ছপাশালৰ তিতা-মিঠা
(গল্প নহয়, সত্য)
(গল্প নহয়, সত্য)
বাহিৰত গাড়ী এখন ৰোৱাৰ শব্দ শুনি কাম কৰি থকা অৱস্থাৰ
পৰাই সেইফালে ডিঙি মেলি চালোঁ, ‘কোন বা আহিল?’ ভাবত৷
দেখিলোঁ, খদ্দৰৰ পায়জামা-পাঞ্জাবী পৰিহিত শকত-আৱত লোক এজন৷ বগা আই-টেনখনৰ ড্ৰাইভিং
চিটৰ পৰা গহীন-গম্ভীৰ খোজেৰে নামি আহিছে, অকলে৷ সম্ভাষণ জনাই বহুৱালোঁ৷ উদ্দেশ্য আগন্তক
মধ্যকালীন বাৰ্ষিক অধিৱেশন উপলক্ষে শাখা সমিতিৰ স্মৃতিগ্ৰন্থখন কৰি দিব লাগে৷ ‘ঠিক
আছে, হৈ যাব’ আকাৰ-প্ৰকাৰ
বুজি-বাজি লৈ অলপ পাছতে মই যোগাত্মক সুৰ এটাৰে আশ্বাস দিলোঁ৷ ‘আৰ্টিকল্
এতিয়ালৈকে এটাও হাতত পৰাহি নাই৷ পালেই মই মেইল কৰিম দেই৷’ আলোচনাৰ অন্তত মোৰ মেইলিং এড্ৰেছটো
লৈ প্ৰায় ৭৫ কিল’মিটাৰ
নিলগৰ নিজৰ থকা ঠাইখনলৈ বুলি গাড়ী ঘূৰাই স্মৃতিগ্ৰন্থৰ সম্পাদকজন ধাৱমান হ’ল৷
দুদিনৰ পিছত ইনবক্সত দেখিলোঁ আৰ্টিকল্ পঠিয়াইছে৷ আৰ্টিকল্ মানে হাতে লেখা কাগজৰ পৃষ্ঠাৰ
স্কেন্ড ইমেজ৷ ক’ৰবাতহে
ঠিক আছে৷ বেছি ভাগতে অসংখ্য কটা-কটি, অ’ভাৰৰাইটিং৷ অ’ত
এডোখৰ, ত’ত
এডোখৰ৷কাঁড় চিন, এক-দুই লিখি সংগতি বুজাইছে৷অপৈণত বাক্য-বানান৷ দুনাই পৰিষ্কাৰকৈ,
শুদ্ধকৈ, শৃংখলা লগাই লিখিবলৈ লেখক (?)ৰ যেন সময়েই নাই! কাৰোবাৰ ক্ষেত্ৰত
আকৌ কিতাপৰ পৰা ফলা পাত কেইটামান৷ গুটি গুটি আখৰ৷ ইফালে সময় তাকৰ, ৰৈ থাকিবও নোৱাৰি৷
কালবিলম্ব নকৰি সেয়ে তাকে এনলাৰ্জ কৰি এ-ফ’ৰ চাইজৰ কাগজত লেজাৰ প্ৰিণ্ট
উলিয়াই লৈ পঢ়ি চাই চাই এফালৰ পৰা টাইপিং আৰম্ভ কৰি দিলোঁ৷ ফাইল আহি থাকিল, কামো আগুৱাই থাকিল৷
বেটুপাত, বিজ্ঞাপন, শুভেচ্ছা-বাণী ক্রমে ক্রমে গোট খালে৷ আনহাতে সম্পাদকীয়টো যোগান
ধৰাৰ পিছতে কি হ’ল
নাজানো, হঠাতে সম্পাদকগৰাকী নোহোৱা হৈ থাকিল৷ না ফোন, না ই-মেইল৷ কাৰণ অজ্ঞাত৷ সূচীপত্ৰখনো
ঠিক-ঠাক কৰি নিদিলে৷ আনকি প্ৰুফ চাবলৈও নাহিল৷ ইফালে কথাটো অৱগত কৰাত সম্পাদকৰ ঘনিষ্ঠ
স্থানীয় সদস্য এজনে বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি এদিন মোৰ কৰ্মস্থলীত উপস্থিত হ’ল
আৰু খাটনি ধৰিলে, বোলে কিবাকৈ, যেন-তেন-প্ৰকাৰেণ, আপুনিয়েই মিলাই-মেলি স্মৃতিগ্ৰন্থখন
সময়মতে উলিয়াই দিয়ক আৰু৷ নহ’লে সমিতিৰ প্ৰেষ্টিজ নৰয়৷ যি
বুজিলোঁ, গৈ থৈ সকলো দায়িত্ব এতিয়া অদৃশ্য সম্পাদক অমুকাৰ ওপৰতেহে পৰিল! না কৰিব নজনা
অমুকায়ো বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি কৈ পেলালোঁ ‘হ’ব
বাৰু’৷
আৰু নিজৰ চিন্তাৰেই বাকীখিনি কাৰ্য যিমান পাৰি ভালকৈ সমাপন কৰি বন্ধুজনক সময়ৰ আগতেই
ফোন লগালোঁ ‘স্মৃতিগ্ৰন্থ
হৈ গ’ল
দেই, লৈ যাবহি৷’ পিছত
জানিবলৈ পালোঁ যে সময়মতেই যথাস্থানত সুকলমে স্মৃতিগ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচিত
হ’ল!
এতিয়া কেতিয়াবা সেইখন হাতত লৈ পাত মেলি চাওঁ৷ সেই
দিনকেইটালৈ উভতি যাওঁ৷ সম্পাদনা সমিতিৰ তালিকাখনত থকা নামবোৰ পঢ়ি চাওঁ৷ নাম এসোপা,
আচল কাম কৰা মানুহৰ কিন্তু বৰ দুখলগাকৈ অভাৱ৷ কামতকৈ নাম আৰু ওপৰতে বাঃ বাঃ বিচৰা মানুহযে
সৰহ সেয়া ভালকৈ বুজি পাই যাওঁ৷
No comments:
Post a Comment