শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৩২)
এবাৰ শদিয়াত ভৰি থোৱাৰ পাছৰে পৰাই শদিয়াই মোকো বৰকৈ আকৰ্ষণ কৰি থৈছে৷ মন কৰিছিলোঁ, ভাবিব নোৱাৰা বিধৰ নিৰিবিলি পৰিৱেশ আছে শদিয়াত৷ তাত যেন বিচাৰি পাইছিলোঁ পুৰণি ডিফুখনৰ সৈতে মিলা কিছু চিনাকি সৌৰভ, এৰি অহা দিনবোৰৰ লগত খাপ খোৱা বাস্তৱতাৰ অংশবিশেষ৷ শান্তিপ্ৰিয় মানুহৰ বাবে শান্তি আছে তাত৷ গাঁৱৰ মিঠা সুবাস এটা আছে৷ গুটি সিঁচিলেই লহপহকৈ শস্য গজি অহা উৰ্বৰা গুণাগুণ আছে মাটিৰ৷ বাহ্যিকতাৰ পৰশ গাত পৰা নাই বাসিন্দাসকলৰ৷ গতিকে তেওঁলোকৰ চৰিত্ৰত তথাকথিত আধুনিকতা প্ৰকাশক কৃত্ৰিমতাও অনুপস্থিত৷ সেয়েহে দলং হোৱাৰ লগে লগেই স্ফূৰ্তিত ক’ব নোৱাৰা হ’লোঁ আমি৷ চব কথা বাদ দি ওলাই দিলোঁ শদিয়ালৈ বুলি৷ ঠিক কৰিলোঁ, খোজ কাঢ়ি পাৰ হ'ম দেশৰ দীঘলতম দলং৷ পামগৈ ছাজিদ-শ্বাহনাজৰ ঘৰ৷
এবাৰ শদিয়াত ভৰি থোৱাৰ পাছৰে পৰাই শদিয়াই মোকো বৰকৈ আকৰ্ষণ কৰি থৈছে৷ মন কৰিছিলোঁ, ভাবিব নোৱাৰা বিধৰ নিৰিবিলি পৰিৱেশ আছে শদিয়াত৷ তাত যেন বিচাৰি পাইছিলোঁ পুৰণি ডিফুখনৰ সৈতে মিলা কিছু চিনাকি সৌৰভ, এৰি অহা দিনবোৰৰ লগত খাপ খোৱা বাস্তৱতাৰ অংশবিশেষ৷ শান্তিপ্ৰিয় মানুহৰ বাবে শান্তি আছে তাত৷ গাঁৱৰ মিঠা সুবাস এটা আছে৷ গুটি সিঁচিলেই লহপহকৈ শস্য গজি অহা উৰ্বৰা গুণাগুণ আছে মাটিৰ৷ বাহ্যিকতাৰ পৰশ গাত পৰা নাই বাসিন্দাসকলৰ৷ গতিকে তেওঁলোকৰ চৰিত্ৰত তথাকথিত আধুনিকতা প্ৰকাশক কৃত্ৰিমতাও অনুপস্থিত৷ সেয়েহে দলং হোৱাৰ লগে লগেই স্ফূৰ্তিত ক’ব নোৱাৰা হ’লোঁ আমি৷ চব কথা বাদ দি ওলাই দিলোঁ শদিয়ালৈ বুলি৷ ঠিক কৰিলোঁ, খোজ কাঢ়ি পাৰ হ'ম দেশৰ দীঘলতম দলং৷ পামগৈ ছাজিদ-শ্বাহনাজৰ ঘৰ৷
আগতে দলং নাছিল৷ এতিয়া দলংখন হোৱাৰ পাছত শদিয়াৰ
ৰং-ৰূপ, ৰস-গোন্ধ সকলোযে বেলেগ হৈ পৰিব সেইটো খাটাং৷ ব্যৱসায়ী গোষ্ঠীয়ে অনেক ধৰণৰ কায়-কাৰবাৰ
আৰম্ভ কৰিব৷ শদিয়া, ৰ'য়িং, তেজু ইত্যাদি পর্যন্ত হাট-বজাৰ সম্প্ৰসাৰিত হ’ব৷ মানুহৰ সংখ্যা দিনকদিনে বাঢ়ি আহিব৷ ডাঙৰ ডাঙৰ স্কুল-কলেজ প্ৰতিষ্ঠা
হ’ব৷ ডাঙৰ ডাঙৰ স্বাস্থ্য কেন্দ্ৰ হ’ব৷ আৰু অনেক কিবাকিবি গঢ় লৈ উঠিব৷ ব্যস্ততাৰে পূৰ্ণ চহৰ হৈ পৰিব
শদিয়া৷ সময়ৰ সৈতে খোজত খোজ মিলাই সকলো ভাল বস্তুৱেই হোৱাৰ সপক্ষে পোষকতা কৰোঁ৷ মাথো বাৰে বাৰে এই লৈহে শংকা হয় যে শান্তিপূৰ্ণ বসতিৰ
ক্ষেত্ৰত আগতে ভূ-স্বৰ্গ বোলা শদিয়াৰ আত্মিক সৌন্দৰ্য, শান্তিময় পৰিৱেশটো পিছলৈকো বৰ্তি থাকিবগৈনে?
বিশুদ্ধ বায়ুৰ ঠাইত নানা তৰহৰ প্ৰদূষণে আৱৰি ধৰিব নেকি শদিয়াক? বৃহৎ পুঁজিপতিৰ কেঁকোৰা চেপাত থলুৱা কৃষক ভূমিহীন, উচ্ছেদ আদি জনস্বাৰ্থৰ পৰিপন্থী অনাকাংক্ষিত হস্তক্ষেপৰ দ্বাৰা লৈ-লৈ থৈ-থৈ নহয়তো? মহান শিল্পীগৰাকীৰ নামকৰণেৰে
হোৱা সেতুখনে ইয়াৰ সহজ-সৰল মানুহখিনিক যেন আগৰ হাঁহি আৰু বিশুদ্ধ আনন্দকণেৰে সৈতে শান্তি-সম্প্ৰীতিৰে জীয়াই ৰাখে৷ অন্তঃকৰণেৰে তাকে কামনা কৰোঁ৷
মহাভাৰতৰ মহাযুগৰ সাক্ষী শদিয়া অৰুণাচল প্ৰদেশৰ
দিবাং সমভূমিৰ দক্ষিণাঞ্চলৰ লোহিত আৰু দিবাং নৈৰ সংযোগস্থলত অৱস্থিত৷ গাতে লাগি আছে
অৰুণোদয়ৰ দেশ অৰুণাচল৷ কত ইতিহাস, কত পুৰাকথা, কত বিচিত্ৰ মানুহৰ মনোৰম থলী এই শদিয়াখন ৰিং এটাৰ বাটযে মুঠেই নাছিল সেয়া সৰ্বজনবিদিত৷ শদিয়াৰ যাতায়াত ব্যৱস্থাক লৈ সৃষ্টি
হোৱা মুখৰোচক কাহিনী এটা এদিন পঢ়িবলৈ পাইছিলোঁ৷ এবাৰ হেনো শদিয়াৰ এঠাইত ডকাইতি কাণ্ড সংঘটিত
হ’ল৷ ঘটনাৰ তদন্তৰ বাবে তিনিচুকীয়াৰ
পৰা আহিব লাগিল আৰক্ষীৰ দল৷ খৰালি দিন আছিল৷ ফেৰীখন ঘূৰি-পকি যাবলগীয়া হৈছে৷ ছৈখোৱা
ঘাটৰ পৰা শদিয়া ঘাট পাবলৈ অনেক সময় লাগি যায়৷ নদীৰ মাজভাগত দেখা গ’ল, সিফালৰ পৰা মেচিন নাও এখন
আহি আছে৷ ওচৰ পাওঁতে নাওখনৰ পৰা কোনোবাই আৰক্ষীৰ দলটোক উদ্দেশ্য কৰি ৰিঙিয়ালে, ‘ঐ ছাৰ, আমাক বিচাৰি আহিছ হ’বলা? আপোনালোক আহিব বুলি নাজানিলোঁ
নহয়৷ আমি আহিলোঁৱেই৷ তাত এতিয়া কাক বিচাৰি পাবি?’ আৰক্ষীৰ মহা পয়মাল হ’ল৷ ডকাইতকেইটা মুখৰ আগত দেখা পাই আছে, অথচ ধৰিবগৈ নোৱাৰে৷ মাজপানীত নামেনো কেনেকৈ?
সেয়াই শদিয়া৷ অসমৰ ক’লীয়াপানী বুলি কৈছিল আগতে৷ এবাৰ
গ’লে দ্বিতীয়বাৰ নাহোঁ বুলি কাণত
ধৰিছিল মানুহে৷ আহোম যুগত ৰাজৰোষত পৰা সত্ৰাধিকাৰক নিৰ্বাসন দিয়া হৈছিল এই ঠাইলৈকে৷ বাৰিষা যোগাযোগ বন্ধ৷ বিচ্ছিন্ন দ্বীপ৷ আৰু এতিয়া? যাৰে যিমান ইচ্ছা, বাৰেপতি আহিব পাৰিব শদিয়ালৈ৷ দলং হৈ গ’ল৷ স্বাধীনতাৰ ৭০তম বছৰত ভাল দিন আহিল ক’লীয়াপানীলৈ৷ তামোল এখন খোৱাৰ পৰতে এতিয়া পাৰ হৈ যাব পাৰি বহল লোহিতখন৷ আমি যেনিবা খোজেৰে পাৰ হৈ চালোঁ৷ কইনা বুলনেৰে ৩ ঘণ্টাৰ ওচৰা-উচৰি সময় লৈ যাত্ৰাপথটো হেঁপাহ পলুৱাই উপভোগ কৰিলোঁ৷ পাছলৈ হয়তো ৰে'লপথো আহিব এইফালে৷ চাগৈ এদিন বিমানঘাটিও গঢ় লৈ উঠিব শদিয়াৰ আশে-পাশে কেনিবা৷ দলঙৰ ওচৰতে হে'লিপেড হ'ব বুলি খবৰ ওলাইছেই ইতিমধ্যে৷ হওক, সকলো হওক৷ প্ৰধান মন্ত্ৰীয়ে ক'বৰ দৰেই, পূবৰ পৰাই আৰম্ভ হওক ভাৰতৰ প্ৰকৃত বিকাশ৷
প্ৰায় ৩৫ মিনিট ধৰি কৰা ডাম্পাৰ যাত্ৰাটোৰ সমাপ্তি ঘটিল যেতিয়া শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখ পালোঁগৈ৷ আগেয়ে জনাই থোৱামতেই গগৈয়ে সেইখিনিতে ব্ৰে’কত হেঁচা প্ৰয়োগ কৰিলে৷ ভাড়া দিব খোজোঁতে তেওঁ ল’বলৈ ইতস্ততঃবোধ কৰি উঠিল৷ কথা নামানি ‘সেইটো কেনেকৈ হ’ব? আপুনি চাহ খাব দেই৷ লওকচোন লওক’ বুলি টকাকেইটামান হাতৰ মুঠিত গুজিহে শ্ৰীমতী বেগম ক্ষান্ত হ’ল৷ আমি দুয়ো নামিলোঁ৷ স্বভাৱজাতভাৱেই মই ওপৰৰ পৰা জাঁপ দিলোঁ৷ আনহাতে অন্য বাহনৰ তুলনাত বেছ ওখ যদিও আমাৰ এওঁ দৰ্শনীয় পাৰ্গতালিৰেই ডাম্পাৰৰ পৰা নামি শদিয়াৰ মাটিত প্ৰথমবাৰলৈ ভৰি দিলে৷ ভাৰতৰ দীৰ্ঘতম দলংখন খোজেৰে পাৰ হৈ অহাৰ পাছত কলেজীয়া দিনৰ পুৰণি বান্ধৱীক সুদীৰ্ঘ ১৭টা বসন্তৰ বিৰতিতযে সন্মুখলৈ অহা কেইটামান উৎকণ্ঠিত মুহূৰ্তৰ ভিতৰতে দেখা পাই যাব, সেই আনন্দৰ জিলিঙনি তেওঁৰ দেহে-মনে ফুটি উঠা দেখা গ’ল৷
No comments:
Post a Comment