সন্ধিয়াৰ ছবি...
সাঁজ লগাৰ পূৰ্ব মুহূৰ্তৰ এই সময়খিনিতে (৫.৩০বজা) ক’ৰবাৰ পৰা জাকে জাকে শালিকাৰ আগমন ঘটে৷ জাক পাতি উৰি অহা অসংখ্য শালিকাৰে মোৰ সন্মুখৰ বকুল, বেলগছ আৰু দেৱদাৰুকেইজোপা মুহূৰ্ততে ভৰপূৰ হৈ পৰে৷ তাৰ লগে লগে আৰম্ভ হয় সিহঁতৰ কোঢ়াল৷ সিহঁতৰ কাণ ফালিব খোজা চী-চিয়নিত আন একোকে নুশুনা হৈ পৰে৷ মাজে মাজে একোটা জাকে আকাশত পৰিভ্ৰমণ কৰেগৈ৷ উৰি যায়৷ ঘূৰি-পকি আকৌ আহে৷ অলপ দূৰত থকা আঁহত, ইউক্লিপটাচ, বাঁহগছ আৰু নাম নজনা গছকেইজোপাতো সিহঁত পৰে৷ তেনেকৈয়ে ইজোপাৰ পৰা সিজোপালৈ সঘন আহ-যাহ চলি থাকে৷ আৰু বৰ বেছি ৪০-৪৫মিনিট৷ এসময়ত চৰাইবোৰ নিস্তব্ধ হৈ পৰে৷ ৰাতিটোৰ বাবে নিৰ্ভয়ে আশ্ৰয় লয় গোটেই কেইজোপা গছতে৷ কোলাহলমুখৰ সেই ক্ষণটো বা দৃশ্যটো নেদেখা কাৰো হয়তো ভাবেই নহ’ব যে গছকেইজোপা শালিকা চৰাইৰে দোঁ খাই আছে৷ ইফালে পুৱা ভালকৈ পোহৰ নৌহওঁতেই কোনেও ক’ব নোৱাৰাকৈ সিহঁত উৰা মাৰে অজান্তি মুলুকলৈ৷ দিনটোৰ বাবে সিঁহত ক’লৈনো যায়, কিনো কৰে একো গম নাপাওঁ৷ পুনৰ দেখা পোৱাৰ আশাৰে মাথো বাট চাই ৰওঁ সন্ধিয়াটো অহালৈ৷
No comments:
Post a Comment