শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৪০)
পুৰণি কথাৰে অতিকৈ মেটমৰা শদিয়াৰ পৃষ্ঠপট৷ ইতিহাস বা বুৰঞ্জীৰ অনুৰাগীসকলৰ বাবে সমল ইয়াত উভৈনদী৷ নৱ-মূল্যায়নৰ পথো খোলা আছে৷ ভূপেন হাজৰিকা সেতুৰ নিৰ্মাণ আৰু উদ্বোধনে সেই বাটটো প্ৰশস্ত কৰিলে বুলি একে আষাৰে ক'ব পাৰি৷ শদিয়াৰ কেন্দ্ৰস্থান চপাখোৱা৷ চপাখোৱা নামটো দেউৰীসকলৰ ‘চেপা হাবা’ অৰ্থাৎ ঔটেঙা খোৱা শব্দৰ পৰা উদ্ভৱ হৈছে বুলি কোৱা হয়৷ চপাখোৱাত আজি আমাৰ প্ৰথম ৰজনী৷ আগেয়ে আহিছিলোঁ যদিও থাকি পোৱা নাই৷ আজি যিহেতু থাকিম সেয়েহে নতুন ঠাই বুলি উত্তেজনা অকণমান নথকা নহয়৷
‘শদিয়া, চপাখোৱা ভোগালী, সোণালী ঠাই৷ শদিয়া নেৰিবি দেই তহঁতি’ বুলি আমি শ্বাহনাজ-ছাজিদক শদিয়াতে থাকিবলৈ উৎসাহ দিলোঁ৷ শদিয়াবাসীৰ বাবে শুভদিন আৰু সুখবৰ আহি গ’ল৷ সুবিধাৰ ক্ষেত্ৰত দুখীয়া বুলি বহুলচৰ্চিত শদিয়ালৈ এতিয়াৰে পৰা সুবিধাৰ ধল বব বুলি সিহঁতো আশাবাদী৷ কথাৰ মাজতে যাতায়াতক লৈ দুখৰ সীমা নোহোৱা দিনবোৰৰ নিজস্ব অভিজ্ঞতা বৰ্ণনা কৰিলে শ্বাহনাজে৷ সেই খঙতে চাকৰিৰ বদলিৰ বাবে সৌ-সিদিনা পৰ্যন্ত পাৰ্যমানে চেষ্টা চলোৱাৰ কথাও লুক-ঢাক নকৰাকৈ ব্যক্ত কৰিলে৷ দুৰ্ভাগ্য (নে সৌভাগ্য?)ক্ৰমে সফলহে নহ'ল৷ অহা-যোৱাৰ দীৰ্ঘদিনীয়া অশান্তিটো তল যোৱাত সিহঁতৰ মনটোহঁত আজি মুকলি হৈ পৰাটো লক্ষ্য কৰিলোঁ৷ আগন্তুক ৫ বছৰৰ ভিতৰত অসমত বিগত ৫০ বছৰে নোহোৱা উন্নয়নমূলক কাম-কাজ সম্পন্ন কৰা হ'ব বুলি কালি কেৱল শদিয়াই নহয়, ভাৰতৰ ইতিহাসৰ সুবৰ্ণ দিনটোত ধলাৰ সভাগৃহৰ পৰা নেতৃস্থানীয় ব্যক্তিবিশেষৰ কণ্ঠে উদাত্তভাৱে উচ্চাৰিত বাক্যবিলাকে দেশৰ বিভিন্ন প্ৰান্তৰ অধিবাসীসকলৰ লগতে শদিয়াৰ মানুহলৈও প্ৰচুৰ আশাবাদ কঢ়িয়াই অনা বুলিও কথা প্ৰসংগত উপলব্ধি নকৰাকৈ নাথাকিলোঁ৷
‘তোমালোকৰ শদিয়াৰ ছোৱালীৰ দাম বাঢ়ি গ’ল দেই৷ মাটিৰ দামো বাঢ়ি গ’ল৷ বহু বিলাই-বিপত্তিৰ অৱসান ঘটিল দলং হোৱাৰ লগে লগে৷ ভ্ৰমণ-যাতনা অতীত হ’ল৷ যি বুজিছোঁ, দুখ-দুৰ্দশাৰ ঘটনা-পৰিঘটনাবোৰ পাছলৈ গল্পৰ প্লট, উপন্যাসৰ কাহিনী হিচাপেহে ৰ’বগৈ আৰু৷’
উত্তৰত ছাজিদে ক'ব ধৰিলে, ‘ৰাষ্ট্ৰীয় ঘাইপথ আৰু সাম্প্ৰতিক আন্তঃগাঁথনিৰ উন্নয়নে শদিয়ালৈ অভূতপূৰ্ব পৰিৱৰ্তন কঢ়িয়াই আনিব বুলি আমিও ভাবিছোঁ৷ ঘাইকৈ চৰকাৰী-বেচৰকাৰী যাতায়াতী ব্যৱস্থাটোৱে দ্ৰুততাৰে শদিয়াৰ উন্নতি ঘটাব৷ বৃহত্তৰ অঞ্চলৰ অৰ্থনৈতিক অগ্ৰগতি সাধিত হ’ব৷ অসম বা ভাৰতবৰ্ষৰে নহয় পৃথিৱীৰ পৰ্যটন মানচিত্ৰত শদিয়াখন জিলিকি উঠাৰ সুযোগ আহিছে৷ চপাখোৱাত বৃহৎ পৰ্যটন নিবাস, বিশাল শদিয়া ভৱন নিৰ্মাণৰ বু-বু-বা-বা শুনা গৈছেই৷ ঢেৰ কিবাকিবি হ'ব বুলি আমি আশা পুহি আছোঁ৷'
অলপ ৰ'ল তেওঁ৷ আমাৰ প্ৰতিক্ৰিয়ালৈ বাট চালে৷ মূৰ দুপিওৱাৰ বাদে কোনেও একো নক'লে৷ কোৱাতকৈ শুনাৰহে পক্ষপাতী আমি৷ ছাজিদে পুনৰ আৰম্ভ কৰিলে, 'শদিয়াত নিশাৰ পৰিৱেশ বুলিবলৈ কেৱল আছিল নিস্তব্ধতা৷ ৰাতি নদীৰ বুকুত ফেৰী চলাটো নিষেধ৷ গতিকে গধূলিৰ পাছত দূৰণিৰ আলহী অহাৰ সম্ভাৱনা আছিল শূন্য৷ এতিয়া দলংখন হ’ল৷ সেইবুলি আমাৰ ঘৰলৈ চবকে আহিবলৈ দিয়া নহ’ব দেই৷'
ইমান সময়ে বৰ্তাই ৰখা চিৰিয়াচনেচ বাদ দি শ্বাহনাজৰ ফালে কেঁৰাকৈ চাই সুৰটো সলাই ৰসিকতা কৰিলে ছাজিদে৷ বুজিলোঁ, অত বছৰ হ'ল শদিয়াত থকা, পত্নীৰ মাকৰ অৰ্থাৎ শাহুৱেকৰ বাদে কোনোৱেই আজিলৈ ইয়াত ভৰি দিয়াহি নাই৷ তাকে লৈ তেওঁৰ দুৰ্ঘোৰ অভিযোগ পুঞ্জীভূত হৈ আছে৷ মই ছাজিদৰ চকুলৈ চালোঁ৷ গম্ভীৰ ভাবত তেওঁ কৈ গ'ল, 'আগতে ঘাটেৰে বিপদ-বিঘিনি নেওচি যিসকল আহিছিল সেইসকলকহে শদিয়ালৈ ৱেলকাম কৰা হ’ব দেই৷ বাদ-বাকী ন' এণ্ট্ৰি৷’
তেনেকুৱাতে আত্মপক্ষ সমৰ্থনসূচক এষাৰ কওঁ বুলি মুখখন মেলিলোঁ৷ 'ভাগ্য ভাল, যেনে হ’লেও মই ইয়ালৈ আগতে এবাৰ আহি ৰেকৰ্ড এটা কৰি থৈছোঁ যেনিবা৷ গতিকে মোৰ বা আমাৰ গ্ৰহণযোগ্যতা ভৱিষ্যতলৈকো নিশ্চয় থাকিব৷ শদিয়ালৈ বাৰে বাৰে আহি থাকিব পাৰিম চাগৈ আমি৷ কি কোৱা?'
'অঁ, তোমালোকৰ বাবে দুৱাৰ খোলা আছে বাৰু৷ বাকীসকলৰহে...' বুজিলোঁ, খুলশালীয়েক, জেঠেৰিয়েকক লক্ষ্য কৰিয়ে পত্নীলৈ কাঁড়পাত এৰিছে ছাজিদে৷ 'জীৱনৰ বাবে আমি কিন্তু শদিয়াৰ গে'ট পাছখন গোটাই থ'লোঁ দেই' বুলি কৈ সকলোৱে খুব হাঁহিলোঁ৷ তেতিয়ালৈ নিশা গহীনেই হ'লহি৷ চিনাকি নিস্তব্ধতাই শদিয়াখনক কেতিয়াবাই গ্ৰাস কৰিলে৷

No comments:
Post a Comment