আজি বিশ্ব পৰ্যটন দিৱস
বিশ্ব পৰ্যটন দিৱসৰ মূল উদ্দেশ্য হৈছে আন্তৰ্জাতিক
সম্প্ৰদায়ৰ মাজত সু-সময়ৰ জৰিয়তে পৰ্যটনৰ গুৰুত্ব আৰু ভূমিকাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা৷
সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত পৰ্যটনে আনিব পৰা অপৰিসীম পৰিৱৰ্তন
আৰু প্ৰভাৱেই এই দিৱসৰ মূল তাৎপৰ্য৷ ১৯৭০চনৰ এই দিনটোতে বিশ্ব পৰ্যটন সংস্থাই পৰ্যটন
পৰিনিয়ম গ্ৰহণ কৰিছিল৷ ১৯৮০চনৰ পৰা ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে ২৭চেপ্তেম্বৰ দিনটো বিশ্ব
পৰ্যটন দিৱস হিচাপে পালন কৰি আহিছে৷ ১৯৯৭চনৰ পৰা প্ৰতি বছৰে একোটা নতুন বিষয়-বস্তু
(থিম) লৈ বিশ্ব পৰ্যটন দিৱস উদ্যাপন কৰি অহা হৈছে৷ বিশ্বৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ প্ৰতি
লক্ষ্য ৰাখি এই থিম যুগুত কৰা হয়৷ বিশ্ব পৰ্যটন দিৱসৰ এইবাৰৰ থিম হৈছে পৰ্যটন আৰু পানী
: আমাৰ নিৰাপদ ভৱিষ্যৎ৷
...এইখিনি কিতাপৰ কথা৷
ব্যক্তিগতভাৱে, এটা কথা আজি ভাবি ভাল লাগে যে ২০১০চনৰ
বিশ্ব পৰ্যটন দিৱসৰ দিনটোতে জীৱনৰ প্ৰথম বিদেশ যাত্ৰা কৰিছিলোঁ৷সেই সুখ-স্মৃতি সুঁৱৰিবৰ
আজি দুনাই সুযোগ পাইছোঁ৷ কিতাপ অধ্যয়ন কৰি বা ফটোগ্ৰাফ, ভিডিঅ আদি চাই আমি যি পৰোক্ষ
জ্ঞান লাভ কৰোঁ ভ্ৰমণে তালৈ পূৰ্ণতা আনে৷ সেই প্ৰত্যক্ষ জ্ঞানকণৰ বাবেই সুযোগ পালেই
ভ্ৰমণ কৰাৰ দুৰ্বাৰ আগ্ৰহ জন্মে৷ সেই অনন্ত জিজ্ঞাসাক লৈয়ে বাট চাই ৰওঁ, পৰৱৰ্তী ভ্ৰমণলৈ৷
সঁচাকৈ, পুথিলব্ধ জ্ঞানৰ পৰিপূৰ্ণতা অনাত আৰু বাস্তৱ অভিজ্ঞতাৰ জৰিয়তে বিশালাকাৰ এই
জগতখনৰ সৈতে পৰিচয় হোৱাত ভ্ৰমণৰ গুৰুত্ব আৰু
ভূমিকা অনন্য-সাধাৰণ৷
...ভ্ৰমণ কৰি ভাল পোৱাসকলক
দিৱস উপলক্ষে সম্ভাষণ জনাইছোঁ৷
No comments:
Post a Comment