Monday, 29 January 2018

দ্বিতীয় দিন, অংশ-৮

তাৰ পাছতো মই এবাৰ আহিছিলোঁ লিডুলৈ৷ সেয়া ফেব্ৰুৱাৰী, ২০১২ত৷ লিডুৰ নিংৰুলা সমন্বয় ক্ষেত্ৰত বহা অসম সাহিত্য সভাৰ সপ্তম বিশেষ বাৰ্ষিক অধিৱেশনলৈ আহিছিলোঁ৷ সভাপতি আমাৰ কলেজীয়া শিক্ষা জীৱনৰ অসমীয়া বিষয়ৰ গুৰু ৰংবং তেৰাং ছাৰ৷ মোৰ উচটনিতে যোৰহটীয়া সংগী মুস্তাফা (মুন্না)ও কাম-ধাণ্ডা বাদ দি বাছ সলাই সলাই আহি ওলাইছিল৷ ক'ল ইণ্ডিয়াৰ চিকিৎসালয়ত কৰ্মৰত মুন্নাৰ দদায়েকৰ প্ৰাচীন আংগিকৰ কোৱাৰ্টাৰটোতে সেইকেইদিন বাহৰ পাতি লৈছিলোঁ আমি৷ তেওঁলোকৰ স্কুটীখনেৰে নিৰুদ্দেশ যাত্ৰা এটাও চলাইছিলোঁ৷ দিনবোৰ মনত আছে৷


পাটকাইৰ জীয়ৰী দিহিং নদীৰ পাৰত লিডুৰ ইতিহাস চহকী কৰা লিডু এয়াৰষ্ট্ৰীপৰ চিন-মোকাম এতিয়াও আছে৷ মহাযুদ্ধৰ সময়ত জাপানীৰ ওপৰত আক্ৰমণ কৰিবলৈ তাৰ পৰাই বিমান উৰিছিল৷ মূল ৰাণৱে'ৰ কাষত আছিল কিছুমান সৰু সৰু হেলিপেড৷ আহত সৈনিকৰ চিকিৎসাৰো থলী তাতেই আছিল৷ মিত্ৰশক্তিয়ে যোগান ধৰা বন্দুক-বাৰুদ, খাদ্যসামগ্ৰী, ঔষধপাতি মজুত কৰা হৈছিল তাৰ ওপৰতে, বিমানেৰে বিভিন্ন দিশত যোগান ধৰাও হৈছিল তাৰ পৰাই৷ সেই সামৰিক ব্যস্ততা যুদ্ধ অন্ত পৰাৰ লগে লগে নাইকিয়া হ'ল৷ এয়াৰষ্ট্ৰীপো নিমাওমাও হ'ল৷ তিনিফালে পথাৰে আগুৰা উক্ত এয়াৰষ্ট্ৰীপ এতিয়া দীঘলে ১.০৩ কিলমিটাৰ আৰু পথালিয়ে প্ৰায় ৮০ মিটাৰ৷ লিডু মহাবিদ্যালয়ৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত্বত থকা ঐতিহ্যমণ্ডিত সেই এয়াৰষ্ট্ৰীপক কেন্দ্ৰ কৰিয়ে অসম সাহিত্য সভাৰ লিডু অধিৱেশনৰ থলী নিৰ্মাণ হৈছিল৷ এতিয়া ব্যৱহাৰৰ অনুপযোগী হৈ পৰা ৰাণৱে'টো বিশেষ কিছুমান সময়ত সামৰিক বাহিনীৰ পেৰাচেইলিং প্ৰশিক্ষণ, হেলিকপ্টাৰ উৰণ-অৱতৰণ কৰাত ব্যৱহাৰ কৰা হৈছে৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে নিৰ্মিত এয়াৰষ্ট্ৰীপটো ধুনীয়াকৈ সজাই-পৰাই তুলি পৰ্যটনৰ বিকাশ নিঃসন্দেহে ঘটাব পাৰি৷ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নাতিদূৰৈত অৱস্থিত এই এয়াৰষ্ট্ৰীপ এডভান্স লেণ্ডিং গ্ৰাউণ্ড (এ.এল.জি.) নতুবা আন্তৰ্জাতিক বিমান বন্দৰলৈও এদিন ৰূপান্তৰিত হ'বগৈ পাৰে৷

ভালকৈ মনত আছে, লিডু এয়াৰষ্ট্ৰীপ চাই মহাসমৰৰ স্বাৰ্থত নিৰ্মিত ষ্টীলৱেল ৰডেৰে সেই তেতিয়া স্কুটীৰে ফোঁ-ফোঁৱাই আগুৱাই মুন্না আৰু মই জাগুন পালোঁগৈ৷ জাগুন তিনিআলিৰ পৰা বাওঁহাতে সোমাই বৰ্ষাৰণ্যৰ মাজেৰে নামচিক্‌ গেটত উপস্থিত হলোঁ৷ কৰ্তব্যৰত অৰুণাচল পুলিচে তাৰ পৰা আৰু এক কদমো আগ বাঢ়িবলৈ নিদিলে৷ আগছোৱা বিপদজনকো হেনো৷ দুয়োৰে আকৌ বিপদক লৈ খেলা কৰাৰহে মতলব! বাধা-নিষেধৰ মাত্ৰাটো বেছি হোৱাত সেই পথে অগ্ৰগতিৰ আশা এৰিলোঁ৷ বিমৰ্ষ মনে জাগুনলৈ ঘূৰি পুনৰ ষ্টীলৱেল পথত উঠিলোঁ৷

বহল আৰু মসৃণ ৰাস্তা পাই স্কুটীয়ে চেকুৰিবলৈ ল'লে৷ লিডুলৈ উভতাৰ নাম নাই৷ পালোঁগৈ জয়ৰামপুৰ গেট৷ ইনাৰ লাইন পাৰ্মিট এটাৰো নাই৷ তালাচী চকীত মোৰ ডিঙিত ওলমি থকা সাহিত্য সভাৰ প্ৰতিনিধিৰ পৰিচয়-পত্ৰখনকে দেখুৱাই দিলোঁ৷ 'লিডুত চলি থকা সাহিত্য সভালৈ আহিছোঁ৷ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ চিমেট্ৰী চাবলৈ যাব বিচাৰোঁ৷' যোজনাটো এইদৰে আৰম্ভ কৰাত সহজেই সেউজ সংকেত পাই গলোঁ৷ মনটো ভাল লাগি গল৷ সাহিত্য-পৰ্যটনৰ নিচান উৰুৱাই বীৰদৰ্পে সোমালোঁ অৰুণাচলত৷

হাঁহি-মাতি কেইকিলমিটাৰমান গৈছোঁ৷ দেখোঁ যে সেনাৰ চে'ক গে'ট! কৰ্তব্যৰত অাছাম ৰাইফলছৰ জোৱানে পায়চাৰি কৰি আছে৷ ওচৰ পাওঁতে আমাক ৰখালে৷ সুধিলে কাঁহাঁ সে আয়া? কাঁহাঁ যানা হ্যায়? চমু উত্তৰ আমাৰ ঘুমনে আয়া৷ তাতে আকৌ ওলাওক ডিফুৰ এ.আৰ.টি.চি.ত ট্ৰেইনিং আৰু ডিমাপুৰত প'ষ্টিং সামৰি অহা এজন৷ কলে… ৱাৰ চিমেট্ৰী তকহি যানা, উসকে আগে নেহী যানা৷ আকৌ বাধা-নিষেধ৷ নগলোঁ৷ সমাধি চাই চেলুট মাৰি তাৰ পৰাই উভতিলোঁ দুয়ো৷ জংঘলৰ মাজত অদৃশ্য হোৱা বাটটোৰ আগছোৱা চাবলৈ খুব হেঁপাহ জন্মিছিল সেই তেতিয়াই৷ হেৰাই যোৱাৰ বাসনা এটাও হৈছিল, গৈ থাকিলেনো কি ক'ত পায় জানিবলৈ৷ কিন্তু নগলোঁ৷ শান্তি ৰক্ষকে বাধা-নিষেধৰ চৰ্ত আৰোপ কৰিয়ে থৈছিল৷ অন্যথা কাৰো নিৰ্দেশত নচলা মানুহ আমি৷ নিজে নিজৰ বছ৷

ঘৰলৈ ঘূৰি অহাৰ পাছত ষ্টীলৱেল পথেৰে সীমান্ত অতিক্ৰম কৰি ম্যানমাৰ আৰু তাৰ পাছত চীন দেশ ওলাবলৈ বেলেগ ধৰণৰ তাড়না এটা কিছুদিনলৈ বেয়াকৈ জাগি আছিল৷ বিভিন্নজনক সুধিছিলোঁও৷ অভিজ্ঞ মানুহৰ পৰা জানি লব বিচাৰিছিলোঁ কিছুমান কথা৷ ফে'চবুকতো লিখি দিলোঁ মনৰ ভাব৷ পিছে নাই৷ কোনো সঁহাৰি, কোনো সূত্ৰই নাপালোঁ৷ সংগী ওলোৱাটো দূৰৰে কথা৷ পৃথিৱী নিশ্চুপ৷ সময়ৰ পাকচক্ৰত তাড়নাও চেঁচাপানী হল৷ ভাগ্যই পিছে এৰা নিদিলে৷ সুৰুঙা ওলাল৷ সেইফাললৈকে আকৌ আহিছোঁ এইবাৰ, নতুন সংগীৰ সৈতে, নতুন উদ্যমেৰে৷ অগস্তি-যাত্ৰাৰ অচিলাৰে অন্ততঃ আৰু কেইকিলমিটাৰমান বিনা বাধাই আগ বাঢ়িব পাৰিম বুলি ভাবিছোঁ৷ অকণ অকণকৈ আগুৱাই ইপ্সিত আকাংক্ষাত উপনীত হ'বও পাৰিমগৈ চাগৈ এদিন, জীৱনটো থাকোঁতেই৷ এইবোৰেই আশা আমাৰ৷

খোৱাৰ টেবুলত মুন্নাৰ দদায়েকৰ পুতেক মণ্টুৱে সেই তেতিয়াই উনুকিয়াইছিল লেক অফ্‌ ন ৰিটাৰ্ণৰ কথা, পাংচু পাছৰ কথা, জানুৱাৰীত নামপঙত হোৱা ডাঙৰ উৎসৱ এটাৰ কথা৷ সেইটো সময়তে ম্যানমাৰলৈ সহজে যাব পাৰিব বুলি মণ্টুৱেই বুদ্ধিটো দিছিল৷ সি আগতে গৈছে৷ কথাটো জানিয়ে জাঁপ মাৰি উঠিলোঁ৷ যাযাবৰী মনটোৱে ধৰফৰণি আৰম্ভ কৰিয়ে দিলে৷ পেঘেনিয়াই পেঘেনিয়াই তাক সুধি ল'লোঁ প্ৰয়োজনীয় কথা৷ কল্পনাৰ ৰথেৰে  তৎমুহূৰ্ততে ভ্ৰমিলোঁও৷ তলে তলে সংকল্প এটা বান্ধি ৰাখিলোঁ যে নিৰ্দিষ্ট সময়টো আহক৷ যাবই লাগিব৷ এনে সুযোগ সতকাই এৰা ভকত নহওঁ৷ লগত কোন যায় নাজানো৷

২০১২ বাগৰি ২০১৩ সোমাল৷ জানুৱাৰীৰ ২০, ২১, ২২ তাৰিখ আহিল৷ যোৰহটীয়া সংগী মুন্না নাহিল৷ সহযাত্ৰী সলনি হল৷ সময়ৰ সৈতে তাল মিলাই ডিফুৰ পৰা নিশাৰ ৰেলেৰে আমি ৪ অনুসন্ধিৎসু সত্যসন্ধানী ওলাই আহিলোঁ৷ আহি এইখিনি পালোঁহি৷ জয়ৰামপুৰৰ ৱাৰ চিমেট্ৰী পৰ্যন্ত যোৱাৰ অভিজ্ঞতাই এতিয়া নিশ্চয় কামত দিব৷ দৰাচলতে তাৰ পাছতহে নতুন কৌতূহলৰ আৰম্ভণি হব, মোৰ ক্ষেত্ৰত৷

পূৰ্বৰ সেই ভ্ৰমণক কেন্দ্ৰ কৰি এইটো পথৰ সোঁৱে-বাঁৱে সহজে পোৱা দৰকাৰী জেগাবিলাকত সহযাত্ৰীসকলক ক্ষন্তেকৰ বাবে হলেও থমকাই সেইবোৰ দেখুৱাবৰ খুব ইচ্ছা গৈ আছে৷ হাতত সময়হে তাকৰ৷ লিডুৰ আগলৈ ক'ল গেদাৰিং ষ্টেচনৰ পৰা আৰম্ভ কৰি পৰ্বতীয়া চাহ বাগিচা, ষ্টীলৱেল পথৰ আৰম্ভণি, উত্তৰ-পূব সীমান্ত ৰেলৱেৰ লেখাপানীত থকা লাষ্ট ফ্ৰণ্টিয়াৰ, দিহিং-পাটকাই উৎসৱথলীত আমাৰ গাড়ীচালক বীৰেন্দৰ মাহাতোক ব্ৰেক মৰাবই লাগিব ৷ তাৰ পাছত জাগুন পাৰ হৈ জয়ৰামপুৰ পুলিচ চেক গেট পাম৷ অৰুণাচল প্ৰদেশত প্ৰৱেশৰ কাৰণে ইনষ্টেণ্ট ইনাৰ লাইন পাৰ্মিটৰ বাবে এতিয়াও তাতেই আমি থিয় দিব লাগিব৷


No comments:

Post a Comment