Wednesday, 13 November 2013

নতুন জীৱন

Live and let live.
দুঃসময়ত মানুহে নিজৰ ওপৰত আস্থা হেৰুৱাই পেলায়৷ জীয়াই থকাটোকো অৰ্থহীন বুলি ভাবে৷ তেনে অস্থিৰ, অনিশ্চিত আৰু উৎকণ্ঠিত সময়তে মানুহৰ বাবে আটাইতকৈ বেছি প্ৰয়োজন হয় সঁচা মৰমৰ৷ জীৱনত ব্যৰ্থতাৰ সন্মুখীন হলে মানুহৰ মনলৈ হতাশা আৰু দুশ্চিন্তাৰ ভাব আহে৷ আশাভংগ হোৱাৰ ফলত মানুহৰ মানসিক উদ্বেগো বাঢ়ে৷ এনে নিৰাশা, অৰ্থহীনতা দূৰ কৰিবলৈকে মানুহক মানুহৰ পৰা নতুন এটা আশা লাগে৷ আশা আৰু সম্ভাৱনাৰ মাজতেইতো নিহিত হৈ থাকে মানুহৰ ভৱিষ্যৎ৷ নৈৰাশ্য আৰু জীৱনৰ অসাৰতাৰ চেতনাই মানুহক পিহি-খুন্দি গুড়ি কৰি পেলোৱাৰ উপক্রম হোৱাৰ মুহূৰ্ততে যদি কোনোবাই কান্ধত হাত থৈ মৰমসনা মাতেৰে নিস্বাৰ্থভাৱে আশাৰ বাণী শুনায়, আকাংক্ষাক পুনৰুজ্জীৱিত কৰি তোলে, ধ্বংসৰ গৰাহৰ পৰা উদ্ধাৰ কৰি গঠনমূলক আৰু সৃষ্টিশীল দৃষ্টিভংগীৰে শুদ্ধ পথৰ নিৰ্দেশনা দিয়ে তেন্তে তেওঁতকৈ ডাঙৰ বন্ধু সম্ভৱতঃ আন কোনোৱে হব নোৱাৰে৷ যি মানুহে তেনে প্ৰতিকূল অৱস্থাতো অশেষ কষ্ট আৰু ধৈৰ্যৰে মৰহি যোৱা জীৱনটো পুনৰ আশাপ্ৰদ, আকৰ্ষণীয় আৰু অৰ্থবহ কৰি তুলিব পাৰে তেওঁ আচলতে এক নতুন জীৱন প্ৰদান কৰে৷ আকাশলৈ নতুন তৰা আৰু মনলৈ নতুন চকু আনি দিয়ে৷ তেওঁ হৈ পৰে নতুন দিনৰ এজাক নতুন বতাহ৷ তেওঁ হৈ পৰে প্ৰাণৰো আপোন৷

আশাই জীৱন, কামেই উপাসনা৷ মনৰ আশা-আকাংক্ষাবোৰক সঠিক দিশত পৰিচালনা কৰি, ইন্দ্ৰিয়ক কাৰ্যক্ষম কৰাই, অনুভূতিক বিকশাই তুলি, মানৱীয় গুণসম্পন্ন হৈ চলাটোৱে প্ৰকৃত জীৱন৷ ধন-সম্পদ, লাহ-বিলাহ, ক্ষমতা-সন্মান-খ্যাতিৰে ভৰপূৰ জীৱনটোৱেই আটাইতকৈ সফল জীৱন নহয়৷ বৰঞ্চ যি জীৱনত পুৰুষোচিত গুণাৱলীৰ পূৰ্ণ প্ৰকাশ ঘটে, ব্যক্তিয়ে নিজৰ কৰ্তব্য কৰে, প্ৰয়োজনীয় কৰ্ম যিমান পাৰে সিমান সমাধা কৰে সেই জীৱনহে সবাতোকৈ সফল জীৱন৷ জীৱন মানেই কৰ্তব্য৷ জীৱনৰ কোনো দ্বিতীয় সংস্কৰণো নাই৷ মানুহৰ বাবে জন্ম আৰু মৃত্যুৰ মাজৰ কালছোৱাইটো জীৱন৷

যিকোনো মানুহৰ প্ৰকৃত জীৱন যাপনৰ সফলতাৰ আঁৰত কম পক্ষেও এজন বিশ্বস্ত, পৰম মমতাময় বন্ধুৰ প্ৰয়োজন আছে যাৰ মাজত থাকিব লাগে সাহায্য, সাৱলীল সহযোগিতা আৰু পদে পদে প্ৰেৰণা৷ আদৰ্শ জীৱনৰ উপাদানেইটো হৈছে ভাল বন্ধু, ভাল কিতাপ আৰু সুপ্ত বিবেক৷ মানুহে নিজৰ জীৱনৰ সুখ-দুখ আৰু হৃদয়ৰ গোপন কথা সকলোকে কব নোৱাৰে সঁচা, কিন্তু বিশ্বাসযোগ্য কোনোবা এজনৰ ওচৰত মন খুলি ব্যক্ত কৰিব নোৱাৰিলে সেইবোৰ কথাই বুকুত বব নোৱাৰা বোজা হৈ ৰৈ যায়; যিবোৰে অন্তৰখন সদায় জ্বলাই থাকে৷ নিজৰ জীৱনৰ সুখ-দুখ আৰু অন্তৰৰ গোপন কথা নিঃসংকোচে কব পৰা যায় এনে বিশ্বস্ত বন্ধুভাৱাপন্ন ব্যক্তিৰ আগত৷ পৃথিৱীখনযে একেবাৰে নিঃসংগ নহয়, পৃথিৱীতযে মানুহে পূৰণ কৰিব নোৱাৰা কোনো শূন্যতা নাই, পৃথিৱীখনতযে এনে কিছুমান স্পৰ্শকলুষহীন অনুভূতি আছে যিয়ে হৃদয়ক জীপাল কৰি তুলিব পাৰে, তেনে ধাৰণাও তেতিয়াই হয়৷ ধ্বংসৰ মাজতেই সৃষ্টিৰ যুক্তি; প্ৰেমময় কৰ্মৰে জীৱনটো ভৰাই তুলি পুনৰ নতুন ৰূপত সজাই-পৰাই লোৱাৰ যুক্তিও তেতিয়াই বিচাৰি পোৱা যায়৷ চকুপানী মচি হাঁহিবলৈকো শিকা হয় তেতিয়াই৷

(ৰচনা-কাল : ১৯৯৫চন)


No comments:

Post a Comment