Wednesday, 12 July 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৩৭)

১৮৮২ চনত ব্ৰিটিছ কৰ্তৃপক্ষই শদিয়াত নিয়োগ কৰা এচিচটেণ্ট পলিটিকেল এজেণ্ট আছিল ফ্ৰান্সিচ জেক্‌ নীদ্‌হাম ব্ৰহ্মপুত্ৰ নদৰ উপৰি মিচিং, চিংফৌ আৰু খামতি দোৱানক লৈয়ে জীৱনটো পাত কৰা এইজন অফিচাৰ দৃঢ়তাৰে লাগি গৈছিল ব্ৰহ্মপুত্ৰৰ উৎস সন্ধানত৷ আংশিকভাৱে সফলো হৈছিল৷ বুল ডগ্‌ বাহিনীৰ দ্বাৰা পাছৰ পৰ্যায়ত পৰিচালিত দুঃসাহসিক অভিযানবোৰত এইটো প্ৰমাণিত হ'ল যে চাংপো, চিয়াঙেই ব্ৰহ্মপুত্ৰ৷ শদিয়া ঘাটৰ পৰা প্ৰায় ৮ কিল'মিটাৰ ভটিয়াই ব্ৰহ্মপুত্ৰ মহাসংগমৰ অৱস্থান৷ পূবফালৰ পৰা বৈ যোৱাখন লোহিত৷ অৰ্থাৎ ভূপেন হাজৰিকা মহাসেতু সজা হৈছে লোহিতৰ ওপৰতহে, ব্ৰহ্মপুত্ৰৰ ওপৰত নহয়৷ দলঙত ভৰি দিওঁতেই পোৱা ফলকখন মোৰ মানসপটত আকৌ এবাৰ ভাহি উঠিল৷ ঘূৰি ঘূৰি একেটা কথাকে মনলৈ আহি আছে৷ তাত ব্ৰহ্মপুত্ৰ লিখা আছে৷ কেনেকৈ?

শদিয়াৰ কেঁচাইখাঁতী গোসাঁনীৰ মন্দিৰ বা তাম্ৰেশ্বৰী মন্দিৰ এক বিখ্যাত স্থান৷ এইটো হ'ল শক্তিৰ মন্দিৰ৷ ব্ৰিটিছসকলে এই মন্দিৰটোক 'দি ইষ্টাৰ্ণ কামাখ্যা' বুলি অভিহিত কৰিছিল৷ এসময়ত ই কছাৰীসকলৰ অধীনত আছিল বুলি ঐতিহাসিক প্ৰমাণ আছে৷ চুতীয়া ৰাজ্যৰ আৰাধ্য দেৱী কেঁচাইখাঁতী গোসাঁনীৰ ভক্তসকলে দেৱীক মানুহৰ শ দি পূজা কৰাৰ পৰাই শ-দিয়া, শদিয়া নামটোৰ উৎপত্তি হ'ল বুলিও কিছুমানে ক'ব খোজে৷ তাম্ৰেশ্বৰী বা কেঁচাইখাঁতী থানৰ লগতে শিৱ-পাৰ্বতীৰ প্ৰতীকস্বৰূপ বুঢ়াবুঢ়ী শাল, বলিয়া বাবা আৰু পাতৰ শাল নামৰ থানকেইখনে শদিয়াক বিশিষ্ট আৰু মহিমাময়ী কৰি ৰাখিছে৷ এই শালকেইখন বড়োসকলৰ ৰাজত্বৰ সময়ৰ বুলি বহু পণ্ডিতে ক'ব খোজে৷ শদিয়াত চুতীয়াসকলে ৰাজত্ব কৰাৰ আগতে বড়োসকলে দিহিং, দিবাং, ডিগাৰু আৰু টেঙাপানী নৈৰ পাৰত খেতিবাতি কৰিছিল৷ বৰ্তমান শদিয়াত যি পুৰণি ঐতিহ্য আৰু সংস্কৃতি প্ৰৱহমান হৈ আছে সিবিলাক বড়োসকলৰ পৰাই উৎপত্তি হোৱা বুলি ইতিহাসবিদসকলে কয়৷ বড়ােসকল শাক্তধৰ্মী আছিল৷ সেই তেতিয়াৰে পৰাই তাম্ৰেশ্বৰী মন্দিৰ বা কেঁচাইখাঁতী শালৰ পূজা-অৰ্চনা পূৰ্ণোদ্যমে চলি আহিছে৷ 

আদিতে প্ৰতি বছৰে পূজাৰ সময়ত দেৱীস্থানত দেশ আৰু দহৰ কল্যাণাৰ্থে সুঠামদেহী যুৱকক বলি দিয়া হৈছিল৷ আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ কঠোৰ ৰাজ-আদেশত তেওঁৰ শাসনৰ সময়ৰ পৰা উক্ত প্ৰথা পৰিত্যাগ কৰা হয়৷ আনহাতে পুৰণি লখিমপুৰীয়া গাঁৱত শালখন নকৈ নিৰ্মাণ কৰি পূজা-সেৱা কৰি অহা হৈছে যদিও কেঁচাইখাঁতী শালৰ অৱস্থান সম্পৰ্কে বহুমত শুনা যায়৷ এচাম গৱেষকৰ মতে ইয়াৰ স্থান শদিয়াৰ পৰা ১৮ মাইল পূবে ধলা নদীৰ পাৰত৷ এচামৰ মতে ডিগাৰু নৈৰ পাৰত আছিল৷ একেদৰে, শদিয়াৰ তৰাণি আৰু বৰগড়া গাঁৱৰ মাজত থকা বুঢ়াবুঢ়ী শালখন শদিয়াৰ পৰা ১০ মাইল উত্তৰ-পূবে দিক্ৰং আৰু দেওপানী নদীৰ সংগমস্থলৰ ওচৰত আছিল বুলি বহুতে কোনো কােনোৱে কয়৷ কুণ্ডিল ঘাটৰ নিকটৱৰ্তী হৰিগাঁৱত থকা বলিয়াবাবা শালখন আদিতে উইদাম পৰ্বতৰ ওপৰত আছিল বুলি বিশ্বাস কৰা হয়৷ তদনুৰূপ পাতৰ শালখনো মূল ঠাইৰ পৰিৱৰ্তে শদিয়াৰ হলৌ গাঁৱত নতুনকৈ পাতি লোৱা হৈছে৷ বৈৰাগী থান শদিয়াৰ আন এখন প্ৰসিদ্ধ শাল৷ আহোমৰাজ গদাধৰ সিংহৰ ৰাজত্ব কালত ৰাজৰোষত পৰি শদিয়ালৈ নিৰ্বাসিত হোৱা আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱে এই শালখন প্ৰতিষ্ঠা কৰিছিল৷ এই সম্পূৰ্ণৰূপে এখন বৈষ্ণৱী থান৷

শদিয়াৰ এক আশ্চৰ্যজনক আৱিষ্কাৰ সৰ্পস্তম্ভৰ বিষয়ে কিতাপে-পত্ৰই পঢ়িবলৈ পোৱা যায়৷ এই সৰ্পস্তম্ভই শদিয়াৰ সৈতে মহাচীনৰ সম্পৰ্ক থকাটো সোঁৱৰাই দিয়ে৷ নৈৰ পানী যুঁৱলিত ৰহস্যময় সৰ্পস্তম্ভটো আৱিষ্কাৰ কৰিছিল কৰ্নেল এফ. ডব্লিউ. শ্বেইক্সপীয়েৰ, কমাণ্ডেণ্ট মেজৰ ক্লোৱেই আৰু আমেৰিকাৰ মিছনেৰী জেকমেনে৷ এটা বিৰাট সৰ্পৰে মেৰিয়াই থোৱাৰ বাবেই স্তম্ভটোক সৰ্পস্তম্ভ বোলা হয়৷ উদ্ধাৰৰ পাছত ৰাজনৈতিক বিষয়াৰ বঙলাৰ সন্মুখত ৰখা স্তম্ভটো বৰ্তমান গুৱাহাটীৰ অসম ৰাজ্যিক সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে৷ অন্য এক সূত্ৰমতে শদিয়াৰ সৰ্পস্তম্ভ আচলতে আহোম যুগত বৰ্তমান ৰ'য়িঙৰ ওচৰত খন্দোৱা পুখুৰীৰ পানীৰ উঁহত ৰহ ঢালি পোতা নাগমাৰিহে৷ তাৰ লিপিবোৰ আহোম ভাষাৰ৷ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই সৰ্পস্তম্ভৰ লিপি উদ্ধাৰ কৰি সেয়া আহোম লিপি বুলি ঠাৱৰ কৰি গৈছে৷

আহোমৰ ৰাজত্বকালত স্বৰ্গদেউসকলে অনেক স্থানত দৌল-দেৱালয় সাজিছিল, পুখুৰী খন্দাইছিল, আলি-পদূলি আৰু গড় বান্ধিছিল, নগৰ গঢ়িছিল৷ চপাখোৱাৰ আশে-পাশে সেইবোৰৰ কিছু কিছু ধ্বংসাৱশেষ দেখিবলৈ পোৱা যায়৷ ঐতিহ্যমণ্ডিত দিকৰ বাসিনী নৈ, টেঙাপানী নৈ, জীয়া নৈ, আহোম পুখুৰী, পদুম পুখুৰী, আম পুখুৰী, বৰ পুখুৰী, প্ৰতিমা গড়, শদিয়াখোৱা গোহাঁইৰ মৈদাম, গড় আলি, নৌ বাহৰ আদিয়ে শদিয়াক বিশিষ্ট আৰু মহিমাময়ী কৰি ৰাখিছে৷ এনে ধৰণৰ পৌৰাণিক, ঐতিহাসিক, সাংস্কৃতিক কীৰ্তিচিহ্নসমূহৰ উপযুক্ত সংৰক্ষণ আৰু উন্নয়নৰ জৰিয়তে শদিয়াক অগ্ৰণী পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ সম্ভাৱনা নিশ্চয় আছে৷



No comments:

Post a Comment