Sunday, 2 July 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (২৯)

মানুহে ক'বলৈ আৰম্ভ কৰিছেই, শদিয়া, চপাখোৱা এতিয়া আৰু অজান্তি মুলুক হৈ থকা নাই৷ উক্তিটো এশ শতাংশই শুদ্ধ৷ আমাৰ চকুৰ সন্মুখৰ নতুন ৰাস্তাটোৱে চপাখোৱাক বহিঃজগতৰ সৈতে সংযোগ কৰিছে৷ অৰুণাচলক সংযুক্ত কৰিছে লোহিতৰ দক্ষিণ পাৰৰ লগত৷ সেইটো পথেৰেই আমিও আগ বাঢ়িছোঁ শ্বাহনাজহঁতৰ ঘৰলৈ বুলি৷ অসম ৰাজ্যিক পৰিৱহণ নিগমৰ গ্ৰাম্য সেৱাৰ ছেমি ডিলাক্স বাছ এখনকে ধৰি কেইবাখনো গাড়ীৰ মুখামুখি হ'লোঁ যাত্ৰাটোৰ আৰম্ভণিতেই

আগৰ চিটত বহি যোৱা বৰগোহাঁয়ে তামোল-পাণৰ টোপােলা খুলিব ধৰিছে৷ মই চালক গগৈৰ কাষত৷ এহাতেৰে ড্ৰাইভাৰৰ চিটটোত হেঁচা মাৰি ধৰি লৈছোঁ৷ তিতা কাপোৰ কিছুমান গাড়ীৰ ভিতৰতে ৰছী টানি মেলি থোৱা আছে৷ চালকৰে হ'ব৷ মাজে মাজে গাত লাগি অশান্তি দিছে যদিও উপায়ো নাই৷ ইফালে মোৰ পৰা দুহাত আঁতৰত বহা শ্ৰীমতীৰ হাঁহি যেন শেষেই নহ'ব৷ জীৱনৰ প্ৰথম ডাম্পাৰ যাত্ৰা৷

চপাখোৱাৰ পিনে গৈ থকা, দুয়ো কাষৰ লগতে মাজত বগা আঁচ পৰা বহল পকা ৰাজআলিটো এৰি ৰাস্তা এটা বাঁওহাতে সোমাইছে৷ শিলগুটি আৰু শিলৰ গুড়ি দিয়া ঠেক ৰাস্তা৷ ডাম্পাৰখন সেইবাটে সোমাল৷ মোৰ দুচকু পোনকৈ আঁতৰি যোৱা বহল ৰাস্তাটোলৈ৷ কিবা সোধাৰ আগতেই চালক গগৈয়ে স্বগতোক্তি কৰিলে, 'হাইৱে'টো সেইফালেদি বনাই থকা হৈছে৷ কিমান দিনবা লয়? সোনকালে হ'লে ভাল হ'ব ৰাইজৰ৷'

মনত পৰিল, কেশৱ মহন্তই তাহানিতে বৈপ্লৱিক চেতনাৰে, গীতৰ আংগিকেৰে সকীয়াই থৈ যোৱা 'শদিয়ানো কি ৰিং এটাৰ বাট'লৈ৷ খ্যাতনামা শিল্পী খগেন মহন্তই গাইছিল গীতটি৷ 'মা আমি শদিয়ালৈ যামেই৷' সময়ৰ গতিত সেইটোৱেই এতিয়া সত্য হ'ল৷ পুৰণি মানুহে আজিও উৎসাহেৰে এনেকৈ কয় যে সেয়া গীত নাছিল, আছিল একোটা সপোন৷ কথাংশৰ শব্দ চয়ন, সুৰ সংযোজন, সংগীত ৰচনাৰ উৎকৃষ্টতা আৰু অভিনৱত্বই সপোন পুৰীতহে যেন আটাইকে ওমলাই আছিল ইমানদিনে! এতিয়া সপোনটো পূৰ্ণ হ'ল৷ দিঠকত শদিয়ালৈ সহজে যাব পৰা হৈ পৰিল৷ 'শদিয়ালৈ আৰু কেতিয়াও নাহো' বুলি শপত খোৱাসকলেও হেৰোৱা, বিস্মৃত নতুবা পুৰণি সম্পৰ্ক পুনৰ্স্থাপনৰ বাবে উদ্যত হ'ব নতুন দলংখন হৈ উঠাৰ অচিলাতে৷ সেইখন অদৃশ্য তালিকাৰ প্ৰথমফালেই চাগৈ আমি পতি-পত্নীহালো আছোঁ৷

আজিৰ তাৰিখত নতুন দলঙত যি নতুন পৰিৱেশ আৰু সম্ভাৱনা দেখিলোঁ, তালৈ চাই বুকুত হাত দি কৈ দিব পৰা যায় যে ভ্ৰমণ-অনুৰাগী মানুহে এতিয়া সময় পালেই আন্তৰ্জাতিক নৈখনৰ ওপৰত সজা দলঙলৈ ওলাব৷ এপাক ফুৰি আহোঁ বুলিও ওচৰ-পাজৰৰ বহুতেই এতিয়া পাবহি দেশৰ দীৰ্ঘতম দলং৷ গৰমৰ দিনত মহাসেতুৰ ওপৰত বতাহ খাবলৈ আহিব৷ পূবৰ সূৰ্যোদয়, পশ্চিমৰ সূৰ্যাস্তৰ ৰাঙলী ৰহণ চাবহি স্বাভিমানী লোহিতৰ বুকুত৷ ছেল্‌ফী ল'ব৷ ফটো আপ্‌ল'ড কৰিব ফে'চবুক, হোৱাটছ্‌আপত৷ যোৰাই যোৰাই প্ৰেমিক-প্ৰেমিকাও আহিব ইয়ালৈ৷ অভিন্ন হৃদয়ৰ পুৰুষ-নাৰীৰ বাবে মিটিং প্লে'ছ হৈ পৰিব ভূপেন হাজৰিকা সেতু৷ প্ৰকৃতিৰ মিঠা সংস্পৰ্শত নিৰলে কিছুমান ভাল লগা মুহূৰ্ত অতিবাহিত কৰিব পাৰিব প্ৰকৃতিপ্ৰেমীয়ে৷ ভাবুক মানুহ আহিব, কথা পাতিব নিজৰ সৈতে, বোঁৱতী পানীৰ সৈতে, নীল গগনৰ সৈতে৷ সংবেদনশীল মানুহ আহিব, কবিতা ৰচিব, গীত লেখিব৷ ৰং-তুলিকা লৈ ছবি আঁকিবলৈও আহিব চিত্ৰশিল্পত নিচা থকাজন৷ গীটাৰ বজাই দলঙতে বহি ভূপেন হাজৰিকাৰ কালজয়ী গান দুটামান গাবলৈ আহিব সংগীতপ্ৰেমী মানুহ৷ বাইকাৰ্ছ, ৰাইডাৰ্ছতো আহিবই সদলবলে৷ মসৃণ নপথেৰে কাৰ ৰে'লীও হয়তো ওলাই যাব শদিয়াৰ পৰা ফ্লেগ অফ্‌ হৈ, এই দলঙৰ ওপৰেদিয়ে৷ লোহিতৰ বালিত পিক্‌নিক্‌ পাৰ্টী, মিউজিক্‌ ফেষ্টিভেল, চৰকাৰী-বেচৰকাৰী পৃষ্ঠপোষকতাত শদিয়া উৎসৱ আৰু কত কিযে অনাগত দিনত অনুষ্ঠিত নহ'ব! মুঠতে আগৰ নিমাওমাও ৰূপটো এতিয়াৰ পৰা আৰু নাথাকিব বুলিয়ে ধাৰণা হৈছে৷ মুখৰ হৈ উঠিব দিন-প্ৰতিদিন৷ কথাই কথাই 'লাইফ নাই' বুলি কোৱা সন্তানসকলে ইয়াতেই পাব অতদিনে সন্ধানৰত 'মস্তিভৰা লাইফ'ৰ৷

আহকচোন ডিচেম্বৰ-জানুৱাৰী৷ মানুহবোৰে শদিয়া, তিনিচুকীয়া জিলাৰ সীমা চেৰাই আৰু আগলৈ যাব৷ গাড়ী লৈ পুটুক পুটুক ঢাপলি মেলিব মোহনীয়া অৰুণাচলৰ দিবাং ভেলীলৈ৷ সমুদ্ৰপৃষ্ঠৰ পৰা ২,৬৫৫ মিটাৰ উচ্চতাৰ মায়'ডিয়া গিৰিপথত কাশ্মীৰসদৃশ প্ৰাকৃতিক পৰিৱেশত বৰফ দলিওৱা-দলি খেল খেলিবগৈ৷ কেইটামান ঘণ্টাৰ বিৰতিতে সেই আনন্দোল্লাস পাব পৰা হৈ গ'ল এতিয়া, দলংখন হোৱাৰ লগে লগে৷ তিনিচুকীয়া-আনিনি, তিনিচুকীয়া-কিবিথু টুৰিষ্ট চাৰ্কিট আৰম্ভ হ'ব৷ আলুবাৰী দলঙেৰে ভ্ৰমণকাৰী মানুহ তেজুলৈ যাব৷ ভাল গাড়ী থকা মানুহে দিনজোৰা সূচীৰে চাৰ্কুলাৰ ট্ৰিপ মাৰিব ৰূপাই, ধলা গাঁও তিনিআলি, ভূপেন হাজৰিকা দলং, শদিয়া, শান্তিপুৰ গে'ট, ৰ'য়িং, তেজু, ৱাই পইণ্ট, পৰশুৰাম কুণ্ড, চৌখাম, নামচাই, ডিৰাক গে'ট, আকৌ ৰূপাই৷ যাত্ৰাকালত ফুল ভলিউমত বাজিব মহন্ত-বন্দিতাৰ 'শদিয়ালৈ যাম, দীঘল দলং চাম', খগেন মহন্তৰ 'মা আমি শদিয়ালে যামেই', ভূপেন হাজৰিকাৰ 'চিয়াঙৰে গালং, লোহিতৰে খামতি' আদি গান৷ ভ্ৰমণপিপাসু অনুভৱী মনবোৰে তাতেই বিচাৰি পাব পূৰ্ণ আনন্দ আৰু শেষ নোহোৱা মানসিক খাদ্য৷ সেই দিন আহি গ'ল৷






No comments:

Post a Comment