Friday, 14 July 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৩)


বিশাল ব্ৰিটিছ সাম্ৰাজ্যৰ সীমান্তৱৰ্তী অসম মুলুকৰ শদিয়াতে তাহানি ঘটা এটা সৰু ঘটনাই বিশ্বৰ বিভিন্ন দেশক, যুদ্ধৰ ইতিহাসক বিশেষভাৱে প্ৰভাৱিত কৰি গৈছে৷ ঘটনাটো ১৯১১ চনৰ৷ প্ৰথম বিশ্বযুদ্ধৰো আগৰ৷ সেই সময়ত ব্ৰিটিছ প্ৰশাসনৰ বাবে শদিয়া আছিল অসমৰ উত্তৰ আৰু পূবৰ পাৰ্বত্য এলেকাসমূহ (বৰ্তমানৰ অৰুণাচল প্ৰদেশ) নিয়ন্ত্ৰণৰ কেন্দ্ৰীয় স্থল। ৮ নং গোৰ্খা ৰেজিমেণ্টে তেতিয়া শদিয়াত বাহৰ পাতি আছিল৷ এদিন লণ্ডনৰ পৰা সেনা চাউনীলৈ পাৰ্চেল এটা আহিল৷ পাৰ্চেলৰ ভিতৰত আহিল দুটা কুকুৰ৷ 

উল্লেখ্য যে সেই সময়ছোৱাতে শদিয়াৰ অতিৰিক্ত ৰাজনৈতিক বিষয়া নোৱেল উইলিয়ামছনৰ অৰুণাচলৰ পাহাৰসমূহত ঘুৰি ফুৰোঁতে সন্দেহজনক পৰিস্থিতিত মৃত্যু ঘটিছিল। ব্ৰিটিছ প্ৰশাসনে সন্দেহ কৰিছিল যে তেওঁৰ মৃত্যুত স্থানীয় আবৰ (এতিয়া আদি) মানুহৰ হাত আছে৷ বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত সৈনিক কুকুৰ বেব আৰু জাম্বোক অনা হৈছিল আবৰৰ বিৰুদ্ধে চলাবলগীয়া অভিযানত ব্ৰিটিছ-অধীন সৈন্যক সহযোগ কৰিবলৈ।

পাহাৰীয়া অটব্য অৰণ্যময় দুৰ্গম এলেকাত বসতি কৰা আবৰ জনগোষ্ঠীৰ মানুহবোৰ গেৰিলা-সদৃশ যুদ্ধকৌশলত পাকৈত আৰু বিষযুক্ত কাঁড়ৰ দৰে অতি মাৰাত্মক অস্ত্ৰৰে সুসজ্জিত আছিল। গতিকে মোকাবিলা কৰাটো সহজ নাছিল। সেয়েহে ব্ৰিটিছৰ ৰণকৌশল ৰচনাকাৰীসকলে ভাবি উলিয়ালে এক অপৰম্পৰাগত যুদ্ধশৈলী। কুকুৰৰ ব্যৱহাৰ৷ তাৰে প্ৰয়োজনত লণ্ডনৰ বিখ্যাত কুকুৰ প্ৰশিক্ষক ই. এইচ. ৰিচাৰ্ডছনৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত এয়াৰডেল টেৰিয়াৰ প্ৰজাতিৰ কুকুৰ দুটা পাৰ্চেলযোগে পাইছিলহি শদিয়া৷ প্ৰতিপক্ষৰ আগমনৰ বতৰা দিয়া, মাটিত পুতি থোৱা বিষাক্ত কাঁড় শুঙি উলিওৱা, নিশাৰ ভাগত পহৰা দিয়া ইত্যাদি কাম অতি নিপুণতাৰে সমাপন কৰি দেখুৱালে কুকুৰহালে। সিহঁতৰ দক্ষতাৰ প্ৰতিবেদন লণ্ডন পালেগৈ৷


তাৰ আগলৈকে কুকুৰক এটা হিংস্ৰ প্ৰাণী বুলিয়ে গণ্য কৰি অহা হৈছিল৷ যুদ্ধত কেতিয়াও ব্যৱহাৰ কৰা নহৈছিল৷ আবৰৰ বিৰুদ্ধে ব্ৰিটিছ সেনাৰ বিজয়ত গুৰুত্বপূৰ্ণ অৱদান যোগোৱাৰ পাছৰে পৰা ইহঁত 'জীৱন-ৰক্ষাকাৰী' জীৱ হিচাপে পৰিগণিত হল৷ বিশ্বযুদ্ধতো কুকুৰ ব্যৱহাৰ হব ধৰিলে৷ এনে পৃষ্ঠপটত শদিয়াৰ নামটোও তেতিয়াৰ পৰাই অংগাংগী ৰূপত থাকি গ'ল৷

আজিৰ তাৰিখত কিন্তু কুকুৰ নহয়, বৰং জাক জাক গৰুহে শদিয়াৰ ৰাস্তাৰ ওপৰত য'তে-ত'তে আমি দেখা পাইছোঁ৷ এসময়ত আমাৰ গৃহ-চহৰ ডিফুখনতো এই ৰূপটো সুলভ আছিল৷ এতিয়া দুৰ্লভ৷ আগতে নগণ্যসংখ্যক যান-বাহন চলাচল কৰা শদিয়াত ভূপেন হাজৰিকা সেতুৰ প্ৰভাৱত এতিয়া গাড়ী-মটৰ বাঢ়িল৷ গতিকে সহজে অনুমেয় যে নিকট ভৱিষ্যতত এই ছবিখন সলনি হ'বলৈ বাধ্য৷ তথাপিতো ক'ব লাগিব বৰ্তমানৰ সত্যটো৷ গৰু-গাই আছে বাবে ইয়াত গাখীৰ উভৈনদী৷ ভাল গাখীৰ আছে বাবেই দুগ্ধৰে তৈয়াৰী পুষ্টিকৰ খাদ্যৰ ইয়াত অভাৱ নাই৷ শদিয়াৰ আলহী হৈ আমি সেইবোৰৰ সোৱাদ লৈ আছোঁ৷


No comments:

Post a Comment