Thursday, 6 July 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৩১)

চপাখোৱাত প্ৰথমবাৰ উপস্থিত হওঁতে ভাবিছিলোঁ, কতা, শদিয়াখনচোন ঠিকেই আছে৷ মানুহে এনেয়ে ভুল ভুলকৈ কয়৷ ইমান আহল-বহল ৰাস্তা ইয়াত! মানুহবোৰোচোন হাস্যমুখী৷ আমি তেতিয়া ৰয়িঙৰ ফালৰ পৰা আহিছিলোঁ৷ অৰুণাচল প্ৰদেশ এৰি শান্তিপুৰ গেটেৰে সোমাইছিলোঁ অসমত৷ পাছত ঘাটলৈ যাওঁতেহে দেখিলোঁ প্ৰকৃত সত্যটো৷ সঁচাকৈ, ইণ্টাৰনেটৰ পৰা সংগৃহীত শদিয়াৰ পুৰণি ফটো চালে ভাবনাই নহয় যে ঠাইখনৰ ৰূপটো এসময়ত তেনেকুৱা আছিল৷ আজি সেইখন শদিয়া আৰু নাই৷ সি যি কি নহওক, দীৰ্ঘ বিৰতিৰ অন্তত এতিয়া কিন্তু শদিয়াক নকৈ গঢ়াৰ সোণালী সুযোগ এটা আহি গল৷ ধলা-শদিয়া দলঙে সম্ভাৱনা আৰু আশা লৈ আহিছে৷ শদিয়াৰ নতুন প্ৰজন্মই নতুন চিন্তাৰে অঞ্চলটোৰ প্ৰসাৰণ আৰু বিকাশৰ দায়বদ্ধতা কান্ধ পাতি ল'ব লাগিব৷ বৃহত্তৰ এলেকাটোৰ ওপৰত নতুন দলংখনৰ প্ৰভাৱ কিমান, ধনাত্মক ৰূপত তাক বিচাৰ কৰি সুপৰিকল্পিতভাৱে আগ বঢ়াটো সকলোৰে বাবেই মংগলজনক৷

নৈৰ ঘাটলৈ যোৱা তদানীন্তন জৰাজীৰ্ণ পথটো অলপ আগেয়ে বাঁওহাতে এৰি আহিলোঁ৷ নিশ্চিতভাৱে, আজিৰ তাৰিখত সেইটো পুৰণি আৰু এলাগী হল৷ সেই ৰাস্তাৰে বানবিধ্বস্ত ঠাইবোৰৰ মাজেৰে ঢলং-পলংকৈ গাড়ীৰে গৈ থকাৰ অভিজ্ঞতা পূৰ্বতেই পাই থৈছোঁ যেনিবা৷ আগলৈ তেনে সুযোগ নাপাওঁ৷ তেতিয়া পাৰ হৈ যাওঁতে ভগা-ছিগা বাটটোৰ দুয়ো দাঁতিত মাজে মাজে জনপদ, মাজে মাজে খেতি, মাজে মাজে পৰিত্যক্ত জেগাবোৰ দেখি গৈছিলোঁ৷ কৃষিজীৱী আৰু মাছুৱৈ থলুৱা মানুহবোৰে বৰ্তমান সম্প্ৰসাৰিত হ'বলগীয়া বজাৰসমূহ কেনেকৈ নিজৰ হাতৰ মুঠিত ধৰি ৰাখে সেইটো নিশ্চয়কৈ লক্ষণীয় হ'ব৷ চিন্তাশীল মানুহ মাত্ৰেই জানে যে এখন দলঙে নৈপৰীয়া দুটা অঞ্চল বা কেইখনমান ঠাইকে সংযোজিত নকৰে, সংযোজিত কৰে দুখন বজাৰকো৷

ভূমিকম্প, বানপানী, খহনীয়াকে ধৰি শদিয়া নামৰ ভূখণ্ডটিৰ ওপৰেৰে কিমানযে বিভীষিকা, ধামখুমীয়া পাৰ হৈ গৈছে! কল্পনা কৰাও টান৷ বাৰিষাৰ দিনকেইটাত যাত্ৰিকৰ অৱস্থা অতিকৈ দুখলগা হয়৷ খৰালি আকৌ পানী শুকাই যায়৷ দুয়োপাৰে বালি, কেৱল বালি৷ তাৰ ওপৰে ওপৰে বহু দূৰ বাটকুৰি নাবালেই নহয়৷ সিও এক বিড়ম্বনা৷ যাতায়াতৰ অসুবিধাৰ কাৰণেই আগতে অলপধতুৱা চাকৰিয়াল চপাখোৱাত যোগদান কৰিবলৈ নতুবা চপাখোৱালৈ বদলি হৈ আহিবলৈ ইচ্ছুক নহৈছিল৷ বিষয়া-কৰ্মচাৰীসকলৰ শদিয়াত চাকৰি কৰিবলৈ ইচ্ছা নথকাক কেন্দ্ৰ কৰি বদনামেই এটা আছিল৷ কাৰণটো তুলনামূলক৷ ৰাস্তা-ঘাট, বিশুদ্ধ খোৱাপানী, বিদ্যুৎ, টেলিফোন নাই৷ আধুনিকতাৰ প্ৰলেপ বুলিবলৈ মস্ত শূন্য৷ হোটেল-বজাৰ, শ্বপিং মল নাই৷ উচ্চমানৰ পঢ়াশালি, সম্ভ্ৰান্ত বিদ্যালয়-মহাবিদ্যালয় নাই৷ আমোদ-প্ৰমোদৰ বাবে চিনেমা-থিয়েটাৰ নাই৷ চিকিৎসাৰ বাবে ভাল চিকিৎসালয় কিম্বা ডাঙৰ নাৰ্ছিং হম নাই৷ কাৰোবাৰ বেমাৰ-আজাৰ হলে সিপাৰলৈ নিয়াৰ যিহে অসুবিধা, প্ৰাথমিক চিকিৎসাকণৰ অভাৱতে বেমাৰীৰ কেতিয়াবা ৰাতিয়েই মৃত্যু হৈ যায়৷ সঁচাকৈয়ে অতি দুঃখদায়ক আছিল পুৰণি সময়বোৰ৷ আৰু হয়ো, তেনেকুৱা প্ৰেক্ষাপটত জানি-শুনি বিপদৰ মুখামুখি হ'বলৈ আহিবনো কোন? গতিকে চপাখোৱাত চাকৰি কৰিবলৈ মানুহ নাহে৷ ফলত চৰকাৰী কাম-কাজ স্থৱিৰ হৈ পৰে অনিশ্চিত কালৰ বাবে৷

নৈপৰীয়া মানুহ শদিয়াবাসী৷ নদীৰ সৈতে সম্পৃক্ত জীৱন৷ এনেকুৱা জীৱনবোৰৰ জীৱিকা নদীয়েই দি যায়৷ সেই ধৰণেই শেষ পৰ্যন্ত শদিয়াবাসীকো নদীয়েই সমৃদ্ধ কৰি আহিছিল৷ ৰদ-বৰষুণ নেওচি, তলে-ওপৰে ঠাহ খোৱাকৈ যাত্ৰী, গাড়ী-মটৰ, জীৱ-জন্তু, বয়-বস্তু তুলি লৈ বোকা-পানী, ঢৌ বালি ফালি প্ৰতিটো মুহূৰ্ততে সন্মুখলৈ যাবৰ বাবে কৰা বিপদসংকুল সংগ্ৰামখনৰ যৱনিকা পৰিল যেনিবা এতিয়া৷ চাপৰিৰ ঝাও বনবোৰৰ মাজেৰে ধূলি উৰুৱাই ধীৰে ধীৰে আগ বাঢ়ি ফেৰী ধৰা আৰু আমি একেখন নাৱৰে যাত্ৰী ভাবনাৰে ইকুল-সিকুল নেদেখা সিপাৰলৈ বুলি কৰা শিহৰণকাৰী নৌকাযাত্ৰা এতিয়া হৈ পৰিল স্তব্ধ৷ এফালৰ পৰা চাবলৈ গ'লে ফেৰীৰ কাৰণে অপেক্ষা কৰি চাহৰ লগতে নৈৰ জীয়া মাছৰ গৰম গৰম ভজাত কামোৰ মৰা বা ঘাটত মাছ-ভাত এমুঠি খোৱাৰ মাদকতাই বেলেগ আছিল৷ সেই ধৰণৰ তৃপ্তি পূৰ্বতে পাই থোৱা সকলোজনৰে মনৰ মাজত পিছলৈকো থাকি যাব লেখ-জোখহীন কাহিনীৰে পৰিপূৰ্ণ চপাখোৱাৰ স্মৃতি, শদিয়া যাত্ৰাৰ স্মৃতি৷






No comments:

Post a Comment