শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৪৫)
এইখন শদিয়াত জন্মা ভূপেন হাজৰিকা কেৱল অসমীয়া মানুহ বা অসমবাসী ৰাইজৰে হিয়াৰ আমঠু নহয়, আন বহুতৰ লগতে চুবুৰীয়া অৰুণাচলীৰো বুকুৰ কুটুম৷ সংগীতপ্ৰেমী মানুহে ভাল পোৱা এজন সম্পূৰ্ণ গায়ক, বিশ্বকণ্ঠ৷ নিজৰ জন্মভূমি, দাঁতি-কাষৰীয়া নেফা আছিল তেওঁৰ অতি মৰমৰ, যিদৰে আই অসমী৷ চীন চুই থকা পৰ্বতসমগ্ৰ অঞ্চলটোক পোহৰলৈ অনাত সংগীত-সূৰ্যৰ ভূমিকা কম নাছিল৷ দেশৰ ভিতৰতে প্ৰথম সূৰ্যোদয় হোৱা পূব প্ৰান্তক লৈয়ে ১৯৬৯ চনত মুম্বাইত বহি লিখিছিল 'ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ'৷ আৰু অনেক গান লিখি থৈ গৈছে৷ জীৱনৰ অন্তিম প্ৰশ্বাসলৈকে তেওঁ কামনা কৰি গ'ল, অৰুণাচল যেন সুখী হয়৷ দুই ৰাজ্যৰ সম্প্ৰীতিৰ এনাজৰীডাল তেওঁ কটকটীয়া কৰি ৰখাৰ প্ৰচেষ্টা চলাইছিল৷ সমন্বয়মূলক গীত-মাতৰ মাধ্যমেৰে হৃদয়ৰ বাৰ্তা দি গৈছিল৷

জিৰ'লৈ গৈছিল ভূপেন হাজৰিকা৷ ১৯৭২ চনৰ ২০ জানুৱাৰীত জিৰ'ত বহিয়ে লিখিছিল...
'অৰুণ কিৰণ শিৰৰ ভূষণ গলে হিমৰ ঢল
পুৱাৰ সূৰুযে চুমা খোৱা দেশ আমাৰ অৰুণাচল৷
কামেং চিয়াং লোহিত আৰু টিৰাপ সোৱণশিৰি
চিৰ জ্যোতিৰ কুসুমৰূপে শোভে হিমগিৰি৷
পঞ্চ ফুলৰ খোপা সাজি আনন্দ উচ্ছল
পুৱাৰ সূৰুযে চুমা খোৱা দেশ আমাৰ অৰুণাচল৷'
অৰুণাচলৰ জাতীয় সংগীতৰূপে গ্ৰহণ কৰাই নহয়, হিন্দীৰ উপৰি ৰাজ্যখনৰ ভালেকেইটা দোৱানলৈ অনূদিতও হৈছিল এই গীতটি৷ ইন্দিৰা গান্ধীৰ সন্মুখত গোৱা হৈছিল অসমীয়া, আদি, নিছি, আপাতানি আৰু হিন্দীত৷ 'চিয়াঙৰে গালং' (১৯৬১), 'কত জোৱানৰ মৃত্যু হ'ল' (১৯৬২ৰ চীনা আগ্ৰাসনৰ সময়ত), টিৰাপ সীমান্ত' (১৯৬৬) আদি অনেক যুগজয়ী গীত অৰুণাচলক উপহাৰ দি গৈছে ভূপেন হাজৰিকাই৷ সাতামপুৰুষীয়া পাহাৰ-ভৈয়াম সম্প্ৰীতিৰ সাঁকোৰ ৰূপত আজিও থিয় দি আছে তেওঁ৷ অসম-অৰুণাচলৰ সু-সম্পৰ্কক লৈ অতিকৈ সজাগ আছিল এই মানুহজন৷

ডাপ'ৰিজ'লৈও গৈছিল তেওঁ৷ গান গাইছিল৷ অৰুণাচলী আৰু ভৈয়ামৰ ডেকা-গাভৰুৱে মিলি উপহাৰ দিছিল আদৰণী গীত... 'মনৰ পখিলা আজি সুৰৰ ৰঙেৰে সাজি উৰি উৰি নাচি নাচি যায়'৷ চিয়াঙৰ গালং, লোহিতৰ খামতি, টিৰাপৰ বাঞ্চু, আপাতানী ভনী, মনপা ককাই, পদম্, নক্টে, শ্বেৰদুক্পেন, টাংচা, অকা, ব'ৰি আদি অৰুণাচলী বিভিন্ন জনগোষ্ঠীৰ উল্লেখ ভূপেন হাজৰিকাৰ গীতত স্পষ্ট৷ তেওঁৰ যাদুকৰী সুৰ বিন্যাসত মূৰ্ত হৈ উঠিছে অৰুণাচলৰ নানা জাতি-উপজাতি, তেওঁলোকৰ ৰহণীয়া কৃষ্টি৷ ভূপেন হাজৰিকাৰ গান শুনি লালিত-পালিত হৈছিল তেওঁলোকৰ অনুভূতিবোৰ৷ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিটো নৃগোষ্ঠীয়ে বিশ্ববিশ্ৰুত গায়কজনৰ গীতবোৰত বিচাৰি পাইছিল আত্মাৰ অভিব্যক্তি৷ ভূপেন হাজৰিকাৰ গীতে হাজাৰজনক শিকাইছিল জাতীয়তা, মানৱতা, ন্যায়, সংগ্ৰাম ইত্যাদি৷ সেয়ে হ'লেও, এটা কথা মন কৰিছোঁ যে সমূহৰ বাবে গীত গাই যোৱা ভূপেন হাজৰিকাই কিন্তু শদিয়াক লৈ, নিজৰ জন্মস্থানখনক লৈ লেখা গীত শুনা নাই, পোৱাও নাই৷ হ'লেও শদিয়াবাসী উৎফুল্লিত নোহোৱাকৈ থকা নাই ধলা-শদিয়া দলংখন পাই, নামকৰণেৰে ভূপেন হাজৰিকা সেতুখন পাই৷ ভূপেন হাজৰিকা এতিয়া বিশ্বমানৱ, বিশ্বৰ শিল্পী৷ জন্ম আগৰ নেফাৰ অন্তৱৰ্তী শদিয়াত৷ সেয়াই শদিয়াবাসীৰ চিৰগৌৰৱ৷ ছাজিদ-শ্বাহনাজহঁতৰো গৌৰৱ৷
ৰাজ্যিক সীমান্তৰে লগালগিকৈ থকা চুবুৰীয়া প্ৰদেশখনৰ চলচ্চিত্ৰ-পৰিক্রমালৈ যদি মন কৰোঁ তেতিয়া দেখা পাওঁ, অৰুণাচলক প্ৰথমখন কথাছবি উপহাৰ দিছিল ভূপেন হাজৰিকায়ে৷ ১৯৭৪ চনত সেই ৰাজ্যখনৰ পটভূমিত প্ৰথম ৰঙীণ ডকুমেণ্টৰী For whom the sun rise নিৰ্মাণ কৰা হৈছিল৷ ১৯৭৬ৰ ডিচেম্বৰত অৰুণাচল চৰকাৰৰ বিত্তীয় সহযোগিতাত ভূপেন হাজৰিকাৰ পৰিচালনাত মুক্তি পাইছিল প্ৰথমখন চেলুলয়ড কথাছবি৷ ধৰ্মান্তৰ প্ৰথাই গা কৰি উঠাৰ সময়ত অৰুণাচলৰ জনগণক নিজ ধৰ্মৰ গুৰুত্ব আৰু সমন্বয়ৰ প্ৰতি সচেতন কৰা কাহিনীৰ ভেটিতে নিৰ্মাণ হৈছিল 'মেৰা ধৰম মেৰী মা'৷ কাহিনীটো আছিল এইচ. নাবাম টাটা নামৰ অৰুণাচলৰ ছাত্ৰ এজনে ৰচনা কৰা এখন নাটকৰ৷ ভূপেন হাজৰিকাই 'মেৰা ধৰম মেৰী মা' নামকৰণেৰে চিত্ৰৰূপ দি অঞ্চলটোৰ জনসাধাৰণৰ বাবে ছবি নিৰ্মাণৰ দুৱাৰ মুকলি কৰি থৈ গ'ল৷ অৰুণাচলৰ পৰা নিৰ্মিত প্ৰথম হিন্দী ৰঙীণ ছবিখনৰ বাবে ৰাজ্য চৰকাৰ আৰু ৰাইজে মিলি ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসত সংগীত-শিল্পীজনাক সন্মান জনাইছিল৷ সোণৰ পদক উপহাৰ দিছিল৷
১৯৭৫ চনত আৰম্ভ কৰা বোলছবিখনৰ প্ৰযোজনা আছিল অৰুণাচল চৰকাৰৰ৷ সংগীত আৰু পৰিচালক ভূপেন হাজৰিকা৷ শ্ৰেষ্ঠাংশত আছিল বেংগিয়া মালা, এইচ. নাবাম টাটা, তাদু তায়ুং, আছাংলা আও, দ্ৰৌণী আদি৷ গীত ৰচনা ভূপেন হাজৰিকা আৰু লক্ষ্মণ দিবাকৰৰ৷ গাইছিল ভূপেন হাজৰিকা, ইলা বসু, ৰুমা গুহঠাকুৰতা, ব'ৱা পিঞ্জি, তাও গুমশ্বি আৰু তাও মাকাই৷ ২০০৯ চনৰ ১১ এপ্ৰিল তাৰিখে অৰুণাচলী ছাত্ৰ সমাজ, চৰকাৰী পক্ষ আৰু জনতাৰ উপস্থিতিত কথাছবিখনত সন্নিৱিষ্ট চিৰসেউজীয়া গীত 'হামাৰা অৰুণাচল' অৰুণাচল প্ৰদেশৰ শীৰ্ষস্থানীয় ছাত্ৰ সংগঠন অৰুণাচল প্ৰদেশ ষ্টুডেণ্টছ ইউনিয়ন (আপচু)ৰ এন্থেম হিচাপে আদৰি লোৱা হৈছে৷ ভূপেন হাজৰিকাৰ নিকট সংগী বেংগীয়া হেমন্তই সিদিনা সভাত গীতটি পৰিৱেশন কৰিছিল৷
আৱেগিকভাৱে ভূপেন হাজৰিকা অৰুণাচলৰে যিমান সম্পৃক্ত হৈ আছিল তাৰ বিপৰীতে অৰুণাচলবাসীৰ তেওঁৰ প্ৰতি আৱেগ কিমান? চাগৈ সেইটোকে প্ৰমাণ কৰি অৰুণাচল প্ৰদেশ চৰকাৰে সুধাকণ্ঠৰ পূৰ্ণ অৱয়বৰ প্ৰতিকৃতি এটা প্ৰতিষ্ঠাত অৰুণাচল প্ৰদেশ লিটাৰেৰী চ'চাইটিয়ে লোৱা উদ্যােগত যোগাত্মক সঁহাৰি জনাইছিল৷ এনে মনোভাবে সমাজ-জীৱনলৈ স্বাস্থ্যকৰ ভাবানুভূতি কিছুমানৰ যোগান দি যায়৷ গাতে গা লাগি থকা দুয়োখন প্ৰদেশৰ সহজ-সৰল মানুহবোৰৰ অন্তৰৰ গভীৰতাত প্ৰৱাহিত সমন্বয়ৰ সত্যতাক প্ৰকাশ কৰে এনেকুৱা সুদূৰপ্ৰসাৰী পদক্ষেপেই৷ এক কথাত ক'বলৈ গ'লে ভূপেন হাজৰিকাই পাবলগীয়া সকলোখিনি মৰ্যাদাই দিছে অৰুণাচলে৷
সেইজন ভূপেন হাজৰিকাৰ নামেৰে ভাৰতৰ দীৰ্ঘতম দলংখনৰ নামকৰণ হোৱাটোত অৰুণাচল সুখী নহৈ হ'ব কোন? সেইখন দলঙে সহজ-সংযোগ স্থাপন কৰি দিয়াৰ পাছত এতিয়া নিজৰ ঘৰখনলৈ এইফালৰ অৰুণাচলী জনসাধাৰণেও সুকলমে, নিশ্চিন্তমনে অহা-যোৱা কৰিব পাৰিব, সদায় সুঁৱৰি থাকিব পাৰিব বুকুৰ কুটুম, ব'লুঙৰ আদি-মাতৃৰ গাখীৰ খোৱা পুৰণি বান্ধৈজনক৷
ভূপেন হাজৰিকাৰ শৈশৱৰ স্মৃতি বিজড়িত ব'লুং গাঁওখনতে শিল্পীগৰাকীৰ ১০ ফুট ৬ ইঞ্চি উচ্চতাৰ প্ৰতিকৃতিটো স্থাপন কৰা হ'ব৷ মূৰ্তিসহ প্ৰখ্যাত ভাস্কৰ বীৰেন সিংহ দাদা আৰু ভ্ৰাতৃপ্ৰতিম অগ্ৰজ পৱিত্ৰদা গুৱাহাটীৰ পৰা গাড়ীৰে আহি আছে৷ খবৰটো কালিৰেই৷ একেদিনাই গন্তব্যস্থল পোৱাটো সম্ভৱ নোহোৱাত নিশা তেওঁলোকে ডিব্ৰুগড়ত বাহৰ পাতিলে৷ পুৱা পুনঃ যাত্ৰাৰম্ভ কৰি এতিয়া তিনিচুকীয়া পাইছেহি৷ বীৰেনদাৰ হস্তপৰশত নিৰ্মিত ভূপেন হাজৰিকাৰ পূৰ্ণাৱয়ব ব্ৰঞ্জৰ মূৰ্তিটোৱে দীঘল সেতুখন হোৱালৈকেহে যেন বাট চাই আছিল! টেলিভিচনৰ পৰ্দাতো এই লৈ অনেক চৰ্চা চলিছিল কালি৷ কেইবাটাও কথা আজি একে সময়তে ভাবি মোৰো গৌৰৱ অনুভৱ হৈছে যে বীৰেনদাৰ গুৱাহাটীৰ ঘৰলৈ যাওঁতে নিৰ্মাণৰত অৱস্থাত সেই মূৰ্তিটো মই দেখা পাইছোঁ৷ সেইখন নেফাৰ, এতিয়াৰ অৰুণাচলৰ প্ৰথম সূৰ্যোদয়ৰ স্থানলৈ মই গৈছোঁ৷ জিৰ'লৈও গৈছোঁ, ডাপ'ৰিজ'লৈও গৈছোঁ৷ ইয়ালৈ আহি এনে লাগিছে অনেক কষ্টকৰ মোৰ সেই যাত্ৰাবোৰ আজি যেন সাৰ্থক হৈছে!

No comments:
Post a Comment