Thursday, 6 July 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৩৩)

আমি এতিয়া শদিয়াত৷ শুদ্ধকৈ কবলৈ হলে শদিয়া মহকুমাৰ সদৰ ঠাই চপাখোৱাত৷ জিলা তিনিচুকীয়া৷ বিভিন্ন, বিচিত্ৰ আৰু বাৰেবৰণীয়া জনগোষ্ঠীয় মানুহৰ একত্ৰিত বাসভূমি শদিয়া৷ প্ৰব্ৰজন-আন্তঃপ্ৰব্ৰজনৰ ইতিহাসলৈ চালে সহজে বুজা যায় যে চুতীয়া, সোণোৱাল, আহোম, দেউৰী, খামতি, চিংফৌ, মিচিং, বড়ো, তিৱা, কোঁচ, নেপালী, বিহাৰী ইত্যাদি সম্প্ৰদায়ৰ লোকে ইতিহাসৰ বিভিন্ন মুহূৰ্তত বিভিন্ন ঠাইৰ পৰা আহি উপস্থিত হৈছিলহি শদিয়াত৷ বান-খহনীয়াত পৰি, কৃষিভূমিৰ সন্ধানত, গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত হৈ মানুহ আহিছিল ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া, কোকৰাঝাৰ আদি জিলাৰ পৰা৷ একত্ৰিত ভাবনাৰে শদিয়াৰ মানুহ হৈ নিজৰ ভিতৰতে বিয়া-বাৰু কৰাই তেওঁলোকে ইয়াত সমাজ গঠন কৰিছে৷ অটব্য অৰণ্য ভাঙি শদিয়াক পৰিণত কৰিছে বৰ্ণময় সংস্কৃতিৰ মিলনভূমিত৷ বাহিৰা কোনো মলিনতাই চুব পৰা নাই তেওঁলোকৰ এই আদিভূমি৷ শদিয়াৰ প্ৰকৃতি যিমান সুন্দৰ সেই সুন্দৰ আৰু শান্ত-সমাহিত প্ৰকৃতিৰ কোলাত বসতি কৰা মানুহবোৰো ঠিক সিমানেই সুন্দৰ বুলি সুনাম আছে৷ ১২৬-শদিয়া বিধান সভা সমষ্টি আৰু লখিমপুৰ লোক সভা সমষ্টি অঞ্চলটোৰ বৰ্তমান ৰাজনৈতিক পৰিচয়৷

অতীতৰ শদিয়া বুলিলেই আমাৰ মনলৈ আহে শ্ৰীকৃষ্ণ-ৰুক্মিণী, বিদৰ্ভ, কুণ্ডিল নগৰ, চুতীয়াসকল, দেউৰীসকল, ফ্ৰাচেনমং বৰগোহাঁই, কেঁচাইখাঁতী, তাম্ৰেশ্বৰী, সৰ্পস্তম্ভ, চাহ গছ, নাথান ব্ৰাউন, ছপাযন্ত্ৰ, হেনৰী কট্টাম আদি৷ বৰ-ভূঁইকঁপ, বানপানী, গৰাখহনীয়াৰ ছবি এখন কল্পনাত ভাহে৷ আৰু আহে ভূপেন হাজৰিকা, ৰোহিত সোনাৰ, বিদ্যা চিৰিংফুকন ইত্যাদি চৰিত্ৰ কিছুমান৷ অসমৰ মূলসুঁতিৰ পৰা বহু দূৰৰ, শদিয়াৰ দৰে ঘোঁকট একোণৰ পৰা ওলাই গৈ বিশেষ ক্ষেত্ৰত সুনাম অৰ্জন কৰা আৰু গৌৰৱ কঢ়িয়াই অনাটো কম কথা নহয়৷ কালি-পৰহিহে ঠাইতে গাড়ীত বহি গন্তব্যস্থল পাব পৰাটো সম্ভৱ হৈছে৷ নহলে কমখন যমৰ যাতনা আছিলনে? সাতে-সোতৰই ভূপেন হাজৰিকা দলং হৈ উঠাৰ পশ্চাৎ ৰোহিত সোনাৰৰ শদিয়া লাগে ভাল, মোৰে কিনো কপাল গীতটো শদিয়াবাসীয়ে থিম ছং হিচাপে ল'ব পাৰে বুলিয়ে এতিয়া মনে মনে মোৰ ভাব হৈছে৷

শদিয়া ভোগালী ঠাই৷ চাউল, মাছ-পুঠি আৰু শাক-পাচলি উভৈনদী আৰু সোৱাদযুক্ত৷ এই স্বাদ আৰু পুষ্টিৰ বাবেই হেনো প্ৰকৃতি তথা মানৱসৃষ্ট অনেক প্ৰত্যাহ্বানেও শদিয়াবাসীক ভৱিষ্যৎ সম্বন্ধে আশাহত কৰিব পৰা নাই৷ কষ্টৰ মাজতো তেওঁলোকৰ মুখমণ্ডল উজ্জ্বল হোৱাৰ বোলে ইয়েই কাৰণ৷ নিজেও পাইছোঁ, শদিয়াৰ মিঠাই বৰ ভাল৷ শদিয়াৰ গাখীৰ উৎকৃষ্ট বাবে পেৰা আদি সুমিষ্ট৷ জিভাত লাগি আছে আগৰবাৰ আহোঁতে খোৱা ৰসগোল্লা, পেৰাৰ সোৱাদটো৷ তাকে মনত পেলাই এইবাৰ ঘূৰি যাওঁতে আন নহলেও পেৰা অলপমান কিনি লৈ যাম বুলি আগতীয়াকৈ ইচ্ছা এটা পুহি ৰাখিছোঁ৷

শদিয়া হৈছে লোহিত, দিবাং আৰু কুণ্ডিল নদীৰ সংগমস্থলৰ কাষৰীয়া ভূখণ্ড৷ উচ্চতা বৰ বেছি নহয়৷ সমুদ্ৰপৃষ্ঠৰ পৰা ৪০৪ ফুট মাত্ৰ৷ কিন্তু উত্তৰ-পূব দিশত কেইকিল'মিটাৰমান আগলৈ গ'লেই মিছিমি হিলছৰ আৰম্ভণি৷ ৮ কিলমিটাৰমান দক্ষিণ-পশ্চিমে ৰচনা হৈছে বিশাল মহাবাহু ব্ৰহ্মপুত্ৰ৷ দিহাং, দিবাং, লোহিতে আগুৰা শদিয়া নদীৰ আৱেষ্টনীত থকা ঠাইসমূহৰ ভিতৰত বিশ্বৰ ভিতৰতে বৃহত্তম বুলি কোনো কোনোৱে মন্তব্য কৰা শুনা পাওঁ৷ শদিয়া আৰু সট্‌ফুল, উভয়ৰে অংগাংগী সম্পৰ্ক৷ বানপানীৰ বাবে শদিয়া যেনেকৈ জনাজাত, সট্‌ফুলৰ বাবেও শদিয়া নামটো বিখ্যাত৷ 'মা আমি সট্‌ফুল খামেই', 'শদিয়ালৈ নাযাবা সট্‌ফুল নাখাবা' অসমীয়া মানুহৰ মাজত অতি পৰিচিত দুটা শাৰী৷ আনহাতে Wikipediaত এনেকৈ পোৱা যায়... Sadiya is famous for a flower named sotful (the word means blessing or a desert flower), which is much like Jasmine.

চুতীয়াসকলৰ দ্বিতীয়জন ৰজা ৰত্নধ্বজপালে ১২৪৮ চনত শদিয়াত চুতীয়া ৰাজ্যৰ তৃতীয়খন ৰাজধানী স্থাপন কৰিছিল৷ কুণ্ডিলৰাজ ভীষ্মকৰ জীয়ৰী ৰুক্মিণীক হৰণ কৰিবলৈ সুদূৰ দ্বাৰকাৰ পৰা শদিয়ালৈ আহিছিল শ্ৰীকৃষ্ণ৷ এই শদিয়াই পৌৰাণিক কুণ্ডিল নগৰ৷ ১৯৫১ চনৰ আগলৈকে দিবাং আৰু লোহিতৰ পাৰতে আছিল পুৰণি শদিয়াৰ সদৰ৷ অসমৰ প্ৰথম ছপাশাল প্ৰতিষ্ঠা হৈছিল শদিয়াতে৷ পুৰণি শদিয়াতে জন্ম লাভ কৰিছিল ডক্টৰ ভূপেন হাজৰিকাৰ দৰে বিশ্ববৰেণ্য ব্যক্তিবিশেষে৷ ১৯৫০ চনৰ বৰভূঁইকঁপ আৰু ১৯৫১ চনৰ বানে ধ্বংস কৰি পেলালে পুৰণি শদিয়াখন৷ ক্রমাৎ ইঠাইৰ পৰা সিঠাইলৈ সদৰ স্থানান্তৰ কৰি অৱশেষত ১৯৫৭ চনত চপাখোৱাত স্থায়ী সদৰ স্থাপন কৰা হ'ল৷ আমি এতিয়া সেইখন চপাখোৱাত নামিছোঁ৷ ইফালে, ১৯৮৮ চনত অসমত ভয়াৱহভাৱে যি বানপানী হৈছিল সেই বান আৰু খহনীয়াই শদিয়াক সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত কৰিছিল৷ শান্ত শদিয়াখন তেনেই নিমাত হৈ পৰিছিল তেতিয়া৷ প্ৰকৃতিৰ ধাৰাবাহিক ৰোষ এনেকৈয়ে মূৰ পাতি লৈ আহিছে শদিয়াই৷ হাৰ নামানি আকৌ মূৰ দাঙি উঠিছে৷ ভূপেন হাজৰিকা সেতুখনে শদিয়াক যেন পুনৰবাৰ শিৰ উন্নত কৰাত অৱদান যোগালে, তেনে লাগিছে মোৰ৷

এই মুহূৰ্তত চপাখোৱাখনৰ আমি দেখা এইটো মূৰত অন্য চহৰবোৰৰ দৰে হাই-হুলস্থূল নাই পোৱা৷ পকা ৰাস্তাৰ ওপৰত গৰু এপাল৷ তাৰে এজনীয়ে হেম্বেলিয়াই আছে৷ বহল মূল পথটোৰ দুপাৰে সেউজীয়া গছ-গছনি৷ যেনি-তেনি চৰাই-চিৰিকটিৰ মাত কিছুমান ভাহিছে৷ স্কুলীয়া ছাত্ৰী কেইজনীমান হাঁহি-মাতি গৈ আছে৷ গাড়ী কেইখনমান আহিব ধৰিছে শাৰী পাতি৷ ৰাস্তাটো পাৰ হ'বৰ বাবে উদ্যত হৈছোঁ আমি৷






No comments:

Post a Comment