ব্ৰিটিছৰাজ আৰু পশ্চাৎপদ জনজাতীয় সমাজ
ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতি আৰু সিবোৰৰ
বৈচিত্ৰ্যময় সংস্কৃতিক ব্ৰিটিছেই সৰ্বপ্ৰথমে বিশ্ববাসীৰ আগত পৰিচয় কৰোৱাইছিল৷ এই সন্দৰ্ভত
ইংৰাজ প্ৰশাসকক প্ৰশংসা কৰিও অন্য এটা কথা অস্বীকাৰ কৰিলে নহ'ব যে জনজাতীয়ৰ মাজত 'পৃথকে
থকাৰ মানসিকতা'ৰ আৱিষ্কৰ্তাও আছিল ব্ৰিটিছেই৷ মন কৰিবলগীয়া যে পৰৱৰ্তী কালৰ প্ৰসিদ্ধ
সমাজতত্ত্ববিদ, গৱেষক-বিদ্বানৰ জনজাতীয় উমৈহতীয়া বৈশিষ্ট্যৰ আলোচনাত এই ধৰণৰ উল্লেখ
অনুপস্থিত৷ গতিকে ব্ৰিটিছ ৰাজন্যবৰ্গৰ দৃষ্টিভংগী যে মূলতঃ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত
আৰু সি সাম্ৰাজ্য গঠনৰ অনুকূলেহে ক্রিয়াশীল আছিল সেয়া সহজবোধ্য৷ সম্প্ৰসাৰণবাদী ইংৰাজে বিভাজনৰ কূটনীতি এৰি অঞ্চলটোৰ
ভূমিপুত্ৰ জনজাতীয় মূলৰ অধিবাসীসকলক মূলসুঁতিৰ সমানে আগ বঢ়াই
নিয়াত সচেষ্ট হোৱা হ'লে আজিৰ দৰে পৰিস্থিতি অকল্পনীয় হৈ নপৰিলেহেঁতেন বুলি ভবাৰ থল
আছে৷
ভাৰতত জনজাতি অৱধাৰণাটোৰ সৃষ্টিকৰ্তা আছিল ব্ৰিটিছেই
আৰু ব্ৰিটিছৰ দিনতেই উত্তৰ-পূবৰ জুইকুৰাও আৰম্ভ হ'ল৷ সমমৰ্যাদা, সজাগতা প্ৰদানৰ পৰিৱৰ্তে
ছল-চাতুৰী, বল প্ৰয়োগেৰে শাসনৰ গণ্ডীত সুমুওৱাৰ কপট উদ্দেশ্যই স্বাভাৱিকতে বিৰোধী মনস্তত্ত্ব
গঢ়ি উঠাতহে সাৰ-পানী যোগালে৷ সাম্ৰাজ্য বিস্তাৰৰ স্বাৰ্থক অগ্ৰাধিকাৰ
দিয়া ইংৰাজৰ আমোলতে একাকী মানসিকতাক লালন-পালন কৰি দৰাচলতে মানুহখিনিৰ মাজত স্থায়ী
ব্যৱধানৰহে ভ্ৰূণ অংকুৰিত কৰা হ'ল৷ বৃহত্তৰ ভাৰত সংঘৰ ঐক্য-সংহতিত তেনেকৈয়ে কেৰোণ লাগিল৷
জ্ঞাতেই বোলক, অজ্ঞাতেই বোলক, জনজাতীয় অস্তিত্ব বিলোপ সাধনৰ অভিযান ৰচনা আচলতে তেতিয়াই
কৰা হৈ গৈছিল৷ স্বৰাজোত্তৰ ভাৰতবৰ্ষতো অনুৰূপ কাৰ্যই সংঘটিত হৈ আহিছে আৰু প্ৰাপ্তি-অপ্ৰাপ্তিৰ
প্ৰসংগ লৈ জনগোষ্ঠীসমূহ দাং খাই উঠিছে৷ অনুসূচীত অঞ্চল, জনজাতীয় স্বায়ত্তশাসিত অঞ্চল,
জিলা পৰিষদ, আঞ্চলিক পৰিষদ, স্বায়ত্তশাসিত পৰিষদ আদি ভিন্ননামী ৰক্ষাকবচ পিন্ধালেও
সাংবিধানিক সুৰক্ষা-সুবিধাৰ ব্যৱস্থাটো স্বাধীনতাৰ পৰা তিনিকুৰিৰো অধিক বছৰ পুৰণি হ'বৰ
পৰতো আশানুৰূপ ফলপ্ৰসু হৈ উঠা নাই৷ বৰং প্ৰহসন, প্ৰতাৰণা বুলিহে প্ৰতিপন্ন হৈছে৷ অস্থিৰ
বৰ্তমান তাৰেই পৰিচায়ক৷ গতিকে সাম্প্ৰতিক সময়ৰ বহু সমস্যাৰ সূত্ৰপাত যে ব্ৰিটিছৰাজৰে
অৱদান তাক স্বীকাৰ নকৰি নোৱাৰি৷ নিজৰ অস্তিত্বৰ প্ৰতি দেখা দিয়া ভাবুকিৰ পৰা পৰিত্ৰাণৰ
উপায় হিচাপে বিভিন্ন জনগোষ্ঠীয় সমাজত চৰম পৃথকত্ববাদী মানসিকতা আৰু কাৰ্যসূচীয়ে আলোকসন্ধানী
পথ বুলি গ্ৰহণযোগ্য হৈছে আৰু এক ধৰণৰ স্থায়িত্বও পাইছে৷ যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰৰ সৈতে
নামমাত্ৰ পৰিচয় নথকা মানুহেই এতিয়া অত্যাধুনিক মাৰণাস্ত্ৰৰো সিদ্ধহস্ত কলাকুশলী হৈ
পৰিছে৷ দৈনন্দিন জীৱনৰ এয়া সাধাৰণ পৰিঘটনা৷
কানি বৰবিহৰ মুক্ত প্ৰৱৰ্তন ব্ৰিটিছৰ দিনতেই হৈছিল৷
কানিৰ ব্যৱহাৰে দুৰাৰোগ্য বেমাৰত অব্যৰ্থ ফল দিয়ে, এইজাতীয় ধাৰণা হোজা, নিৰক্ষৰ মানুহবিলাকৰ
মনত জাতিধ্বংসী ইংৰাজে এনেকৈ সুমুৱাই দিলে যে বৃহদাংশই ইয়াৰ ভক্ত হৈ পৰিল৷ অন্য একাংশৰ
মাজত কানি সেৱনকলৈ আভিজাত্যৰ সংস্কৃতি (!) প্ৰচলিত হ'ল৷ এনেকুৱা চক্রান্তমূলক প্ৰচাৰে
ব্ৰিটিছৰ ঔপনিৱেশিক স্বাৰ্থৰ অনুকূলে অভাৱনীয়ভাৱে কাম দিলে৷ আনহাতে, অপকাৰিতা সম্বন্ধে
অৱগত হৈও ইংৰাজে বৰ-অসমৰ পৰ্বতীয়া জাতিবোৰক পঁচা হিচাপে কানিহে দিছিল৷ পাৰ্বত্য জাতিৰ
লোকে যাতে ভৈয়ামলৈ আহি দৌৰাত্ম্য নকৰে সেয়ে কানি খুৱাই শক্তিহীন, সোৰোপা কৰাটো শাসকৰ
অন্তৰ্নিহিত অভিপ্ৰায় আছিল৷ অনুশাসন নমনা আৰু সততে স্বাধীনমনা গোষ্ঠীবোৰক আইনৰ বহতীয়া
কৰিবলৈকে তেনেকুৱা ষড়যন্ত্ৰ ৰচিছিল সুচতুৰ ইংৰাজে৷ কানিৰ অবাধ প্ৰচলন আৰু সেৱনে যুঁজাৰু
প্ৰবৃত্তি, মান-মৰ্যাদা, কৰ্মশক্তি, উৎসাহ, সময়জ্ঞান সকলো হৰিলে৷ অন্যত নিষিদ্ধ কৰিলেও
অসমৰ বহিৰ্ভূত অঞ্চলসমূহত কিন্তু ব্ৰিটিছে উক্ত প্ৰথা উঠাই দিয়া নাছিল৷ কানিৰ আসক্তিয়েই
তিল তিলকৈ ধ্বংসৰ গৰাহলৈ নিক্ষেপ কৰিলে জনগোষ্ঠীসমূহক৷ কানীয়া অসমীয়াৰ বংশধৰসকলে আজিও
ইতিহাসসিদ্ধ সেই কাহিনী আওৰায়ে আছে৷
জনজাতিৰ পৃথকে থকাৰ নহয়, ব্ৰিটিছৰ নিলগাই ৰখাৰ
মানসিকতাৰ এক উদাহৰণ হৈছে আভ্যন্তৰীণ ৰেখা ব্যৱস্থা৷ জনজাতীয়-অজনজাতীয় লোকসমষ্টিৰ মাজত সীমাৰেখা টানি
পৰস্পৰক পৰস্পৰৰ পৰা আঁতৰত ৰখাৰ বাহিৰে সমবিকাশৰ হকে ব্ৰিটিছে আন্তৰিকতাৰে কিবা কৰিছিলনে
? সংৰক্ষিত এলেকা নামাংকিত অঘোষিত প্ৰাচীৰ সাজি জনজাতি অধ্যুষিত পাহাৰক ইংৰাজৰ প্ৰশাসনিক
নীতিয়ে আছুতীয়া কৰি ৰাখিছিল৷ ভৈয়ামৰ মানুহক তালৈ অহা-যোৱাত, আদান-প্ৰদানত, সংমিশ্ৰণত
বাধা আৰোপ কৰা হৈছিল৷ অৱনত জাতি বুলি মাৰ্কা মাৰি, আন আন জাতিৰে একে আসনত ঠাই নিদি
জাতিগঠন প্ৰক্রিয়াৰ স্বাভাৱিকতাত ব্যাঘাত জন্মোৱাৰ উপৰি গৃহ-কন্দলৰ বাহ সাজি থৈ গ'ল
বগা-বঙালেই৷ ফলশ্ৰুতি, স্বৰাজোত্তৰ কালত বৰ-অসমৰ পৰা ফাটি গৈ গঠন হোৱা পাৰ্বত্য ৰাজ্যকেইখন৷
জনগণৰ মনত চিৰস্থায়ী বৈষম্য ভাব গঢ়ি উঠাত ব্ৰিটিছে এনেকৈয়ে ইন্ধন যোগালে৷ আনহাতে মিছনেৰীসকলে
মানুহখিনিক উন্নত জীৱন-চৰ্যাৰ প্ৰতি আকৃষ্ট কৰিলেও মানৱ সেৱাৰ অভিলাষতকৈ ধৰ্ম প্ৰচাৰৰ
স্পৃহা আছিল অধিক, অৰ্থাৎ ধৰ্মান্তৰকৰণহে মুখ্য বিষয় আছিল৷ ফলত তেনে কাৰ্যকলাপে দেশখনৰ
অন্যান্য কোণৰ বাসিন্দাসকলৰ সৈতে সুখ-দুখ, আশা-আকাংক্ষাৰ পৰস্পৰে পৰস্পৰৰ অংশীদাৰ বুলি
ভবাৰ পৰা বিৰত ৰাখিছিল৷ ভাৰতীয় ভাবনাৰ প্ৰতি দৃষ্টিভংগী কিছু হ'লেও অমিল হোৱাৰ ইয়েই
কাৰণ৷ আন নালাগে বিয়াল্লিছৰ স্বাধীনতা আন্দোলনৰ প্ৰবল জাগৰণেও উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্বতীয়া
জনসাধাৰণক তেনেদৰে অনুপ্ৰাণিত আৰু একাত্ম কৰিব পৰা নাছিল যেনেদৰে অন্যান্য সমাজবিলাকত
পাৰিছিল৷ ভাৰতীয়ত্বৰ সুস্থ ধাৰণা গঢ় লোৱাত ব্ৰিটিছৰ কৌশলী বাধা আৰোপে ইয়াৰ জনজাতীয়
লোকক স্বৰাজকামী সৰ্বাত্মক সংগ্ৰামৰ লক্ষ্য আৰু সহযোগিতা সম্পৰ্কেও উদাসীন কৰিয়ে ৰাখিলে৷
বিভাজন আৰু শাসন (Divide and rule) নীতিৰ প্ৰবক্তা ইংৰাজে পাহাৰ-ভৈয়ামৰ মাজত সদায়ে
দূৰত্ব বৰ্তাই ৰাখিছিল৷ পিছলৈ ভাৰতৰ সংবিধানতো অনুৰূপ চিন্তাৰে প্ৰতিফলন ঘটিল৷ তাৰেই
ভিত্তিত অধিকাৰ সাব্যস্তকৰণৰ উদ্দেশ্যপূৰ্ণ প্ৰয়াস বৰ্তমানেও চলিয়েই আছে৷ জনজাতীয় পাৰিপাৰ্শ্বিকতাত
ব্যাঘাত জন্মাব নোৱাৰাৰ প্ৰতি লক্ষ্য ৰাখি নৃগোষ্ঠীয় পৰিচয় আৰু সংস্কৃতি-পৰম্পৰাৰ স্বকীয়তা
সুৰক্ষিত কৰি ৰখাৰ ফলপ্ৰসু কৌশল বুলি উদ্ভাৱক ইংৰাজে গণ্য কৰা ইনাৰ লাইন ব্যৱস্থাটোক
কেতবোৰ কাৰকে ক্রমে ক্রমে দুৰ্বল স্থিতিলৈ ঠেলি নি আছে৷ পিছপৰা এলেকা, বহিৰ্ভূত এলেকা,
জনজাতীয় বেষ্টনী, জনজাতীয় খণ্ড আদি সৃষ্টিৰে জনজাতিৰ বিশেষ ৰক্ষণাবেক্ষণৰ দোহাই দি
প্ৰকৃতাৰ্থত কোনবোৰ প্ৰৱণতাক উৎসাহিত কৰা হ'ল সি আজিও চিন্তনীয়৷ পিছ পৰা মানসিকতাৰে
আগুৱাই যোৱাটোযে কাৰ্যতঃ কোনো কালেই সম্ভৱ নহয়, ব্ৰিটিছৰ বাহিৰে কোনেও তাক পুংখানুপুংখকৈ
বুজা নাছিল৷ স্পষ্ট কথাত, দুখোজ পিছলৈ ঠেলি এখোজ আগলৈ টনা নীতিৰে ব্ৰিটিছেই জনজাতীয়ক
পিছ পেলালে৷ পৰোক্ষভাৱে বিচ্ছিন্নতাবাদকহে উচতোৱা ভূমিকাৰে আচলতে সুখৰ উৎস নহয়, প্ৰবঞ্চনাৰ
বুনিয়াদহে ৰচি থৈ গ'ল বুলিব পাৰি৷
এইটো ইতিমধ্যে প্ৰতিষ্ঠা হৈ গৈছে যে ভাৰতৰ উত্তৰ-পূব
অংশৰ সামাজিক ইতিহাস আৰম্ভণিৰে পৰাই বিৰোধী ইতিহাস৷ ইয়াৰ আঞ্চলিকতাবাদী ৰাজনীতিয়েও
দেশীয় ৰাজনীতিৰ সদায় বৈপৰীত্য প্ৰদৰ্শন কৰি আহিছে৷ ইফালে, ভাৰতীয়ৰ আগ্ৰাসনৰ পৰা স্বকীয়তা
ৰক্ষাৰ স্বাৰ্থত চলা জনজাতীয়ৰ উত্থানৰ প্ৰচেষ্টাক এতিয়া ৰাষ্ট্ৰৰ ৰাজনৈতিক বিচাৰ-বিবেচনাত
জনজাতীয় সমস্যা বুলিহে আখ্যা দিয়া হৈছে৷ প্ৰভুত্বৰ বিৰুদ্ধাচৰণ, সন্ত্ৰাসবাদী বিচ্ছিন্নতাবাদৰ
বিপৰীতে দেশৰ ঐক্য-সংহতি, অখণ্ডতা ৰক্ষাৰ কথা পুনঃ পুনঃ সোঁৱৰাই থাকিব লগা হৈছে৷ পাহাৰ
আৰু ভৈয়ামৰ কাৰণে পৃথক প্ৰশাসনীয় দৰ্শনৰ অনুগামীসকলে প্ৰভেদমূলক মানসিকতা প্ৰসৱ কৰোৱাৰ
পৰিৱৰ্তে সময়দৰ্শী হৈ সমুন্নয়নৰ চিন্তা আৰু কৰ্মক অগ্ৰাধিকাৰ দিয়া হ'লে ৰাষ্ট্ৰীয় সংহতি
সবল ৰূপত আত্মপ্ৰকাশিত হ'লহেঁতেন আৰু সমাজ-জীৱন এশ-এবুৰি সমস্যাৰে ভাৰাক্রান্ত নহ'লহেঁতেন
বুলি স্থিৰচিত্তে ভাবিব পাৰি৷ পিছে সত্য এয়ে যে ইংৰাজ ইয়ালৈ আহিছিল সাম্ৰাজ্য সম্প্ৰসাৰণাৰ্থেহে,
জনকল্যাণমূলক গণতান্ত্ৰিক ৰাষ্ট্ৰ গঠনৰ আদৰ্শ লৈ নহয়৷
গতিকে অপব্যৱহাৰেই কওক বা দুৰ্বলতাই কওক, যিবোৰ
বিধি-ব্যৱস্থাই এতিয়াও উন্নত জাতি আৰু দেশ গঠন প্ৰক্রিয়াৰ প্ৰতিকূলেহে কাম কৰি আছে
সময়ৰ বিৱৰ্তনত সেইবোৰক একোপধ্যেই ভাললৈ হোৱা বুলিব নোৱাৰি৷ এইবোৰে সামাজিক সময় সাধন
প্ৰক্রিয়াত ইতিবাচক নে নেতিবাচক ভূমিকা গ্ৰহণ কৰিছে সেয়াও সহজেই অনুমেয়৷ আজিৰ এই মুক্ত
প্ৰতিযোগিতাৰ যুগত যোগ্যজনৰ প্ৰাপ্তি সমৰ্থনকাৰীসকলৰ লগতে ভৱিষ্যতৰ চিন্তা-দৃষ্টিৰে
সকলোৱে তাক হৃদয়ংগম কৰা উচিত; লগতে বিকল্পৰ সন্ধানো৷ নহ'লে ব্ৰিটিছৰাজৰ অস্তিত্বহে
সৰ্বদা ঘোষিত হৈ থাকিব৷
প্ৰসংগক্রমে উল্লেখযোগ্য যে পিছ পৰাৰ চিল-মোহৰেৰে
নকৈ পৰিচিত হৈ সংবিধানপ্ৰদত্ত সুবিধা লাভৰ বাবেই এতিয়া কেতবোৰ গোষ্ঠীৰ মাজতো অনুসূচীত
জনজাতিকৰণৰ সপক্ষে সজোৰ দাবী উত্থাপিত হৈছে৷ নৃতাত্ত্বিক বিচাৰত একে শাখাৰ অন্তৰ্ভুক্ত
হ'লেও ৰাজনৈতিক মাপকাঠিৰে চাই জনজাতিৰ শ্ৰেণীভুক্ত নকৰি উপেক্ষিত কৰি ৰখা বুলিও কোনো
কোনোৱে যুক্তি থিয় কৰাইছে৷ সেইবোৰ সাধাৰণজনৰ চিত্ত আলোড়নকাৰী আকাংক্ষা নে ৰাজনীতিপ্ৰিয়
দুই-একৰ শ্ল'গান সেয়া বেলেগ বিষয়৷ কিন্তু কথা হ'ল, তেনে তথাকথিত সাংবিধানিক প্ৰলেপৰ
ৰাজনৈতিক বৰ্ম পৰিধান কৰাৰ আগতে সিবোৰৰ উপযুক্ততা আৰু কাৰ্যকাৰিতা সম্বন্ধে দুনাই চৰ্চা
হোৱাটো ভাল৷ সাম্ৰাজ্য স্থাপনৰ আকাশলংঘী হাবিয়াহ পূৰণাৰ্থে ব্ৰিটিছ চৰকাৰে প্ৰয়োগ কৰা
নীতি আৰু তাৰ পৰিণতি সম্বন্ধে বিস্তৰ আলোচনাৰ নিশ্চয় প্ৰাসংগিকতা আছে৷ অন্যথা যি দেখা
গৈছে, আত্ম-প্ৰসাদত বিভোৰ হৈ কঠিন জীৱনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ সাহস কাহানিও গোট
নাখাব, ক্ষোভ প্ৰশমনৰ নামত পশ্চাৎপদ নামধাৰী ৰামনামী আৱৰণৰ আঁৰ লৈ আগ বঢ়াসকলৰ লগত সমতা
স্থাপন কৰাটো দূৰৰে কথা৷
ঔপনিৱেশিক দিগ্বিজয় যুগৰ অন্ত পৰিল, গ্ৰেট ব্ৰিটেইন
বিশ্বৰ বৃহত্তম আৰু অগ্ৰণী ঔপনিৱেশিক সাম্ৰাজ্যৰ গৰাকী ৰাষ্ট্ৰ বুলিও সাব্যস্ত হ'ল,
আনহাতে জনজাতিৰ ? সদ্যহতে গোলকীকৰণৰ দৰে নতুন দিন আহি উপস্থিত, য'ত সমগ্ৰ বিশ্বকে এখন
গাঁৱত পৰিণত কৰাৰ প্ৰক্রিয়া চলিছে৷ এই মুহূৰ্তৰ গম্ভীৰ প্ৰশ্নটো হৈছে নব্য চেতনা আৰু
সজাগতাৰ বিশ্বমুখী বতাহ বলি থকাৰ পৰতো উত্তৰ-পূবৰ জনজাতি-জনগোষ্ঠীসমূহে সংবিধানস্বীকৃত
প্ৰাধান্যতা পাই অহা সত্ত্বেও কিয় আজিও আত্মপ্ৰতিষ্ঠাৰ চিন্তাতে ব্যস্ত থাকিব লগা হৈছে
? ব্ৰিটিছৰ আমদানিকৃত ব্যৱস্থাৰ চাৰিবেৰত বন্দী হৈ থাকিল বাবেই ?
(৫মাৰ্চ ২০০৬ তাৰিখৰ 'আমাৰ অসম' কাকতৰ সম্পাদকীয়
পৃষ্ঠাত প্ৰকাশিত ৷)
No comments:
Post a Comment