শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৪৬)
'অৰুণাচলতে বৰঘৰ সাজি দিম কৃষ্টিক জীয়াই' বুলি সমন্বয়ৰ গান গোৱা, পুৰণি শদিয়াত ভূমিষ্ঠ হোৱা ভূপেন হাজৰিকাক অৰুণাচলে বুকুৰ বৰঘৰত ঠাই দিবলৈ ওলাইছে৷ ইয়াতকৈ ভাল খবৰ আৰু কি? অসমৰত্নৰ পৰলোকপ্ৰাপ্তিত অৰুণাচলে ৰাজ্যিক শোক দিৱস পালন কৰিছিল৷ দলংখনৰ নাম ভূপেন হাজৰিকা সেতু হোৱাত অৰুণাচলবাসীও নথৈ আনন্দিত হৈছে৷ সকলোৰে মন জয় কৰিব পৰা নাম এইটো৷ দলং মুকলি হোৱাৰ তৃতীয়দিনা অৰ্থাৎ আজি নিজৰে নামাংকিত সেতুৰে মূৰ্তিৰ ৰূপত ভূপেন হাজৰিকা পাৰ হৈ আহিছে পুৰণি ঘৰলৈ৷ একেবাৰে গাখীৰ খোৱা জেগাই পাবহি৷ তাকে শুনি ব'লুং গাঁৱত আগে-ভাগে উপস্থিত হ'বলৈ আমাৰো উথপথপ লাগি গ'ল৷ সুধাকণ্ঠই ল'ৰালি কাল কটোৱা ব'লুং গাঁৱলৈ ইয়াৰ পৰা ভালে কেইকিল'মিটাৰমানেই হ'ব৷ আমাৰেই সৌভাগ্য যে এতিয়া আমি শদিয়াৰ চপাখোৱাত সোঁশৰীৰে মজুত আছোঁ৷

ডাঙৰ হোৱাৰ পাছত ভূপেন হাজৰিকাক এবাৰ ব'লুং গাঁৱলৈ নিমন্ত্ৰণ কৰি অনা হৈছিল হেনো৷ ব'লুং তেতিয়া নেফাত সোমাল৷ আকৌ, নিজে লিখি থৈ যোৱামতে, জন্মৰ ২৫ বছৰৰ পাছত তেওঁ এবাৰ আহিছিল শদিয়ালৈ৷ আগৰ শদিয়া তেতিয়া দেখিবলৈ নাই৷ মৃত্যুৰ পূৰ্বেও নিজৰ জন্মভূমি তথা জন্মস্থানখন দৰ্শনৰ বাবে ব্যাকুল হৈ পৰিছিল গীতৰ খনিকৰজন৷ পিছে সম্ভৱ নহ'ল৷ সেই আশা আশা হৈয়ে থাকি গ'ল৷ চিনেমাৰ জৰিয়তে অৰুণাচলৰ জনজাতীয় কৃষ্টি-সংস্কৃতিক প্ৰথমবাৰৰ বাবে লোকচক্ষুৰ আগত তুলি ধৰাৰ উপৰি জনজাতিৰ মংগলাৰ্থে যোগোৱা বিশিষ্ট বৰঙণিৰ বাবে অৰুণাচল প্ৰদেশ চৰকাৰে তেওঁক সোণৰ পদক উপহাৰ দিলে ১৯৭৯ চনত৷ সৃষ্টিৰ ৩৩ বছৰৰ পাছত হ'লেও অৰুণাচলৰ ছাত্ৰ সমাজে তেওঁৰ গীতক উচিত প্ৰাধান্য দিলে৷ গন্ধৰ্ব কোঁৱৰজনৰ চিতাভষ্ম বিসৰ্জন দিয়া হৈছিল লোহিতকে ধৰি অৰুণাচলৰ চিয়াং, দিবাং, কামেং, সোৱণশিৰি, টিৰাপ, দিক্রং আদি কেইবাখনো নৈত৷
আমাক শদিয়াৰ ষ্টেডিয়াম আৰু জীয়া নৈ দেখুৱাই ছাজিদে গাড়ীখন মূল পথত উঠালেহি৷ ভূপেন হাজৰিকাৰ প্ৰতিকৃতি যিহেতু ব'লুঙত স্থাপন কৰা হ'ব তালৈ যাবলৈ পুনৰায় দৃঢ় ইচ্ছা প্ৰকট কৰিলোঁ৷ কণমানি দুটাই মন্ত্ৰ জপ কৰাদি অনৱৰতে কেৱল ৰ'য়িং ৰ'য়িং কৈ থাকি মাকৰ কাণ ঘোলা কৰি দিছে৷ সিহঁতহাল মুঠতে ৰ'য়িঙলৈ যাবই৷ আগে-পিচেও হেনো সিহঁতে ৰ'য়িঙলৈ গৈ বৰ ভাল পায়৷ একেটা বাটেই ৰ'য়িঙলৈ৷ ইনাৰ লাইন পাৰ্মিট হ'লে কাৰোৱেই নাই৷ তাকে কেন্দ্ৰ কৰি স্বাভাৱিকতে চিন্তা এটা জন্মিল যদিও ছাজিদে অভয় দিলে৷ 'যথা ব্যৱস্থা লকেল মাষ্টৰৰ' বুলি তেওঁৰ ওপৰতে শৰণাপন্ন হ'লোঁ আমি কেউটা৷ কিবা 'অদৃশ্য চাবি' তেওঁৰ হাতত আছে যদি নাজানো৷ কেইকিল'মিটাৰমান আগলৈ অৱস্থিত শান্তিপুৰ চে'ক গে'ট অভিমুখে নিশব্দে তেওঁ এক্সেলাৰেটৰ দবোৱাত লাগিল৷ ৰাস্তাছোৱা ভাল৷ বাটতে বিপৰীত ফালৰ পৰা অহা 'নয়নমণি' বাছখন পালোঁ৷ ৰ'য়িঙৰ পৰাই আহি আছে, তিনিচুকীয়ালৈ যাব৷
১০ বাজি ৫০ মিনিট গৈছে৷ দূৰৰ পৰাই দেখা পাইছোঁ, শান্তিপুৰ পুলিচ চে'ক গে'টত যান-বাহনৰ ভিৰ লাগিছে৷ ছাজিদে আমাৰ গাড়ীখন দীঘলীয়া শাৰীটোৰ একেবাৰে শেষত লগাই ষ্টাৰ্ট বন্ধ কৰি দিলে৷ কিছুমান মানুহ গৈছে ৰাষ্ট্ৰীয় ঘাইপথটোৰ সোঁকাষে থকা বুথটোত গাড়ীৰ নম্বৰ এণ্ট্ৰি কৰাবলৈ, পাছ দেখুৱাবলৈ বা ল'বলৈ৷ সেইটো এটা নিয়ম৷ আমাৰ ড্ৰাইভাৰ কিন্তু নামি নগ'ল৷ অৰুণাচল-অসমৰ ভৌগোলিক সীমাত থকা চে'ক গে'টত ইনাৰ লাইন পাছৰ ৰাজনৈতিক গুৰুত্বক ভেঙুচালি কৰি থম্ থম্ মদন গোপাল ৰূপত বহি ৰ'ল৷ মোৰ মনৰ অভ্যন্তৰত নীৰৱে বাজি থাকিল ভূপেন হাজৰিকাৰ গীত 'সময়ৰ অগ্ৰগতি পক্ষীৰাজত উঠি যাওঁ মই নতুন দিগন্তলৈ হাঁহিমুখে'৷ যাবলৈ দিবনে নাই ক'ব নোৱাৰোঁ, তথাপিও ভিতৰি পজিটিভ থিংকিং এটা ৰাখিছোঁ৷ কি হয় নাজানো৷
দীঘলীয়া প্ৰতীক্ষা৷ চকাকেইটা অকণ অকণকৈ আগুওৱা কাৰ্যত ক্ষুণ্ণ হৈ অলপ পাছতে স্বগতোক্তি কৰিলে আমাৰ চালকজনে, 'এনেকুৱাকৈ ৰ'বলগীয়া আগতে কাহানিও হোৱা নাছিল দেই৷ জীৱনত আজি প্ৰথম৷' সঁচাকৈয়ে এটা যেন বিৰাট ধৈৰ্য পৰীক্ষা৷ এই পৰীক্ষা এতিয়াৰে পৰা প্ৰতিজন চালকেই নিৰন্তৰ দি থাকিব লাগিব, এইবাটে আহোঁতে-যাওঁতে৷ দলং মুকলিৰ লগে লগে অনেক গাড়ী চলিব অৰুণাচললৈ৷ বেছিভাগেই আহিব ফুৰিবলৈ, ফুৰাবলৈ; পূব অৰুণাচল চাবলৈ, দেখুৱাবলৈ৷ ভ্ৰমণ-তৃষ্ণাতুৰ আহিব বহুদিনীয়া হেঁপাহ পূৰাবলৈ৷ গতিকে যানজঁট লগাটো অৱশ্যম্ভাৱী৷ তাৰ বিপৰীতে যথোচিত ব্যৱস্থা উদ্ভাৱন কৰাটো যানবাহন আৰক্ষীৰ বাবে জৰুৰী৷

ৰাস্তাৰ ওপৰেদি ইপাৰ-সিপাৰ হৈ যোৱাকৈ দণ্ডায়মান সেউজীয়া ব'ৰ্ড এখন৷ গাড়ীত বহি থাকিয়ে দূৰৰ পৰাই দেখা, তাত লিখি থোৱা দূৰত্ববোৰ চছমাবিহীন চকুৰেই পঢ়িব ধৰিলোঁ৷ ৰ'য়িং ২৩, মায়'ডিয়া ৭৮৷ হুনলি ১১৩, আনিনি ২৬১৷ আটাইবোৰ ঠাইলৈ এই একেটা বাটেৰেই, ইয়াৰ পৰা আগলৈ৷ ৰখীয়া অৰুণাচলী পুলিচমেনজনলৈ চালোঁ৷ সোঁমাজতে ৰঙা আখৰেৰে ষ্টপ বুলি লিখা ধেনুভিৰীয়া বাঁহডাল আজি কিমানবাৰযে দঙা-দঙি কৰিবলগীয়া হৈছে চাগৈ! বেচেৰাৰ হাতৰ গাঁঠি, কিলাকুটি, কঁকাল, পিঠি ইমান সময়ে বিষাই যাবই পায়৷ এই দাঙিছে, এই নমাইছে, আকৌ দাঙিছে-নমাইছে৷ অভূতপূৰ্ব ব্যস্ততা৷ দেখিয়ে কিবাকিবিৰ ৰকম লাগি গৈছে৷ উৎসাহ পিছে কমা নাই৷ মুখমণ্ডলত কষ্টৰ কোনো অভিব্যক্তি নাই৷ সকলোবোৰ যেন নতুন দলঙৰেই শেহতীয়া প্ৰভাৱ!
বাওঁহাতে চাইনব'ৰ্ড এখনত লিখা আছে... You are entering ILP area of Lower Dibang Valley District, Arunachal Pradesh. Stop. Show your Inner Line Permit and identify yourself for help. Arunachal Pradesh Police. প্ৰৱেশৰ অনুমতিপ্ৰাপ্ত গাড়ীবোৰৰ বাবে ৰখীয়া পুলিচে হেঙাৰডাল দাঙি ধৰিছে৷ এখন এখনকৈ পাৰ হৈছে সেইডালৰ তলেৰে৷ এবাৰ তেনেকৈ দাঙি দিওঁতে সুযোগ বুজি ছাজিদে আমাৰ গাড়ীখন আগৰখনত প্ৰায় লগালগিকৈ সুমুৱাই নিলে৷ তাৰ পাছতে কুশল চালকৰ দক্ষতাৰে সাউতকৈ পাৰ কৰি দিলে চে'ক গে'টৰ পৰিসৰ৷ চানগ্লাছৰ ফাঁকেৰে ৰখীয়াৰ প্ৰতি গহীন চাৱনি নিক্ষেপ কৰিলে যদিও নাজানো, এইফালৰ পৰা মই ধৰিব নোৱাৰিলোঁ৷ ইফালে বাগি দিয়াৰ পাছত আৰু পাছলৈ ঘূৰি চোৱাৰ অৱকাশ ক'ত? ঘড়ীলৈ চালোঁ৷ ১০ বাজি ৫৪ মিনিট৷ চৰকাৰী বিধি-ব্যৱস্থাক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি, বিনা-পাছত, অনধিকাৰ বুলি জানিও ল'ৱাৰ দিবাং ভেলী জিলাত সফলতাপূৰ্বক প্ৰৱেশ কৰিলোঁ আমি৷ অৰুণাচল প্ৰদেশৰ লেণ্ড অফ্ হৰ্টিকালচাৰত পুনৰবাৰ ভৰি দিবলৈ সক্ষম হ'লোঁ৷
গম পালোঁ, ছাজিদ আলমৰ 'অদৃশ্য চাবিকোছা' কি৷ উপস্থিত বুদ্ধি৷ আৰু, অকণমান মৰসাহস৷ হাজাৰো হওক, অৰুণাচলৰ হাত-বাউলিক একোপধ্যে নেওচিব নোৱাৰি৷ বুদ্ধি খটুৱাই, কাৰোবাৰ চকুত ধূলি মাৰি হ'লেও যাবই লাগিব৷ এবাৰ লম্ভিলে অৰুণাচলে কাকো নেৰে৷ আৰু এয়াতো শদিয়াৰ কাষৰ, সিহঁতৰ ঘৰৰ কাষৰ চিনাকি অৰুণাচলহে৷

No comments:
Post a Comment