যোৱাৰাতি ফটোশ্বপত...
কণ্ট্ৰ’ল এন্ টিপাৰ
পিছত কাষ্টম প্ৰিচেটত উইদ্থ ৫.৫ ইঞ্চেচ, হাইট্ ৮.৫ ইঞ্চেচ টাইপ কৰি এণ্টাৰ মাৰি দিলোঁ৷
লগে লগে নতুন পে’জটো
সন্মুখত হাজিৰ হ’ল৷
তাৰ আগতেই অৱশ্যে পে’জমেকাৰত টেক্সট্ ফাইলটো খুলি ডকুমেণ্ট চেট্-আপত
দিয়া মেজাৰমেণ্টটো এবাৰ চাই লৈছিলোঁ৷
বাঁওহাতে মেলি থোৱা, সাজোনৰ প্লেনিংমতে
আঁক-বাক কৰি লোৱা কাগজখিলালৈ গভীৰভাৱে এবাৰ দৃষ্টি নিক্ষেপ কৰিলোঁ৷ ১৬টা কালাৰ্ড
পে’জ৷
ঠিক আছে৷ ১ আৰু ২ৰ কথাটো ইতিমধ্যে ফিক্সড্ হৈয়ে আছে৷ পিতৃ-মাতৃ আৰু শিক্ষাগুৰু দুগৰাকীৰ
চিত্ৰ থাকিব৷ কাইলৈৰ ভিতৰত পাই যোৱাটো খাটাং৷ গতিকে ৩নং পৃষ্ঠাৰ পৰাই ধৰা যাওক৷
‘বিদেশত
আপোন মানুহ’ ...প্ৰৱাসী
অসমীয়াসকলক লৈ নিৰ্মিত, দূৰদৰ্শনত ইতিপূৰ্বে সম্প্ৰচাৰিত, মোৰ ভাল লগা চিৰিয়েলখনৰ শীৰ্ষ-গীতটো
দুকাণে ওলোমাই লোৱা হে’ড-ফোনটোত বজাই লৈছোঁ, হাই ভলিউমত৷ মাজে মাজে নিজেও
গুণগুনাই আছোঁ৷
৩ আৰু ৪, বে’ক্
টু বে’ক্৷
কিহৰ ছবি আহিব? জানিবৰ বাবে অল্ট-টেব্ মাৰি আকৌ পে’জমেকাৰত সোমাই
পৰিলোঁ৷ পে’জ
আপ্ আৰু পে’জ
ডাউন কৰি নিশ্চিত হ’লোঁ৷ প্ৰথম চাৰিটা লেখা প্ৰতিফলিত হ’ব
পৰাকৈ ফটো নিৰ্বাচন আৰু সেইমতে প্লেচ্ কৰিব লাগিব৷ সেয়ে চেপ্তাৰকেইটাত এফালৰ পৰা পুনৰবাৰ
চকু ফুৰাই যোৱা ভাল, যাতে লেখাৰ সৈতে ছবিৰ তাল-মিল থাকে৷ তেতিয়াহে পাঠকৰ বাবে সহজবোধ্য
আৰু মনোগ্ৰাহী হ’ব৷
ই ড্ৰাইভত ইতিমধ্যে মোলৈ প্ৰেৰণ
কৰা ফটোগ্ৰাফবোৰ একেঠাই কৰি ৰখা কালাৰ্ড ফটো নামৰ ফ’ল্ডাৰটোত ডবল
ক্লিক্ কৰি দিলোঁ৷ উদ্দেশ্য, প্ৰিভিউ চাব লাগিব৷
নিশাৰ মহানগৰীৰ ছবি... ফটোখন
প্ৰথম দৰ্শনতে ভাল লাগিল৷ জেট এয়াৰলাইনচৰ বিমানেৰে নিশা ১০বজাত দেশখনত পদাৰ্পণ কৰাৰ
কথা লিখিছে৷ গতিকে উপযুক্ত হ’ব৷
পিছৰ চেপ্তাৰটোও আকৌ এবাৰ খৰকৈ
পঢ়ি অঁতালোঁ৷ সমুদ্ৰ-তীৰত অৱস্থিত স্থানৰ কথা উল্লেখ কৰিছে৷ ৰাইট এৰ’ টিপি
গৈ থাকোঁতে তাৰ লগত মিলা ছবি এখনো দৃষ্টিত পৰিল৷ বচ্, হৈ গ’ল৷ পে’জটো মেক্-আপ্
হৈ যাব৷
ফটোৰ ৰিজলিউচন চেক্ কৰিলোঁ৷
আৰম্ভণিতেই খুলি থোৱা নতুন পৃষ্ঠাটোলৈ এখন এখনকৈ দুয়োখন ফটো ড্ৰেগ কৰিলোঁ৷ জোখ-মাখ,
আন্ধাৰ-পোহৰ বিচাৰ কৰি যথাস্থানত বহুৱাৰ পিছত দেখিলোঁ যে আৰু এখন ফটো যাব পাৰে, ঠাই
অলপ আছে দেখোন! চাওঁচোন বাৰু৷
কণ্ট্ৰ’ল টেব্ মাৰি
গৈ পুনৰ ফটোৰ ফ’ল্ডাৰটোত
প্ৰৱেশ কৰিলোঁ৷ আৰম্ভণিৰ পৰাই চাওঁ৷ গোটেইখিনি একাদিক্রমে এবাৰো তেনেকৈ চোৱা হোৱাই
নাই৷ এখন এখনকৈ চাই চাই গৈ আছোঁ৷ ইমান ধুনীয়া, পৰিষ্কাৰ আৰু আকৰ্ষণীয় ঠাইবোৰ! এইখন
কি, সেইখন ক’ৰ...
এনেকৈয়ে ৰৈ ৰৈ ইখনৰ পিছত সিখনলৈ
আগ বাঢ়োঁতে ১৬৭খন ফটোৰ জগতখনৰ মাজত এটা সময়ত নিজেই হেৰাই থাকিলোঁ৷ কাণে-মুখেতো গানটো
আছিলেই... ‘বিদেশত
আপোন মানুহ’৷
দপ্... হঠাৎ কাৰেণ্ট
গ’ল৷
ল’ড চেডিং! এটা
নিত্যনৈমিত্তিক ঘটনা৷
কামৰ ইণ্টাৰেষ্টত অতপৰে ঘড়ীলৈ
চাবলৈযে পাহৰিয়েই আছিলোঁ৷
ইকি! মোৰ পিচিটোৰ স্ক্ৰীণখন দেখোন
উকা! টেবুল লাইটটোও অফ্! হে’ড ফোনো নিস্তব্ধ!
তাৰ মানে, ইউ.পি.এছ.টোও ফেইল!
তাৰ অলপ পিছতহে আচল হুঁচ আহিল...
হায় হায়, ফাইলটো ছেভ্ কৰিবলৈও পাহৰিলোঁ!!!
No comments:
Post a Comment