Thursday, 6 July 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৩৫)

বাট-পথৰ অৱস্থাটো চকুৱে ধৰিব পৰালৈকে আমি ঠিকেই দেখিছোঁ৷ তত্ৰাচ, অধিক জনা মানুহে কোৱামতে এতিয়াও সকলোফালে এশ শতাংশই ভাল বুলিব নোৱাৰি হেনো৷ কিন্তু শদিয়াৰ আবহাৱা, ইয়াৰ জলবায়ু হ'লে বৰ ভাল৷ খোৱা-বস্তু উভৈনদী আৰু সুলভ যদিও সীমিতসংখ্যক দোকান-পোহাৰ৷ সময়সাপেক্ষে দৰকাৰ হোৱা কেতবোৰ বিশেষ বিশেষ বস্তু মনে বিচৰামতে উপলব্ধ নহয়৷ নাই বুলিলে নাই৷ দৰৱত দিবলৈও নাই৷ বৃহৎ বজাৰ বুলিবলৈও ওচৰত নাই৷

ইফালে ৰমজান মাহ আৰু ৰোজা সমাগত৷ আৰম্ভ হ'ব কাইলৈৰ পৰা৷ আজি পিছনিশা উঠিব লাগিব৷ সেই হেতুকেই ছাজিদ তিনিচুকীয়ালৈ গৈছে মাহটোৰ বাবে প্ৰয়োজনীয় কিবাকিবি গোটাই আনি থ'বলৈ৷ সূৰ্যোদয়ৰ পৰা সূৰ্যাস্ত পৰ্যন্ত পৱিত্ৰ মাহটোৰ প্ৰতিদিনে ইছলামধৰ্মীয় উপবাস-ব্ৰত পালন কৰা ৰোজাধৰীয়া মানুহ৷ তাৰ তুলনাত আমিবোৰ তেনেই বিধৰ্মী৷ ধৰ্ম আচৰণত সমূলি মতি নাই৷ বাসনাৰ আহ্বান সম্বৰণ কৰিব পৰাত বিফল৷ ফুৰি আছোঁ বাৰ্ষিক কেলেণ্ডাৰৰ এনে এক গুৰুত্বপূৰ্ণ সময়তো! ধৰ্ম-কৰ্ম এৰি দীঘল দলং চাবলৈ তুৰন্তে ঢপলিয়াই আহিছোঁ, কেইবাশ কিল'মিটাৰ নিলগৰ পৰা!

আহি থাকোঁতে বাটত কেতিয়া, কোনখিনিতনো পৰস্পৰে পৰস্পৰক অতিক্ৰম কৰিলোঁ ধৰিবই নোৱাৰিলোঁ কোনেও৷ আমাৰ মাজত দেখা-সাক্ষাৎ নহ'ল৷ ছাজিদৰ লগত মাইছা আৰু ফাৰহানো গৈছে৷ সিবাৰ আহোঁতে ল'ৰা-ছোৱালীহালক লগ পাইছিলোঁ মই৷ আনহাতে শ্বাহনাজো যোৱাৰ কথা আছিল৷ আমাৰ আগমনৰ বাবে ৰৈ যাবলৈ বাধ্য হ'ল৷ যিমান যি হ'লেও আলহী সাক্ষাৎ দামোদৰ! তাতে পুৰণি এঠা, অধিক জেপেটীয়া৷

চপাখোৱাৰ পৰা তিনিচুকীয়ালৈ ৭০ কিল'মিটাৰৰ ওচৰা-উচৰি যদিও ভাল ৰাস্তা আৰু বিশেষকৈ দলংখন হৈ উঠাত সেই দূৰত্ব এতিয়া ভাতৰ লগত পানী খোৱাৰ অনুৰূপ হৈ পৰিছে৷ তেনেস্থলত এইটো নিশ্চিত যে শদিয়াৰ ফালৰ মানুহৰ তিনিচুকীয়াত বজাৰ কৰাৰ ধুম উঠিবই উঠিব৷ পৰিৱেশ-পৰিস্থিতিৰ এনে পৰিৱৰ্তনে কেৱল শদিয়াবাসীকে নহয়, বাহিৰৰ মানুহ হিচাপে আমাকো বুজাব নোৱাৰা ধৰণে উৎসাহিত কৰিছে আৰু লৈ আহিছে ইয়ালৈ৷

এটা সময় আছিল, উন্নয়নহীনতা, বিশেষকৈ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰে অকণো কাণ-সাৰ নিদিয়াৰ পৰিপ্ৰেক্ষিতত মাজে-সময়ে এইফালৰ একাংশ ক্ষুব্ধ জনতাই অৰুণাচল প্ৰদেশৰ লগত চামিল হোৱাৰ ভাবুকি দি আহিছিল৷ বিধ্বস্ত ৰূপত অসমৰ লগত এনেকৈ কেলঢোপ কেলঢোপ কৰি থকাতকৈ শদিয়াখন অৰুণাচলত যোগ হোৱা বহুগুণে ভাল বুলি জনমত গঠনত নামি পৰিছিল ভুক্তভোগী অঞ্চলবাসী৷ দুৰ্ব্যৱস্থাত অতিষ্ঠ মানুহৰ বাবে এইটো তেনেই স্বাভাৱিক কথা৷ নতুন দলংখনে যেনিবা আশংকাটো ইমানতে ৰোধ কৰিলে৷ শদিয়াবাসীৰ শত-সহস্ৰ আশা-আকাংক্ষাৰ বাস্তৱ ৰূপায়ণ হ'বলৈ এতিয়াও বহুখিনি বাকী থাকিলেও অন্ততঃ দীৰ্ঘদিনীয়া সেই দুৰ্ভাবনা, সেই দুৰ্যোগ বহুলাংশে নাইকিয়া হল৷ বাহিৰৰ মানুহৰ কাৰণেও ইমানদিনে শদিয়া আছিল অজান্তি মুলুক, বিকৰ্ষণৰ ঠাই৷ দলঙে শদিয়াক কালিৰে পৰা আকৰ্ষণৰ ঠাইত পৰিণত কৰি পেলালে৷ সঁচা অৰ্থতে ৰিং এটাৰ বাটলৈ পৰ্যবসিত কৰিলে প্ৰান্তীয় শদিয়া, চপাখোৱাক৷ তাৰ প্ৰমাণ অলপ আগতে ৰাস্তাত দেখা পোৱা গাড়ীবোৰেই দিলে আমাক৷

আমাৰ বাবে ভাত-পানী আগতেই ৰে'ডী হৈয়ে আছিল৷ গতিকে লগ পোৱাৰ পাছৰে পৰাই দুই বান্ধৱীয়ে গল্প কৰাতহে মত্ত হৈ পৰিল৷ ল'ৰা-ছোৱালীৰ জঞ্জাল নাই৷ সময় যেন এতিয়া এক্সক্লুচিভলি তেওঁলোকৰ! পুৰণি দিনৰ ৰোমন্থন, নতুন দিনৰ চিন্তা-কল্পনা৷ চন-তাৰিখবোৰ একোবাৰ অতীতলৈ আগুৱাই গৈছে৷ আকৌ ঘূৰি আহিছে বৰ্তমানলৈ৷ শ্বাহনাজে দি যোৱা নেমুটেঙাৰ চৰ্বত গিলাচত চুমুক দি ভাল ছাত্ৰৰ দৰে অকণো আমনি নকৰাকৈ দুকাণেৰে তেওঁলোকৰ অাঁত নিছিগা কথোপকথন মাথো শুনি গৈছোঁ মই৷ মাজে মাজে তাই মোলৈ চাই সোধা ডিফুকেন্দ্ৰিক প্ৰশ্নবোৰৰ জবাব দিছোঁ৷

অলপ পাছতে গা-পা ধুই ভাত খালোঁ৷ জিৰণি লোৱাৰ কথা ওলাল যদিও জিৰণিৰ নামতো লানি নিছিগা কথা-বতৰাই চলি থাকিল শ্বাহনাজ আৰু নাজমাৰ মাজত৷ ভাগৰৰ ভ-টোও যেন নাই আমাৰগৰাকীৰ৷ দলং উদ্বোধনক কেন্দ্ৰ কৰি এইফালে এইকেইদিন জনসাধাৰণৰ মাজত কেনে মাত্ৰাত স্ফূৰ্তি চলিছে তাৰ আভাস দিবৰ যত্ন কৰিছে শ্বাহনাজে৷ আকৌ ঘূৰি গৈছে কলেজীয়া দিনবোৰলৈ৷ নস্তালজিক হৈ পৰিছে দুয়ো৷ হাজাৰ হ'লেও অ'ল্ড ইজ্‌ গ'ল্ড!




No comments:

Post a Comment