নাজানিছিলোঁ, কালিহে জানিলোঁ...
ৰাতিপুৱা শুই উঠি আত্মহিতৰ কামনাৰে প্ৰাতঃস্মৰণ
পাঠ কৰিলে সৰ্বশক্তিমান পৰমেশ্বৰত বিশ্বাস, নিজৰ মাতৃভূমি আৰু ৰাষ্ট্ৰৰ প্ৰতি ভক্তি
তথা প্ৰেম তথা প্ৰতাপী পূৰ্বজসকলৰ স্মৰণৰ দ্বাৰা মনত পৱিত্ৰ আত্মগৌৰৱ আৰু স্বাভিমান
জাগি উঠে৷ তাৰ ফলত প্ৰফুল্লতা, উৎসাহ, দৃঢ়তা আৰু উল্লাসেৰে নিজৰ কৰ্তব্য-পথত আগ বঢ়া
ব্যক্তিয়ে নতুন সফলতা লাভ কৰে৷ গোটেই দিনটো প্ৰসন্নতা আৰু উৎসাহেৰে মন ভৰি থাকে৷ সেয়েহে
প্ৰাতঃস্মৰণ পাঠ কৰা নিতান্ত প্ৰয়োজন৷
কৰাগ্ৰে ৱসতে লক্ষ্মীঃ কৰমধ্যে সৰস্বতী৷
কৰমূলে তু গোবিন্দঃ প্ৰভাতে কৰদৰ্শনম্৷৷
ৰাতিপুৱা আপোন হাত জগন্নাথ ভাবনাৰে পুৰুষাৰ্থৰ
প্ৰতীক নিজৰ হাত দৰ্শন কৰিব লাগে৷ কিয়নো হাতৰ তলুৱাৰ আগভাগত লক্ষ্মীয়ে, মাজভাগত সৰস্বতীয়ে
আৰু কৰমূলত গোবিন্দই বাস কৰে৷ অৰ্থাৎ পুৰুষাৰ্থ নাইবা কৰ্তব্যৰ মূলতে সকলো প্ৰকাৰৰ
ধন-ধান্য দাতা গোবিন্দৰ ধ্যান আৰু কৰ্মৰ মাধ্যমত জ্ঞান-বুদ্ধিৰ দেৱী সৰস্বতীৰ সাধনাৰ
পৰিণাম স্বৰূপে সকলো প্ৰকাৰৰ সমৃদ্ধি অৰ্থাৎ লক্ষ্মী প্ৰাপ্ত হয়৷ এয়েই তাৎপৰ্য৷
ইমান সুন্দৰ এই কথাটো মই সমূলি নাজানিছিলোঁ৷ প্ৰাতঃস্মৰণৰ
এই তাৎপৰ্য অলপ বিয়লি পঢ়ি অতাওঁতে ঘপকৈ মনত ভাহি উঠিল ইচলামধৰ্মী লোকসকলে প্ৰাৰ্থনাৰ শেষৰ
ফালে দুয়োখন হাত লগ লগাই কৰা মোনাজাতৰ ছবিখন৷ ধৰ্ম পৃথক হ’লেও দুয়োটা প্ৰক্রিয়াৰে ক’ৰবাত
যেন কিবা এটা মিল আছে!
(বি.দ্ৰ. : মই আকৌ বছৰটোত দুদিনহে নিজৰ হাতৰ তলুৱা
দুখন চাওঁ৷ বুজি ল’ব
আৰু...
আজি
পুৱা পিচে চাবলৈ পাহৰিয়েই থাকিলোঁ!!)
No comments:
Post a Comment