Monday, 1 January 2018

দিন আঠ ৷৷ খণ্ড ১২

'Life presents many challenges where you have to decide which road you journey down.' ~Janice Davies

সুকলমে বৰনৈ পাৰ হৈ আমি ডিব্ৰুগড় জিলাত সোমালোঁ৷ ডিব্ৰুগড় চহৰৰ পৰা ব্ৰহ্মপুত্ৰৰ ১৭ কিল'মিটাৰ ভটিয়নি সোঁতত বগীবিল দলং৷ সিপাৰে কাৰেং ফেৰী ঘাট, এইপাৰে বগীবিল৷ ফেৰীখন ঘাটত ভালকৈ নলগাওঁতেই কোনো কোনো যাত্ৰী জাঁপ মাৰি মাৰি নামিল৷ মোৰো মন আছিল, পলসুৱা কোমল মাটিলৈ তেনেকৈ জঁপিয়াবলৈ৷ কিন্তু নহ'ল৷ এইকণ আনন্দ আহৰণত হাৰ-মাল হৈ ৰ'ল ৰাক্‌চেক্‌ আৰু কমলা টেঙাৰ বাস্কেটটো৷ নহ'লে...


এনেকৈয়ে কিবা এটাৰ বাবে কিবা এটা হেৰুৱাব লগা হয়৷ মুহূৰ্তবোৰ এবাৰেই আহে৷ আনন্দ ল'ব পাৰিব লাগে, আনন্দ ল'ব জানিব লাগে৷ ক্ৰুইজাৰ গাড়ী পাৰত ৰৈ আছে৷ চিঞৰি আছে, 'আহক আহক'৷ লৰা-ঢপৰাকৈ আগ বাঢ়িছে মানুহবোৰ৷ হাতত বিশেষ বয়-বস্তু নথকাসকল একাঠী চৰা৷ আমিও তাৰে এখনৰ পাছফালে টালি-টোপোলাসহিত আসন ল'লোঁ৷ ফেৰীৰ পৰা নামি ক্ৰুইজাৰত উঠিবলৈ গৈ থাকোঁতে বিভিন্ন কোণৰ পৰা বাস্কেটটোৰ পকা সুমথিৰাত নিক্ষেপিত অনেকজনৰ লোলুপ দৃষ্টিবোৰ ধৰা নপৰাকৈ নাথাকিল৷ ক'বলৈ মন আছিল, 'ঠিকেই ধৰিছা, চিয়াঙৰ পাৰৰ অৰুণাচলী মিঠা কমলা৷ পিছে নিজে গ'লেহে পাবা৷ এতিয়া ইয়াত ঠােঁট-মুখ চেলেকি লাভ নাই৷' নক'লোঁ৷ প্ৰতিক্ৰিয়াবোৰ উপভোগ কৰি থাকিলোঁ, চুপে-চাপে৷

গাড়ী চলিবলৈ আৰম্ভ কৰিলে, ধূলি-বালি উৰুৱাই৷ বৰনৈৰ পাৰৰ সুবাস এৰি চাহ বাগিচাৰ মাজেৰে বিহিয়াটিং তিনিআলি ওলালোঁহি৷ অন্তত ডিব্ৰুগড় টাউন ৰে'লৱে ষ্টেচন৷ আশা কৰা ধৰণেই 'অন্য এক এড্‌ভেন্‌চাৰ্‌' সামৰি এইবাৰ অট'ৰিক্সা এখনত উঠিলোঁ প্ৰায় ৫ কিল'মিটাৰ নিলগত অৱস্থিত বাণীপুৰলৈ বুলি৷ নিৰ্ধাৰিত সময় অনুযায়ী আমি লক্ষ্য কৰি অহা ১৫৯৬০ নং নামনিমুৱা ডিব্ৰুগড়-হাওৰা কামৰূপ এক্সপ্ৰেছখন ৬ বাজি ২০ মিনিটত তাৰ পৰা এৰে৷ হাতত ঢেৰ সময় আছে অৱশ্যে৷

২০০৯ চনৰ ১৩ ডিচেম্বৰত মুকলি কৰা হৈছিল ডিব্ৰুগড়ৰ অন্যতম এই ষ্টেচনটো৷ আহি থাকোঁতে চহৰৰ পৰা অনেক আঁতৰি অহা যেন লাগিল৷ আশ-পাশ চাই অট'ৰিক্সাখনৰ পৰা নামিলোঁ৷ চিধাই টিকট কাউণ্টাৰলৈ গৈ ডিফুলৈ বুলি টিকট তিনিটা কাটি আজৰি হৈ লোৱা হ'ল৷ কমিটিৰ ধন অথনি পাচিঘাটত মিঠাই খাওঁতেই শেষ৷ টিকটৰ নামত আকৌ গোটাবলগীয়া হ'ল৷ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত সৰ্ববৃহৎ এই ৰে'ল জংছনটোৰ পৰাই ভাৰতৰ ভিতৰতে সৰ্বাধিক দূৰগামী হিচাপে স্বীকৃত, ৪,২৭৮ কিল'মিটাৰ অতিক্ৰম কৰা ৰে'লগাড়ী ১৫৯০৬ নং নামনিমুৱা বিবেক এক্সপ্ৰেছ সুদূৰ কন্যাকুমাৰীলৈ যায়৷

থিয়া-থিই কৰি থাকি এনেয়ে এবাৰ অনুসন্ধান কক্ষলৈ গ'লোঁ৷ সোধ-পোচৰ মাজতে ভিতৰত বিৰাজমান হৈ থকাজনে জনালে, 'আজি কেইবাঘণ্টাও পলমকৈ যাবলগীয়া ১৫৯০৯ নং নামনিমুৱা ডিব্ৰুগড়-লালগড় অৱধ আছাম এক্সপ্ৰেছ ৰে'লগাড়ীখন ৩ নং প্লে'টফৰ্মত ৰৈ আছে৷ ক্ষন্তেক সময়ৰ পাছতে এৰিব৷' তাৰ মানে কামৰূপতকৈ যথেষ্ট আগতে! বঢ়িয়া কথা৷ ঘৰ সোনকালেই পাই যাম৷ স্ফূৰ্তি লাগিল জানি৷ সময়লৈ মন কৰোঁতেহে অনিশ্চয়তাই দেখা দিলে৷ ধৰিব পাৰিমনে বাৰু?

'দাদা দৌৰক' বুলি কৈয়ে হাতে-পিঠিয়ে বস্তুসোপা লৈ ৰে'ল ধৰিবলৈ মাৰিলোঁ লৰ৷ অভাৰব্ৰীজখন বগাই, আকৌ না্মি, মুখতে পোৱা সাধাৰণ শ্ৰেণীৰ ডবাতে হুৰমূৰকৈ উঠি দিলোঁ তিনিও৷ ভিৰ নাই৷ টোপোলা থৈয়ে অৰূপদাই কিবা এটা গুণা-গঁথা কৰিলে৷ নামি গ'ল, বাতানুকুল শয়ন যানৰ টি.টি.ই.ক পাওঁ নেকি চাওঁ বুলি৷ বস্তু-বাহানিসোপা প্ৰদীপদাৰ সৈতে এৰি ময়ো দৌৰ দিলোঁ পিছে পিছে৷ প্লেটফৰ্মেৰে ভালেকেইটা ডবা পাৰ হোৱাৰ পাছত ক'লা কোট পিন্ধাজনক পোৱা গ'ল৷ আৱেদনৰ লগে লগে চিট্‌ তিনিটাও হৈ গ'ল 
যোগাৰ৷ কথাত সদৰ্থক ইংগিত শুনিয়েই ততাতৈয়াকৈ মই গুচি আহিলোঁ টালি-টোপোলা নিবলৈ৷ ঘূৰি গৈ ডবাটোত উঠিছোঁহে, লগে লগে হৰ্ণ বাজিল আৰু ৰে'লখনে গতি আৰম্ভ কৰি দিলে৷ বে'গ আনিবৰ বাবে যোৱা অৰূপদা উভতিব নোৱাৰিলে৷ ক'ত উঠিল নাজানো৷ প্ৰদীপদা সিফালে জেনেৰেল কম্পাৰ্টমেণ্টতে থাকি গ'ল৷ দুৰন্ত গতিত নামনিলৈ ধাৱমান হ'ল অৱধ আছাম৷ যেন একেটানে লালগড়হে পোৱাবগৈ! একেৰাহে ৪২ কিল'মিটাৰ চলি নিউ তিনিচুকীয়া জংছনত গাড়ী ৰ'ল৷ তেতিয়াহে দুয়ো সংগী আহিব পাৰিলে আৰু আমি একেলগ হ'লোঁ৷ হঠাতে ঘটি যোৱা ঘটনাটোক লৈ বেছ জমনিখন হ'ল আমাৰ মাজত৷

বগীবিল ঘাটতেই ভাত খোৱা৷ খুব ভোক লাগিব ধৰিছে৷ চলন্ত ট্ৰে'নত পোৱা বিস্কুট, ভুজিয়া, চিঙাৰা, চাহ আদি খাই পেটটো শান্ত কৰিলোঁ৷ জয়ন্তদাহঁতৰ লগত ফোনত যোগাযোগ স্থাপন হ'ল৷ শান্তিৰে বহি লোৱাৰ পাছত প'ষ্টমৰ্টেম চলিল ডিফু-গুৱাহাটী-চিলাপথাৰ-আল'-মেন্‌চুখা-পাচিঘাট-ডিব্ৰুগড় যাত্ৰাটোৰ৷ কেমেৰাটোৱে ধৰি ৰখা ফটোবোৰে আমাৰ আলোচনা-বিলোচনা তথা ওভতনি ৰে'লযাত্ৰা সৰস আৰু উত্তেজনাপূৰ্ণ কৰি তুলিলে৷ ভবা ধৰণেই হৈ উঠা সফল এড্‌ভেন্‌চাৰ ট্ৰিপটোৰ আনন্দত মতলীয়া হৈ পৰিলোঁ অৰূপদা, প্ৰদীপদা আৰু মই৷ কম্পাৰ্টমেণ্টটোত যাত্ৰী বিশেষ নথকাত মাত-কথাবোৰ মুকলিমূৰীয়া আৰু হাঁহিবোৰ প্ৰাণ-খোলা হৈ পৰিল৷

কামৰূপতকৈ বহুখিনি আগতে আৰু ঘপহকৈ এইখন পাই ঘৰ সোনকালে ওলামগৈ বুলি ৰে'লখনত উঠোঁতেই বৰ আনন্দ লাগিছিল৷৩৪৪ কিল'মিটাৰ অতিক্ৰমি নিশা ১১.৪৫ বজাত ডিফু পাই গ'লোঁ আৰু নামিলোঁ৷ প্ৰদীপদাই ভায়েকক গাড়ীখন লৈ ষ্টেচনত মজুত থাকিবলৈ আগতীয়াকৈ হুকুম দি থৈছিল৷ এতিয়া এই গাড়ীৰেই প্ৰথমে অৰূপদা আৰু তাৰ পাছত মোক ঘৰে ঘৰে থ'লে৷

অৰুণাচলৰ ট্ৰেকিং-কেম্পিং-এড্‌ভেন্‌চাৰ্‌ তৃষ্ণা এইবাৰলৈ সামৰি গে'টখন খুলি ঘৰৰ ভিতৰলৈ সোমাই গৈ থকা অৱস্থাতে মবাইল ফোনত সময়টো চালোঁ৷ ঠিক ১২ বাজিছে৷ তাৰিখটো সলনি হ'ল৷ ১৫৬১৪ নং মুৰ্কংচেলেক-কামাখ্যা ইণ্টাৰচিটি এক্সপ্ৰেছেৰে গুৱাহাটীলৈ যাত্ৰা কৰি থকা জয়ন্তদাক মধ্যৰাতি সত্ত্বেও ফোন কৰি খবৰটো দিলোঁ, 'আমি ঠিকে-ঠাকে আহি এইমাত্ৰ গৃহ-প্ৰৱেশ কৰিলোঁ৷ আপোনালোক কুশলে-মংগলে গৈ থাকক৷ বাকী কথা আজি পুৱা ঘৰ পোৱাৰ পাছত৷'

একোজন পৰ্যটকে ওভতনি যাত্ৰাত কি কি বাৰ্তা কঢ়িয়াই লৈ যায় সেয়াই হৈছে পৰ্যটনৰ আটাইতকৈ ডাঙৰ বিজ্ঞাপন৷ প্ৰকৃতিৰ সুন্দৰতম দৃশ্যবোৰ কোনো ভাষাৰেই বৰ্ণনা কৰিব নোৱাৰি৷ চকুৰে চাই মাত্ৰ অনুভৱহে কৰিব পাৰি, 
হৃদয়ত সাঁচি থ'ব পাৰি৷ প্ৰাণৰ আকুলতাৰ আহ্বানত ৮ দিন ধৰি য়াৰগ্যাপ চুৰ পাৰৰ মাটি, মানুহ আৰু প্ৰকৃতিৰ উপৰি অসম-অৰুণাচলৰ অৰঙে-দৰঙে ফুৰি জীয়া জীয়া আৰু সঁচা সঁচা বাস্তৱৰ চিৰশাশ্বত ৰূপ প্ৰত্যক্ষ কৰাৰ পাছত সোনকালেই বহল বিজ্ঞাপন এখনৰ প্ৰস্তুতি চলাম আৰু হেঁপাহ পলুৱাই স্বাধীনমনে লিখিম বুলি সংকল্প লৈ পৰিচিত বিছনাখনত বাগৰ দিলোঁ৷

(আগকথাকে ধৰি এই ভিন্নসুৰী ভ্ৰমণ-লেখাৰ ৮২টা খণ্ড abdussazid.blogspot.inত একাদিক্ৰমে উপলব্ধ৷)



No comments:

Post a Comment