বন্ধ অমৰ হওক
কাম কৰি থকা অৱস্থাতে হঠাতে খবৰটো আহিল... দুই
বজাৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে বন্ধ৷
এনেয়েতো আমি ইয়াত বন্ধৰ সৈতে সহাৱস্থান কৰি কৰি
অভ্যস্ত হৈ পৰিছোঁৱেই৷ তথাপি... অনিৰ্দিষ্ট বুলি কোৱাত সাময়িকভাৱে কেইটামান চিন্তা
কৰিলোঁ৷ চিন্তাওনো আৰু কি... চাউল-পাত, ডাইল-তেল, নিমখ-আলুগুটি৷ বচ, ইমানেই৷ বাকী...
কাম-কাজ, শিক্ষা-দীক্ষা... মাৰা গুলী৷ বেমাৰ-আজাৰ ঈশ্বৰৰ ওপৰত৷
মোৰ সন্মুখৰ পথটোত গাড়ী-মটৰৰ চলাচল খৰতকীয়া হৈ
উঠাৰ উমান ভিতৰৰ পৰাই পালোঁ৷ পথিকৰ সংখ্যাও বাঢ়ি গৈছে৷ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীবোৰ
দলে-দলে ঘৰ অভিমুখে আহিব ধৰিছে৷ কামৰ টেবুলত বহি থাকিয়ে সিহঁতৰ মাত-কথাবোৰৰ পৰা গম
পাই গৈছোঁ৷
পেট্ৰ’ল অলপ সুমোৱাই থওঁ বুলি ডিপোৰ
ফালে চলাই দিলোঁ৷ এটা ডিপো বন্ধ৷ তেল নাই৷ আনটোলৈ ঘূৰি আহিলোঁ৷ তাতো ভিৰ৷ তথাপি ৰ’দ
মূৰত লৈ লাইনত লগালোঁ৷ দুই ফালে গাড়ী, বাইক, অট’ৰিক্সা, বটল
লোৱা মানুহ আদি৷ তেল দিয়া কৰ্মচাৰী এজন৷ ইফালে মানুহবোৰৰ উৎকণ্ঠা৷ সোনকালে তেল ভৰাব
লাগে, বজাৰ কৰিব লাগে, ঘৰ পাবগৈ লাগে৷
অলপ পৰ ৰৈ হিচাপ কৰি দেখিলোঁ, এইটো গতিত মই তেল
পাবলৈ হ’লে
বন্ধই হ’বগৈচোন৷ ইফালে
কোনো কোনোৱে গৰজি উঠিছেই৷ কুৰুক্ষেত্ৰও হৈ যাব পাৰে৷ গতিকে যি হয় হ’ব
বুলি তেলৰ কথা বাদ দিলোঁ৷
বেংকত কাম আছিল৷ দেখিলোঁ, এনেয়ে গাড়ী-মটৰেৰে গিজ্গিজাই
থকা বেংকটোৰ সন্মুখত চাৰিখনমানহে গাড়ী ৰৈ আছে৷ তাৰ মানে কৰ্মচাৰীসকলে অফিচ এৰিলেই৷
দুজনমানক বাটত ক্রচ কৰিয়ে আহিছোঁ৷ ৰাস্তাৰ পৰাই এবাৰ ভিতৰলৈ ভুমুকিয়ালোঁ৷ আশা নাই৷
টেবুল খালী৷ বেংকৰ কামটোও বাদ দিলোঁ৷
স্পীডত চলাই আহি ঘৰ সোমালোঁহি৷ দিনতে গেৰেজটোৰ
আটাইকেইটা তলা মাৰি দিলোঁ, অনিৰ্দিষ্ট কালৰ বাবে৷
পাকঘৰৰ ফালে যাওঁতেই মায়ে সুধিলে... চাহ
খাবি নেকি? মই গজা, গমৰ লাড়ু, ভুজিয়া আনি থৈছিলোঁ আগ বেলাতে৷ খাৱ যদি বাকি দিওঁ৷
মোৰ
মূৰত খেলালে...
বন্ধটো দেখোন গজা,
লাড়ু, ভুজিয়াৰেই চেলিব্ৰেট কৰিব পাৰি৷ পিছত যি হয় হৈ থাকিব৷
মাক ক’লোঁ... দিলে খাম৷ বন্ধটো
সেইবোৰেৰেই চেলিব্ৰেট কৰিলে কেনে হয়?
মায়ে
কি ভাবিলে নাজানো, মাথো হাঁহিলে৷বস্তুবোৰ মুখৰ আগলৈ অহাত ‘বন্ধ অমৰ হওক’,
বুলি আৰম্ভ কৰিলোঁ৷
গৰম চাহৰ সৈতে সেইখিনি খাই উঠি ইণ্টাৰনে’টটো
চালোঁহি, কিমান এম.বি. বাচি আছেগৈবা! নহ’লে আকৌ আপোনালোকৰ সৈতে যোগাযোগ
ৰক্ষা কৰাই মস্কিল হ’ব নহয়৷ দেখিলোঁ, ৩১২ এম.বি. আছে এতিয়াও৷ হৈ যাব, মাত্ৰ
অলপ সাৱধানে চলিব লাগিব৷ দৰকাৰী কাম এটাটো লাগি আছোঁ৷ সেইখিনি ঢুকালে পিচে মোক আৰু
নাপাব৷ সেয়েহে আগতীয়াকৈ জনাই থ’লোঁ৷
দুই বজাৰ লগে লগে বাধ্য ছাত্ৰৰ দৰে সন্মুখৰ
শ্বাটাৰখন পেলাই
অনিৰ্দিষ্টকালীন বন্ধৰ শুভাৰম্ভ কৰিলোঁ৷ ৰাস্তাটো ইতিমধ্যে
শান্ত হৈ পৰিছেই৷
ম’বাইলটোলৈ চালোঁ৷ ন’ চিগ্নেল্৷
বঢ়িয়া৷
তেনেকুৱাতে
কাৰেণ্টটোও গ’ল৷
বাঃ,
আৰু বঢ়িয়া৷
এইহে উন্নতি৷
জয়
মৰিশালি ৰাজ্যৰ জয়৷
No comments:
Post a Comment