শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৪৯)
ৰয়িঙত উপস্থিত হৈ আজি প্ৰথমেই এটা কথা মন কৰিলোঁ যে দুবছৰৰ আগতে ইয়ালৈ আহোঁতে যিমানবোৰ গাড়ী-মটৰ দেখিছিলোঁ, মানুহৰ মাজত যি হাৰৰ ব্যস্ততা দেখিছিলোঁ, এতিয়া তেনে নহয়৷ পৰিৱৰ্তন হৈছে৷ নতুন দলং মুকলিৰ প্ৰভাৱ ইয়াতো পৰিছে তাৰ মানে৷ বেনাৰ ওলমোৱা আছে, ৰ'য়িঙৰ পৰা নে'টৱৰ্ক ট্ৰেভেল্ছৰ বাছ চলিব গুৱাহাটী, ইটানগৰ, শিলিগুৰিলৈ৷ গাড়ী আমি দেখিলোঁৱেই, চহৰ সোমাওঁতেই৷ যাতায়াত ব্যৱস্থা সুচল হ'ল যেতিয়া এতিয়া বুকুত হাত থৈ ক'ব পাৰি যে বৰ্তমানৰে পৰা ভাৰতৰ দীৰ্ঘতম দলংখন চাবলৈ দেশী-বিদেশী ভ্ৰমণকাৰীৰ সোঁত ব'ব৷ তাৰ সৈতে অংক মিলাই কম কষ্টতে অৰুণাচললৈ অহাৰো সুযোগ ল'ব পাৰিব পাৰ্বত্য ভ্ৰমণ অভিলাসী লোকে৷ সহজতে সম্ভৱ হ'ব সীমান্ত-পৰ্যটনো৷ ৰ'য়িং-মায়'ডিয়া-আনিনি টুৰিষ্ট চাৰ্কিটলৈ পৰ্যটক অহাৰ মাত্ৰা আগতকৈ নিশ্চয়কৈ বৃদ্ধি পাব৷ অৰুণাচল প্ৰদেশ টুৰিজিমৰ ব্ৰেণ্ড এম্বেছাডৰ জন আব্ৰাহামে প্ৰচাৰ মাধ্যমৰ জৰিয়তে আহ্বান জনোৱাটো সুকীয়া কথা, ভূপেন হাজৰিকা সেতুৱে যাত্ৰা তেনেই সহজ কৰি পেলালে৷ ইনাৰ লাইন পাৰ্মিট লৈ গাড়ীত উঠি আহি থাকিলেই হ'ল৷ তালৈকে চাই চৰকাৰৰ পৰ্যটন বিভাগটোৱে আহি থকা দিনবোৰত প্ৰয়োজনীয় খণ্ডসমূহৰ উন্নয়ন সাধনত যথোচিত গুৰুত্ব দিব লাগিব৷ টুৰিষ্ট স্পটসমূহ ঠিক-ঠাক কৰি ৰখাৰ লগতে থকা-খোৱাৰ ব্যৱস্থাপনাবোৰো পৰ্যাপ্ত আৰু উন্নততৰ কৰি পেলাব লাগিব৷ সময়ৰ আহ্বান, দলঙৰ প্ৰভাৱ এয়া৷
২০১৫ চনৰ এপ্ৰিল মাহৰ মাজভাগত আহিছিলোঁ ইয়ালৈ৷ চহৰৰ ধামখুমিয়াৰ পৰা আঁতৰত দেওপানী নৈৰ পাৰত সম্পূৰ্ণ নৈসৰ্গিক বাতাবৰণত জিবি পলোৱে সজা আৰু পৰিচালনা কৰা জনজাতীয় ইক' লজ্ মিছিমি হিল কেম্পত অতিথি হৈছিলোঁ৷ উপকণ্ঠৰ Ezenggo অৰ্থাৎ নদীৰ তীৰত খেৰ-বাঁহ, টকৌপাতেৰে পৰম্পৰাগত আৰ্হিত নিৰ্মিত ইদু মিছিমি চাংঘৰৰ সুখকৰ স্মৃতি এতিয়াও পূৰামাত্ৰাই সজীৱ হৈ আছে৷ দেওপানীৰ বক্ষত নামি সূৰ্যাস্ত চাইছিলোঁ৷ গা ধুইছিলোঁ, দুবাৰকৈ৷ পুৱা শোৱাপাটীৰ পৰাই শুনা পাইছিলোঁ সিপাৰৰ পৰ্বতৰ পৰা ভাহি অহা হলৌ বান্দৰৰ হুক্-কু হুক্-কু মাত৷ অথনি চহৰখনলৈ সোমাই আহি থাকোঁতেই চিনেমাৰ চিকুৱেঞ্চবোৰৰ দৰে সমস্ত দৃশ্যপট মোৰ মনলৈ আহি আছিল৷ এতিয়া নৈখন পালোঁহি৷ ইজে আৰু ইমে নামৰ দুখন পাহাৰীয়া নৈ লগ হৈ দেওপানী সৃষ্টি হৈছে৷
দেওপানীৰ ওপৰত ভাৰতীয় সৈন্যই নিৰ্মাণ কৰা লোৰ দলংখনেৰে খোজ কাঢ়ি গৈ আছোঁ অকলে অকলে৷ গম্ভীৰ প্ৰশ্ন এটা জাগিল মনত৷ ১৯১৯-২০ চনমানত ব্ৰিটিছ সামৰিক বিষয়া কৰ্নেল এফ. ডব্লিউ. শ্বেইক্সপীয়েৰৰ নেতৃত্বত কমাণ্ডেণ্ট মেজৰ ক্লোট আৰু আমেৰিকাৰ মিছনেৰী জেকমেনে হাতীৰে আহোঁতে দেওপানী নৈৰ পানী যুঁৱলিত গুৰিটো বৰ্গাকাৰ, ওপৰলৈ ক্ৰমাৎ চিয়াঁ, ষষ্ঠকোণীয়া, ২.২৮ মিটাৰ উচ্চতাৰ, সৰ্প আৰু আহোম লিপি খোদিত স্তম্ভ এটা পাইছিল বুলি পঢ়িবলৈ পোৱা সেই দেওপানীখন এইখনেই নেকি? সৰ্পস্তম্ভটো কোনোৰ মতে ১৫৩২ত, কোনোৰ মতে ১৫৬২ত, খেনোৰ মতে ১৬০০ত, আকৌ কোনোৰ মতে আহোমৰ শদিয়াখোৱা লপাই গোহাঁয়ে, কোনোৰ মতে মিছিমিসকলে, খেনোৰ মতে চুতীয়াসকলে দেওপানী নৈৰ পাৰত নিৰ্মাণ কৰা বুলিও কিতাপত পাইছোঁ৷ এইখনেইনে সেই দেওপানী? সত্য-অসত্য নাজানো৷ ক'তো লিখা দেখা নাই৷ সদ্যহতে ক'ব পৰা সত্যটো এইটোৱেই যে ব'ৰ্ডাৰ ৰ'ডছ অৰ্গেনাইজেছনৰ দ্বাৰা নিৰ্মিত, সেউজীয়াৰ মাজত লুকাই পৰা সন্মুখৰ বাটটোৱে মোক আগলৈ ৰিঙিয়াই মাতি আছে৷ দলং পাৰ হৈ ৰাস্তাটো কেঁকুৰিত হেৰাই গৈছে৷ সিফালে কি আছে দেখা নাযায়৷ এই ঠেক, পকী ৰাস্তাটোৰেই আমি চাল্লি লে'ক, মেহাও বন্যপ্ৰাণী উদ্যান, মায়'ডিয়া গিৰিপথ চাবলৈ গৈছিলোঁ৷
ৰ'য়িং আৰু আনিনিৰ মাজৰ সৰ্বোচ্চ উচ্চতাৰ বৰফাবৃত্ত ঠাই মায়'ডিয়ালৈ ৰ'য়িঙৰ পৰা ৫৬ কিল'মিটাৰ৷ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত গিৰিপথটোত সৰহ পৰিমাণৰ বৰফ দেখিবলৈ পোৱা যায়৷ চুবও পাৰি৷ চিনেমাত দেখাৰ দৰে ইজনে-সিজনলৈ দলিয়াদলিকৈ খেলিবও পাৰি৷ সেয়েহে বহুতে কয়, আমাৰ ওচৰৰ কাশ্মীৰ বুলি৷ মাৰ্চ পৰ্যন্ত শুভ্ৰ বৰফেৰে এলেকাটো ঢাক খাই থাকে৷ অন্য সময়তো দূৰৰ পৰ্বত শিখৰত বৰফ দৃষ্টিগোচৰ হয়৷ প্ৰাকৃতিক দৃশ্যাৱলী সদায়েই আকৰ্ষণীয় মায়'ডিয়াৰ৷ বহুতেই মন্তব্য কৰা শুনো, ছিমলা-মানালিতকৈও উৎকৃষ্টহে হেনো মায়'ডিয়া মাউণ্টেইন পাছ৷ সেই সেই ঠাইৰ দৰে পৰ্যটকৰ পকেট কটাৰ ফন্দি এইফালে নাই৷ সঁচা-মিছা ক'ব নোৱাৰিম৷ মই তেনেবোৰ ঠাইলৈ গৈ পোৱা নাই৷ অৰুণাচলৰ কুমাৰী প্ৰকৃতিৰ মোহিনী বাহুবন্ধনে বাৰুকৈয়ে মেৰিয়াই ৰাখিছে মোক৷
ৰৌদ্ৰোজ্জ্বল পুৱা৷ পাহাৰ আৰু ডাৱৰৰ লুকাভাকু খেলখন চলি আছে৷ সন্মুখত ৰ'য়িং৷ তাকে লৈ শ্ৰীমতী আহ্লাদিত তথা কৌতূহলী হৈ পৰিছে৷ ৰ'য়িং চহৰখনৰ গঠন ১৯৫৩ চনত, অৰ্থাৎ বৰভূঁইকঁপৰ ৩ বছৰ পাছত আৰম্ভ হৈছিল৷ পূৰ্বতে এই অঞ্চলটো আছিল ঘন অৰণ্যৰে পৰিপূৰ্ণ৷ পৃষ্ঠভাগ অলপমান ওখ যদিও ৰ'য়িংখন সচৰাচৰ ভবাৰ দৰে পাহাৰীয়া নহয়, সমতল চহৰ৷ ইয়াৰ পৰা অদূৰত পৰ্বতৰ লানি দৃষ্টিগোচৰ হয়৷ দেওপানী নৈ পাৰ হৈয়ে মিছিমি পৰ্বতৰ আৰম্ভণি৷ অৰুণাচল হিমালয়ৰ পাদদেশ সেয়া৷ মিছিমি হিল্ছক বিশ্বৰ মেগা বায়'-ডাইভাৰচিটি হটস্পটসমূহৰ অন্যতম বুলি গণ্য কৰা হয়৷
ৰ'য়িংখন ইদু মিছিমি বসতিপ্ৰধান এলেকা৷ পৌৰাণিক কাহিনীৰ ৰুক্মিণী মিছিমি যুৱতী আছিল বুলি তেওঁলোকৰ দৃঢ় বিশ্বাস৷ ইদু মিছিমিৰ বাদে আদি জনগোষ্ঠীয় লোকেও ইয়াত বাস কৰি আহিছে৷ ইদুসকলৰ ৰেহ আৰু আদিসকলৰ চলুং, দুটা প্ৰধান উৎসৱ৷ ক্রমে ফেব্ৰুৱাৰী আৰু ছেপ্টেম্বৰ মাহৰ পহিলা দিনত ৰাজহুৱাভাৱে ধুমধামকৈ উদ্যাপিত হয়৷ ৰ'য়িঙত থাকিবৰ বাবে হোটেল, গে'ষ্ট হাউচ, চাৰ্কিট হাউচ, টুৰিষ্ট লজ্ আদি আছে৷ বজাৰ-সমাৰ, শিক্ষানুষ্ঠান, হেলিপেড আদিও আছে৷ ইটানগৰ, পাছিঘাট, তিনিচুকীয়া, গুৱাহাটী, তেজু, আনিনি আদিলৈ ইয়াৰ পৰা নিতৌ টাটা চুম', স্কৰপিঅ' আৰু বাছ চলে৷ আদবাটত নে'টৱৰ্ক ট্ৰেভেলছৰ নৈশ বাছ এখন ৰৈ থকা অৱস্থাতে দেখা পাই আহিছোঁ৷
ৰয়িঙত উপস্থিত হৈ আজি প্ৰথমেই এটা কথা মন কৰিলোঁ যে দুবছৰৰ আগতে ইয়ালৈ আহোঁতে যিমানবোৰ গাড়ী-মটৰ দেখিছিলোঁ, মানুহৰ মাজত যি হাৰৰ ব্যস্ততা দেখিছিলোঁ, এতিয়া তেনে নহয়৷ পৰিৱৰ্তন হৈছে৷ নতুন দলং মুকলিৰ প্ৰভাৱ ইয়াতো পৰিছে তাৰ মানে৷ বেনাৰ ওলমোৱা আছে, ৰ'য়িঙৰ পৰা নে'টৱৰ্ক ট্ৰেভেল্ছৰ বাছ চলিব গুৱাহাটী, ইটানগৰ, শিলিগুৰিলৈ৷ গাড়ী আমি দেখিলোঁৱেই, চহৰ সোমাওঁতেই৷ যাতায়াত ব্যৱস্থা সুচল হ'ল যেতিয়া এতিয়া বুকুত হাত থৈ ক'ব পাৰি যে বৰ্তমানৰে পৰা ভাৰতৰ দীৰ্ঘতম দলংখন চাবলৈ দেশী-বিদেশী ভ্ৰমণকাৰীৰ সোঁত ব'ব৷ তাৰ সৈতে অংক মিলাই কম কষ্টতে অৰুণাচললৈ অহাৰো সুযোগ ল'ব পাৰিব পাৰ্বত্য ভ্ৰমণ অভিলাসী লোকে৷ সহজতে সম্ভৱ হ'ব সীমান্ত-পৰ্যটনো৷ ৰ'য়িং-মায়'ডিয়া-আনিনি টুৰিষ্ট চাৰ্কিটলৈ পৰ্যটক অহাৰ মাত্ৰা আগতকৈ নিশ্চয়কৈ বৃদ্ধি পাব৷ অৰুণাচল প্ৰদেশ টুৰিজিমৰ ব্ৰেণ্ড এম্বেছাডৰ জন আব্ৰাহামে প্ৰচাৰ মাধ্যমৰ জৰিয়তে আহ্বান জনোৱাটো সুকীয়া কথা, ভূপেন হাজৰিকা সেতুৱে যাত্ৰা তেনেই সহজ কৰি পেলালে৷ ইনাৰ লাইন পাৰ্মিট লৈ গাড়ীত উঠি আহি থাকিলেই হ'ল৷ তালৈকে চাই চৰকাৰৰ পৰ্যটন বিভাগটোৱে আহি থকা দিনবোৰত প্ৰয়োজনীয় খণ্ডসমূহৰ উন্নয়ন সাধনত যথোচিত গুৰুত্ব দিব লাগিব৷ টুৰিষ্ট স্পটসমূহ ঠিক-ঠাক কৰি ৰখাৰ লগতে থকা-খোৱাৰ ব্যৱস্থাপনাবোৰো পৰ্যাপ্ত আৰু উন্নততৰ কৰি পেলাব লাগিব৷ সময়ৰ আহ্বান, দলঙৰ প্ৰভাৱ এয়া৷
আমি চহৰখনৰ মাজ-মজিয়াৰে পাৰ হৈ আহিছোঁ৷ মাজতে এখিনি ৰাস্তা বৰ বেয়া হৈছে৷ জৱাহৰলাল নেহৰু শিশু উদ্যানৰ সন্মুখেৰে ছাজিদে দেওপানী নৈৰ ফালে গাড়ীখন চলাই নি আছে৷ শান্ত-সৌম্য, মনোগ্ৰাহী এইফালৰ প্ৰাকৃতিক শোভা৷ বোঁৱতী জলতৰংগৰ খল্খলনিয়েহে মাথো নিস্তব্ধতা ভংগ কৰে৷ দেওপানীৰ ওপৰত নতুনকৈ আৰ.চি.চি. দলং এখন সাজি থকা দেখা গৈছে৷ এই দলঙে এইফালৰ যাত্ৰা সুগম কৰিব৷ নহ'লে বাৰিষা ভীষণ কষ্টৰ সন্মুখীন হ'বলগীয়া হয় আনিনি, হুনলি আদিৰ মানুহে৷ ইমানদিনে কিমানযে ধৈৰ্য ধৰি অহা হৈছে সেয়া সহজে অনুমেয়৷ সন্মুখৰ ৰাস্তাটো এতিয়াও নদীৰ বক্ষৰেই৷ দলং হৈ নুঠা পৰ্যন্ত থাকিব লাগিব এনেকৈয়ে৷ তললৈ নামিবলৈ উদ্যত হওঁতেই সোঁহাতে পোৱা পুৰণি হেঙিং ব্ৰীজখনো এতিয়াও ওলমি আছে৷ যোৱাবাৰ আহোঁতে সেইখনত বগাইছিলোঁগৈ৷ নদীৰ শিলাময় বুকুখনত সুবিধাজনক ঠাই চাই গাড়ীখন ৰখোৱা হ'ল৷ গাড়ীৰ পৰা নামি দেওপানীৰ বুকুৰে বৈ থকা তৰংগায়িত জলধাৰাৰ ফালে ঘপাঘপ খোজ ল'লে বাকীসকলে৷ নৈসৰ্গিক বাতাবৰণত এখন্তেক বহাৰ প্ৰতি আটায়ে যেন বৰকৈ আগ্ৰহী৷ ইফালে মূৰৰ ওপৰত ৰ'দ৷ লগ এৰি অকলশৰে মই গুচি গ'লোঁ ওচৰতে থকা বেইলী ব্ৰীজখনলৈ৷ দলং পাৰ হৈয়ে ৰাস্তাটো পাহাৰত সোমাই পৰিছে৷ সেইফালেদিয়ে মেহাও বন্যপ্ৰাণী উদ্যান, মায়'ডিয়া, হুনলি, আনিনি, চীন সীমান্ত আদিলৈ যায়৷
২০১৫ চনৰ এপ্ৰিল মাহৰ মাজভাগত আহিছিলোঁ ইয়ালৈ৷ চহৰৰ ধামখুমিয়াৰ পৰা আঁতৰত দেওপানী নৈৰ পাৰত সম্পূৰ্ণ নৈসৰ্গিক বাতাবৰণত জিবি পলোৱে সজা আৰু পৰিচালনা কৰা জনজাতীয় ইক' লজ্ মিছিমি হিল কেম্পত অতিথি হৈছিলোঁ৷ উপকণ্ঠৰ Ezenggo অৰ্থাৎ নদীৰ তীৰত খেৰ-বাঁহ, টকৌপাতেৰে পৰম্পৰাগত আৰ্হিত নিৰ্মিত ইদু মিছিমি চাংঘৰৰ সুখকৰ স্মৃতি এতিয়াও পূৰামাত্ৰাই সজীৱ হৈ আছে৷ দেওপানীৰ বক্ষত নামি সূৰ্যাস্ত চাইছিলোঁ৷ গা ধুইছিলোঁ, দুবাৰকৈ৷ পুৱা শোৱাপাটীৰ পৰাই শুনা পাইছিলোঁ সিপাৰৰ পৰ্বতৰ পৰা ভাহি অহা হলৌ বান্দৰৰ হুক্-কু হুক্-কু মাত৷ অথনি চহৰখনলৈ সোমাই আহি থাকোঁতেই চিনেমাৰ চিকুৱেঞ্চবোৰৰ দৰে সমস্ত দৃশ্যপট মোৰ মনলৈ আহি আছিল৷ এতিয়া নৈখন পালোঁহি৷ ইজে আৰু ইমে নামৰ দুখন পাহাৰীয়া নৈ লগ হৈ দেওপানী সৃষ্টি হৈছে৷
দেওপানীৰ ওপৰত ভাৰতীয় সৈন্যই নিৰ্মাণ কৰা লোৰ দলংখনেৰে খোজ কাঢ়ি গৈ আছোঁ অকলে অকলে৷ গম্ভীৰ প্ৰশ্ন এটা জাগিল মনত৷ ১৯১৯-২০ চনমানত ব্ৰিটিছ সামৰিক বিষয়া কৰ্নেল এফ. ডব্লিউ. শ্বেইক্সপীয়েৰৰ নেতৃত্বত কমাণ্ডেণ্ট মেজৰ ক্লোট আৰু আমেৰিকাৰ মিছনেৰী জেকমেনে হাতীৰে আহোঁতে দেওপানী নৈৰ পানী যুঁৱলিত গুৰিটো বৰ্গাকাৰ, ওপৰলৈ ক্ৰমাৎ চিয়াঁ, ষষ্ঠকোণীয়া, ২.২৮ মিটাৰ উচ্চতাৰ, সৰ্প আৰু আহোম লিপি খোদিত স্তম্ভ এটা পাইছিল বুলি পঢ়িবলৈ পোৱা সেই দেওপানীখন এইখনেই নেকি? সৰ্পস্তম্ভটো কোনোৰ মতে ১৫৩২ত, কোনোৰ মতে ১৫৬২ত, খেনোৰ মতে ১৬০০ত, আকৌ কোনোৰ মতে আহোমৰ শদিয়াখোৱা লপাই গোহাঁয়ে, কোনোৰ মতে মিছিমিসকলে, খেনোৰ মতে চুতীয়াসকলে দেওপানী নৈৰ পাৰত নিৰ্মাণ কৰা বুলিও কিতাপত পাইছোঁ৷ এইখনেইনে সেই দেওপানী? সত্য-অসত্য নাজানো৷ ক'তো লিখা দেখা নাই৷ সদ্যহতে ক'ব পৰা সত্যটো এইটোৱেই যে ব'ৰ্ডাৰ ৰ'ডছ অৰ্গেনাইজেছনৰ দ্বাৰা নিৰ্মিত, সেউজীয়াৰ মাজত লুকাই পৰা সন্মুখৰ বাটটোৱে মোক আগলৈ ৰিঙিয়াই মাতি আছে৷ দলং পাৰ হৈ ৰাস্তাটো কেঁকুৰিত হেৰাই গৈছে৷ সিফালে কি আছে দেখা নাযায়৷ এই ঠেক, পকী ৰাস্তাটোৰেই আমি চাল্লি লে'ক, মেহাও বন্যপ্ৰাণী উদ্যান, মায়'ডিয়া গিৰিপথ চাবলৈ গৈছিলোঁ৷
ৰ'য়িং আৰু আনিনিৰ মাজৰ সৰ্বোচ্চ উচ্চতাৰ বৰফাবৃত্ত ঠাই মায়'ডিয়ালৈ ৰ'য়িঙৰ পৰা ৫৬ কিল'মিটাৰ৷ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত গিৰিপথটোত সৰহ পৰিমাণৰ বৰফ দেখিবলৈ পোৱা যায়৷ চুবও পাৰি৷ চিনেমাত দেখাৰ দৰে ইজনে-সিজনলৈ দলিয়াদলিকৈ খেলিবও পাৰি৷ সেয়েহে বহুতে কয়, আমাৰ ওচৰৰ কাশ্মীৰ বুলি৷ মাৰ্চ পৰ্যন্ত শুভ্ৰ বৰফেৰে এলেকাটো ঢাক খাই থাকে৷ অন্য সময়তো দূৰৰ পৰ্বত শিখৰত বৰফ দৃষ্টিগোচৰ হয়৷ প্ৰাকৃতিক দৃশ্যাৱলী সদায়েই আকৰ্ষণীয় মায়'ডিয়াৰ৷ বহুতেই মন্তব্য কৰা শুনো, ছিমলা-মানালিতকৈও উৎকৃষ্টহে হেনো মায়'ডিয়া মাউণ্টেইন পাছ৷ সেই সেই ঠাইৰ দৰে পৰ্যটকৰ পকেট কটাৰ ফন্দি এইফালে নাই৷ সঁচা-মিছা ক'ব নোৱাৰিম৷ মই তেনেবোৰ ঠাইলৈ গৈ পোৱা নাই৷ অৰুণাচলৰ কুমাৰী প্ৰকৃতিৰ মোহিনী বাহুবন্ধনে বাৰুকৈয়ে মেৰিয়াই ৰাখিছে মোক৷
No comments:
Post a Comment