শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৩৬)
নানা কাহিনী, কিম্বদন্তি তথা অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ আকৰস্বৰূপ ইতিহাসপ্ৰসিদ্ধ শদিয়া ভৌগোলিকভাৱে বৰ্তমান অসম ৰাজ্যৰ তিনিচুকীয়া জিলাৰ অন্তৰ্গত এটা মহকুমা৷ তদুপৰি এখন আৰক্ষী জিলা৷ এই মহকুমাই এফালে লোহিত নৈখন চুই আছে৷ আগতে শদিয়ালৈ আহ-যাহ কৰিবৰ হ’লে ফেৰী বা মেছিন নাৱত উঠি লোহিতখন অতিক্ৰম কৰিব লগা হৈছিল৷ আলিবাটৰ অৱস্থাও শোচনীয় আছিল৷ বানপানীয়ে শদিয়াক বহিৰ্জগতৰ পৰা দীৰ্ঘদিনলৈ বিচ্ছিন্ন কৰি ৰাখিছিল৷ শদিয়াবাসীৰ স্বপ্নৰ দলঙে একেদিনাই কেইবাটাও সমস্যা নোহোৱা কৰি পেলালে৷ এতিয়া নতুন দিনৰ কৰ্ম-পদ্ধতি কি হ'ব, সেয়া বিচাৰ কৰাৰ সময়৷
ছাজিদহঁত তিনিচুকীয়াৰ পৰা ঘৰ আহি পাওঁতে নিশা ৯ বাজি পাৰ হ'ল৷ নিঃসন্দেহে আগতে হ'লে এটা নাভূত-নাশ্ৰুত কাণ্ড৷ আৰু এতিয়া? একো নাই৷ নৰ্মেল কথা৷ এখন দলঙে মানুহবোৰৰ ৰুটিন সলাই পেলাব পাৰে, এনেকৈয়ে৷ সিহঁত আটাইকেইটাই চাফ-চিকুণ হৈ লোৱাৰ অন্তত আমি একেলগে নিশাৰ সাজ খালোঁ৷ অৱধাৰিতভাৱেই তাৰ পাছতে আৰম্ভ হ'ল মহলা মৰা কাম৷ বিছনালৈ যোৱাৰ আগলৈকে ঘূৰাই-পকাই একেটা বিষয়েই আমাৰ আড্ডাটোৰ কেন্দ্ৰবিন্দু হিচাপে ৰ'ল৷ স্বাভাৱিকতে শদিয়া সম্বন্ধীয় কথা-বাৰ্তা৷ শদিয়াৰ অতীত, বৰ্তমান, ভৱিষ্যৎ ইত্যাদি৷
ছাজিদহঁত তিনিচুকীয়াৰ পৰা ঘৰ আহি পাওঁতে নিশা ৯ বাজি পাৰ হ'ল৷ নিঃসন্দেহে আগতে হ'লে এটা নাভূত-নাশ্ৰুত কাণ্ড৷ আৰু এতিয়া? একো নাই৷ নৰ্মেল কথা৷ এখন দলঙে মানুহবোৰৰ ৰুটিন সলাই পেলাব পাৰে, এনেকৈয়ে৷ সিহঁত আটাইকেইটাই চাফ-চিকুণ হৈ লোৱাৰ অন্তত আমি একেলগে নিশাৰ সাজ খালোঁ৷ অৱধাৰিতভাৱেই তাৰ পাছতে আৰম্ভ হ'ল মহলা মৰা কাম৷ বিছনালৈ যোৱাৰ আগলৈকে ঘূৰাই-পকাই একেটা বিষয়েই আমাৰ আড্ডাটোৰ কেন্দ্ৰবিন্দু হিচাপে ৰ'ল৷ স্বাভাৱিকতে শদিয়া সম্বন্ধীয় কথা-বাৰ্তা৷ শদিয়াৰ অতীত, বৰ্তমান, ভৱিষ্যৎ ইত্যাদি৷
পূৰ্বৰ বিদৰ্ভ নামটোৰ উপৰি শদিয়াৰ আন এটা পুৰণি নাম আছিল সিন্ধু ক্ষেত্ৰ৷ খ্ৰীষ্টীয় দ্বাদশ শতিকাৰ শেষৰফালে চুতীয়া ৰজাই সিন্ধু ক্ষেত্ৰত শাসন কৰিছিল৷ চুতীয়াসকলৰ দ্বিতীয়গৰাকী ৰজাৰ নাম আছিল সোণাগিৰি ওৰফে গৌৰীনাৰায়ণ ওৰফে ৰত্নধ্বজপাল৷ তেওঁৰ দিনতে তৃতীয়খন ৰাজধানী হিচাপে শদিয়া নামৰ অঞ্চলটো প্ৰতিষ্ঠা কৰা হৈছিল৷ তেওঁ নিজৰ এজন পুত্ৰক গৌড় ৰাজ্যৰ ৰাজধানীলৈ পঠাইছিল বিদ্যা-শিক্ষা লভিবৰ অৰ্থে৷ দুৰ্ভাগ্যবশতঃ তাতে পুত্ৰজনৰ মৃত্যু ঘটে৷ গৌড়ৰাজ কেশৱসেনে তেতিয়া কেইবাজনো লোকৰ সৈতে বয়-বস্তুসহ মৃতকৰ শৱটো পিতৃৰ ওচৰলৈ পঠাই দিলে৷ সেই সময়ত ৰত্নধ্বজপাল সিন্ধু ক্ষেত্ৰত নগৰ নিৰ্মাণত ব্যস্ত আছিল৷ তাতেই তেওঁক পুতেকৰ শ-দেহ শোধাই দিয়া হ'ল৷ এক উপযুক্ত স্থানত ৰাজকুমাৰৰ মৃতদেহ ৰাজকীয়ভাৱে সৎকাৰ কৰা হয়৷ শৱ সৎকাৰ কৰি মৈদাম দিয়াৰ পাছত সিন্ধু ক্ষেত্ৰৰ নাম ‘পাল-শৱ-দিয়া’ বা ‘শ-দিয়া-পাট’ হৈছিল৷ মৃত পুত্ৰৰ শ থোৱা ঠাইৰ পৰাই শ-দাহ-দিয়া, শ-দিয়া আদি ৰূপ লৈ ক্ৰমাগতভাৱে মুখ বাগৰি কালক্রমত ই ‘শদিয়া’ বুলি জনাজাত হ’ল৷ ১৫২৪ চনলৈকে শদিয়া আছিল চুতীয়া ৰজাৰ ৰাজধানী৷ পাছত আহোম ৰজাই চুতীয়া ৰজাক নিজৰ অধীনলৈ আনি শদিয়াখোৱা গোহাঁই পদবী সৃষ্টি কৰি শদিয়া শাসন কৰিছিল৷ ফ্ৰাচেনমং বৰগোহাঁই আছিল প্ৰথমজন শদিয়াখোৱা গোহাঁই৷ 'শদিয়া' শব্দটো চুতীয়া মূলীয়। যাৰ অৰ্ হৈছে, য'ৰ পৰা বেলি উদয় হয়।
ছাৰ এডৱাৰ্ড গেইটৰ ‘অসম বুৰঞ্জী’তো শদিয়াৰ পুৰণি দিনৰ উল্লেখ পোৱা যায় য’ত অতীজত আহোম-চুতীয়াসকলে বাস কৰিছিল৷ পাছত খামতিসকলে এই ঠাই দখল কৰে৷ ৰাজ্যৰ সীমাৰ বাহিৰৰ পৰা খামতি লোক আহি শদিয়াত সোমোৱাটো ব্ৰিটিছে সমৰ্থন কৰিছিল৷ তাৰ কাৰণ আছিল কূটনৈতিক৷ দুৰ্দান্ত প্ৰকৃতিৰ চিংফৌসকলৰ বিৰুদ্ধে চলোৱা দমনমূলক অভিযানসমূহত খামতিয়ে ব্ৰিটিছক সহায় কৰিছিল৷ কিন্তু পিছলৈ স্বাধীনমনা খামতিসকল ব্ৰিটিছৰ ওপৰতে নাৰাজ হ’ল৷ এদিন নিশাৰ অন্ধকাৰত তেওঁলোকে ব্ৰিটিছৰ চাউনীত হঠাতে আক্রমণ চলালে৷ আক্রমণত ইংৰাজ লোকৰ উপৰি ৰাজনৈতিক বিষয়াৰ মৃত্যু ঘটিল৷ সেই ঘটনা সংঘটিত হৈছিল শদিয়াতে৷ পিছত ব্ৰিটিছ বাহিনী প্ৰেৰণ কৰা হ’লত খামতি আক্রমণকাৰী দলটো পাহাৰৰ মিছিমিৰ মাজত লুকালগৈ৷ অৰ্থাৎ খামতি আৰু মিছিমিৰ মাজত বন্ধুত্ব আগৰে পৰাই আছিল৷ সীমান্ত নগৰী শদিয়াৰ অতীতৰ অনেক যুঁজ-বাগৰ, সন্ধি, নিৰ্মাণ আদিৰ কথা ইতিহাসে আজিও সোঁৱৰায়৷ ইয়াণ্ডাবু সন্ধিৰ ফলতে ব্ৰিটিছে খোপনি পুতিছিল শদিয়াত৷ ঘূৰামুৰা মূলক চাপৰি অঞ্চলত ব্ৰিটিছ সৈন্যৰ শিৱিৰ পতা হৈছিল৷ নাতিদূৰত বিমান বন্দৰো স্থাপন কৰি লৈছিল৷ ছৈখোৱা ঘাট পৰ্যন্ত ৰে'ল লাইন বহুৱাইছিল৷
No comments:
Post a Comment