দ্বিতীয় দিন, অংশ-৬
বন্ধুৰ পৰা বিদায় লৈ এইবাৰ
আমি ওলালোঁ ইনথঙত থকা চিংফৌ ইক’ লজ বিচাৰি৷ মাৰ্ঘেৰিটা চহৰৰ পৰা থানাৰ কাষেৰে পেঙেৰী পথেদি ৬ কিল’মিটাৰমান ভিতৰলৈ সোমাই আহি ঠাইটুকুৰা
আৱিষ্কাৰ কৰিলোঁ৷ ঘড়ীয়ে ক’লে, ১ বাজি ৪৫ মিনিট গ'ল৷ পথৰ
বাওঁহাতে ২.৫ বিঘা ভূমি এলেকাৰে জৈৱিক চাহ খেতিৰে আগুৰা শান্ত-সমাহিত বিশাল চৌহদ৷ চিংফৌ
পৰম্পৰাগত গৃহ এটা অলপমান পাছলৈ নিৰৱে অথচ সগৌৰৱে থিয় হৈ আছে৷ ইয়াতে আমাৰ বাবে মধ্যাহ্ন আহাৰৰ বন্দৱস্ত
কৰি ৰখা হৈছিল৷ তিনিচুকীয়াৰ পৰাই মণ্টুৱে প্ৰতিমা বাইদেউক ফোনযোগে জনাই দিছিল৷ অৰুণদাহঁতৰ
টীমটোকো ইয়াতেই লগ পোৱাৰ কথা৷ ভাবি থৈছোঁ, একেলগে ভাত খাম৷ পাছৰছোৱাত শাৰী পাতি যাত্ৰা কৰিম৷
সন্মুখৰ ফুলনিখনত ৰমক-জমককৈ
ফুলি থকা ভিন্নৰঙী ডালিয়া ফুলবোৰে আমাক সম্ভাষণ জনাবলৈকেহে যেন ৰৈ আছিল! পৰিষ্কাৰ-পৰিচ্ছন্নতাৰে
আনতকৈ সুকীয়া ধৰণৰ অৱস্থানটো গাড়ীৰ পৰা নামোঁতে প্ৰথম দৰ্শনতে ভাল লাগি গ’ল৷ আৰ.চি.চি. ফ্ৰেমৰ ওপৰত বাঁহ, কাঠ, টকৌপাতেৰে চিংফৌসকলৰ পৰম্পৰাগত আৰ্হিত
নিৰ্মিত প্ৰকাণ্ড ঘৰ এইটো৷ পদাৰ্পণৰ উদ্দেশ্যৰে তলতে জোতা খুলি থৈ কাঠৰ চিৰি
বগোৱাত লাগি গ’লোঁ৷ এনেকুৱা মাদকতাময় মুহূৰ্তবোৰ উপভোগ কৰাত অকণো কৃপণালি
কৰিব নোৱাৰি৷ বেতৰ চকীত বহিলোঁ অলপ সময়৷ চিনাকি পৰ্বৰ পাছতে বাহিৰে-ভিতৰে এফালৰ পৰা পৰিদৰ্শন কৰিবলৈ মন গ'ল৷
২০০৮ চনৰ ৮ নৱেম্বৰত অসম চৰকাৰৰ তদানীন্তন শক্তি, উদ্যোগ আৰু বাণিজ্য দপ্তৰৰ
মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে চিংফৌ ইক’ লজটি মুকলি
কৰিছিল৷ চিংফৌ জনগোষ্ঠীৰ লোকে পৰিচালনা কৰা সামূহিক ভিত্তিক আঁচনিলৈ ধৰমপাল সত্যপাল
গ্ৰুপ লিমিটেডে ২০০৬ চনত অৰ্থ সাহায্য আগ বঢ়াইছিল৷ ২০০৭ত আঁচনিখন সমাপ্ত হৈছে৷ ১০টা
কোঠাযুক্ত এই নিৱাসটো এতিয়া চিংফৌ ইক’ টুৰিজিম
চ’চাইটিয়ে চলায়৷ এয়া ৰিজ’ৰ্ট নহয়৷
হোটেলো নহয়৷ চিংফৌ জীৱনচৰ্যা আৰু সম্পূৰ্ণ ঘৰুৱা ব্যৱস্থাপনাৰে ইয়াত থকা-খোৱাৰ
সুন্দৰ সুবিধা উপলব্ধ৷ মদ খোৱা আৰু হৈ-হাল্লা নিষিদ্ধ৷
মেনেজাৰ মানজেলা চিংফৌক লগ পাই কথা পতাৰ পাছত সদলবলে ৰান্ধনীশালত
সোমালোঁগৈ৷ পৰম্পৰাগত পাকঘৰ এটা৷ পৰম্পৰাগত খাদ্য-সম্ভাৰেৰে আমাৰ বাবে দিনৰ সাঁজৰ যো-জা চলাই গৈছে প্ৰতিমা
নিংদা বাইদেউৰ তত্ত্বাৱধানত কেইবাগৰাকীও চিংফৌ মহিলাই৷ ইফালে অৰুণদাহঁত অৰ্থাৎ ইটো
দল আহি পোৱাই নাই৷ তেওঁলোকে জোখতকৈ অধিক পলম কৰা দেখি বাইদেৱে আমাক ভাত খাই ল’বলৈ পৰামৰ্শ দিলে৷ মোৰ নিৰামিষ ভোজন৷ তৰাপাতত বন্ধা টোপোলা
ভাত, পোৰা বিলাহী, বেঙেনা, আলু পিটিকা, সিদ্ধ লাইপাত ইত্যাদি ইত্যাদি৷ বাঁহৰ গাধৈৰ
ওপৰত পাৰি ৰখা কুশ্বনত আমি বহি লৈছোঁ৷ চালপীৰাত ধুনীয়াকৈ সজাই দিছে দুপৰীয়াৰ আহাৰ৷
খাই আছোঁ৷ তাৰ মাজতে ফোনটো সশব্দে বাজি উঠিল৷ অৰুণদাই কৰিছে৷ ৰাস্তা চিনাত অসুবিধা হৈছে৷ একেৰাহে গাড়ী
চলোৱাত দুৰ্দান্তভাৱে অভ্যস্ত যদিও হাৰ্বাৰ্ট ক্ৰ’ এইটো
বাটত একেবাৰেই নতুন৷ আমি এইফালৰ পৰা বটাই থকা পথ নিৰ্দেশনা অনুসৰণ কৰি ৫জনীয়া টীম-বিৰ
Hyundai Tucson অলপ পাছত
চৌহদৰ ভিতৰলৈ গহীন গতিত সোমাই আহিল৷ একে লক্ষ্য লৈ দুখন গাড়ীৰে ওলোৱা ১০জন এড্ভেন্চাৰাৰ
নিজান বিয়লিটোত হাঁহি-আনন্দৰে একত্ৰিত হ’লোঁ মাৰ্ঘেৰিটাৰ জনপদৰ পৰা আঁতৰৰ নিৰিবিলি স্থানডোখৰত, চিংফৌ
ইক’ লজত৷
বিদেশী পৰ্যটকেৰে অনৱৰতে
ভৰি থাকে এই স্থল৷ সকলো সময়তে শান্তি আৰু নিৰৱতা বৰ্তাই ৰখা হয়৷ নিৰ্জনতাত কুঠাৰাঘাত কৰি অলপ পাছতে ‘হুকু হুকু’ বিকট আটাহ এটা চৌদিশে ফাটি-ফুটি গ’ল৷ চিনি পোৱাত পিছে অকণো অসুবিধা নহ’ল আমাৰ৷ আশ্চৰ্যচকিত হৈ ৰাজু গগৈয়ে ক'লে, 'এইটো হলৌ বান্দৰৰ মাত৷ তেনেই ওচৰতে আছে যেন লাগিছে৷' লুপ্তপ্ৰায় প্ৰজাতিৰ
হলৌ বান্দৰ এজনী ইয়াত আছে বুলি কৰ্মৰত চিংফৌ যুৱক এজনে জনালে৷ কিছু বছৰৰ আগলৈকে এই অঞ্চলত ভালেসংখ্যক আছিল৷ খাদ্যতৃপ্তিৰ বাবেই মানুহে মাৰি খাই শেষ কৰিলে৷ অৱশেষ এইজনীয়ে বাচি আছেগৈ৷ দুষ্প্ৰাপ্য হলৌ বান্দৰৰ
বসতিলৈ চাই এই অঞ্চলত পূৰ্বতে হোলোং-নাহৰ শ্ৰেণীৰ বনাঞ্চল আছিল বুলি ধাৰণা কৰা যায়৷
অকলশৰীয়া বান্দৰীজনীক আমি ভাত খাই উঠাৰ পাছত নিজ চকুৰেও দেখিলোঁ৷ গগন ফালি কেইবাৰমান চিঞৰাৰ পাছত পিছফালে মনে মনে বহি আছিল৷ এতিয়া দীঘল বাৰাণ্ডাৰে জপং জপংকৈ উঠি আহি ক’ৰিডৰেদি হুৰমূৰাই আগফাল পালেগৈ৷ এনেকৈয়ে নিৰ্বিবাদে তাই ইয়াত ঘূৰি ফুৰে৷ কিবা দিলে খায়৷ ওকণিও চাই দিয়ে হেনো৷ পোহনীয়া ঘৰুৱা প্ৰাণীৰ দৰেই দিন কটাই আছে বৰ্ষীয়ান হলৌজনীয়ে৷ ইয়ালৈ আহি বান্দৰক লৈ অভিজ্ঞতা এটা জীৱনত পুনঃবাৰ সঞ্চয় হ’ল৷ ক'ব নোৱাৰাকৈয়ে বাওঁহাতৰ তৰ্জনী আঙুলিৰ গুৰিটো চকুৰ আগলৈ আহিল৷ শিশু অৱস্থাতে বান্দৰে বখলিওৱাৰ চিন৷ কপালত মৰা আঁচোৰটোও অদ্যাপি মাৰ যোৱা নাই৷ তেতিয়াৰে পৰাই এই দুটা মোৰ শৰীৰৰ আইডেণ্টিফিকেচন মাৰ্ক৷
অকলশৰীয়া বান্দৰীজনীক আমি ভাত খাই উঠাৰ পাছত নিজ চকুৰেও দেখিলোঁ৷ গগন ফালি কেইবাৰমান চিঞৰাৰ পাছত পিছফালে মনে মনে বহি আছিল৷ এতিয়া দীঘল বাৰাণ্ডাৰে জপং জপংকৈ উঠি আহি ক’ৰিডৰেদি হুৰমূৰাই আগফাল পালেগৈ৷ এনেকৈয়ে নিৰ্বিবাদে তাই ইয়াত ঘূৰি ফুৰে৷ কিবা দিলে খায়৷ ওকণিও চাই দিয়ে হেনো৷ পোহনীয়া ঘৰুৱা প্ৰাণীৰ দৰেই দিন কটাই আছে বৰ্ষীয়ান হলৌজনীয়ে৷ ইয়ালৈ আহি বান্দৰক লৈ অভিজ্ঞতা এটা জীৱনত পুনঃবাৰ সঞ্চয় হ’ল৷ ক'ব নোৱাৰাকৈয়ে বাওঁহাতৰ তৰ্জনী আঙুলিৰ গুৰিটো চকুৰ আগলৈ আহিল৷ শিশু অৱস্থাতে বান্দৰে বখলিওৱাৰ চিন৷ কপালত মৰা আঁচোৰটোও অদ্যাপি মাৰ যোৱা নাই৷ তেতিয়াৰে পৰাই এই দুটা মোৰ শৰীৰৰ আইডেণ্টিফিকেচন মাৰ্ক৷
মানৱাং ৱাংছাৰ পৰা বাৰেপতি
ফোন আহি আছে৷ আমাক আদৰিবলৈ পি.পি.ডব্লিউ.এফ.ৰ ব্যৱস্থাপনা উপ-সমিতিৰ ফালৰ পৰা তেওঁক কেয়াৰ-টেকাৰৰ দায়িত্ব দিয়া হৈছে৷ মানুহজন জয়ৰামপুৰ
গে’টত ইতিমধ্যে অৱস্থানৰত৷ ৪ বজাৰ আগতে তেওঁ আমাক চে'ক গে’ট পাবলৈ
নিৰ্দেশ দিছে৷ কথা শুনি নিজকে কিবা ভি.আই.পি.-ভি.আই.পি. লাগি গৈছে৷ আৰিফ ছিদ্দিকীৰ পৰাও তদাৰকী ফোন পালোঁ৷ চিন্তা কৰি চালোঁ যে অৰুণদাহঁতে ভাত-পানী খাই আহি
থাকক৷ আমি আগ বাঢ়ি থাকোঁ৷ দুয়ো কুল ৰক্ষাৰ্থে টীম-বিক এৰি থৈ আমি আগুৱাই থকাৰ প্ৰস্তাৱ
দিলোঁ৷ মানৱাঙৰ আহ্বানক্ৰমে গে’টত সময়মতে উপস্থিত হৈ যাৱতীয় কামখিনি আগে-ভাগে সমাপ্ত কৰি লোৱাটো
উচিত হ’ব৷ অৰুণদাহঁতৰ
বাবে জয়ৰামপুৰতে আমি ৰ’ম৷ অৰুণাচল প্ৰদেশ পুলিচ চে’ক গে’ট অসম-অৰুণাচলৰ সীমান্তৰ জয়ৰামপুৰত অৱস্থিত৷ মাৰ্ঘেৰিটাৰ পৰা তালৈকে প্ৰায় ৪০ কিল’মিটাৰ যাব লাগিব৷
No comments:
Post a Comment