Thursday, 6 July 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৩০)

ভাবনাৰে গধুৰ হৈ লোহিতৰ উপনৈ কুণ্ডিলৰ পকী দলং পালোঁহি৷ বহু স্মৃতি বুকুত বান্ধি থৈছে কুণ্ডিল নৈখনে৷ ভীষ্মক, ৰুক্মবীৰ, ৰুক্মিণী, শ্ৰীকৃষ্ণ, বেদনিধি, সাধনী, নিতাই আদিৰ কাহিনী, ঐশ্বৰ্য আৰু ঐতিহ্য বিজড়িত হৈ আছে ইয়াৰ সৈতে৷ শদিয়াৰ কুণ্ডিলমুখতে ব্ৰিটিছ চাহাবৰ দ্বাৰা অসমৰ ভিতৰত প্ৰথমখন পৰীক্ষামূলক চাহ বাগিচা প্ৰতিষ্ঠা কৰা হৈছিল বুলি বুৰঞ্জীয়ে কয়৷ সেইখন পিছত নদীয়ে ধ্বংস কৰে৷

ঠেক যদিও কুণ্ডিলৰ দলংখন অকণমান দীঘলেই যেন লাগিল৷ তাৰ ওপৰতে সিফালৰ পৰা অহা নিৰজুলিৰ সৈতে মুখামুখি হলোঁ৷ ৰয়িং, শদিয়া, তিনিচুকীয়াৰ বেচৰকাৰী পৰিৱহণ সেৱাৰ ইতিহাসত নিৰজুলি এটা সঘন-উচ্চাৰিত নাম৷ শব্দটোৱে মোকো বিশেষভাৱে আকৰ্ষণ কৰে৷ আমাৰ শিক্ষানুষ্ঠান নেৰিষ্টখন যত আছিল বা এতিয়াও আছে, সেইডোখৰৰ নামো নিৰজুলিয়েই৷ তেনেস্থলত নিৰজুলি শব্দটোৰ সৈতে মোৰ চিনাকি অনেক আগৰে পৰাই৷ বাছখনৰ সন্মুখৰ আইনাত লিখি থোৱা ডাঙৰ ডাঙৰ আখৰকেইটাই ভ্ৰমণৰ আনন্দৰ মাজতে এই বিশেষ মুহূৰ্তটোত কিছু পৰিমাণে হলেও নস্তালজিক নকৰাকৈ নাথাকিল মোক৷ মোৰ চিনাকি পুৰণি নিৰজুলিখন এতিয়া আৰু আগৰ ৰূপত নাই৷ সময়ৰ সৈতে খোজ মিলাই বহুত সলনি হল৷ যোৱা বছৰ নাহৰলগুন, জিৰ', ডাপৰিজ', তালিহা, চিয়ুম, নাচ্ছ', লিমেকিং, কেতেনালা ইত্যাদি সামৰি সোৱণশিৰিৰ পাৰে পাৰে আন্তৰাষ্ট্ৰীয় সীমান্তলৈ কৰা দীঘলীয়া এডভেন্সাৰ ট্ৰিপ এটাত যাওঁতে ৰে'ল লাইনৰ পৰাই দেখা পাই আহিছোঁ৷

এতিয়া গৈ আছোঁ বুৰঞ্জীপ্ৰসিদ্ধ কুণ্ডিলৰ ওপৰেদি৷ নৈখন অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ মাজেদি বৈ আহিছে৷ কুণ্ডিলৰ নামেৰে হোৱা, সীমাক লৈ অদ্যাপি মত-পাৰ্থক্য থকা কুণ্ডিল-কলীয়া বনাঞ্চলখন অৰুণাচল আৰু অসমৰ সীমা বুলি কোৱা হয়৷ শদিয়া মহকুমাৰ উত্তৰ-পূব চুকত বালিজান নৈৰ শাখা এটাক বাঁওপাৰে লৈ কুণ্ডিলখন পশ্চিমমুৱা হৈছে৷ তাৰ পৰা ৪ কিলমিটাৰ আহি দিফু নৈক সোঁপাৰে সামৰি লোৱাৰ পাছতে বহল ৰূপ লৈছে৷ তাৰ পৰা ১০ কিলমিটাৰ আহি কপৌপানী নৈক সোঁপাৰে লগত লৈ দক্ষিণ-পশ্চিমমুৱা হৈছে৷ ৫ কিলমিটাৰ আগলৈ বৈ অহাৰ পাছত জীয়া নৈক সোঁপাৰে সুমুৱাই নৈখন চপাখোৱা চহৰৰ পূব অংশত ওলাইছেহি৷ ইয়াৰ পাছৰ পৰা কুণ্ডিলৰ গতিপথ সৰ্পিল৷ ১৩ কিলমিটাৰ ভটিয়াই কুণ্ডিল বজাৰত নৈখনে বাঁওপাৰে একাজান আৰু সোঁপাৰে দিচৈ নৈক লগত লৈছে৷ সেই স্থানৰ পৰা আৰু ২ কিলমিটাৰ বৈ কুণ্ডিল গাঁৱত নৈখন বিলীন হৈছে লোহিতত

লোহিত নদীৰ দক্ষিণেই ধলাৰ ছৈখোৱা ঘাট৷ উত্তৰ পাৰে শদিয়াৰ কুণ্ডিল ঘাট৷ জন এম্‌কোছৰ টপগ্ৰাফ্ৰী অফ্‌ আছাম (১৮৩৭)ৰ তথ্য অনুসৰি শদিয়াখন কুণ্ডিল নৈৰ সোঁপাৰে, কুণ্ডিল আৰু লোহিতৰ সংগমৰ পৰা ৬ মাইল অৰ্থাৎ ৯.৬ কিলমিটাৰ উজনিত আছিল৷ ১৯৫০ চনৰ ভূমিকম্পত শদিয়া নগৰ সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হয়৷ সেই ঘটনাৰ চাক্ষুস বিৱৰণ মহেশ্বৰ নেওগ সম্পাদিত পৱিত্ৰ অসমত এনেকৈ আছে সেই বছৰ কাতি মাহৰ দুৰ্গা পূজাৰ বিসৰ্জনৰ পিছদিনা দিবাং নৈ ফেনে-ফোটোকাৰে বাঢ়ি আহিল৷ ২০ অক্টোবৰৰ দিনা ৩৪ মাইল দীঘল সদিয়া-নিজামঘাট বাটটো পানীত ডুব গল৷ দিবাং নৈৰ পানী সদিয়াৰ ওপৰেদি বাগৰি লোহিতত পৰাৰ লগে লগে সদিয়া চহৰৰ প্ৰকৃত বিপদ ঘটিল৷ আজি এহাত কালিলৈ এহাত, এইদৰে চহৰৰ কাষত লোহিতৰ পাৰ খহিবলৈ ধৰিলে৷ এই ধ্বংসাত্মক লীলা সম্পন্ন কৰিবলৈ প্ৰকৃতিক প্ৰায় দুবছৰ সময় লাগিল৷ তাৰ পাছত সদিয়া পৃথিৱীৰ বুকুৰ পৰা নিশ্চিহ্ন হৈ গল৷ অকল বুৰঞ্জীতহে সদিয়াৰ নাম ৰল৷

কুণ্ডিলৰ পাছত ঘূৰামূৰা নৈ লোহিতত পৰিছেগৈ৷ তাৰ পাছতে দিবাংখন৷ শিলগুটি দিয়া আলিৰে যাত্ৰা কৰি আছোঁ আমি৷ হৰিপুৰ, মংগলপুৰ, ইচলামপুৰ আদি গ্ৰামীণ এলেকা পাৰ হলোঁ৷ বহল ৰাস্তা সাজি থকা হৈছে৷ এফাল ওখ, এফাল চাপৰ হৈ আছে৷ অলপ আগেয়ে পাৰ হৈ অহা ভাৰতৰ দীৰ্ঘতম দলংখনৰ পৰা ইচলামপুৰলৈ দূৰত্ব ৯ কিলমিটাৰ৷ ইচলামপুৰৰ পৰা অৰুণাচল-অসম সীমাৰ শান্তিপুৰ চেক গেটলৈ ১১ কিলমিটাৰ৷ ধলা-শদিয়া দলঙে ২,০০০ মানুহক কৰ্মসংস্থানহীন কৰিব বুলি সমীক্ষা এটাত পঢ়িবলৈ পাইছিলোঁ৷ বাটত দেখা ঘৰবোৰলৈ চাই চিন্তা এটা কৰিব ধৰিলোঁ, এই অঞ্চলত বসবাস কৰা আবাসীসকলে নতুন বিকল্পৰ সন্ধানত কেতিয়াবাই নিশ্চয় নামি নপৰাকৈ থকা নাই৷ স্বনিয়োজন ব্যৱস্থাৰে স্বাৱলম্বী হোৱা মানুহৰ বাবে নতুন সম্ভাৱনাই পোখা মেলা এই ভূখণ্ডত জীৱিকাৰ আকাল হয়তো নহ'ব৷

বৰগোহাঁইৰ ইংগিতত ন মাইলত ডাম্পাৰখন থামিল৷ তেওঁ নামিল৷ সোঁহাতে সোমাই যোৱা বাটেৰে তেওঁৰ ঘৰটো কিছু আগলৈ৷ নানামোঁতেই আঙুলিয়াই দেখুৱালে আমাক৷ সময়-সুবিধা মিলিলে এপাক মাৰিবলৈকো দঢ়াই দঢ়াই কৈ গল৷ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে দিনটোৰ সংগীজনক বিদায় জনালোঁ৷ তেওঁৰ মবাইল ফোনৰ নম্বৰটো মোৰ পকেট নোটবুকত অথনি আলফা নলাত চাহ খাবলৈ বহোঁতেই টুকি লৈছিলোঁ৷ বৰগোহাঁইক নমাই গাড়ী আগ বাঢ়িল৷ পৰিবাৰে এবাৰ ঘূৰি চাই স্বগতোক্তিৰ সুৰত কলে, অচিনাকি মানুহজনৰ সৈতে আজি ভূপেন হাজৰিকা দলঙৰ ওপৰৰে একেলগে খোজ কঢ়াটো আমাৰ কপালত লিখা আছিল৷ কি আচৰিত!




No comments:

Post a Comment