এপেগ দামী ৱাইন আৰু এবাটি ছেৱৈ...
(বিমান যাত্ৰাৰ ডুখৰীয়া স্মৃতি)
বিশ্ব পৰ্যটন দিৱস৷ ২৭চেপ্তেম্বৰ, ২০১০৷
সেই বিশেষ দিনটোতে মোৰ জীৱনৰ প্ৰথম বিদেশ যাত্ৰা৷
কেনেকৈনো ইমান মিলি গ’ল নাজানো৷ পিছত জানি নিজেই আচৰিত হ’লো৷
সমানে উৎফুল্লিতও৷
Jet Airways 9W 066 বিমানৰ
15A চিটটোত বহিলো৷ ঘৰলৈ ফোন কৰিলো৷ ফটো তুলিলো৷আসন গ্ৰহণ কৰাৰ অলপ পিছতে পৰিচাৰিকা
এগৰাকীয়ে সুগন্ধিযুক্ত শীতল ৰুমাল একোখনকৈ দি গ’ল৷ ট্ৰেখনত
নুৰিয়াই অনা বগা ৰুমাল এখন চেপেনাৰে চেপি মোকো দিয়াত সেইখন মেলি লৈ মুখমণ্ডল মচিব ধৰিলো৷
এক ধৰণৰ শীতলতা আৰু সজীৱতা অনুভৱ হ’ল৷ পিছত আকৌ এবাৰ আহি তেওঁ এফালৰ
পৰা ৰুমালবোৰ সংগ্ৰহ কৰি লৈ গ’ল৷
মোৰ যাত্ৰাপথৰ আকাশী দূৰত্ব ১,৬৩৩কিল’মিটাৰ৷
উৰণ সম্পূৰ্ণ কৰিবলৈ সময় লাগিব ২ঘণ্টা ১০মিনিট৷ বিমান উৰাৰ আগে
আগে এইবিলাক তথ্য জনোৱা হৈছিল৷ সন্মুখৰ চিটত থকা ডিচপ্লে’ত ওলাইছিল
সাৱধানতা সম্পৰ্কীয় জানিবলগীয়া কথাবিলাক৷
দিনৰ ঠিক ১১.৫৫মিনিট৷ লগে লগে আমাৰ বিমানখনৰ গাটো লৰিল৷
লাহে লাহে ৰাণৱে’ত
ই গতি
কৰিবলৈ ল’লে৷
আৰু ক্ষন্তেক পিছতে আমাৰ বিমানে ভাৰতৰ মাটি এৰিলে৷ লগে লগে মোৰ ভ্ৰমণ-সংগীজনে উৎসাহেৰে
মোৰ সৈতে হেণ্ডচেক্ কৰিলে এটা ড্ৰিম ফুল্ফিল্ হোৱাৰ আনন্দত৷
প্ৰথম বিদেশ ভ্ৰমণ এয়া৷মোৰ চিটটো খিৰিকীৰ কাষত৷ মাজে মাজে তললৈ চাই গৈছো৷সন্মুখৰ
চিটটোৰ পিছফালে থকা এল.চি.ডি. মনিটৰত গন্তব্য স্থলৰ ভৌগোলিক অৱস্থান, অতিক্রম কৰি অহা
দূৰত্ব, তাপমান, উচ্চতা, সময় ইত্যাদি পৰ্যবেক্ষণ কৰি যাব ধৰিলো৷ বহুতে আকৌ টেক্
অফ্ৰ পিছতে গে’ম
বা মুভিত মগ্ন হ’ল৷
দুজনমানে হে’ডফ’ন
লগাই গান শুনিব ধৰিলে৷দুজনমানে চিটত হেলান দি টোপনিয়াইছে৷
আকাশমাৰ্গত বিমানখন স্থিৰ হোৱাত ট্ৰলীসহ আহিল পৰিচাৰিকা৷
ট্ৰলীৰ ওপৰ খাপত দেখিলো কেইবা ধৰণৰো সুৰাৰ বটল৷ লগতে ফলৰ ৰস, শীতল পানীয়৷ কোনে কি ড্ৰিংক্চ
ল’ব
তেওঁ এফালৰ পৰা সুধি গ’ল৷ সেইমতে নিজেই তৈয়াৰ কৰি হাতে হাতে ধৰাই গ’ল৷
মোৰ সংগীজনে কিছু পৰ কিবা ভাবিলে৷ তাৰ পিছত দামী ৱাইনৰ পেগ এটা ল’লে৷
অনুচ্ছ স্বৰত মোক ক’লে... ‘এয়াৰত
বা ফ্লাইটত মদ খাই পাইছো বুলি এট্ লিষ্ট আনৰ আগত বাহাদুৰী মাৰিব পাৰিম৷’ আপুনি জুইচ খাওক৷
মই খুজিলো অ’ৰেঞ্জ জুইচ্৷
তাৰ পিছতেই খানা বিতৰণ৷ ভে’জ, নন্-ভে’জ
কোনবিধ ল’ব
সুধিলে৷ স্বাভাৱিকতেই মোক ভে’জ দিবলৈ ক’লো,
I am a vegetarian বুলি৷
সন্মুখৰ চিটৰ পিছফালে থকা ট্ৰেখন খুলি লৈ তাতে
খাদ্য-সম্ভাৰেৰে উপচি থকা ট্ৰেখন লাহেকৈ থ’লো৷ পেকেট কৰা গৰম চাও চাও, এবাটি
চালাড, এবাটি ছেৱৈ,
চেনী, গাখীৰ, আফ্টাৰ মিণ্ট, বাটাৰ, জেম্, চচ্, ব্ৰেড্ ইত্যাদি৷ ব্ৰেড্-বাটাৰেৰে
আৰম্ভ কৰিলো৷ ছেৱৈত
সামৰণি মাৰিলো৷ খাই বৰ ভাল লাগিল৷ ভোকটো লাগিয়ে আছিল বাবেই নেকি, নাজানো৷ আটাইতকৈ ভাল
লাগিল ছেৱৈ
বাটি৷ ৱাঃ, এনেকুৱা সুস্বাদু ছেৱৈ আগতে কাহানিও খোৱা মনত নপৰে৷
কেনেকৈ তৈয়াৰ কৰিছে জানো! স্বভাৱজাত কৌতুহলৰ বশৱৰ্তী হৈ গৱেষণা কৰিলো অলপ পৰ৷ এই সোৱাদ
বোধ কৰো জীৱনত পাহৰিব নোৱাৰিম৷ তাতে ফ্লাইটত খোৱা ছেৱৈ বুলি বিশেষত্ব এটা নিশ্চয়
থাকিব৷
খোৱা শেষ কৰাৰ পৰত মনিটৰলৈ চাই গম পালো, উৰাজাহাজখন
য়াংগন (পূৰ্বৰ ৰেংগুন)ৰ ওপৰেৰে গৈ আছে৷ খিৰিকীৰে তললৈ চাই মণিব পৰা-নোৱাৰাকৈ
লক্ষ্য কৰিছিলো কিছুমান ঘৰৰ চাল, বংগোপসাগৰৰ তীৰ, অৰণ্য, নদী আদি৷ ৩৫,০০০ফুট
ওপৰেৰে ঘণ্টাত ৮৪৩কিল’মিটাৰ বেগেৰে আমাৰ বিমানখন ধাৱমান হৈছিল লক্ষ্যস্থান অভিমুখে৷
No comments:
Post a Comment