Thursday, 14 November 2013

বিদেশৰ আলাপ...

১২ঘণ্টীয়া বন্ধটোৰ সম্পূৰ্ণ দুটা ঘণ্টা কালি আমাৰ ওচৰৰে ৰুণু বাইদেউৰ লগত কটালোঁ৷ বাইদেউক আমি সৰুৰে পৰাই পাই অহিছোঁ৷ সেয়ে সম্পৰ্কটো ঘৰুৱা৷ তেওঁৰ বৰজীয়েক লাকী, জোঁৱায়েক আৰু কণমানি নাতিনীয়েক থাকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ  নিউ জাৰ্চিৰ প্লেইনফিল্ড নামৰ ঠাইত৷ সুদীৰ্ঘ ৮২দিন তাত কটাই বাইদেৱে ২০আগষ্ট তাৰিখে ঘূৰি আহি ঘৰ সোমাইছে৷

এইকেইদিন মোৰ মনটো চঞ্চল হৈ আছিল, বাইদেউক সাক্ষাৎ কৰি বিদেশৰ বতৰা লবলৈ৷ এনেয়েও বিদেশ সম্বন্ধে জানিবৰ বাবে মই অতিশয় আগ্ৰহী৷ তদুপৰি এইটো অত্যন্ত সুখপ্ৰদ যে উক্ত যাত্ৰাটো কাৰ্যকৰী কৰাহকে অনেক দিনৰ আগৰে পৰাই মই তেওঁক লগ পালেই খোঁচ মাৰি আছিলোঁ৷ সেয়ে কালি সময়-সুবিধা পাই পুৱাতেই ওলালোঁগৈ৷

আলোচনা প্ৰসংগত ইউ.এছ.এ.ৰ সুন্দৰ-অসুন্দৰ ভালেখিনি কথাই বাইদেউৰ মুখৰ পৰা জানিব পাৰিলোঁ৷ তুলনামূলক দিশ কিছুমানো উল্লেখ কৰিলে৷ এইটো ঠিক যে নিজে নগলে বা নেদেখিলে সকলো কথা কোনোপধ্যে অনুমান বা কল্পনা কৰা নাযায়৷ আনহাতে কিছু কিছু বিষয় ইতিপূৰ্বে কিতাপ-আলোচনীত পঢ়ি অৱগত হৈছোঁ যদিও চাক্ষুস অভিজ্ঞতাৰ ৰসটো সুকীয়া৷ সেয়ে বিৱৰণী শুনিবলৈ উদগ্ৰীৱ হৈ আছিলোঁ৷

আলাপৰ সামৰণিত বাইদেৱে স্বতঃস্ফূৰ্তভাৱেই কৈ উঠিল... উভতনি-যাত্ৰাত আমাৰ প্লেনখনে যেতিয়া নতুন দিল্লীৰ বিমান বন্দৰৰ ৰাণৱেত সুকলমে লেণ্ড কৰিলে তেতিয়াযে মনটো ইমান ভাল লাগিছিল, নিজৰ ঘৰ পোৱাৰ সেই আনন্দ কৈ বুজাব নোৱাৰিম৷

বিমানখনত অহা ভাৰতীয় লৰা-ছোৱালীবোৰে হেনো তেতিয়া খিৰিকীৰ আইনাৰে বাহিৰলৈ জুমি চাই চিঞৰি উঠিছিল ই ণ্ডি য়া বুলি৷ সেই মুহূৰ্তত বাইদেউৰো হেনো আনন্দতে চকুপানী নিগৰিছিল৷

No comments:

Post a Comment