Thursday, 14 November 2013

ঈদৰ দিনৰ অনুভৱ...

আমি সৰুৰে পৰা এখন মিশ্ৰিত সমাজত বাসবাস কৰি আহিছোঁ৷ সেয়ে ধৰ্মীয় চেতনাটো আমাৰ তেনেই কম৷ ইছলামিক শিক্ষা সৰুতে ঘৰতে দিয়া হৈছিল যদিও কাৰ্যতঃ বিকল৷ বছৰৰ মাথো দুটা দিনত (দুয়োটা ঈদতে) বগা সাজ পিন্ধি মছজিদলৈ যোৱা হয়৷ দহ-বাৰ মিনিটৰ সমূহীয়া প্ৰাৰ্থনাত ভাগ লওঁ৷ এই ধাৰা এতিয়াও ভংগ হোৱা নাই৷ আমাৰ চৌপাশে বিৰাজ কৰা সামাজিক, পাৰিপাৰ্শ্বিক অৱস্থাটোৰ বাবেই চাগৈ ধৰ্মীয় দিশটোত আমি আজিও উদাসীন৷

তথাপিও ঈদ বুলি সীমিতসংখ্যক, মনে মিলা বন্ধুক ঘৰলৈ মাতোঁ৷ মোৰ লগৰ বিষ্ণু, বিদুল, মৃদুল, জয়ন্ত, কাৰ্তিক, বিজয়, দিব্যহঁত আহে৷ (সময়ৰ সৈতে বন্ধুৰ নামো সলনি হয়৷) ওচৰ-চুবুৰীয়াও আহে৷ মায়ে নিজহাতে ঘৰতে তৈয়াৰ কৰা নাৰিকলৰ পিঠা, লাড়ু, তিলপিঠা, ছেঁৱৈ, কে
ক্, কটা নিমকি, চৰবত্ আদি খাবলৈ দিয়ে৷ একেখন টেবুলতে চাৰিওকাষে বহি আমি লগে-ভাগে আনন্দেৰে, মুকলি মনেৰে সেইবোৰ খাওঁ৷ বিভিন্ন কথা পাতোঁ৷ মিলা-প্ৰীতি অটুট ৰাখোঁ৷

ঈদ যায়, ঈদ আহে; এনেকৈয়ে৷

এই দিনটোৱেহে কয়... মইযে মুছলমান৷ 
নহ
লে গমেই নাপাওঁ দেখোন!

No comments:

Post a Comment