শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (২৮)
সেতু এৰিয়েই সংযোগী পথটো আৰম্ভ হৈছে চপাখোৱাৰ দিশে৷ টেম্প' এখন দলঙৰ গুৰিতে ৰ'লহি৷ চালকজনৰ কাষ চাপি গৈ সুধিলোঁ, 'চপাখোৱালৈ কিমান দূৰ হ'ব, ইয়াৰ পৰা?' '১৪-১৫ কিল'মিটাৰ হ'ব৷' 'ইয়াৰ পৰাই ঘূৰি যাব নেকি আপুনি?' 'যাম, কিন্তু এতিয়াই নাযাওঁ৷ দলং চোৱা পেচেঞ্জাৰৰ বুকিঙত আহিছোঁ৷ কিমান দেৰি হয় ঠিকনা নাই৷' 'বাৰু, আমি ইয়াৰ পৰা চপাখোৱালৈ যাবলৈ কিবা পামনে?' 'পাব পাব, গাড়ী চলাচল কৰিয়েই আছে নহয়, পাই যাব৷' তেওঁ অভয় দিলে৷

দলঙৰ গুৰিতে ৰৈ আছোঁ, বাহনৰ আশাত৷ সুবিধাজনক একোৱেই নাই৷ 'খোজ কঢ়াটো আটাইতকৈ সহজ আৰু উত্তম ব্যায়াম৷ সেয়েহে আমি দূৰ-দূৰণিলৈ খোজ কাঢ়ি যোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে৷' থমাছ জেফাৰচনৰ সাৰবাক্য দুটাৰ গইনা লৈ নাজমা আৰু বৰগোহাঁইক উপলক্ষ্য কৰি প্ৰস্তাৱ এটা উত্থাপন কৰি চালোঁ, 'ব'লক নহ'লে, খোজ লওঁ আকৌ, কেইঘণ্টামানতে চপাখোৱা পাই যাম'৷ দুয়ো দুফালৰ পৰা চালে মোলৈ৷ সেই চাৱনিৰ অৰ্থ বুজিবলৈ অকণো কষ্ট নহ'ল মোৰ৷ প্ৰস্তাৱ বাতিল৷
ন’ এণ্ট্ৰিৰ ব’ৰ্ড কেইখনমান দলঙতে আওঁজাই ৰখা হৈছে৷ কালি সেইবোৰৰ প্ৰয়োজন আছিল৷ মন্ত্ৰী-বিধায়ক আহিল-গ'ল৷ আজি আৰু দৰকাৰ নাই৷ বাট খোলা৷ ঘটিৰাম-বাটিৰাম সকলোৱেই আহিব পাৰিছে মুক্তমনে৷ গাড়ী কিছুমান আহিব ধৰিছে৷ কিছুমান গৈছে৷ ব্যক্তিগত বাহনৰ বাদে সকলোবোৰেইচোন ৰিজাৰ্ভড্! জাকে জাকে মানুহে হাঁহি-স্ফূৰ্তি কৰি দলং দৰ্শন কৰিবলৈ আহিছে৷ টুৰিষ্ট এট্ৰেকচনত পৰিণত হৈছে ভূপেন হাজৰিকা সেতু৷
বিস্ময়-বিমুগ্ধ নেত্ৰে চাই আছোঁ অলপ আগেয়ে খোজেৰে পাৰ হৈ অহা মহাসেতুখনলৈ৷ মহিলা এগৰাকী আৰু ছোৱালী কেইজনীমানে দলং আৰু তোৰণ সজোৱা মালা কিছুমান গোটাই লোৱা দৃষ্টিগোচৰ হ’ল৷ ঘৰত নি সজাব চাগৈ৷ অন্য কণমানি দুটাই আকৌ নাৰ্জী ফুলৰ সেই মালাকে নিজৰ ডিঙিত আঁৰি লৈছে৷ সিহঁতৰ গাড়ীখনতো লগাই আছে৷ ইয়ালৈ আহিবলৈ পাই খুব স্ফূৰ্তি হৈছে ইহঁতৰ৷ ময়ো সুযোগ বুজি সিহঁতৰ স্নেপ এটা লৈ থ'লোঁ৷
মোৰ ড্ৰেচ-পাতি দেখি স্থানীয় বুলিয়েই ভাবি ল'লে চাগৈ, জনৈক দৰ্শনাৰ্থীয়ে চুইফ্ট ডিজায়াৰ এখনৰ পৰা নামি পোনেই আহি প্ৰশ্ন কৰিলে ইয়াৰ পৰা শদিয়ালৈ কিমান দূৰ, ৰাস্তা কেনেকুৱা, ইত্যাদি ইত্যাদি৷ পূৰ্ব সংগৃহীত জ্ঞান আৰু অভিজ্ঞতাৰে ময়ো শুদ্ধ উত্তৰ দিবৰ চেষ্টা কৰিলোঁ৷ আগন্তুকক সন্তুষ্ট হোৱা যেনেই লাগিল৷ কম সময়তে তেওঁৰনো মতলব কি তাৰ উমান পাই গ'লোঁ৷ দলঙেই লক্ষ্য৷ গতিকে ইয়াৰ পৰাই ঘূৰিব৷ আৰু আগলৈ যোৱাৰ আগ্ৰহ নাই৷ চালকক গাড়ী ঘূৰাবলৈ নিৰ্দেশ দিলেই৷ 'শদিয়ালৈ যদিহে আগতে কেতিয়াও যোৱা নাই, ইমানখিনি আহি পালেহি যেতিয়া কম-চেকম চপাখোৱাৰ পৰা আহকগৈ, জীৱনৰ বাবে অভিজ্ঞতা এটা হ'ব৷' এইবুলি মই উচতোৱাত লাগি গ'লোঁ৷ অলপ পাছত দেখা গ'ল, ডিজায়াৰৰ চকাকেইটা দলঙৰ বিপৰীতে ঘূৰিব লাগিছে৷
আগৰে পৰাই তাত ৰৈ থকা টাটা মেজিক এখন শদিয়াৰ দিশে যাব বুলি অথনিতেই শুনা পাইছিলোঁ৷ সুযোগ বুজি ক্ষন্তেক জিৰাওঁ বুলি পৰিবাৰসহিত সেইখনতে বহি থাকিলোঁহি৷ ইফালে ভালে সময় ধৰি বৰগোহাঁই নাই৷ কেনি গ'ল, কেনি গ'ল বুলি বিচাৰ-খোঁচাৰ কৰোঁতে দূৰত দেখা পালোঁ, 'শদিয়াত এসাজ'ৰ ফালে কোবাকুবিকৈ গৈ আছে তেওঁ৷ পাইছেগৈয়ে প্ৰায়৷ ভাবিলোঁ, কথাটো কি? ইফালে আমি বহি থকা বাহনখনতো যাত্ৰী বুলিবলৈ তৃতীয় কোনো নাই৷ চালকো অন্তৰ্ধান৷ ১০ মিনিটমান অতিবাহিত হ'ল তেনেকৈয়ে৷ দৌৰি-ঢাপৰি বৰগোহাঁই ওলালহি৷ 'আমাৰ গাঁৱৰে ল'ৰা এটাই ধাবাখন খুলিছে৷ খবৰ এটাকে লৈ আহিলোঁগৈ, সুবিধাটো পাওঁতেই৷' আহিয়েই উৎসাহেৰে ব্যক্ত কৰিলে তেওঁ হঠাতে নিৰুদ্দিষ্ট হোৱাৰ কাৰণটো৷ মই আকৌ মনে মনে ভাবি আছিলোঁ, অলপ আগতে কণী দুটা খাই পেট চলিলবা! নাই, নহয়৷

দুপৰীয়া ১২ বাজিবৰ হ'ল৷ মেজিকখন যোৱাৰ লক্ষণ নাই৷ নামি আহি ৰাস্তাৰ দাঁতিত খাপ পাতি আছোঁ৷ ডাম্পাৰ কেইখনমান আহিল৷ শাৰী পাতি ৪খন৷ সন্মুখৰ আইনাত কাগজ মৰা আছে, অন ডিউটি, মিনিষ্ট্ৰি অফ্ ৰ'ড ট্ৰেন্সপ'ৰ্ট এণ্ড হাইৱে'৷ ভাবিলোঁ, ছিগনেল দিওঁ নেকি? এগাল মানুহ উঠি আহিছে৷ এখন এখনকৈ ৩খন গহীনাই পাৰ হৈ গ'ল৷ আচম্বিতে চতুৰ্থখন আমাৰ মুখৰ আগতে ৰৈ দিলে৷ মতাই-মাইকীয়ে, ল'ৰাই-ছোৱালীয়ে গোটেইমখা নামিল৷ গাড়ী খালী৷ চালকক সুধিবলৈকে নাপালোঁ, ডাম্পাৰৰ পৰা নমা এজনেই আমালৈ চাই সুধিলে আৰু আহ্বানো জনালে৷ 'ক'লৈ যাব আপোনালোক?' 'আমি চপাখোৱালৈকে যাম৷' 'পাৰিব পাৰিব, উঠক, উঠক, গাড়ী ৰ'য়িঙলৈ যাব৷' আৰু পায় কোনে? হাঁহি-স্ফূৰ্তি কৰি উঠি গ'লোঁ এজন এজনকৈ৷ পূৰ্বতে কাহানিও ডাম্পাৰত উঠি পোৱা নাই৷ ওখ বাহনখনত উঠোঁতেই সেয়েহে আনন্দৰ মাত্ৰাটো একোব চৰিল৷ গগৈ উপাধিৰ চালকজনে ধীৰে ধীৰে আমাক আগুৱাই নিব ধৰিলে৷ খোলামনে কথা-বতৰাও পাতি গ'লোঁ৷ গাড়ীখনৰ মালিক ডিব্ৰুগড়ৰ৷ এতিয়া ৰ'য়িঙলৈ যাব, পাথৰ আনিবলৈ৷ আহল-বহল অভ্যন্তৰভাগত বহাত আৰাম সিমান নাই লগা যদিও পৰম উৎসাহ আৰু অনুসন্ধিৎসাত ডুবি গৈ থাকিলোঁ চপাখোৱা অভিমুখে৷
No comments:
Post a Comment