Thursday, 14 November 2013

এপেগ দামী ৱাইন আৰু এবাটি চেঁৱৈৰে বহু দিনতে আৰম্ভ কৰা ভ্ৰমণ কাহিনীৰ ভ্ৰমণ কাহিনীৰ আৰু এছোৱা...

২৭চেপ্তেম্বৰ ২০১০৷

কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা উৰণ আৰম্ভ কৰা জেট এয়াৰৱেজৰ আমাৰ বিমানখনে বিয়লি বেংককৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে৷ খিৰিকীৰে তললৈ চাই পঠিয়ালত দৃষ্টিত ধৰা দিলে পোন, আহল-বহল আৰু কেইবা লেনযুক্ত পথ, পথৰ ওপৰত শাৰী শাৰী গাড়ী, ডাঙৰ নৈ এখন, সুদৃশ্য দলং, ওখ ওখ অট্টালিকা, ফ্লাই অ
ভাৰ, এক্সপ্ৰেছ ৱে, মটৰ ৱে আদি৷ উৰন্ত প্লেনতে পৰিচাৰিকাই সময় বুজি থাই ইমিগ্ৰেচন বুৰৰ ইমিগ্ৰেচন ফৰ্ম, এৰাইভেল কাৰ্ড হাতে হাতে দি গল৷ যাত্ৰীসকলে পূৰ কৰাৰ পিছত আকৌ আহি তেওঁ এফালৰ পৰা সেইবাৰ সংগ্ৰহ কৰিলেহি৷ বেংককৰ সময় অনুসৰি বিয়লি ৪বাজি ১০মিনিটত বিমানখনে সুৱৰ্ণভূমি ইণ্টাৰনেছনেল এয়াৰপৰ্টত অৱতৰণ কৰিলে৷ আমাৰ ঠাইৰ লগত ইয়াৰ সময়ৰ তাৰতম্য দুঘণ্টাতকৈ সামান্য বেছি৷

সুন্দৰভাৱে লেণ্ড কৰা প্লেনখন ৰানৱে
ত সুস্থিৰ হোৱাৰ আগতেই একাংশ যাত্ৰীৰ মাজত হৈ-চৈ আৰু হেতাওপৰা লাগিল, নামিবৰ বাবে চাগৈ৷ একো ধৰিব নোৱাৰি বেঙাৰ দৰে কেৱল চাই থাকিলোঁ ভাৰতীয় যাত্ৰীসকললৈ৷ তেওঁলোকৰ উৎপতীয়া স্বভাৱে আমাৰ ৰেল ষ্টেচনসমূহত নিতৌ দৃশ্যমান হোৱা ৰূপটোলৈ মনত পেলাই দিলে৷ এটা সময়ত আগে আগে নামি যোৱা যাত্ৰীক অনুসৰণ কৰি সুৰংগসদৃশ বাটেৰে কান্ধত বেগটো লৈ ওলাই আহিলো৷

সুৱৰ্ণভূমি অৰ্থাৎ
দা লেণ্ড অব্ গল্ড৷ ২৮চেপ্তেম্বৰ ২০০৬ত মুকলি কৰা এই সুবৃহৎ বিমান বন্দৰৰ কথা পূৰ্বতে ভালেকেইজন ব্যক্তিৰ মুখত শুনিছিলো৷ কাৰ্যক্ষম হোৱাৰ চাৰি বছৰৰ পিছত হলেও, বিশ্ব পৰ্যটন দিৱসৰ দৰে বিশেষ দিন এটাত ইয়াত ভৰি দিবলৈ পাই নিজৰে কিবা সপোন সপোন যেনেই লাগি গল৷ বিদেশ ভ্ৰমণৰ এই সৌভাগ্যৰ বাবে মনে মনে ঈশ্বৰক ধন্যবাদ জনালোঁ৷ এয়াৰপৰ্টত সুন্দৰকৈ সজাই থৈ দিয়া, ভ্ৰমণকাৰীয়ে সহজেই সংগ্ৰহ কৰিব পৰা ইনফৰ্মেচন বুকলেট, মেপ, ফেক্টচ এণ্ড ফিগাৰচ পঢ়ি অভিভূত হলো চাৰিমহলীয়া বিমান বন্দৰটোৰ সম্বন্ধে সবিশেষ জানিব পাৰি৷ তাৰ পৰাই গম পালোঁ, ২০১০চনত বিশ্বৰ প্ৰথম ১০টা বন্দৰৰ ১০নং হিচাপে বিবেচিত হৈছে সুৱৰ্ণভূমি এয়াৰপৰ্ট৷

প্ৰাকৃতিক কামফেৰাৰ পৰা সদ্যহতে আজৰি হৈ লোৱাটো বুদ্ধিমানৰ কাম হ
ব বুলি মনলৈ ভাব এটা আহিল৷ পিচতবা ক'ত সুযোগ পাম, নাজানো৷ সেয়ে অলপ দূৰ খোজ কাঢ়ি গৈ পোৱা টয়লেট এটাত প্ৰৱেশ কৰিলোঁ৷ সৰু যদিও পৰিষ্কাৰ৷ গোন্ধ-ভাপ অকণো নাই৷ কথাটোৱে মনত ৰেখাপাত নকৰালৈ নাথাকিল৷ লগে লগে তুলনামূলক ছবি এখনো মনৰ পৰ্দাত ধৰা দিলেহি, আমাৰবোৰৰ লগত৷ কৰবাত পঢ়িছিলোঁ যে পৰিষ্কাৰ প্ৰস্ৰাৱগাৰ, শৌচাগাৰ আদিয়ে এখন দেশ সভ্যতাৰ কেনে স্তৰত উপনীত হৈছেহি এই কথা নিৰূপণ কৰে৷ ৰাজহুৱা শৌচাগাৰৰ সংখ্যা, তাৰ মান, তাৰ আপডাল সেই দেশৰ আন্তঃগাঁথনিৰে মাপকাঠী৷ মানুহৰ জীৱনৰ বাবেও ই এটা মৌলিক কথা৷

স্বাভাৱিকতেই টয়লেটটোৱে মোৰ মনলৈ মই প্ৰথমবাৰলৈ যোৱা দেশখনৰ প্ৰতি এটা উচ্চ ধাৰণা আনি দিলে৷ তাৰ পৰা ওলাই দৃঢ়তাৰে খোজ বঢ়াই দিলোঁ অপেক্ষমান অচিন-অজান পৰিৱেশ এটালৈ৷

No comments:

Post a Comment