Thursday, 27 July 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৫)

দিনৰ ১২.১৫ত আমি দেওপানীৰ পাৰ এৰি গাড়ীত বহিলোঁ৷ তাৰ আগতেই সৰু চাই শিলগুটি এটা পানী-যুঁৱলিৰ পৰা সংগ্ৰহ কৰি ল'লোঁ, আজিৰ দিনটোৰ স্মৃতিচিহ্ন হিচাপে ৰাখিম বুলি৷ সকলো উঠাৰ ইংগিত পাই ছাজিদ আলমে গাড়ী এৰি দিলে৷ প্ৰথমে নৈৰ বুকুৰে কেইচেকেণ্ডমান, তাৰ পাছত আলিলৈ উঠিল৷ নিৰ্মীয়মান দলংখন দেখা পাই আছোঁ৷ সম্পূৰ্ণ হ'লে এইটো বাটে অহাৰ, এতিয়াৰ দৰে মজা লোৱাৰ মুদা মৰিব৷ তেনেতে স্ত্ৰী দুগৰাকীয়ে প্ৰস্তাৱ আনিলে যে টাউনত কিবা এটা খোৱা যাওক৷ সন্তান দুটিৰ উগ্ৰ সমৰ্থকৰ ৰূপ৷ ময়ো সিহঁতৰ ফলীয়া হৈ স্ফূৰ্তি অকণমান কৰিলোঁ৷

য়িঙত ভাল মিঠাই পোৱা যায়৷ আমি নেৰিষ্টত পঢ়ি থকা কালত আমাৰ কেম্পাচৰ নাতিদূৰৈত থকা অৰুণাচল প্ৰদেশ চৰকাৰৰ অধীনস্থ বিভাগীয় লাইভষ্টক চেণ্টাৰটোলৈ ৰয়িঙৰ পৰাই পেৰা, ক্রীম আদি চাপ্লাই হৈছিল৷ চাহিদা বেছি, যোগান কম৷ গৈ পোৱা মাত্ৰেই শেষ৷ কেতিয়াবা পাইছিলোঁ, কেতিয়াবা নাপাওঁৱেই৷ তাকে মনত পেলাই মূল পথৰ বাঁওকাষে পোৱা ফেমিলী ৰেস্তোঁৰাত সোমাই গাখীৰেৰে তৈয়াৰী মিঠাই খালোঁ আটায়ে৷ গৰমৰ পৰা ৰক্ষা পাবলৈকে গাড়ীখন ৰাখিবলৈ গছৰ ছাঁ অকণমান বিচাৰি বহুখিনি পিছুৱাবলগীয়া হ'ল৷ খোৱা হোৱাৰ পাছত ঘৰমুখী যাত্ৰা৷ গাড়ীখন আনিবলৈ জেঠমহীয়া ৰ'দ মূৰত লৈ আকৌ এবাৰ তালৈ যাবলগীয়া হ'ল ছাজিদ৷ সেইকণ সময়তে আমি পৰিচয় হ'লোঁ গুৱাহাটীৰ পৰা দীঘল দলং আৰু ৰ'য়িং চাবলৈ অহা দল এটাৰ সৈতে৷ ১.০০ বাজিবৰ হলহি৷

চিপ্‌ৰে-না-বা৷ ধন্যবাদ৷ মিছিমি দোৱানেৰে আকৌ এবাৰ মৰমী অৰুণাচলক ধন্যবাদ জনালোঁ ৰ'য়িঙৰ মাটিৰ পৰাই৷ এই বাটে নাহো দুনাই বুলি আগতে কাণত ধৰি শপত খাই থোৱাসকলে এতিয়া শদিয়াৰ দলংখন পাই নিজৰ বাক্য উঠাই ল'বলৈ বাধ্য হ'বই হ'ব৷ অৰুণাচলী-ধৰিত্ৰীৰ বিশুদ্ধ ৰূপ বাৰে বাৰে নোচোৱাকৈ থাকিব পাৰিজানো? ময়ো আশা ৰাখিলোঁ, আকৌ আহিম এই বাটেৰে৷ আনিনি, আনিনিৰ সিপাৰৰ চীন সীমান্ত চামগৈ৷ আনিনিৰ প্ৰতি মোৰ দুৰ্বলতা আছে, আগৰে পৰাই৷ বাট-পথ নাই, নিত্যপ্ৰয়োজনীয় বয়-বস্তু এয়াৰ ড্ৰপিং হয় বুলি জনা দিনৰে পৰাই৷ তাকে লৈ আত্ম-অন্বেষণৰ কল্পচিত্ৰ আঁকিছোঁহে আঁকিছোঁ৷ শদিয়ানো কি আৰু উজাই যাম বুলি খগেন মহন্তৰ সুৰত সুৰ মিলাই সৰুৰে পৰা গীত গাইছোঁহে গাইছোঁ৷ আজিলৈ যোৱাই হোৱা নাইচোন! খুব বেয়া কথা হৈছে৷ চাংপো, মানস সৰোবৰ আমি কিমানে দেখিছোঁনো? হিমালয় বগাই জোন থপিয়াই আনিছে টিনে মেনা, আঞ্চু জাছেনপা, তাপি ম্ৰাহঁতেহে৷ ক'বলৈ গ'লে আমি একোৱেই দেখাই নাই এতিয়াও৷ বৰ লাজৰ কথা হৈছে৷

সৌন্দৰ্যমগন মুহূৰ্তবোৰ আৰু আমাৰ মানসিক-শাৰীৰিক-আৰ্থিক সীমাবদ্ধতাৰ কথাকে অকলে অকলে ভাবি আহি আছোঁ৷ বলুং পালোঁ৷ কলহনৰ ৰাজতৰংগিনীত যেনেকৈ অসম জীয়ৰী অমৃতপ্ৰভা উপেক্ষিত, তেনেকৈ অসমৰত্ন ভূপেন হাজৰিকাৰ গীতত বলুং উপেক্ষিত৷ শদিয়াৰো নাম নাই৷ নাজানো তাৰ কাৰণ কি৷ নাজানো সাংবাদিকে, সাক্ষাৎ লওঁতাই কি সুধিলে, কি উত্তৰ পালে৷ কিন্তু জ্যোতিৰ জেউতি আৰু ৰাভাৰ আভাৰে প্ৰোজ্জ্বল হ'বলৈ জীৱন-মহাযাত্ৰাৰ পানচৈখন ইয়াৰ পৰাইতো মেলি দিছিল গীতৰ সদাগৰজনে৷ তাত বাদে হাজাৰ জেগাৰ কথা আছে, কাহিনীৰো উল্লেখ আছে তেওঁৰ গীতত৷ হলেও-নহ'লেও কিন্তু বলুংবাসী উৎফুল্লিত, শদিয়াবাসী উত্তেজিত পৰহি তেওঁৰ নামেৰে মুকলি হোৱা সেতুখনক লৈ৷ মই ভবাৰ দৰে ভাবি থকা নাই, ধৰি থকাও নাই৷ আমাক দলং লাগে, দেৱাল নালাগে৷

অৰুণাচল এৰি অসম সোমাবলৈ উদ্যত হৈছোঁ৷ ভৌগোলিকভাৱে অৰুণাচলৰ গাত লাগি শদিয়া অঞ্চল প্ৰশাসনিকভাৱে তিনিচুকীয়াৰ জৰিয়তে অসমৰ সৈতে সংযুক্ত৷ দলং হোৱাৰ আগতে ভবা হৈছিল অসমৰ ভিতৰত অৱহেলিত স্থান হিচাপে শীৰ্ষস্থান দখল কৰি দিন কটোৱাতকৈ অৰুণাচলৰ লগতে প্ৰশাসনিক অৰ্থাৎ ৰাজনৈতিকভাৱেও সংযুক্ত হৈ পৰাটোৱে ভৱিষ্যতৰ বাবে ভাল হব বুলি৷ পিছে নহলগৈ৷ দীঘল দলঙে সেই দুশ্চিন্তা ৰোধ কৰিলে৷ সুদূৰপ্ৰসাৰী পৰিৱৰ্তনৰ বাট কাটি দিলে যোৱা পৰহি৷ শদিয়াৰ মানুহ এতিয়া সকলোফালৰ পৰাই আগতকৈ টনকিয়াল হব চাগৈ৷ হ'ব লাগিবও৷ ঠাইখনৰ জয়জয়-ময়ময় হোৱাকৈ প্ৰতিজন অধিবাসীয়ে নিষ্ঠাসহকাৰে চিন্তা আৰু কাম কৰিব লাগিব৷ চৰকাৰী-বেচৰকাৰী পক্ষই হাত উজান দিব লাগিব৷

শান্তিপুৰ গেট৷ তাৰ সিপাৰেই চপাখোৱা, শদিয়া৷ দূৰৰ পৰা দেখিছোঁ, মস্ত ট্ৰেফিক জাম৷ সন্মুখৰ অভূতপূৰ্ব দৃশ্যাৱলী দেখি ড্ৰাইভিং চিটত বহি থকা ছাজিদে ফেচবুকীয়া সুৰত ৰসিকতা আৰম্ভ কৰিলে, ফিলিং ডাঙৰ টাউন ডাঙৰ টাউন৷ পিছবেলাৰ চোকা ৰদজাকে দি থকা গৰমৰ মাজতো কমেণ্ট শুনি আমি খুব হাঁহিলোঁ৷ হাঁহি মাৰ নগলেই, আকৌ কলে তেওঁ, সৰুৰে পৰা ইমান ডাঙৰ হলোঁ, এনে দৃশ্য আগতে কেতিয়াও দেখা নাছিলোঁ বুইছা৷ মবাইলত মোলৈ এছ.এম.এছ. আহিছে, দলঙত হেনো আজি ছেল্‌ফী উৎসৱ চলিছে৷ মানুহেই মানুহ৷ আমি যাওঁতে দেখা পাই যাম তেন্তে৷ মই শলাগি থলোঁ৷ বিনা-বাধাই চে'ক গে'ট পাৰ হৈ ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে আমাৰ গাড়ী এইবাৰ অসমৰ মাটিত দৌৰিবলৈ ধৰিলে৷ নামতহে অসম, অৰুণাচল৷ মাটি, মানুহ, আকাশৰ বৰণ একেই৷ পুৰণি সত্যটো পুনৰবাৰ উপলব্ধি কৰিলোঁ৷

বাটত মাইছাহঁতৰ স্কুলখন আঙুলিয়াই দেখুৱালে তাই৷ মসৃণ ৰাস্তাটোত আই-টেনখন অকণাে অসুবিধা নোহোৱাকৈ চলি থাকিল৷ বজাৰ পাওঁতে এঠাইত ব্ৰেক মাৰিলে ছাজিদে৷ উদ্দেশ্য পাচলি কেইটামান কিনা৷ সুযোগটো পাই ময়ো নামি গলোঁ পাছে পাছে৷ মোৰ উদ্দেশ্য পেৰা৷ শদিয়াৰ পৰা পেৰা কিনি নিয়াৰ কথা আছিল৷ পেৰা বিচাৰি শতফুল হোটেল, হস্পিতাল চাৰিআলিৰ শৰ্মা চুইটছ আৰু কেইটামান ঠাইত দুইটাই ঘূৰ্মুটিয়ালোঁ৷ মিঠাইৰ শ্বকেছ প্ৰায় খালী! তাকে দেখি আমিও আচৰিত৷ এখনত কোনো ৰকম ২০০ গ্ৰাম পেৰা ভাগ্যত মিলিল৷ তাকে কোনোবাই থপিয়াই নিয়াৰ আগতেই নিজৰ কৰি পেলালোঁ৷ হেঁপাহেৰে আলফুলে সাবটি লৈ গাড়ীত থলোঁহি৷ মিঠাইৰ দোকানৰ অৱস্থাটো শ্বাহনাজক কোৱাত তায়ো হতভম্ব৷ কি??? বুলি চকুকেইটা ডাঙৰ কৰি দেখুৱালে৷ 'এই পৰিস্থিতি দলং হোৱাৰ বাবেই৷' তাই ক'লে৷ 'লক্ষণটো অৱশ্যে ভালেই৷ গাড়ী আহিছে, মানুহে খাইছে, লৈও গৈছে৷ তাৰ মানে তহঁতৰ চপাখোৱাত বেচা-কিনা বাঢ়িছে৷' চিটত বহিবলৈ লৈ শদিয়াৰ অগ্ৰগতি সম্পৰ্কে মোৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া ব্যক্ত কৰি পেলালোঁ মই৷ 

শদিয়াৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ অসম ৰাজ্যিক পৰিৱহণ নিগমৰ শীত-তাপ নিয়ন্ত্ৰিত বাছ চলিব৷ ৰয়েল টুৰছ এণ্ড ট্ৰেভেলছৰ বাছ ডিভিজনৰ বেনাৰত চপাখোৱাৰ পৰা গুৱাহাটীলৈ আজিৰে পৰা চলিব তনুজ নৈশ বাছ৷ বেনাৰখন চকুত পৰাত আকৌ নামিলোঁ গাড়ীৰ পৰা৷ ছাজিদ আগে আগে৷ নিৰজুলি ট্ৰেভেল্‌ছৰ কাউণ্টাৰত সোমালোঁগৈ৷ চিট্‌ দুটা লৈ থলোঁ৷ গন্তব্যস্থান তিনিচুকীয়া৷ বাছগাড়ী ৩ বাজি ১৫-২০ মিনিটত কাউণ্টাৰৰ সামনত খাড়া কৰিব৷ কাউণ্টাৰত বহি থকা ডেকাজনে টিকটটো আগুৱাই দিওঁতেই আমাক এইদৰে জনালে৷ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ওচৰতে আমি ৰৈ থাকিম, তাৰ পৰা পিক্‌ আপ্‌ কৰিব দেই বুলি কৈ বহীখনত লিখোৱাই লোৱা হ'ল৷ তাৰ পাছত দুয়ো গাড়ীলৈ উভতি আহিলোঁ আৰু নিজৰ জেগাত বহিলোঁ৷ গাড়ী-মানুহৰ ভিৰৰ মাজেৰে ধীৰে ধীৰে চলাই ঘৰ পোৱালেহি ছাজিদে৷ দুয়ো বান্ধৱী লগ লাগি খৰখেদাকৈ ভাতকেইটামান ৰন্ধাত লাগি গল৷ ময়ো সহায় কৰি দিলোঁ৷ হাতত সময় তাকৰ৷
























No comments:

Post a Comment