অসমীয়া মন...
বুৰঞ্জীৰ পাতত পোৱা মতে, আহোম স্বৰ্গদেউ জয়ধ্বজ
সিংহ (খহুৱা গোহাঁই বা চুতাম্লা বা ভগনীয়া ৰজা বা শৰণীয়া ৰজা বুলিও জনা যায়)ৰ শাসন
কাল (১৬৪৮-১৬৬৩খ্ৰীষ্টাব্দ)ত দিল্লীস্থ মোগল সম্ৰাট মুহিউদ্দিন মহম্মদ ঔৰংগজেব আলমগীৰে
বংগৰ চুবাদাৰ আৰু সেনাপতি ৰচিদ খাঁক অসম আক্রমণৰ নিৰ্দেশ দিয়ে৷ মীৰজুমলাৰ লগত অহা তেওঁৰ
ব্যক্তিগত বিষয়া তথা এগৰাকী সচেতন নিৰীক্ষক শ্বিহাবুদ্দিন তালিঃশে (চাহাবুদ্দিন তালিছ
বা বিন মহম্মদ ৱালি আহমেদ বুলিও জনা যায়) ‘ফাথিয়া-ই-ইব্ৰিয়া’ অৰ্থাৎ
বিজয়ৰ সকীয়নি সংকেতত লিখিছিল যে যুদ্ধবন্দী হৈ অহা আৰু স্থানীয়ভাৱে বিয়া-বাৰু কৰা মুছলমানৰ
বংশধৰসকল আচাৰ-বিচাৰত আহোমসকলৰ দৰেই৷ তেওঁলোকৰ মাজত নামটোৰ বাহিৰে ইছলামৰ একোৱেই নাই৷
তেওঁলোকে মুছলমানৰ লগত মিলাতকৈ আহোমৰ লগত সংশ্ৰৱ ৰখাটোহে বেছিকৈ বিচাৰে৷ অসমীয়া মুছলমানসকলযে
নামৰ বাহিৰে আন সকলো ক্ষেত্ৰতে অসমীয়া হিন্দুৰ অনুৰূপ, তাক মিৰজুমলাৰ অসম আক্রমণৰ এই
প্ৰত্যক্ষদৰ্শী প্ৰতিবেদকজনৰ মূল্যৱান সামাজিক বিৱৰণ ‘তাৰিখ-ই-মুল্ক-ই-অসম’ বা
‘তাৰিখ-ই-অসম’এই
স্পষ্ট কৰি দিয়ে৷
অসমীয়া মানসত সম্পূৰ্ণৰূপে জীণ যোৱা মুছলমানসকলৰ
ইতিহাস আৰু ঐতিহ্য ফঁহিয়াই চালে এনে অনেক কথাই চকুৰ আগত ভাহি উঠে যিবোৰ আমাৰ জাতি গঠন
প্ৰক্রিয়াৰ বাবে অত্যন্ত কাৰ্যকৰী কিম্বা যোগাত্মক বুলি পৰিগণিত৷ ইতিহাসে কয়, অসমত
মুছলমান বসতিৰ সূত্ৰপাত ঘটাৰ মূলতেই আছিল মুছলমান আৰু অসমৰ দীৰ্ঘদিনীয়া যুদ্ধ-বিগ্ৰহ৷
কাৰণ গৌড় বংগইদি তুৰ্কী, পাঠান, মোগল অভিযানকাৰীয়ে ইতিহাসৰ ভিন ভিন সময়ত কামৰূপ, কমতাপুৰ,
আহোম, কোঁচ, কছাৰী ৰাজ্যৰ উদ্দেশ্যে চলোৱা আক্রমণবোৰে অসম নামৰ ভূখণ্ডলৈ মুছলমান লোকৰ
প্ৰব্ৰজন সম্ভৱপৰ কৰি তুলিছিল৷ যুদ্ধবন্দীসকল, যুদ্ধত যোগ দিবলৈ আহি ঘূৰি নোযোৱাসকল,
শাস্ত্ৰজ্ঞ পণ্ডিতসকল, ৰজাই অনোৱা আৰু জীৱিকাৰ সন্ধানত অহা কলা-নিপুণসকল, পীৰসকল, ধৰ্মপ্ৰচাৰকসকল,
ধৰ্মান্তৰিতসকল, জাত যোৱাসকল ...মূলতঃ এই আঠ প্ৰকাৰে অসমত মুছলমানৰ
বসতি সম্ভৱ হৈছিল বুলি বুৰঞ্জীবিদসকল নিশ্চিত হৈছে৷
আনহাতে বহুভাষিক, বহুগোষ্ঠীয়, বহুকৃষ্টিৰ সংমিশ্ৰণৰ
এনে ঐতিহাসিক জাতীয় জীৱন অসমৰ বাহিৰে ভাৰতৰ আন যিকোনো ঠাইতে বিৰল বুলি একে আষাৰতে ক’ব
পাৰি৷ ঐতিহাসিক সত্য কথাটো হ’ল, উমৈহতীয়া ‘অসমীয়া
ভাষা’টোৰ
প্ৰতি সঁচা ভালপোৱাৰ মনোভাব থকা গুণেই সেই মুছলমানসকল অতীতত আক্রমণকাৰী হৈও, ব্যক্তিগতভাৱে
ইছলাম ধৰ্ম-বিশ্বাসত অবিচল থাকিও, তদানীন্তন সমাজখনত অতি সহজে জাহ যাব পাৰিছিল৷ সেয়ে
আজিও তেওঁলোকে নিজকে ‘খাচ অসমীয়া’ বুলি কৈহে গৌৰৱ আৰু আন্তৰিক প্ৰশান্তি
অনুভৱ কৰে৷ ইয়াৰ বাহিৰে দ্বিতীয় পৰিচয় সম্ভৱেই নহয়৷
আঞ্চলিকতাৰ মোহত, ক্ষুদ্ৰ জাতি-গোষ্ঠীৰ মোহত গাইগুটীয়া
হৈ থাকিলে বাহিৰৰ পৰা অহা পৰিৱৰ্তনৰ সোঁতৰ কোবত প্ৰত্যেকেই নিজৰ নিজৰ ঐতিহ্য উটুৱাব
লগা হোৱাৰ উপৰি নিজৰ সত্তা আৰু ভৱিষ্যতকো হেৰুৱাব লগা হ’ব পাৰে৷ অতীতৰ
এই উপলব্ধিৰ পৰিণামতে লুইতপৰীয়া জনতাই নিজৰ সাময়িক ভেদাভেদ পৰিহাৰ কৰি এটা বাৰেবৰণীয়া
জাতি ‘অসমীয়া’ ৰূপে
এদিন থিয় হৈছিল৷ প্ৰাচীন কামৰূপ ৰাজ্যৰ ধ্বংসস্তুপৰ পৰাই গঢ় লৈছিল কামৰূপ-কমতাৰ জাতীয়তাবোধে৷
অসমৰ আভ্যন্তৰীণ দুৰৱস্থাই কামৰূপ-কমতাৰ সেই জাতীয় ঐক্যত মোক্ষম আঘাত হনাৰ পিছত আক্রমণকাৰী
আছিল যদিও মুছলমানৰ প্ৰভাৱেই অসমীয়াক নতুন বল আৰু চিন্তাৰে এটা নতুন শক্তি হিচাপে প্ৰতিষ্ঠা
হোৱাত সহায় কৰিছিল৷ সময় অতিবাহিত হোৱাৰ লগে লগে ৰাজনৈতিক
কুচক্ৰান্ত, বিচ্ছিন্ন
জাতীয়তাবোধ, ধুঁৱলী-কুঁৱলী আত্মনিয়ন্ত্ৰণৰ স্বপ্ন তথা সংকীৰ্ণ আঞ্চলিকতাবাদৰ প্ৰশ্নত
আজি অসমীয়াই বৃহত্তৰৰ পৰা ক্ষুদ্ৰতৰলৈ ক্রমাৎ সংকুচিত হোৱাৰ অনাকাংক্ষিত সন্ধিক্ষণতো
অসমীয়া মুছলমানে অতীতৰ অসমীয়া আদৰ্শ আৰু ঐতিহ্যকে একান্তভাৱে সাবটি ধৰি জীয়াই আছে আৰু
আগলৈকো থাকিব৷
Did Sufism in anyway contributed in the spread of Islam in Assam? Till Bengal we are aware that Sufi khanqahs did play a role in the spread of Islam amongst the common masses. Did it have any contribution at all in Assam? And can you suggest me any literary work that throws light regarding the Muslims of Assam? Thank you very much in Advance. ☺☺
ReplyDelete