আমাৰ শিশু, আমাৰ ভৱিষ্যৎ
(শিশু
দিৱস উপলক্ষে)
প্ৰখ্যাত দাৰ্শনিক ৰেনে ডেকাৰ্টেই কৈছিল...
‘জন্মৰ
সময়ত প্ৰত্যেক শিশুৰে কিছুমান আন্তৰিক ক্ষমতা থাকে যি সকলো শিশুৰ ক্ষেত্ৰত সমান৷
কিন্তু পৰিৱেশগত কাৰণত এই ক্ষমতাৰ তাৰতম্য ঘটে৷’
পৰিৱেশৰ পৰা নিয়ন্ত্ৰিত হোৱা হেতুকেই আমি দেখা
শিশুবিলাকৰ জীৱনৰ প্ৰতিচ্ছবিও হয় ভিন্ন ভিন্ন৷ জীৱন সম্বন্ধে পৃথক ধাৰণাৰে সিহঁত অগ্ৰসৰ
হয় নিজ নিজ কক্ষপথত৷
এইটো অনস্বীকাৰ্য যে ভৱিষ্যতৰ সুনাগৰিক ৰূপে, সৃষ্টিশীল
ব্যক্তি হিচাপে এটি শিশুক গঢ় দিয়াৰ প্ৰধান দায়িত্ব ঘৰখনৰ৷ সেয়ে পোনপ্ৰথমেই প্ৰয়োজন
এখন আদৰ্শ ঘৰৰ৷ মাক-দেউতাকে পুঞ্জীভূত অভিজ্ঞতা তথা সুসংহত নিৰ্দেশনাৰে তেওঁলোকৰ শিশুটিৰ
বাবে সৃষ্টি কৰিব লাগিব এটা সৰ্বাংগসুন্দৰ জীৱনধাৰা, তাক গঢ়ি তুলিব পাৰিব লাগিব প্ৰকৃত
মানুহ ৰূপে৷ নিজৰ শিশুটিৰ পৰা ইতিবাচক ফল লাভ কৰিবলৈ হ’লে সন্তান
জন্ম দিয়াৰ আগতে প্ৰত্যেক পিতৃ-মাতৃয়ে নিজকে আদৰ্শৱান অভিভাৱক হিচাপে গঢ়িব লাগিব৷ সুস্থ
চিন্তাৰে এখন সুন্দৰ পৰিৱেশযুক্ত সমাজ ৰচনা আৰু পৰিচালনাৰ গুৰুদায়িত্ব বহন কৰিব লাগিব
অগ্ৰজসকলে,য’ত
জন্ম লভি নিজৰ আন্তৰিক ক্ষমতাৰে প্ৰস্ফুটিত হৈ আমাৰ শিশুসকল মহীয়ান হৈ উঠিব৷ যিটো বাটেদি
বাট বুলি সিহঁত উপনীত হ’বগৈ এক সেন্দূৰীয়া ৰাজআলিত৷
এটা শিশু কেৱল এখন ঘৰৰে ভৱিষ্যৎ নহয়, দেশৰো ভৱিষ্যৎ৷
এখন দেশৰ মূল সম্পত্তি শিশু৷ শিশুসকলৰ উন্নতিৰ বাবে সদা-সচেতন নেহৰুৱে আশা কৰিছিল প্ৰত্যেকজন
শিশুৱেই একোজন উপযুক্ত সন্তান হিচাপে গঢ় লৈ দেশ নিৰ্মাণত ভাগ ল’ব৷
আমিও তাকেই আশা কৰোঁ৷
(এখন কাকতৰ সহযোগী সম্পাদক হৈ থাকোঁতে ১১.১১.১৯৯৪
তাৰিখে লিখা সম্পাদকীয়)
No comments:
Post a Comment