উৎসৱৰ অংক...
সিদিনা পদূলিত কলপুলিকেইটা পোতোতে আপোনাৰ মনত যিটো
উদ্দীপনা আছিল, এতিয়া সেইকেইটা উভালোতেও সমানেই উদ্দীপনা আপোনাৰ থাকিব লাগিব৷ কলপুলিকেইটা আনোতে যি ধৰণৰ
সক্রিয়তা আপোনাৰ ক্ষেত্ৰত প্ৰকট হৈছিল, এতিয়া সেইকেইটা পেলাওঁতেও সমানেই সক্রিয়তা প্ৰকট
হ’ব
লাগিব৷ পদূলিমুখৰ ঠাইখিনি পৰিষ্কাৰকৈ ঝাড়ু দিওঁতে তেতিয়া যেনেকৈ দেহত উৎসাহ আছিল, শক্তি
আছিল, এতিয়া লেতেৰা হৈ পৰা ঠাইখিনি সাৰি থাকোঁতেও একে উৎসাহ, একে শক্তিয়েই ক্রিয়া কৰি
থাকিব লাগিব৷ ফটকা ভৰ্তি পেকেটবোৰ, চাকিকেইগছ পলিথিনৰ বেগ (বা কাগজৰ বাকচ)ত
ভৰাই ঘৰলৈ কঢ়িয়াই আনোতে যি ধৰণৰ চঞ্চলতা আপোনাৰ দেহে-মনে দেখা গৈছিল, এতিয়া খালী পেকেট,
ফটকাৰ খোলা, ফুলজাৰিৰ দণ্ড, ছেদেলি-ভেদেলি হৈ পৰা কাগজৰ টুকুৰাবোৰ গোটাই ডাষ্টবিনত
পেলাবলৈ যাওঁতেও একে ধৰণৰ কৰ্ম-চঞ্চলতা থাকিব লাগিব৷
কিয় জানে? নহ’লে উৎসৱৰ আনন্দ
হৈ পৰিব আধৰুৱা৷ ফিফ্টি পাৰচেণ্ট৷
এশ শতাংশ খৰছৰ বাবদ পঞ্চাশ শতাংশ আনন্দ!
অংকটো
কৰি চাওকচোন, আপুনি কিমান শতাংশ লাভ
কৰিলে৷
(খালী বটলকেইটাৰ কথা নকওঁ আৰু...)
No comments:
Post a Comment