জীৱন... নিজস্ব দৃষ্টিভংগীৰে
জীৱন... তিনিটা আখৰৰ সমষ্টি৷ জীয়াই থকাৰ
প্ৰবৃত্তিমূলক ইচ্ছাই জীৱন৷ জীৱন মানেই সংগ্ৰাম৷ এক ক্ষমাহীন,
নিৰ্মম, অবিৰত সংগ্ৰাম৷ সহজ বুলি ভবা হয় যদিও জীৱন-সংগ্ৰাম ইমান সহজ নহয়৷ কঠোৰ যুদ্ধ
দিবলগীয়া হয় মানুহে উন্নতিৰ শীৰ্ষত আৰোহণৰ উদ্দেশ্যে৷ মনোবল, ধৈৰ্য, সাহস, দৃঢ়তা, বুদ্ধিমত্তাই
হ’ল
ইয়াৰ সাৰথি৷ পিঠিত চপৰিয়াই কোনোবাই সঁচা মৰমৰ মাতেৰে শুনোৱা আশাৰ বাণীয়ে প্ৰেৰণা৷
জীৱন-যুদ্ধত মানুহৰ জয়-পৰাজয় থাকিবই৷ পৰাজয় বিমুখতাৰ
কাৰক নহয়৷ সেইদৰে কৃতকাৰ্যতাই প্ৰচেষ্টাৰ একমাত্ৰ মাপকাঠিও নহয়৷ সমস্যৰ সন্মুখীন হ’বলৈ
শিকাটোতহে সাহস লুকাই থাকে, পলায়নত নহয়৷ মানুহৰ প্ৰবল ইচ্ছাশক্তিৰ আগত কোনো ধৰণৰ বাধাই
তিষ্ঠি থাকিব নোৱাৰে৷ চেষ্টাৰ ক্রটি নহ’লে কোনো প্ৰচেষ্টাই সমাদৰ নেহেৰুৱায়৷
মানুহৰ আনন্দ সাফল্যত নহয়, প্ৰচেষ্টাতহে৷ মন, বুদ্ধি, চিত্তক শুদ্ধ কৰি ৰাখি সেই শুদ্ধ
মন, বুদ্ধি আৰু চিত্তৰে অন্তৰ বিশুদ্ধ কৰি জীৱনৰ কৰ্মক্ষেত্ৰত সাহস, ধৈৰ্য আৰু আন্তৰিকতাৰে
অগ্ৰসৰ হ’লে
জয় সদা-নিশ্চিত৷ সহজ কাম কৰি কোনেও জীৱনত একো ডাঙৰ কাম বা বিশেষত্বপূৰ্ণ
একো কৰিব নোৱাৰে৷ সময়েও মানুহক সদায় ভাল লগা বস্তুবোৰকে উপহাৰ দি নাথাকে৷ অৱধাৰিতভাৱেই
যৌৱনৰ ভোগৰ শেষত আহে বাৰ্ধক্য৷ নিবিচৰাকৈয়ে এদিন আহে মৃত্যু৷ লগে লগে এটা জীৱনৰ সময়ৰ
পৰা অৱলুপ্তি৷ কিছুমান মানুহৰ মৰণোত্তৰ জীৱনো নথকা নহয়৷
মানুহে যিমানেই সংগ্ৰামী হয় সিমানেই সজ গুণ আয়ত্ত
কৰে৷ নিজৰ ওপৰত নিৰ্ভৰ কৰি যিদিনা জীয়াই থকাৰ সংগ্ৰাম আৰম্ভ কৰা যায় সিদিনাহে জীৱনৰ
প্ৰকৃত অৰ্থ উপলদ্ধি কৰিব পাৰি৷ ‘জীৱনক ভয় নকৰোঁ’ বুলি
দৃঢ় হৈ সাহসেৰে জীয়াই থাকিব পৰাজনহে প্ৰকৃত মানুহ৷ এজন মানুহ প্ৰকৃত সভ্য, বৌদ্ধিক,
সংস্কৃত হ’বলৈ
হ’লে
কিছুমান সৰলতা তথা সহজলভ্য আনন্দ ত্যাগ কৰিবই লাগিব৷ সহজাত প্ৰতিভাক জীয়াই ৰাখি তাৰ
সৈতে কঠিন পৰিশ্ৰম
আৰু দৃঢ়তা যোগ দিলে জীৱনত সফলতা আহিবই৷ দুঃসাহসী আৰু তেজস্বী গুণে মানুহক সফলতাৰ দুৱাৰডলিত
থিয় কৰোৱায়৷ শ্ৰম, সাধনা কেতিয়াও অথলে নাযায়৷ সঁচা শ্ৰম ফলৱতী হওঁতে কিছু সময় লাগে৷
সেইখিনিতে মানুহক অকণমান ধৈৰ্যৰ প্ৰয়োজন৷
জীৱনটোক উপভোগ কৰিব জনাটো এটা ডাঙৰ কথা৷ কেৱল খাই-শুই,
আনন্দ-উপভোগ কৰি জীয়াই থকাটোৱেই জীৱনৰ লক্ষ্য হোৱা অনুচিত৷ আনক শোষণ কৰি, দুৰ্নীতিৰে
টকা-পইচা ঘটি, গাড়ী-ঘৰ কৰিব পৰাটোকেই সফল জীৱন নোবোলে৷ জীৱনৰ লক্ষ্য হ’ব
লাগে নিজকে মহান ৰূপত গঢ়ি তোলা৷ এইখিনি কৰিবলৈ যাওঁতে মানুহে বৰ্ণনাতীত তথা অকল্পনীয়
কষ্ট আৰু ত্যাগৰ সন্মুখীন হ’ব লগা হয়৷ কোনো মহান প্ৰাপ্তিৰ
বাবে নিজকে ক্ষুদ্ৰ ৰূপলৈ মানসিক আৰু শাৰীৰিকভাৱে ৰূপান্তৰিত কৰিব লাগে৷
জীৱন কোনো অদৃশ্য শক্তিৰ দ্বাৰা প্ৰতিপালিত নহয়৷
আমাৰ নিজৰ ইচ্ছাশক্তি, কৰ্ম তথা অধ্যৱসায়ৰ দ্বাৰাহে প্ৰতিপালিত৷ মানুহৰ জীৱনত দুখ-বেদনাৰ
সাগৰ আছে৷ তাতেই সুখ-আনন্দৰ মণি-মুকুতাও আছে৷ বেদনাক সৃষ্টিৰ আনন্দলৈ ৰূপান্তৰিত কৰিব
জানিলেহে জীৱনৰ প্ৰকৃত অৰ্থ, প্ৰকৃত ৰস পোৱা যায়৷ দুখ-সাগৰত বুৰ মাৰি সুখৰ মাণিক বুটলিবলৈ
মানুহ সক্ষম হ’বনে
নহ’ব
সেইটো নিৰ্ভৰ কৰে মানুহৰ দৃষ্টিভংগীৰ ওপৰত, জীৱন-দৰ্শনৰ ওপৰত৷
তেনেহ’লে জীৱনক কেনেকৈ অৰ্থপূৰ্ণ আৰু
উপভোগ্য কৰা যায়? একমাত্ৰ কামেই মানুহৰ জীৱনটো সহনীয় আৰু অৰ্থবহ কৰি তুলিব পাৰে৷ প্ৰেমময়
কৰ্মৰে মানুহে এখন সুন্দৰ পৃথিৱী গঢ়ি তুলিব পাৰে৷ কৰ্মৰ জৰিয়তে ধৰি ৰখা সময়ৰ দীঘল আঙুলিৰে
মানুহে সোঁৱৰণীৰ সোণালী আখৰ লিখি থৈ যাব পাৰে, পৃথিৱীলৈ অহাৰ চিন থৈ যাব পাৰে৷ ‘মই
মোৰ যোগ্য নতুন পুৰুষৰ যোগ্য পুৰণি পুৰুষ’ বুলি একালত বুকুত হাত দি বিনাদ্বিধাৰে
ক’বলৈ
হ’লে
মানুহে জীৱনক বুজি পাব লাগিব ‘নতুন পুৰুষ’ হৈ
থকা অৱস্থাতে৷ আৰু আত্ম-উপলদ্ধি কৰিব লাগিব এই বুলি... যেতিয়া মই পৃথিৱীলৈ আহিছিলোঁ তেতিয়া
মই কান্দিছিলোঁ, ওচৰ-চুবুৰীয়াই হাঁহিছিল; জীৱনত মই এনে কাম কৰিব লাগিব যাতে মই পৃথিৱী
এৰি গুচি যোৱাৰ পিচত কেৱল ওচৰ-চুবুৰীয়াই নহয়, সকলোৱে হিয়া ঢাকুৰি কান্দে আৰু মই যাব পাৰো হাঁহি
হাঁহি৷
(ৰচনা-কাল : ১৯৯৫চন)
No comments:
Post a Comment