প্ৰতিমূৰ্তিৰ লগতে স্মাৰক এটা ব'লুং গাঁৱৰ যথোপযুক্ত স্থানত গঢ়ি তোলাৰ হকে প্ৰকল্প হাতত লোৱা বুলি ২০১৬ চনৰ জানুৱাৰী মাহতে জানিবলৈ পাইছিলোঁ৷ এ.পি.এল.এছ.ৰ সভাপতি য়েছে দৰজে ঠংছি, গৱেষণা বিভাগৰ সচিব দানি চুলু, ভূপেন হাজৰিকা ট্ৰাষ্টৰ প্ৰতিনিধিসকল ক্রমে সাধাৰণ সম্পাদক তথা গৱেষণা বিভাগৰ সঞ্চালক বাতেম পেৰটিন আৰু এ.পি.এল.এছ.ৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বাণিজ্য বিভাগৰ সঞ্চালক প্ৰয়াত গ'ৰা পেৰটিনৰ সন্তানসকলে ৩১ জানুৱাৰীত গাঁওখন পৰিদৰ্শনৰ লগতে স্থাপনস্থলী নিৰ্বাচন কৰিছিল৷ অৰুণাচলৰ প্ৰাক্তন মুখ্য মন্ত্ৰী নাবাম টুকিয়ে ৰাজ্যখনৰ মাটিত ভূপেন হাজৰিকাৰ মূৰ্তি নিৰ্মাণৰ হকে আগ বঢ়োৱা প্ৰস্তাৱটোলৈ অকুণ্ঠ সমৰ্থন আৰু সহায় আগ বঢ়াইছিল৷

ব'লুং গাঁৱত এ.পি.এল.এছ.এ বহুৱাবলৈ ওলোৱা ভূপেন হাজৰিকাৰ প্ৰতিকৃতিৰ বাবে অৰুণাচল প্ৰদেশ চৰকাৰে নিজগুণে কৃপাধন্য হৈ অৰ্থ সাহায্য প্ৰদান কৰিছে৷ ধলা-শদিয়া দলঙেৰে মূৰ্তিটো দলং উদ্বোধনৰ দিনাই অৰ্থাৎ কালি গুৱাহাটীৰ পৰা ব'লুং গাঁৱলৈ পাৰ হৈ অহাৰ কথা আছিল৷ কিন্তু কালি পৰিস্থিতি আছিল বেলেগ৷ গতিকে আজিহে ধীৰে-সুস্থিৰে আহি আছে৷ ভূপেন হাজৰিকাৰ জন্মদিন ৮ ছেপ্টেম্বৰ অথবা মৃত্যুদিন ৫ নৱেম্বৰ, যিটো তিথিতে সুবিধাজনক হয়, সেইদিনাই আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ব৷ বিশাল সভাৰ আয়োজন কৰা হব সিদিনা৷ পৰিৱেশটো কল্পনা কৰি মনে মনে উত্তেজিত হৈ উঠিলোঁ৷ সময়-সুবিধা মিলাবলৈ চেষ্টা কৰিব লাগিব৷ আমি নজনা বহু কথাই চাগৈ ওলাব তেতিয়া৷

ব'লুঙত বাটৰ দাঁতিতে ১৯৪৮ চনতে স্থাপিত শিক্ষানুষ্ঠান এখন আছে৷ দেশে স্বাধীনতা লাভ কৰাৰ ঠিক পাছৰ বছৰতে পতা হৈছিল৷ এয়া চাগৈ অৰুণাচলৰ পথ যোগাযোগ ব্যৱস্থা একেবাৰে শোচনীয় হৈ থকা দিনবোৰতে, ১৯৪৭ চনত দুৰ্গম পাহাৰত শিক্ষা বিপ্লৱৰ সূচনাকাৰী ইন্দিৰা মিৰিৰ অৱদানেই হ'ব৷ সঠিক নাজানিলোঁ যদিও অনুমানটো তেনেকুৱাই হ'ল৷ দিন বাগৰি এতিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় হ'লগৈ৷ বিদ্যুতৰ তাঁৰ আৰু খুঁটাবোৰৰ উপস্থিতিলৈ চাই অঞ্চলটোত বিদ্যুৎ সংযোগ আছে বুলি জানিলোঁ যদিও ঘৰবোৰত সৌৰশক্তিচালিত লাইটো চকুত পৰিছে৷ এঘৰৰ বাহিৰৰ কাপোৰ মেলা তাঁৰ এডালে দৃষ্টি কাঢ়ি নিলে৷ তাত মেলি থোৱা অৱস্থাত কেইখনমান ফুলাম গামোচা দেখিলোঁ৷ ছাঁতে শুকুৱা মুঠিতে লুকুৱা আমাৰ গামোচাখনৰনো আদৰ নাই ক'ত? ভাবোতেই বুকুখন ফুলি উঠিল৷ তেনেতে পৱিত্ৰদাৰ ফোন আহিল৷ জনালে যে খবৰ খেদি ফুৰা সাংবাদিকে দলঙৰ ওপৰতে ভেটা দি মূৰ্তিৰ নিৰ্মাণকৰ্তা বীৰেনদাৰ ইণ্টাৰভিউ ল'বলৈ আৰম্ভ কৰা হেতুকে তেওঁলোকৰ পলম হ'ব ব'লুং আহি পোৱাত৷ আমাৰ সৈতে যোৱা শ্বাহনাজো অতিশয় ব্যগ্ৰ হৈ আছিল ডিফুত থাকোঁতে ছেৰডিহুন কলা নিকেতনত চিত্ৰাংকনৰ শিক্ষক হিচাপ পোৱা বীৰেন সিংহ ছাৰক বহুত বছৰৰ পাছত এই স্থানতে সোঁশৰীৰে দেখা পাম বুলি৷ পৱিত্ৰদাৰ পৰা তেওঁলোকৰ শেহতীয়া অৱস্থিতি সম্পৰ্কে জনাৰ পাছত ৰৈ থকাৰ সকাম নাইকিয়া হ'ল৷ ঘূৰি আহোঁতে লগ পোৱাৰ আশাৰে ৰ'য়িঙলৈ পোনাই দিলোঁ৷

১৯৫৬ চনত ৰ'য়িঙক মহকুমা সদৰ হিচাপে লৈ দিবাং ভেলী গঠন কৰা হৈছিল৷ প্ৰশাসনীয় সুবিধাৰ কাৰণে অৰুণাচল প্ৰদেশ জিলা পুনৰ্গঠন বিধেয়ক অনুসৰি সময়ে সময়ে অনেক সালসলনি হৈ আহিছে৷ সেই অনুসাৰে ৰ'য়িং এতিয়া ল'ৱাৰ দিবাং ভেলী জিলাৰ সদৰ৷ দিবাং ভেলী আৰু ল'ৱাৰ দিবাং ভেলী জিলা দুখনৰ মাজত ৰ'য়িঙেই হৈছে মুখ্য ব্যৱসায়িক কেন্দ্ৰস্থল৷

৩ কিল'মিটাৰ বাকী ৰ'য়িঙলৈ৷ সময় ১১.৩০ হোৱা নাই৷ তেনেতে অথনি শান্তিপুৰত দেখাৰ অনুৰূপ ৰাস্তাৰ ওপৰেৰে পাৰ হৈ যোৱা সেউজীয়া ব'ৰ্ড এখন পোৱা গ'ল৷ তাত উনুকিওৱা মতে পোনে পোনে হুনলিলৈ ৯৩, আনিনিলৈ ২৩৮ কিল'মিটাৰ৷ তাৰ মানে শান্তিপুৰ এৰি আমি ইমানপৰে ২০ কিল'মিটাৰ আহিলোঁ৷ কেইমিনিটমানৰ আগেয়ে তালাচী চকীত পাৰ হৈ অহা ব'ৰ্ডখন এবাৰ মনত পেলাবৰ যত্ন কৰিছোঁ৷ থাউকতে কৰি পেলোৱা দুয়োখন ফলকৰ তুলনাই আনিনিৰ দূৰত্বটোক কেন্দ্ৰ কৰি মনত খেলিমেলিৰ সঞ্চাৰ কৰিলে৷ এইখিনিৰ পৰা সোঁহাতে গ'লে ২০ কিল'মিটাৰত কৰনু, ৬৮ কিল'মিটাৰত তেজু৷ 'সেইটো বাটেদি মই আগতে আহিছোঁ৷' ৰাস্তাটোৰফালে আঙুলি টোঁৱাই ছাজিদলৈ চাই বাক্যটো ক'লোঁ৷ ড্ৰাইভিং চিটৰ পৰাই ডিঙি ঘূৰাই তেৱোঁ এক নজৰ দিলে৷

ওখ ব'ৰ্ডখনৰ ওলোটাফালে চাওঁতে পালোঁ, পোনে পোনে শান্তিপুৰ ১৯.৫, ছৈখোৱা ঘাট ৪৫৷ সোঁহাতে যোৱা ৰাস্তাটোৰে দামবুক ৩৫ আৰু পাছিঘাট ১০০ কিল'মিটাৰ নিলগত আছে৷ চিয়াঙৰ সিপাৰৰ দামবুকৰ আক'ক' গাঁৱত চাৰিদিনীয়াকৈ অ'ৰেঞ্জ ফেষ্টিভেল পতা হয়৷ উদ্দেশ্য সাংস্কৃতিক আৰু ধৰ্মীয় পৰ্যটনক আগুৱাই নিয়া৷ ল'ৱাৰ দিবাং ভেলীৰ দাম্‌বুকত এই উৎসৱ পাতিলেও অৰুণাচলৰ অ'ৰেঞ্জ কেপিটেল হৈছে পূব প্ৰান্তৰ লোহিত জিলাৰ ৱাক্ৰ'হে৷ কিবিথুলৈ যাওঁতে ৱাক্ৰ'ৰ লানি নিছিগা সুমথিৰাৰ বাগানবোৰ দেখিছোঁ৷ দেখি সন্মোহিত হৈছোঁ৷

ইফালে, পাছিঘাট অৰুণাচলৰ পুৰণি আৰু ঐতিহ্যমণ্ডিত চহৰ৷ ইংৰাজে পাতিছিল ১৯১১ চনত৷ ইষ্ট চিয়াং জিলাৰ সদৰ ঠাইখন অৰুণাচলৰ অগ্ৰণী চিন্তা-চেতনাৰ অভিকেন্দ্ৰ৷ সদ্যহতে স্মাৰ্ট চিটী হ'বলৈ গৈ আছে৷ অৰুণাচল প্ৰদেশৰ ভিতৰত প্ৰথম বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল পাছিঘাটতে, ১৯১৮ চনত৷ লুম্মেৰ দাই, তাগাং তাকিং, তাতৰ জনম্‌ আদি ছাত্ৰসকলে পাছিঘাট হাইস্কুলৰ হাতেলিখা মাহেকীয়া আলোচনী 'গিৰিবাণী'ত অসমীয়াত প্ৰৱন্ধ-পাতি লিখিছিল৷ এতিয়া মূৰৰ ওপৰত জিলিকি থকা পাছিঘাট শব্দটো দেখিয়ে দুবাৰকৈ ভ্ৰমি অহা চহৰখনৰ দৃশ্যবোৰে মোৰ মানসপটত খেলা কৰিবলৈ ললে৷ যোৱাবাৰ মেন্‌-চু-খাৰ পৰা ট্ৰেকিং-কেম্পিং এড্‌ভেন্‌চাৰ্‌ সামৰি ঘূৰি আহোঁতে চিয়াঙৰ পাৰৰ সুস্বাদু কমলাটেঙা বাঁহৰ বাস্কেটৰ সৈতে কিনি লৈ আনিছিলোঁ ঘৰলৈ৷ ৩জনে ৩ বাস্কেট৷ ফেৰীৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ বগীবিল ঘাটত নামি ক্ৰুইজাৰলৈ লৱৰি থাকোঁতে নিজকে কমলা বেপাৰী যেনেই লাগি গৈছিল৷










No comments:

Post a Comment