দ্বিতীয় দিন (১৯.০১.২০১৩), অংশ-২
শ্লীপাৰ ক্লাছৰ নিৰ্দিষ্ট বাৰ্থত বাগৰি কম্বলেৰে
আপাদমস্তক মেৰিয়াই চকুহাল মুদাৰ যত্ন কৰিছোঁ৷ টোপনি ক’ত আহে? টীম-বিৰ সদস্যবৰ্গৰ মুখকেইখনহে
মনৰ পৰ্দাত উজলি উঠিল৷ পুৱা ৫ বজাত তেওঁলোকে ডিফু এৰাৰ কথা৷ গাড়ী আৰু সহযাত্ৰী ঠিক
হৈ গৈছে৷ মাত্ৰ দুমাহৰ আগতে হাৰ্বাৰ্ট ক্র’ই লোৱা কিচকিচীয়া ক’লা Hyundai Tucsonখনেৰে ওলাব অৰুণ টেৰণ এণ্ড পাৰ্টী৷
দীৰ্ঘদিন ধৰি গোপনীয়তা অৱলম্বনৰ অন্তত শেষ মুহূৰ্ততহে নামকেইটা ৰাজহুৱা কৰিছিল অৰুণদাই৷
তাৰ আগলৈকে সংগীকেইজনক বাদ দি নিজৰ ঘনিষ্ঠ সহচৰ বুলিব পৰা, বন্ধুস্থানীয়, আনকি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদত কৰ্মৰত সহকৰ্মী কিম্বা বিভাগীয় অধস্তন বিষয়া-কৰ্মচাৰীৰো কোনেও ঘূণাক্ষৰেও নাজানে জিলা
প্ৰাথমিক শিক্ষা বিষয়া টেৰণ ছাৰ কেতিয়া, ক’লৈ, কাৰ লগত যাব৷ মোকহে লাহেকৈ এদিন জনাইছিল যে তেওঁৰ দলত থাকিব নিজৰ
অফিছৰে এচিচটেণ্ট একাউণ্টচ অফিছাৰ হাৰ্বাৰ্ট ক্র’, সদ্য অৱসৰপ্ৰাপ্ত বৰবাবু ছিং ক্র’, ব্যৱসায়ী অনিল সূত্ৰধৰ আৰু
ড্ৰাইভাৰ হৰছিং বে’৷ একক বৈশিষ্ট্য আৰু বিশেষত্বপূৰ্ণ
অৰুণদাৰ এই স্বভাৱটো মই মনে মনে খুব উপভোগ কৰোঁ৷ কেনিবা চলিব লগা যাত্ৰা-প্ৰস্তুতিত
মোকো আগে-ভাগে কৈ দিয়ে ‘কাকো নক’ব দেই’ বুলি৷
কালি Seven Sister's Postত ফটোগ্ৰাফসহ ৰিপুঞ্জয়
দাসে আহল-বহলকৈ লিখা 'A festival to cheer' লেখাটো পঢ়ি উত্তেজনাত তেনেই ক’ব নোৱাৰা হৈ আছিল অৰুণদা৷ তাৰ
আগতে ২৮ ডিচেম্বৰৰ কাকতখনত Fragrance of Ethnicity শীৰ্ষক বিজ্ঞাপন প্ৰকাশ হোৱাৰ খবৰো
তেৱেঁই মোক জনাইছিল অন্তহীন উৎসাহেৰে৷ মুঠতে এতিয়া অৰুণদাক কোনেও কাৰ্যালয়-কক্ষত আৱদ্ধ কৰি
ৰাখিব নোৱাৰে৷ লক্ষ্য স্থিৰ হৈ গ’ল, দল চূড়ান্ত হৈ গ’ল, গাড়ী আৰু ড্ৰাইভাৰ বন্দৱস্ত হৈ গ’ল; তেওঁ যাবই যাব৷ অৰুণদাৰ এই
স্পৃহা জাগৰিত হোৱাৰ আঁৰত সত্য কাহিনী অকণমান অৱশ্যে নথকা নহয়৷
২০১২ৰ নৱেম্বৰ মাহৰ ২৫ তাৰিখ৷ অৰুণদা, পৱিত্ৰদা
(পৱিত্ৰ বৰা) আৰু মই ‘লংকাম টেৰণ : জীৱন আৰু কৃতি’ নামৰ মস্ত ভলিউমৰ কিতাপ এখনৰ বাবে
তথ্য সংগ্ৰহৰ কামত ডিফুৰ পৰা প্ৰায় ৯০ কিল’মিটাৰ আঁতৰৰ ডকমকা চহৰৰ ‘তৃপ্তি কুটিৰ’লৈ বুলি পুৱাতে ঢাপলি মেলিছোঁ৷ গাড়ীৰ ভিতৰত আলোচনালৈ আহিছে বিভিন্ন
প্ৰসংগ৷
‘Pangsau Pass অৰ্থাৎ Pangsau নামৰ গিৰিপথটো ক’ত থাকিব পাৰে?’ কথাৰ ফাঁকতে আচম্বিতে প্ৰশ্নটো
এৰি দি মই নিশ্চুপ হৈ ৰ’লোঁ৷ অগস্তি-যাত্ৰা এটাৰ উকমুকনিত মোৰো মনোজগতত সেইকেইদিন নেদেখা জেগা কেইখনমানে অহৰহ খুন্দিয়াই আছিল৷ তেজত পিৰপিৰণি উথলি আছিল সেই হ্ৰদ দৰ্শনৰ, ‘য’ৰ পৰা কস্মিন কালেও কোনো উভতি
অহা নাই’ বুলি নামটোৰ সমানে সমানে ডায়লগ এটা কোন কাহানিবাৰে পৰা প্ৰচলন হৈ আহিছে৷ উৎসৱৰ আগতীয়া খবৰ, ছেগতে বিদেশ ভ্ৰমণৰ এনেকুৱা সোণালী সুযোগ হাতলৈ আহি গৈছে যেতিয়া যেন-তেন-প্ৰকাৰেণ সদ্ব্যৱহাৰ কৰাটো বুদ্ধিমানৰ কাম৷
সহযাত্ৰী দুজনে উত্তৰটো কি হ’ব পাৰে ভাবিব ধৰিলে৷ অৰুণদাই
অলপ পাছতে কিবা এষাৰ ক’লে যদিও শুদ্ধ নহ’ল৷ চিন্তা-পৰিক্ৰমাই তেওঁক লেহ-লাডাখ পোৱালেগৈ৷ উত্তৰ ভুল হ'ল৷ সুযোগটো অহাত মই মুখ মেলিলোঁ… ‘পাংচু পাছ অৰ্থাৎ এই গিৰিপথটো
আছে অৰুণাচল প্ৰদেশ, মানে ভাৰত আৰু উত্তৰ ম্যানমাৰৰ সীমাত৷ পিছে মূল কথাটো হ’ল, অহা বছৰৰ জানুৱাৰী মাহৰ ২০
তাৰিখৰ পৰা তিনিদিনীয়াকৈ Pangsau Pass Winter Festival নামে অনুষ্ঠান এটা হ’ব সীমাকাষৰীয়া নামপং নামে ঠাই
এডোখৰত৷ যায় যদি এই ছেগতে দ্বিতীয় মহাযুদ্ধই বিখ্যাত কৰি তোলা Stillwell Road আৰু
Lake of No Returnও চাই আহিব পাৰিব৷ কিয়নো উৎসৱৰ তিনিটা দিনৰ বাবে আন্তঃৰাষ্ট্ৰীয় সীমান্ত
পথ খোলা থাকিব৷ অন্যথা এনেকুৱা সুযোগ নাপাম৷ গতিকে পাৰিলে ওলাওক৷ আমি যাম বুলি ভাবিছোঁ৷’
আমি বোলোঁতে মোৰ লগতে সঞ্জু বৰা (পৱিত্ৰদাৰ ভায়েক)
আৰু ৰাজু গগৈ৷ তিনিওৰে যোৱাটো প্ৰাৰম্ভিক খবৰা-খবৰিতে খাটাং হৈ পৰিছিল৷ সন্মুখত পত্নীৰ এটা
অস্ত্ৰোপচাৰৰ দিন নিৰ্দিষ্ট হৈ থকা সত্ত্বেও পাংচু পাছলৈ যোৱাৰ সিদ্ধান্ত নিশ্চিত কৰিছিল
সঞ্জুৱে৷ পংকজ দাস অকস্মাতে আৰু শেষ মুহূৰ্তত যোগ হৈছিল, ৰাজু গগৈৰ জৰিয়তে৷ তাৰ পাছৰে
পৰাই ঠাণ্ডাক বৃদ্ধাংগুষ্ঠ দেখুৱাই নিশা এপৰলৈকে মোৰ কৰ্মস্থলী ‘প্ৰিণ্টৱেল’ত পাৰস্পৰিক সান্নিধ্যৰ হেঁপাহ, মুখামুখিকৈ বহি আলোচনা-বিলোচনা, সীমাহীন
জল্পনা-কল্পনা৷
বুৰঞ্জীপ্ৰসিদ্ধ এটা জলাশয়৷ কোৱা হয়, য’ৰ পৰা কস্মিন্ কালে কোনো উভতি
নাহে৷ কৈশোৰতে ক’ৰবাত পঢ়িবলৈ পোৱা ‘ইণ্ডিয়ান বাৰ্মুদা ট্ৰায়েংগল’ নামধাৰী লে’ক্ অফ্ ন’ ৰিটাৰ্ণ শব্দকেইটাই অৰুণদাৰ
মন-প্ৰাণ শিহৰণেৰে ভৰাই তুলিলে৷ অৰুণদা প্ৰচুৰ অধ্যয়নশীল আৰু অতিপাত ভ্ৰমণপিয়াসী মানুহ৷ মোৰ পৰা শুনাৰ পাছত নিৰাশ, ভাবগধুৰ মন্তব্য… ‘যাব পৰা হ’লে ভাল আছিল৷ কিন্তু সমস্যা আছেহে’৷ ২০ তাৰিখে গুৱাহাটীলৈ যাব লাগিব, পুত্ৰক হোষ্টেলত থ’বলৈ৷’ বুজিলোঁ, ১০০ আৰু ০ৰ টনা-আঁজোৰা চলিছে তেওঁৰ মনৰ ভিতৰত৷ ইচ্ছা ১০০ শতাংশ, সম্ভাৱনা ০৷
গ’ল কথা গুচিল৷ অৰুণদাৰ পক্ষে এই যাত্ৰা নহ’ব বুলিয়ে ধৰি ল’লোঁ৷ আমি আমাৰ প্ৰস্তুতিত থাকিলোঁ৷
গুগুল খুঁচৰি খুঁচৰি তথ্য আৰু মেপ অধ্যয়ন চলাই থকা হ’ল৷ অসমৰ তিনিচুকীয়া জিলা, লিডু, লেখাপানী, জাগুন, দ্বিতীয় মহাসমৰ, ষ্টীলৱেল ৰ’ড; অৰুণাচলৰ চাংলাং জিলা, জয়ৰামপুৰ, ৱাৰ চিমেট্ৰি, নামপং, পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেল, হে’ল গে’ট, পাংচু পাছ, ব’ৰ্ডাৰ মাৰ্কেট, ইণ্ডো-ম্যানমাৰ ব’ৰ্ডাৰ ট্ৰেড, লে’ক অফ্ ন’ ৰিটাৰ্ণ, লুক ইষ্ট পলিচী; টাংচাসকল; The Telegraph, Indian Express, The Sentinel, North East Window, Seven Sister's Post কাকতত প্ৰকাশিত বা-বাতৰি; পূৰ্বৱৰ্তী ভ্ৰমণকাৰীৰ ট্ৰিপ ষ্টৰী, ম্যানমাৰ, কাচিন ষ্টেট, ভাৰত-ম্যানমাৰ সম্পৰ্ক ইত্যাদি সম্বন্ধে ইণ্টাৰনেটত পঢ়া-শুনা কৰি A-4 sizeৰ ৫৫ পৃষ্ঠাৰ ৰিডিং মেটেৰিয়েল
প্ৰিণ্ট আউট কৰি ধুনীয়াকৈ বাইণ্ডিং কৰি উলিয়ালোঁ৷ চাবলৈ পায়ে সঞ্জুৱে ফটোক’পী এটা খুজি ল’লে৷ পিছত কাকত-আলোচনীত লেখোঁতে নিশ্চিতভাৱে খুব সহায়ক হ’ব৷
নে’টত পোৱা মেইল এড্ৰেছত পত্ৰ লিখি বিভিন্ন উৎসৰ সৈতে যোগাযোগৰ চেষ্টা কৰা হ’ল৷ কাৰণ থকা-খোৱা, শেহতীয়া পৰিস্থিতি, ঠাণ্ডা-গৰম, কাৰ্যসূচী সম্পৰ্কে জানিবলগীয়া আছে৷ ডিচেম্বৰৰ অন্তিম সপ্তাহৰ পৰাই উৎসুকতাৰে ই-মেইলেৰে সংযোগ আৰম্ভ কৰা হৈছিল Indian Terrain Nature Club, Arunachal Tourism Nampong Branch Office, Life Away From Life, Help Tourism, Amazing Arunachal, PPWF2013ৰ সৈতে৷ ফোনাফোনিৰ উপৰি নেটৱৰ্কৰ খেলিমেলিৰ বাবে এছ.এম.এছ.ও চলিছিল৷ উৎসাহজনক প্ৰত্যুত্তৰো আহিল৷ আমি আমাৰ ইচ্ছা আৰু পৰিকল্পনা অৱগত কৰিলোঁ৷ সিফালৰ পৰা আমাৰ থকা-খোৱাৰ নিশ্চিতি পালোঁ৷ আৰিফ ছিদ্দিকীৰ লগতে খিলজুং তাইকাম, মানৱাং ৱাংছাৰ যোগাত্মক সঁহাৰি আৰু সহায়ে আমাক বৰকৈ উপকৃত কৰিলে৷
নে’টত পোৱা মেইল এড্ৰেছত পত্ৰ লিখি বিভিন্ন উৎসৰ সৈতে যোগাযোগৰ চেষ্টা কৰা হ’ল৷ কাৰণ থকা-খোৱা, শেহতীয়া পৰিস্থিতি, ঠাণ্ডা-গৰম, কাৰ্যসূচী সম্পৰ্কে জানিবলগীয়া আছে৷ ডিচেম্বৰৰ অন্তিম সপ্তাহৰ পৰাই উৎসুকতাৰে ই-মেইলেৰে সংযোগ আৰম্ভ কৰা হৈছিল Indian Terrain Nature Club, Arunachal Tourism Nampong Branch Office, Life Away From Life, Help Tourism, Amazing Arunachal, PPWF2013ৰ সৈতে৷ ফোনাফোনিৰ উপৰি নেটৱৰ্কৰ খেলিমেলিৰ বাবে এছ.এম.এছ.ও চলিছিল৷ উৎসাহজনক প্ৰত্যুত্তৰো আহিল৷ আমি আমাৰ ইচ্ছা আৰু পৰিকল্পনা অৱগত কৰিলোঁ৷ সিফালৰ পৰা আমাৰ থকা-খোৱাৰ নিশ্চিতি পালোঁ৷ আৰিফ ছিদ্দিকীৰ লগতে খিলজুং তাইকাম, মানৱাং ৱাংছাৰ যোগাত্মক সঁহাৰি আৰু সহায়ে আমাক বৰকৈ উপকৃত কৰিলে৷
No comments:
Post a Comment