Saturday, 22 July 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৪)


একালৰ মানুহে আত্মগৌৰৱ কৰিছিল স্বচক্ষে শংকৰদেৱক দেখা বুলি৷ কুৰি শতিকাৰ মানুহে গৌৰৱ কৰিছিল মহাত্মা গান্ধীক দেখা বুলি৷ আমি গৌৰৱ কৰোঁ জীৱনকালত ভূপেন হাজৰিকাক ওচৰৰ পৰা দেখা বুলি৷ কালিৰে পৰা নতুনকৈ আৰু এষাৰ সংযোগ কৰিছোঁ৷ ভাৰতৰ ভিতৰত দীৰ্ঘতম দলং, ধলা-শদিয়া সংযোগী ভূপেন হাজৰিকা সেতু দেখা বুলি৷ কেৱল স্বচক্ষে দেখাই নহয়, খোজ কাঢ়ি ইমূৰৰ পৰা সিমূৰলৈ পাৰ হ'লোঁ বুলিও গৌৰৱ কৰিছোঁ৷ বাৰম্বাৰ ফোন কৰি অৱস্থিতি সুধি থকাসকলক সত্যটো জনাই দিছোঁ৷ তাকে শুনি বহুজনে বা........ বুলিছে৷ নিজকে দুৰ্ভগীয়াৰ শাৰীলৈকো নমাইছে৷ কৈছে, 'আমাৰ আৰু এই জনমত সেইবোৰ কৰা নহ'ব'৷ কাৰণ হিচাপে ঘৰ, পৰিয়াল, বেমাৰ, চাকৰি বা বৃত্তি, কপালক দোষ দি বকিছে উৰাই-ঘূৰাই৷ কৈছোঁ, 'চ্চইচ ইজ ইয়'ৰছ৷ ড'ণ্ট ক্ৰাই নাউ৷ সময়লৈ অপেক্ষা কৰা৷' আনহাতে আশ্চৰ্যচকিত সেই বা........ আৱাজটো শুনি মোৰ বেয়া লাগিছে৷ সোঁৱৰাই দিছোঁ, এইখন শদিয়াতে ১৯৮৪ চনত জন্মা বিদ্ধি চাহাৰীয়াৰ কথা৷ তাইযে স্পেইনত ৭৯০ কিল'মিটাৰ খোজ কাঢ়িছিল গিৰিয়েক শ্ৰেয়াংশ সিংভীৰ সৈতে, প্ৰথমজন ভাৰতীয়ৰ স্বীকৃতি লভিছিল কেমিন' ফ্ৰান্সিচত, তাক বহুতেই নাজানে৷ সি যি কি নহওক, আমাৰ শ্ৰীমতীগৰাকীৰ আত্মসন্তুষ্টি এইখিনিতেই যে ভূপেন হাজৰিকাৰ জন্মস্থানৰ ধূলি শিৰত ল'লোঁ৷ অৱশ্যে যিটো ঘৰত, যিটো এলেকাত তেওঁৰ জন্ম হৈছিল সমস্ত অঞ্চলটোৱেই লোহিতৰ বুকুত কেতিয়াবাই বিলীন হৈছে৷ আজিৰ শদিয়া ন-শদিয়া৷ পুৰণি শদিয়া নিশ্চিহ্ন অতীত৷

আগতে শদিয়াখন বৰ বিচ্ছিন্ন আছিল৷ ভূপেন হাজৰিকাৰ নিজৰ ভাষাত, 'ক'তো চাকৰি-বাকৰি নাপালেহে কোনোবাই তালৈ যোৱাৰ কথা ভাবে৷ শদিয়ালৈ যোৱা মানে একেবাৰে আন্দামান-নিকোবৰলৈ যোৱাৰ নিচিনা৷' তেওঁৰ দেউতাক নীলকান্ত হাজৰিকায়ো একো নাপাইহে ইয়ালৈ আহিছিল হেনো৷ বি.এ. পাছ কৰাৰ পাছত নাজিৰাৰ ল'ৰাজনৰ তৎক্ষণাৎ চাকৰি মিলিল, শদিয়াত৷ এম. ই. স্কুলৰ মাষ্টৰৰ চাকৰি৷ কোনোবা কিতাপত পঢ়িবলৈ পোৱামতে স্কুল উপ-পৰিদৰ্শক৷ প্ৰথমটোৱেই সত্য হ'ব লাগে৷ শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্ট তেতিয়া অটব্য হাবিৰে পূৰ্ণ৷ সহজে সেও মনাব নোৱাৰা আদিসকলৰ লগত ব্ৰিটিছ পুলিচৰ যুদ্ধই হৈ থাকে৷ শান্তিপ্ৰিয়া হাজৰিকাৰ সৈতে বিবাহ সম্পন্ন হোৱাৰ দুবছৰৰ পাছত তেনেখন ঘোঁকট শদিয়াতে ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰৰ দিনা৷

ঘোঁকট হ'লেও প্ৰাচুৰ্যৰ হেনো চূড়ান্ত পৰ্যায়ত আছিল সেই সময়ৰ শদিয়াখন৷ শদিয়াৰ প্ৰকৃতি তেতিয়া একেবাৰে প্ৰাকৃতিক, জীৱন্ত৷ যেন সকলোপিনে উভৈনদীকৈ ঢালি-বাকি থৈছে শদিয়াখনতে৷ এফালে ধান, এফালে সৰিয়হ; অপৰ্যাপ্ত৷ বানপানীৰ সময়ত মাছৰ উজান পৰে৷ মাংস কিনিবই নালাগে৷ হাইঠা, কণামুচৰি, হৰিণা কোনো কথাই নাই৷ লাগ বুলিলে বন্দুকটো লৈ ওচৰৰ হাবিলৈ গৈ মাৰি আনিলেই হ'ল৷ দেউতাকৰ দৰমহাৰ টকাকেইটা প্ৰায় বাচিয়েই যায়৷ 'হালধি-চালধিবোৰ বটচোন, মই কেইটামান পৰ্ঘুমা মাৰি আনোগৈ; মছলাখিনি পিচচোন, পহুটো মাৰি আনো', এইবোৰ তেতিয়াৰ শদিয়াৰ কথা৷ ভূপেন হাজৰিকাই নিজমুখে কৈ যোৱা কথা৷ আত্মজীৱনীত পঢ়িবলৈ পাইছোঁ৷ তাৰে ভিত্তিত এতিয়া শদিয়াৰ অতীতটো কল্পনা কৰিছোঁ শদিয়াৰ কোলাত বহি৷

ব্ৰিটিছ-ভাৰতৰ প্ৰশাসকে নিজৰ শাসন কালত কেন্দ্ৰীয় আৰু পূব খণ্ড, লখিমপুৰ ফ্ৰণ্টিয়াৰ ট্ৰেক্ট আৰু পশ্চিম খণ্ডক সামৰি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰেক্ট গঠন কৰিছিল৷ প্ৰতিটো খণ্ডতে একোজনকৈ ৰাজনৈতিক বিষয়া নিয়োজিত হৈছিল৷ ১৯১৯ চনত পূব আৰু কেন্দ্ৰীয় খণ্ডক শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্ট আৰু পশ্চিম খণ্ডক বালিপাৰা ফ্ৰণ্টিয়াৰ ট্ৰেক্ট নাম দি নকৈ গঠন কৰিলে৷ এই অঞ্চলসমূহৰ একেলগ হৈ থকা পূৰ্বৰ ভূখণ্ড শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্টৰ অধীনত আছিল৷ মুখ্য কাৰ্যালয় শদিয়া৷ ১৯৪৮ চনত শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্টক দুভাগ কৰি ক্রমে আদি জনগোষ্ঠী অধ্যুষিত অঞ্চলক লৈ আবৰ হিল্‌ছ ডিষ্ট্ৰিক্ট আৰু মিছিমি বসতিপ্ৰধান অঞ্চলক সামৰি মিছিমি হিল্‌ছ ডিষ্ট্ৰিক্ট নামে দুখন নতুন জিলা গঠন কৰা হয়৷ দেশে স্বাধীনতা লাভ কৰাৰ পাছত ১৯৬২ চনলৈকে বৃহৎ অঞ্চলটো নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি, সংক্ষেপে নেফা নামে পৰিচিত আছিল৷ মুখ্য কাৰ্যালয় শ্বিলং৷ ১৯৭২ চনৰ ২০ জানুৱাৰীত কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰি অৰুণাচল প্ৰদেশ নামকৰণ কৰা হয়৷ ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত পূৰ্ণাংগ ৰাজ্যৰ স্বীকৃতি লাভ কৰে৷

শদিয়াত তেতিয়া ব্ৰিটিছ পলিটিকেল এজেণ্টৰ শাসন চলে৷ ৰাজনৈতিক বিষয়াৰ ঘৰত অসমীয়া শিকায় নীলকান্ত হাজৰিকাই৷ এদিন চাহাবে তেওঁক মাতি নিলে৷ নিজৰ শিশুটি ডাঙৰ হোৱাত তাৰ ভাগৰ পেৰামবুলেটৰখনকে কেঁচুৱা ভূপেন হাজৰিকালৈ বুলি উপহাৰস্বৰূপে দি পঠালে৷ শদিয়াত তেতিয়া আহোম, দেউৰী, চুতীয়া, মিচিং, খামতি, গাখীৰৰ ব্যৱসায় কৰা নেপালী, দুই-এঘৰ মাৰোৱাৰীৰ বসতি৷ জনজাতীয়-অজনজাতীয় সকলো মানুহৰে মাজত একেটা পৰিয়ালৰ সদস্যৰ দৰে বৰ মিল আৰু সুন্দৰ সংমিশ্ৰণ আছিল৷ ঘৰুৱা কাম-বন কৰা মানুহৰো অভাৱ নাছিল৷ নাতিদূৰৰ ব'লুং গাঁৱৰ মানুহেই চোৱা-চিতা কৰিছিলহি কেঁচুৱা ভূপেন হাজৰিকাক৷ চাৰিচকীয়া কেঁচুৱা ফুৰোৱা গাড়ীখনত নমহীয়া ভূপেন হাজৰিকাক তুলি ১৫-১৬ বছৰীয়া আদি যুৱতীবোৰে যেনি-তেনি ফুৰাবলৈ নিয়ে, লগতে নিজেও খেলে৷ এদিন তেনেকৈ খেলি থাকোঁতে সন্ধ্যা লাগিল৷ ছোৱালীবোৰ উভতি নাহিল৷ পলিটিকেল এজেণ্টৰ ঘৰত, পুলিচ চকীত শিশু নিৰুদ্দেশৰ খবৰ দিয়া হ'ল৷ স্বাভাৱিকতে ঘৰত মাকজনী হৈ পৰিল অচেতন৷ পিছদিনা দুপৰীয়ালৈকে পুত্ৰৰ শুং-সূত্ৰ নাই৷ ভূপেন হাজৰিকা হেৰাল!

ব'লুং গাঁওখন সম্পূৰ্ণ আদি গাঁও আছিল৷ তালৈ অৰণ্যৰ মাজেৰে যাব লাগে৷ ইফালে ছোৱালীকেইজনীৰ ঘৰ বিচাৰি যোৱাৰ গুণা-গঁথা চলি আছে৷ আবেলি পৰত কণমানি ভূপেন হাজৰিকাক লৈ সিহঁত আহি ওলাল৷ আহিয়েই দস্তুৰমত জেৰাৰ সন্মুখীন হ'ল৷ 'তহঁতি কিয় এনেকুৱা কৰিছিলি? বোলে, নহয়, আমি কালি গ'লোঁ আৰু সবেই তাক খুব মৰম কৰিলে৷ আমাৰ বস্তিৰ সবেই তাক ৰাখি দিব খুজিলে৷ থাকি দিলোঁ বস্তিতে৷ মাকে সুধিলে, কিন্তু সিতো মোৰ পিয়াহ খায়৷ কি খালে সি? উত্তৰ আহিল, বস্তিত যিমান মা আছে নহয়, সবৰে পিয়াহ খালে সি৷'

এঠাইত পোৱামতে, চাহাবে দিয়া পেৰামবুলেটৰত বহুৱাই কেঁচুৱা ভূপেন হাজৰিকাক গাঁৱত ফুৰাবলৈ নিয়াৰ পাছতে বৰষুণ আহিল৷ উপায়হীন হৈ নিশাটো ব'লুঙতেই কটাবলগীয়া হ'ল৷ ভোকত আটাহ পাৰি থকা শিশুটিক শান্ত কৰিবলৈ নিশা গাঁওখনৰ মাতৃসকলে নিজৰ স্তনপান কৰাই টোপনি নিয়ালে৷ গাখীৰ খাবলৈ পাই ভূপেন হাজৰিকাৰ কান্দোন বন্ধ হ'ল৷ পিছদিনা পুৱা নিজ মাতৃৰ কোলাত সন্তানটিক তুলি দিওঁতে এইবুলি সৈ কাঢ়িলে আদি ছোৱালীকেইজনীয়ে৷

'চিয়াঙৰে গালং' গীতটি লিখাৰ বাবে আলঙত (এতিয়া আল')ত ভূপেন হাজৰিকাক সম্বৰ্ধনা জনোৱা হৈছিল৷ শিশুকালৰ এই বিস্ময়কৰ কাহিনীটো ভালকৈ জনা এম. পি. ডাইংলুঙে তেতিয়া এইবুলি কৈছিল... 'ভূপেন হাজৰিকাৰ গাত নেফাৰ তেজ আছে৷ তেওঁ নেফাৰ গাখীৰ খাইছিল৷' গীতিকাৰজনলৈ চাই তেওঁ আৰু কৈছিল... 'আপোনাক একোছা অদৃশ্য চাবি দিলোঁ৷ আপুনি নেফালৈ আহি থাকিব, গৈ থাকিব৷ আমি অসমক ধাৰলৈহে দিছোঁ, আমাৰ ল'ৰা৷' নিজৰ সন্তান বুলি ভাবি লোৱা, পুৰণি শদিয়াত জন্মা অসম-সন্তানজনক অৰুণাচলৰ অবৈতনিক সাংস্কৃতিক উপদেষ্টা হ'বলৈকো প্ৰস্তাৱ দিয়া হৈছিল৷

সাংস্কৃতিক বৈচিত্ৰ্যৰে অতি চহকী পাহাৰীয়া অৰুণাচলীসকলৰ সুধাকণ্ঠৰ সৈতে সম্পৰ্ক কিমান নিবিড় আছিল ইয়াৰ পাছত তাক আৰু বেলেগে কোৱাৰ প্ৰয়োজন নাই৷ 'মই হাফ-অৰুণাচলী' বুলি নিজেও আত্মগৌৰৱত উফন্দি থাকে যাযাবৰী শিল্পীজন৷ ব'লুঙৰ প্ৰভাৱ জীৱনকালত ভালকৈয়ে পৰিছিল সংগীতসাধকজনৰ ওপৰত৷





No comments:

Post a Comment