Thursday, 6 July 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৩৪)

বহল ৰাস্তাটোৰ সিপাৰে শদিয়া গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডাৰী স্কুলখন৷ প্ৰতিষ্ঠা ১৯০৫ চন৷ শতবৰ্ষ গৰকি যোৱা শিক্ষানুষ্ঠান৷ তাহানিতে স্থাপন কৰা শদিয়া চৰকাৰী হাইস্কুলত পঢ়িবলৈ দূৰ-দূৰণিৰ পৰাও ভালেসংখ্যক ছাত্ৰ আহিছিল, যত বৰ্ডিঙৰ ব্যৱস্থা আছিল৷ দেশে স্বাধীনতা অৰ্জন কৰাৰ আগে আগে অৰ্থাৎ ১৯৪৬ চনত বিদ্যালয়খনক চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছিল৷ ১৯৭৬ চনত বিজ্ঞান আৰু কলাৰ সংযোজনেৰে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰ্যায়লৈ নিয়া হৈছিল৷ হায়াৰ ছেকেণ্ডাৰী স্তৰলৈ উন্নীতকৰণৰ ঘোষণা কৰিবৰ বাবে শদিয়াত আয়োজিত অনুষ্ঠানত দেশৰ তেতিয়াৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে অংশ গ্ৰহণ কৰিছিল৷ গতিকে ইয়াৰ দ্বাৰা এইটো কথাই প্ৰতিপন্ন হয় যে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ গৰাহত পৰিও শদিয়া শিক্ষা-সংস্কৃতিৰ ক্ষেত্ৰত পিছ পৰা ঠাই নাছিল৷ তুলনামূলকভাৱে চালে দেখা যায় যে স্বাধীনতাৰ উত্তৰকালতহে অসমৰ প্ৰায়বোৰ অঞ্চলত মজলীয়া অথবা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা হৈছিল৷ সেইফালৰ পৰা অসমৰ একোণৰ শদিয়া নামৰ ঠাইখন আধুনিক শিক্ষাৰ ক্ষেত্ৰত বাটকটীয়া আছিল বুলি কব পাৰি৷ অৰুণাচল প্ৰদেশত শিক্ষাৰ প্ৰসাৰত বিশিষ্ট অৱদান দি নাম ৰাখি যোৱা ইন্দিৰা মিৰিৰো বে'চ কেম্প শদিয়াই আছিল৷ পৰৱৰ্তী কালত ১৯৮২ চনত শদিয়া মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছে৷

বিদেশী ব্ৰিটিছ বাহাদুৰে শদিয়াক বৰ মৰমৰ চকুৰে চাইছিল বুলি জনা যায়৷ ১৯০১ চনতে ইংৰাজে এই সুদূৰ প্ৰান্তৱৰ্তী স্থানত চৰকাৰী শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিছিল৷  ইংৰাজ চৰকাৰৰ প্ৰচেষ্টাতে আজিৰ পৰা এশৰো অধিক বছৰ পূৰ্বে শদিয়াত মজলীয়া বিদ্যালয় স্থাপন হৈছিল৷ শদিয়াৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যত অভিভূত হৈ শদিয়াক দ্বিতীয় শ্বিলং হিচাপে অভিহিত কৰাই নহয়, গঢ় দিয়াৰো পূৰ্ণ প্ৰচেষ্টা চলাইছিল সাত সাগৰ তেৰ নদী পাৰ হৈ অহা ব্ৰিটিছ শাসকে৷ কিন্তু অশুভ পৰিস্থিতিৰ চাকনৈয়াত পৰি সেয়া সম্ভৱপৰ নহ'লগৈ৷ দেখা যায়, পিছলৈ এই শদিয়াই দেশীয় চৰকাৰৰ দ্বাৰা প্ৰতিটো ক্ষেত্ৰতে উপেক্ষিত হৈ পৰিল৷ বিশেষকৈ যাতায়াত বা যোগাযোগৰ দিশত৷ তাকে লৈ শদিয়াৰ মানুহ ক্ষোভিত হোৱা, অৰুণাচল প্ৰদেশৰ সৈতে একাকাৰ হোৱাৰ আশংকাও বহু চিন্তাশীল আৰু বুদ্ধিজীৱীয়ে খোলাখুলিকৈ ব্যক্ত কৰি নহা নহয়৷ দিল্লী-দিছপুৰে শদিয়াক মাহী আইৰ চকুৰে চোৱা, নিচেইকৈ গুৰুত্ব নিদিয়া আদিকে ধৰি এশ-এবুৰি অভিযোগ আছে৷ আগন্তুক দিনত ঠাইখনৰ কেনে ৰূপান্তৰ সাধন হয় সেয়া সময়ে ক'ব৷

শ্বাহনাজৰ স্বামী ছাজিদ আলম৷ শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়তে শিক্ষকতা কৰে৷ ইংৰাজীৰ বিষয় শিক্ষক৷ স্কুলখনৰ পাছফালে থকা ২ নং কোৱাৰ্টাৰটোত বসতি৷ ডাম্পাৰৰ পৰা নামি আমি হাইৱে'টো পাৰ হ'লোঁ৷ এনেয়ে হ'লে চকু মুদি সিপাৰ পাব পৰা গ'লহেঁতেন৷ আজি পিছে কথা বেলেগ৷ সোঁহাত-বাওঁহাত চাই ল'বলগীয়া হৈছে৷ সাৱধানতা অৱলম্বন কৰিবলগীয়া হৈছে৷ কাৰণ গাড়ীৰ সংখ্যা বাঢ়িছে৷ দলঙৰ প্ৰভাৱ!

স্কুলৰ বাউণ্ডেৰী ৱালৰ কাষেৰে আগলৈ যোৱা পকা ৰাস্তাটোৰে কোৱাৰ্টাৰলৈ বুলি দুয়ো পোনাই দিছোঁ৷ নিৰ্দিষ্ট গৃহটোলৈ কেইখোজমান বাকী৷ তেনেতে ঠিক আগৰ ঘৰটোৰ সন্মুখত বিৰাজমান মানুহ এজন আমাক দেখি উৎসাহেৰে আগুৱাই আহিল৷ মুখত এমোকোৰা হাঁহি৷ পুৰণি চিনাকি কোনোবা হ'ব পাৰে নেকি বুলি সূক্ষ্ম দৃষ্টিৰে চালোঁ৷ নাই, নহয়৷ তেনেকুৱাতে আগন্তুকে মোৰ ফালে সোঁহাতখন আগ বঢ়াই দিলে৷ কৰমৰ্দন কৰিলোঁ আমি৷ হাতখনত ধৰি থাকিয়েই ক'ব ধৰিলে তেওঁ, আপোনালোকক মই দলঙত দেখি আহিছিলোঁ৷ আপোনালোকে গোটেই দলংখন খোজ কাঢ়ি পাৰ হৈ আহিছে ন? খুব ভাল লাগিল দেই ইয়াত লগ পাই৷ মই মন কৰিছিলোঁ, আপোনালোকৰ লগত গাড়ী নাই৷ ওচৰে-পাজৰে ক'তো ৰখাই থোৱাও নাই৷ তেতিয়াই নিশ্চিত হ'লোঁ যে আপোনালোক খোজেৰেই গৈ আছে৷' আমাক কথা কোৱাৰ সুযোগ নিদি তেওঁ একে লেথাৰিয়ে কৈ গ'ল, 'মই তিনিচুকীয়াৰ পৰা আহি আছিলোঁ৷ গাড়ী ৰখাই মাজে মাজে ৰৈছিলোঁ দলঙত৷ তেতিয়াই লক্ষ্য কৰিছিলোঁ, আপোনালোকে খোজ কাঢ়ি কাঢ়ি আহিয়েই আছে, আহিয়েই আছে৷ ভাল লাগিছিল দেখি৷

যেন বিৰাট কিবা অসাধ্য সাধনহে কৰি আহিছোঁ আমি দম্পতীহালে! আগন্তুকৰ কথা-বতৰাত সেই ধৰণৰ ভাব-ভংগীয়ে প্ৰকাশ পালে৷ ক'বলৈ মন আছিল যে আমিনো কোন কূটা? শদিয়াৰ মানুহে দলংখন নোহোৱা পৰ্যন্ত অহা-যোৱাৰ নামত জীৱনত যিমানহে বাটকুৰি বাই থৈছে তাৰ তুলনাত আমাৰ প্ৰচেষ্টা তেনেই নগণ্য৷ আৰু জনাবলৈ ইচ্ছা আছিল যে সেয়া আচলতে কোনো প্লিজাৰ ট্ৰিপ নাছিল৷ আছিল ছেল্‌ফ টেষ্টহে৷ শাৰিৰীক-মানসিকভাৱে এই বয়সতনো কিমান সবল-সতেজ হৈ আছোঁ তাৰে নিজস্ব পৰীক্ষা এটা৷ সি যি কি নহওক, আদবাটতে অচিনাকিজনৰ পৰা ফিজিকেল ফিটনেচৰ চাৰ্টিফিকেট এখন পাই গ'লোঁ৷ সম্ভ্ৰমেৰে তেওঁক ধন্যবাদ জনাই বিদায় মাগিলোঁ৷

কেইখোজমান আঁতৰতে শ্বাহনাজহঁতৰ চৰকাৰী বাসভৱনটোৰ গেটখন৷ নিমাওমাও পৰিৱেশ৷ ঘৰটোৰ সন্মুখ পালোঁহি৷ ঘড়ীলৈ চালোঁ৷ সময় দিনৰ ঠিক ১২.৩০৷ আচলতে আগতীয়াকৈ কোনো খবৰ-খাতি নিদিয়াকৈ হঠাতে আহি ওলোৱাৰে মতলব আছিল৷ কিন্তু উত্তেজনাটো সামৰিব পৰা নগল৷ এতেকে কালি ৰাতিয়ে ফোনত তাই গম পাই গল যে আজি আমি আহি আছোঁ৷ আৰু কোৱামতেই এয়া সোঁশৰীৰে দুয়ো উপস্থিত৷

গেট খোলা গম পায়ে শ্বাহনাজ ওলাই আহিল৷ দীঘলীয়া হাঁহিৰে আদৰি নিলে পুৰণি বান্ধৱীক৷ ১৭টা বছৰ ধৰি হেৰাই থকাৰ অন্তত সহপাঠী দুজনীৰ দেখাদেখি হল৷ পৰস্পৰে পৰস্পৰক হেঁপাহেৰে চুই চাবলৈ পালে৷ ধলা-শদিয়াই, ভূপেন হাজৰিকা সেতুৱে এনেকৈয়ে পুনৰ্মিলন ৰচনা কৰিলে পুৰণি সহপাঠীৰ৷ অপূৰ্ব মিলনাত্মক দৃশ্যটো আঁতৰৰ পৰাই প্ৰাণভৰি উপভোগ কৰি ৰ'লোঁ মই৷






No comments:

Post a Comment