দ্বিতীয় দিন, অংশ-৭
২ বাজি ৪৫ মিনিট গৈছে৷ ইনথঙৰ চিংফৌ ইক' লজৰ ফালাপৰ বেষ্টনীৰ পৰা অগস্তি-যাত্ৰাৰ নতুন খেপ এটা আৰম্ভ হৈ গ’ল৷ 'ফালাপ' অৰ্থাৎ চাহ আৰু চিংফৌৰ সম্বন্ধ এৰাব নোৱাৰা বিধৰ৷ বিগত ১৯৮৫ চনতে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ মিয়াওঁত Shapawng Yawng Manau Poi নামে চিংফৌ (চাহ) মহোৎসৱৰ আৰম্ভণি হৈছিল৷ বিশেষভাৱে, চাহক কেন্দ্ৰ কৰিয়ে আয়োজিত সেই উৎসৱে অসম, অৰুণাচল, চীন, ম্যানমাৰত সিঁচৰতি হৈ থকা চিংফৌসকলক এসপ্তাহজুৰি একত্ৰিত হোৱাৰ উপৰি স্বকীয় পৰম্পৰা-সংস্কৃতি জীয়াই ৰখাৰ সুযোগ দিছিল৷
ফালাপ বাগিচাৰ মাজেদি গাড়ীখন ধীৰে ধীৰে ওলাই আহোঁতে মানস-পটত ভাহি উঠিল কেতিয়াবাই কিতাপত পঢ়া ১৮২৩ চন, বিছা গাম, ৰবাৰ্ট ব্ৰুছ, নিংৰুলা, মণিৰাম দেৱান ইত্যাদি ইত্যাদি৷ মনে মনে আওৰালোঁ...
চাহ-ভাবনাত মজি থাকোঁতেই কেনেকৈনাে মাৰ্ঘেৰিটা এৰি ৭-৮ কিল’মিটাৰ অতিক্ৰম কৰিলোঁ, লিডু পালোঁ, ক'বই নোৱাৰোঁ! লিডু নামটোৰ উৎপত্তি সম্পৰ্কেও জনশ্ৰুতি আছে৷ এবাৰ কয়লা বহনকাৰী ভাপনাও এখন টিৰাপ নদীত ডুব গৈছিল৷ নদীখনৰ পাৰত বাস কৰা চিংফৌ লোকৰ ভাষাত ‘লি’ মানে নাও আৰু ‘ড’ মানে ডুব যোৱা৷ চিংফৌ ভাষাৰ এই ‘লিড’ শব্দটি কালক্ৰমত মানুহৰ মুখত ‘লিডু’ হ’লগৈ৷
ইংৰাজৰ আগমন ঘটাৰ পূৰ্বে পৰিৱহণ ব্যৱস্থাৰ একমাত্ৰ সুচল আহিলা আছিল নাও৷ নদী পাৰ হ'বলৈ, সামগ্ৰী কঢ়িয়াবলৈ, চিকাৰলৈ যাবলৈ, মাছ মাৰিবলৈ নাও অপৰিহাৰ্য আছিল৷ চিংফৌ জনজাতিৰ লোকে নৌকা সজাৰ অৰ্থে এই অঞ্চলটিক উপযুক্ত বুলি বিবেচনা কৰিছিল৷ কোনো কোনোৱে কৰা ভাঙনি মতে ‘লি’ মানে নাও আৰু ‘ড’ মানে কটা৷ ‘লিড’ শব্দই নাও কটা, নাও সজা ঠাই বুজায়৷ উচ্চাৰণ বিভ্ৰাটত পৰিয়ে লিড নামটি অপভ্ৰংশ ৰূপত লিডু হিচাপে পৰৱৰ্তী কালত সৰ্বপ্ৰচলিত হৈ পৰিল বুলি কোৱা হয়৷ স্থানীয় জনজাতীয় ভাষাৰ পৰা লিডু নামটো উদ্ভুত বুলি এচামে মানি আহিছে৷ চিংফৌসকলৰ এটা খেলৰ নাম চিংডু৷ তাৰ পৰা লিডু হোৱা বুলি সেইসকলে ক'ব খোজে৷ আন এচামে সাব্যস্ত কৰিব বিচাৰে যে অঞ্চলটোৰ উন্নত মানৰ কয়লা আৱিষ্কাৰ আৰু পদ্ধতিগত কয়লাৰ খনি স্থাপন কাৰ্যত লিপ্ত থকা ইটালীৰ অভিযন্তা, জৰীপকৰ্তা আৰু কৌশলী চাৰিজন ব্যক্তিৰ নামৰ আদ্যাক্ষৰেৰে ঠাইডোখৰৰ নামকৰণ কৰা হৈছে৷ সি যি কি নহওক, গাড়ীৰ ভিতৰত এতিয়া আমিও লিডু লিডু বুলিয়ে উচ্চাৰণ কৰিছোঁ৷ চাইনব'ৰ্ডতো দেখা পাইছোঁ লিডু৷ জুৰী বৰা বৰগোহাঞিৰ নৱতম কিতাপখনৰ নামটো মনলৈ আহিল৷ লিড'লাম৷ লিড, লিড', লিডু৷ একেখনেই স্থান, নামটোত অকণমান ইফাল-সিফাল৷ এনেকুৱা বহুমাত্ৰিকতা মোৰ বাবে বৰ আকৰ্ষণীয় কথা৷
ফালাপ বাগিচাৰ মাজেদি গাড়ীখন ধীৰে ধীৰে ওলাই আহোঁতে মানস-পটত ভাহি উঠিল কেতিয়াবাই কিতাপত পঢ়া ১৮২৩ চন, বিছা গাম, ৰবাৰ্ট ব্ৰুছ, নিংৰুলা, মণিৰাম দেৱান ইত্যাদি ইত্যাদি৷ মনে মনে আওৰালোঁ...
“Bring me a drop o' tea when morning breaks,
That I may toast “the teapot dome” of heaven,
And while the sun his forenoon journey
takes,
Bring me a drop o' tea - about eleven;
And when the midday meal is timed to stop,
Bring me for goodness sake, another drop!
And in the drowsy land of Afternoon,
When time hangs heavy and the spirits droop,
Bring me a little tray, a little spoon,
A little teapot (with a decent “stroup”),
A little sugar, and a little cream,
A little drop o' tea - and
let me dream.’’ ~ A Drop O' Tea, AQUILOচাহ-ভাবনাত মজি থাকোঁতেই কেনেকৈনাে মাৰ্ঘেৰিটা এৰি ৭-৮ কিল’মিটাৰ অতিক্ৰম কৰিলোঁ, লিডু পালোঁ, ক'বই নোৱাৰোঁ! লিডু নামটোৰ উৎপত্তি সম্পৰ্কেও জনশ্ৰুতি আছে৷ এবাৰ কয়লা বহনকাৰী ভাপনাও এখন টিৰাপ নদীত ডুব গৈছিল৷ নদীখনৰ পাৰত বাস কৰা চিংফৌ লোকৰ ভাষাত ‘লি’ মানে নাও আৰু ‘ড’ মানে ডুব যোৱা৷ চিংফৌ ভাষাৰ এই ‘লিড’ শব্দটি কালক্ৰমত মানুহৰ মুখত ‘লিডু’ হ’লগৈ৷
ইংৰাজৰ আগমন ঘটাৰ পূৰ্বে পৰিৱহণ ব্যৱস্থাৰ একমাত্ৰ সুচল আহিলা আছিল নাও৷ নদী পাৰ হ'বলৈ, সামগ্ৰী কঢ়িয়াবলৈ, চিকাৰলৈ যাবলৈ, মাছ মাৰিবলৈ নাও অপৰিহাৰ্য আছিল৷ চিংফৌ জনজাতিৰ লোকে নৌকা সজাৰ অৰ্থে এই অঞ্চলটিক উপযুক্ত বুলি বিবেচনা কৰিছিল৷ কোনো কোনোৱে কৰা ভাঙনি মতে ‘লি’ মানে নাও আৰু ‘ড’ মানে কটা৷ ‘লিড’ শব্দই নাও কটা, নাও সজা ঠাই বুজায়৷ উচ্চাৰণ বিভ্ৰাটত পৰিয়ে লিড নামটি অপভ্ৰংশ ৰূপত লিডু হিচাপে পৰৱৰ্তী কালত সৰ্বপ্ৰচলিত হৈ পৰিল বুলি কোৱা হয়৷ স্থানীয় জনজাতীয় ভাষাৰ পৰা লিডু নামটো উদ্ভুত বুলি এচামে মানি আহিছে৷ চিংফৌসকলৰ এটা খেলৰ নাম চিংডু৷ তাৰ পৰা লিডু হোৱা বুলি সেইসকলে ক'ব খোজে৷ আন এচামে সাব্যস্ত কৰিব বিচাৰে যে অঞ্চলটোৰ উন্নত মানৰ কয়লা আৱিষ্কাৰ আৰু পদ্ধতিগত কয়লাৰ খনি স্থাপন কাৰ্যত লিপ্ত থকা ইটালীৰ অভিযন্তা, জৰীপকৰ্তা আৰু কৌশলী চাৰিজন ব্যক্তিৰ নামৰ আদ্যাক্ষৰেৰে ঠাইডোখৰৰ নামকৰণ কৰা হৈছে৷ সি যি কি নহওক, গাড়ীৰ ভিতৰত এতিয়া আমিও লিডু লিডু বুলিয়ে উচ্চাৰণ কৰিছোঁ৷ চাইনব'ৰ্ডতো দেখা পাইছোঁ লিডু৷ জুৰী বৰা বৰগোহাঞিৰ নৱতম কিতাপখনৰ নামটো মনলৈ আহিল৷ লিড'লাম৷ লিড, লিড', লিডু৷ একেখনেই স্থান, নামটোত অকণমান ইফাল-সিফাল৷ এনেকুৱা বহুমাত্ৰিকতা মোৰ বাবে বৰ আকৰ্ষণীয় কথা৷
মাৰ্ঘেৰিটা মহকুমাৰ এখন সৰু মফচলীয় চহৰ লিডু৷ পাটকাইৰ পাদদেশত, বুঢ়ীদিহিঙৰ পাৰত ইয়াৰ অৱস্থান৷ সদৃশ প্ৰাকৃতিক পৰিৱেশেৰে মাৰ্ঘেৰিটা আৰু লিডু লগালগিকৈ থকা দুখন ইতিহাসবৰ্ণিত ঠাই৷ ভাৰতবৰ্ষৰ ক্ষুদ্ৰ প্ৰতিৰূপ বুলিও যাক উল্লেখ কৰা হয়৷ লিডুত আৱিষ্কৃত কয়লা খনিয়ে সমগ্ৰ দেশতেই উদ্যোগীকৰণৰ সূচনা কৰিছিল৷ পূৰ্বাঞ্চলৰ সৌন্দৰ্য আৰু সম্পদৰ উৎস, এই দুই কাৰকে লিডু আৰু উপকণ্ঠৰ জৈৱ-বৈচিত্ৰ্যকে সামৰি প্ৰাকৃতিক, ভৌগোলিক, অৰ্থনৈতিক, সাংস্কৃতিক, সামাজিক দিশত পূৰ্বৰে পৰাই প্ৰভাৱ বিস্তাৰ কৰি আহিছে৷
দ্বিতীয় মহাসমৰ(১৯৩৯-১৯৪৫)ৰ সময়ত সন্মিলিত সৈন্যশক্তিৰ প্ৰধান ঘাটি হৈ পৰিছিল লিডু৷ যুদ্ধ-বিমান উঠা-নমাৰ বাবে ইয়াত এয়াৰষ্ট্ৰীপ সজা হৈছিল৷ পুৰণা লিডু ৰ’ডটিক ষ্টীলৱেল পথ হিচাপে নিৰ্মাণ আৰু নামান্তৰ কৰা হৈছিল৷ লিডু এতিয়া 'কয়লা-নগৰী', 'ক'লা হীৰাৰ দেশ' নামে খ্যাত৷ ৩০ জুলাই, ১৮৮১ত লণ্ডনত গঠন হোৱা দি আছাম ৰে’লৱে’জ এণ্ড ট্ৰেডিং কোম্পানী লিমিটেড নামৰ সংস্থাটোৱে ১৮৮২ চনত লিডু কলিয়ৰী আৰম্ভ কৰিছিল৷ ভাৰতৰ অন্তিম পূবৰ ব্ৰডগজ ৰে’লপথযুক্ত ষ্টেচনটো ইয়াতে আছে৷ পূব-পশ্চিম-উত্তৰ-দক্ষিণে একাদিক্ৰমে লেখাপানী নৈ, পশ্চিম বৰগোলাই, টিৰাপ নৈ আৰু পাটকাইৰ আৱষ্টনীত এক মনোৰম সাংস্কৃতিক গৱেষণাগাৰ হিচাপে লিডু পৰিচিত৷
টাই ফাকে, টাই খাম্তি, টাই খাম্য়াং, টাই আহোম, চিংফৌ, টাংচা, চেমা, নক্টে, মিচিং, দেউৰী, হাজং, ৰাভা, সোণোৱাল কছাৰী, মৰাণ, মটক, বড়ো, গোৰ্খা, আদিবাসী, বঙালী, ভোজপুৰী, ৰাজস্থানী, তেলেগু ইত্যাদি হৈছে বুঢ়ীদিহিঙৰ প্ৰসাৰিত উপত্যকা আৰু পাটকাইৰ পাদদেশত বসবাস কৰি থকা বহুৰঙী নৃগোষ্ঠীয়ৰ লগতে অন্যান্য জাতি-জনজাতি৷ লিডুৰ গাতে গা লাগি থকা পাটকাই পৰ্বতৰ বুকুত উদ্ঘাটিত ক’লা হীৰাই হ’ল অঞ্চলটিৰ জীৱন-যাত্ৰাৰ মুখ্য স্পন্দন৷ গাড়ীখন চলি থাকোঁতে 'কালা পাত্থৰ' নামৰ হিন্দী বোলছবিখনলৈ মনত পৰিল৷ স্কুলীয়া ছাত্ৰাৱস্থাতেই চোৱা৷ পটভূমি আছিল কয়লা খনিৰ৷ অমিতাভ বচ্চন (বিজয়), শশী কাপুৰ (ৰবি), শত্ৰুঘ্ন সিন্হা (মংগল), ৰাখী (সুধা), পাৰবিন বাবী (অনিতা), নিতু সিং (চান্নু), প্ৰেম চোপ্ৰা, সঞ্জীৱ কুমাৰ, পৰীক্ষিত চাহানি অভিনীত, ১৯৭৯ চনৰ ২৪ আগষ্টত মুক্তিপ্ৰাপ্ত য়শ চোপ্ৰাৰ ছবি৷ एक रास्ता है जिंदगी, जो थम गए तो कुछ नहीं... চিনেমাখনৰ মোৰ ভাল লগা গীতটো গুণগুণাবলৈ ধৰিলোঁ৷
পৰ্যটনৰ বিভিন্ন সমলেৰে সমৃদ্ধ আৰু উজ্জ্বল সম্ভাৱনাৰে
পুষ্ট লিডুৰ ফালে মই প্ৰথমবাৰ আহিছিলোঁ বিগত ২১.১১.১৯৮৭ত৷ পাৱেট, হোষ্টেল নং ৩ৰ
আৱাসী হিচাপে যোৰহাটৰ পৰা বাছ লৈ টিপং কলিয়ৰীলৈ গৈছিলোঁ, টিপং নৈৰ পাৰত পিকনিক খাবলৈ৷ তেতিয়াই কয়লা ক্ষেত্ৰৰ
খনন আৰু পৰিৱহণ দেখিছিলোঁ৷ পিছল নেৰ’গজ ৰে’ল লাইনৰ ওপৰেৰে সাৱধানতাৰে খোজ দি আমি ইফালে-সিফালে পিটপিটাই ফুৰিছিলোঁ৷
শিলাময় খৰস্ৰোতা নৈ এখন কুলু-কুলু সুৰেৰে বৈ গৈছিল৷ ৰঙচুৱা শিলৰ ওপৰত বহি ফটো উঠিছিলোঁ৷ আঁজলি ভৰাই খাইছিলোঁ
সুনিৰ্মল পানী৷ টিপং হাউচ নামৰ আলহীঘৰটোৰ সন্মুখত ফটোচেচন চলিছিল৷ সুৰংগৰ সন্মুখত,
কয়লা খনিৰ মুখত, ঠেক ৰে’ল দলঙৰ ওপৰত আমি প’জ
দিছিলোঁ৷ পাহাৰ বগাইছিলোঁ৷ চুই চাইছিলোঁ ব্লেক ডায়মণ্ড৷ বনভোজৰ অন্তত ওলমা সাঁকোৰ
ওপৰেৰে পাহাৰীয়া নৈ এখন পাৰ হৈ নগা গাঁও ভ্ৰমিছিলোঁ৷ কোন গাঁও আছিল, কি নৈ আছিল, নাম এতিয়া মনত নাই৷ মানুহখিনি চেমা নগা আছিল বোধ হয়৷ অচিনাকি নগা গাভৰুজনীৰ নামটো হ'লে আজিও মনত আছে৷ থিইলী৷ থিইলীৰ লগত পৰিচয় হৈ, সিহঁতৰ ঘৰত প্ৰৱেশ
কৰি ককায়েকৰ সৈতে আলাপ কৰিছিলোঁ, চাহ খাইছিলোঁ৷ সেইবোৰ দিন অতীত হ’ল
ঠিকেই, স্মৃতি কিন্তু ফট্ফটীয়া আৰু সজীৱ হৈয়ে আছে৷ সময়ৰ দলিলস্বৰূপ ৰঙীন ফটোগ্ৰাফকেইখনো এলবামটোত ভালেই আছে৷ স্মৰণীয় অভিজ্ঞতাবোৰ এতিয়া এইটো ছেগতে এবাৰ মনত পেলাবলৈ সুযোগ পাইছোঁ৷ এই ভ্ৰমণে সেই সুযোগ দিছে৷
জীৱন বাটত এতিয়া পাত্তা নাইকিয়া হৈ পৰিল যদিও বনভোজ
দলটোৰ ফটোবিলাকত জিলিকি থকা ঘনিষ্ঠ সহপাঠী আৰু কনিষ্ঠসকলকে ধৰি চিনাকি মুখবোৰ ক্ৰমে
চন্দন, ধৰ্মেন, দুল, কীৰ্তি, কৰুণা, সৌমেন্দ্ৰ, কুলেন, ছিদ্দিক, তৰুণ, বিপুল, ৰাজেন,
মুকুল, ভদ্ৰ, ভূপেন, অচ্যুত, ভাস্কৰ, বকুল, পুতুল, বিদ্যা, প্ৰাঞ্জল, জালাত; হোষ্টেলৰ পৰাই লৈ যোৱা ৰান্ধনি
মণিদা, ক’লীয়াহঁতক ক’তনো পাহৰিব পাৰোঁ? সোঁৱৰণিত
সকলো সুসংৰক্ষিত হৈ আছে৷ পিছে সময়হে সলনি হ’ল৷ ২৬ বছৰৰ আগৰ লিডুৰ বাট-পথ আৰু পৰিৱেশ-প্ৰকৃতিও তেতিয়াৰ সৈতে এতিয়া নিশ্চয়কৈ নিমিলে৷
No comments:
Post a Comment